SEBA Class 9 Social Science History Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ প্রশ্ন আৰু উত্তৰ Solutions (2026–27)
SEBA Class 9 Social Science History Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ প্রশ্ন আৰু উত্তৰ are essential study materials for students preparing under the latest 2026–27 SEBA and ASSEB syllabus. These SEBA Class 9 Social Science History Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ question answers explain the growth of Indian nationalism in a clear, structured, and exam-oriented manner.
The chapter ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ discusses the causes behind the rise of nationalism in India, the role of social reformers, the impact of British policies, and the formation of political organizations. Since many short and long questions are asked from this chapter, SEBA Class 9 Social Science History Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ প্রশ্ন আৰু উত্তৰ are extremely important for scoring high marks.
Prepared by subject experts of Assam Eduverse, these SEBA Class 9 Social Science History Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ প্রশ্ন আৰু উত্তৰ strictly follow the SEBA answer-writing pattern to help students succeed in school and HSLC examinations.
SEBA / ASSEB Class 9 Social Science History Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ Complete Solutions, Guide & Question Answers
অনুশীলনী
অতি চমু/চমু উত্তৰৰ প্ৰশ্ন :
১। ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম (প্রধান) কাৰকটো কি? সময় উল্লেখ কৰি লিখা।
উত্তৰ: ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম (প্ৰধান) কাৰকটো আছিল ১৮৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহ । এই বিদ্ৰোহৰ পৰাই নতুন ৰূপত ভাৰতীয় জাতীয় জীৱন গঢ়ি উঠিছিল।
২। আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন?
উত্তৰ: আনন্দমঠ উপন্যাসৰ ৰচয়িতা আছিল বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়।
৩। ‘স্যাৰে জাহাছে আচ্ছা……’ গীতৰ গীতিকাৰ কোন?
উত্তৰ: ‘স্যাৰে জাহাছে আচ্ছা……’ গীতৰ গীতিকাৰ আছিল উৰ্দু কবি মহম্মদ ইকবাল।
৪। ভাৰতত পোন প্ৰথম ৰেল যাতায়াত কেতিয়া ক’ত সূচনা হৈছিল?
উত্তৰ: ভাৰতত পোন প্ৰথম ৰেল যাতায়াত ১৮৫৩ খ্ৰীষ্টাব্দত বোম্বাই আৰু থানেৰ মাজত ২১ কিলোমিটাৰ পথত ৰেল চলাচলেৰে সূচনা হৈছিল।
৫। ভাৰতত পোন প্ৰথম টেলিগ্রাফ ব্যৱস্থা কেতিয়া ক’ত সূচনা হৈছিল?
উত্তৰ: ভাৰতত পোন প্ৰথম টেলিগ্রাফ ব্যৱস্থা ১৮৩৯ খ্ৰীষ্টাব্দত কলিকতা আৰু ডায়মণ্ড হাৰবাৰৰ মাজত বেচৰকাৰী খণ্ডত সূচনা হৈছিল।
৬। ভাৰতত পোন প্ৰথম ছপাশাল কেতিয়া ক’ত স্থাপন হৈছিল?
উত্তৰ: ভাৰতত পোন প্ৰথম ছপাশাল ১৭৯৭ খ্ৰীষ্টাব্দত ইউৰোপীয় মিছনেৰীসকলে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰাৰ উদ্দেশ্যে শ্ৰীৰামপুৰত স্থাপন কৰিছিল।
৭। কলিকতাৰ প্রেছিডেন্সি কলেজ প্ৰথমে কি নামেৰে ক’ত প্ৰতিষ্ঠা হৈছিল?
উত্তৰ: কলিকতাৰ প্ৰেছিডেন্সি কলেজ প্ৰথমে হিন্দু কলেজ নামেৰে ১৮১৭ খ্ৰীষ্টাব্দত কলিকতাত প্ৰতিষ্ঠা হৈছিল। ই ১৮৫৫ খ্ৰীষ্টাব্দত প্ৰেছিডেন্সি কলেজ নাম লয়।
৮। লর্ড উইলিয়াম বেন্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰৰ বিষয়ে লিখা।
উত্তৰ: গৱৰ্ণৰ জেনেৰেল উইলিয়াম বেন্টিংকে (১৮২৮-৩৫) ৰাজা ৰামমোহন ৰায়ৰ সহযোগত দুটা উল্লেখযোগ্য সমাজ সংস্কাৰ সাধন কৰিছিল:
- সতীদাহ প্ৰথা বিলুপ্তি: সতীদাহ প্ৰথা আইনী প্ৰক্ৰিয়াৰে বিলুপ্তি ঘটাবলৈ সক্ষম হৈছিল।
- কু-প্ৰথা বিলুপ্তি: বাল্য বিবাহ, পৰ্দা প্ৰথা, বহু বিবাহ আদিৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু বিধৱা বিবাহ আৰু অসৱৰ্ণ বিবাহক সামাজিকভাৱে স্বীকৃতি দিয়াইছিল।
৯। ভাৰতীয় সংবাদ পত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকত কি?
উত্তৰ: ভাৰতীয় সংবাদ পত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকত আছিল জেমছ আগষ্টাচ হিকিৰ দ্বাৰা প্ৰকাশিত ইংৰাজী ভাষাৰ সংবাদ-পত্ৰ ‘বেংগল গেজেট’ (১৭৮০ খ্ৰীষ্টাব্দ)।
চমু/দীঘল উত্তৰৰ প্ৰশ্ন
১। চিপাহী বিদ্রোহে কেনেকৈ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল চমুকৈ লিখা।
উত্তৰ: ১৮৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহক একপ্ৰকাৰ ৰাজনৈতিক মুক্তিৰ আন্দোলন বুলি গণ্য কৰা হয়। যদিও বিদ্ৰোহীসকলে ইংৰাজ শাসন ওফৰাই মোগল শাসকক সিংহাসনত বহুৱাবলৈ বিচৰা বিদ্ৰোহৰ উদ্দেশ্য পূৰণ হোৱা নাছিল, ইয়াৰ ফলাফল আছিল ভাৰতীয় জনগণৰ বাবে সুদূৰপ্ৰসাৰী। এই বিদ্ৰোহৰ পৰা নতুন ৰূপত ভাৰতীয় জাতীয় জীৱন গঢ়ি উঠিছিল আৰু ব্ৰিটিছৰ শোষণ, অন্যায় আদিৰ দিশসমূহ বিচাৰ কৰিবলৈ সক্ষমতা লাভ কৰি জাতি তথা মাতৃভূমিৰ প্ৰতি দায়বদ্ধতাৰ ভাব জগাই তুলিছিল। এই নৱচেতনাকে জাতীয়তাবাদৰ উন্মেষণ বুলি আখ্যা দিয়া হয়। চিপাহী বিদ্ৰোহে ব্ৰিটিছ চৰকাৰক ভাৰত শাসন ব্যৱস্থাৰ ওপৰত অধিক মনোযোগ দিবলৈ বাধ্য কৰাইছিল আৰু ইয়াৰ জৰিয়তে ভাৰতত হোৱা সাংবিধানিক আৰু সামাজিক পৰিৱৰ্তনসমূহে জাতীয়তাবাদী ভাবধাৰাৰ বাবে ভেটি নিৰ্মাণ কৰিছিল।
২। ‘উদৰ প্ৰেৰণপত্ৰ’ৰ মূল উদ্দেশ্য কি কি আছিল লিখা।
উত্তৰ: ১৮৫৪ খ্ৰীষ্টাব্দত চালৰ্চ উড (নিয়ন্ত্ৰণ সভাৰ সভাপতি)ৰ প্ৰচেষ্টাত ভাৰতত আধুনিক শিক্ষাৰ সূচনা হৈছিল। উডে তেওঁৰ প্ৰেৰণ পত্ৰত (শিক্ষা সংস্কাৰ আঁচনি) যিবোৰ মূল উদ্দেশ্য বা নিৰ্দেশনা দিছিল, সেইবোৰ তলত উল্লেখ কৰা হ’ল:
- প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে শিক্ষা বিস্তাৰৰ এটা সু-সংহত আঁচনি নিৰ্ধাৰণ কৰা।
- নিম্ন পৰ্যায়ত দেশীয় ভাষাৰে আৰু উচ্চ পৰ্যায়ত ইংৰাজী ভাষাৰে শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা।
- মেধাবী ছাত্ৰক বৃত্তি দিয়া আৰু শিক্ষানুষ্ঠানত চৰকাৰী অনুদান আদিৰ ব্যৱস্থা কৰি শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি কৰাৰ আঁচনি লোৱা।
- প্ৰতিখন প্ৰদেশতে শিক্ষা বিভাগ খুলিবলৈ পৰামৰ্শ আগবঢ়োৱা।
৩। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা ৬টা কাৰকৰ বিষয়ে লিখা।
উত্তৰ: ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা ৬টা কাৰক তলত উল্লেখ কৰা হ’ল:
- পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ: পাশ্চাত্য শিক্ষাই ভাৰতীয়ৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন আনিছিল আৰু যুক্তিৰ মাজেৰে সকলো কথা বিবেচনা কৰাৰ ধাউতি বঢ়াইছিল, যিয়ে নতুন চেতনাৰ উন্মেষ ঘটাইছিল।
- যাতায়াতৰ উন্নতি: ব্ৰিটিছে নিৰ্মাণ কৰা স্থলপথ, ৰেলপথ আৰু টেলিগ্রাফ ব্যৱস্থাই শিক্ষিত ভাৰতীয়ৰ মনৰ দিগন্ত প্ৰসাৰ কৰিছিল আৰু বিভিন্ন ঠাইৰ লোকৰ মাজত যোগাযোগৰ সৃষ্টি কৰিছিল।
- ধৰ্ম আৰু সমাজ সংস্কাৰ আন্দোলন: ৰাজা ৰামমোহন ৰায়, স্বামী দয়ানন্দ সৰস্বতী, স্বামী বিবেকানন্দ আদি মহান ব্যক্তিৰ নেতৃত্বত গঢ়ি উঠা সংস্কাৰ আন্দোলনে ধৰ্মীয় অন্ধবিশ্বাস, কু-সংস্কাৰ দূৰ কৰি জাতীয়তা আৰু আত্মবিশ্বাসৰ ভাব জগাই তুলিছিল।
- বাতৰি কাকতৰ ভূমিকা: আঞ্চলিক ভাষাৰ বাতৰি কাকতসমূহে ইংৰাজ শাসনৰ শোষণৰ স্বৰূপ উদঙাই দি ভাৰতীয়ৰ মনত ইংৰাজ চৰকাৰৰ বিৰুদ্ধে জনমত গঢ়ি তুলিছিল।
- জাতীয় অনুষ্ঠান গঠনৰ প্ৰস্তুতি: সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়ৰ নেতৃত্বত গঢ়ি উঠা ইণ্ডিয়ান এছ’চিয়েচনৰ দৰে অনুষ্ঠানে আই চি এছ পৰীক্ষাৰ্থীৰ বয়সৰ সীমা হ্ৰাস কৰাৰ দৰে বিষয়ত সৰ্বভাৰতীয় আন্দোলন গঢ়ি তুলি ৰাজনৈতিক জাগৰণৰ বাট মুকলি কৰিছিল।
- ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম: ১৮৮৫ খ্ৰীষ্টাব্দত এলেন অক্টেভিয়ান হিউমৰ প্ৰচেষ্টাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ লগে লগে ভাৰতীয় জাতীয়তাবাদে এটা বাস্তৱ ৰূপ পৰিগ্ৰহ কৰিছিল।
৪। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ চাৰিটা প্ৰভাৱৰ বিষয়ে লিখা।
উত্তৰ: ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ চাৰিটা প্ৰভাৱ তলত উল্লেখ কৰা হ’ল:
- দৃষ্টিভংগীৰ পৰিৱৰ্তন আৰু নৱচেতনাৰ উন্মেষ: ইংৰাজ প্ৰশাসনে ভাৰতীয়ক পাশ্চাত্য শিক্ষা-সংস্কৃতিৰ লগত পৰিচয় কৰাই দিয়াত ভাৰতীয়ৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন হৈছিল আৰু তেওঁলোকৰ মনত নতুন চেতনাৰ উন্মেষ ঘটিছিল।
- যুক্তি আৰু দায়বদ্ধতাৰ সৃষ্টি: পাশ্চাত্য শিক্ষাৰ ফলত তেওঁলোকে যুক্তিৰ মাজেৰে সকলো কথা বিবেচনা কৰাৰ প্ৰতি ধাউতি বঢ়াইছিল। ইয়াৰ লগতে শোষণ, অন্যায় আদিৰ দিশ বেছি কৰিবলৈ সক্ষম হৈ সমাজ, জাতি তথা মাতৃভূমিৰ প্ৰতি দায়বদ্ধতাৰ ভাব জগাই তুলিছিল।
- গণতন্ত্ৰ আৰু স্ব-শাসনৰ জ্ঞান লাভ: ইউৰোপৰ ৰুছো, ভল্টেয়াৰ আদিৰ দৰে মহান চিন্তাবিদসকলৰ ৰচনা পঢ়ি তেওঁলোকে জাতীয়তা, স্বশাসন, গণতন্ত্ৰ আদিৰ বিষয়ে জ্ঞান লাভ কৰিছিল।
- একতাৰ ভাৱ আৰু মুক্তিৰ সপোন: শিক্ষিত সমাজে একতাৰ ভাব গঢ়ি তুলিছিল আৰু পৰাধীনতাৰ পৰা মুক্তি পোৱাৰ সপোন দেখিছিল। কলিকতাত গঢ়ি উঠা শিক্ষিত সমাজখনৰ পৰা প্ৰথম জাতীয় চেতনাৰ বিকাশ ঘটিছিল।
৫। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত যাতায়াতৰ উন্নতিয়ে কেনেকৈ প্রভাৱ পেলাইছিল লিখা।
উত্তৰ: ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত যাতায়াতৰ উন্নতিয়ে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল:
- ভৌগোলিক দূৰত্ব হ্ৰাস: ইংলেণ্ডৰ উদ্যোগজাত সামগ্ৰী ভাৰতত বিক্ৰী কৰিবলৈ আৰু ভাৰতৰ কেঁচা সামগ্ৰী ক্ৰয় কৰিবলৈ ব্ৰিটিছে স্থলপথ (গ্ৰেণ্ড ট্ৰাংক ৰোড), ৰেলপথ আৰু টেলিগ্রাফ ব্যৱস্থাৰ দৰে আধুনিক যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতি সাধন কৰিছিল।
- মানসিক দিগন্ত প্ৰসাৰ: আধুনিক যোগাযোগ ব্যৱস্থাই শিক্ষিত ভাৰতীয়ৰ মনৰ দিগন্ত প্ৰসাৰ কৰিছিল। দেশৰ বিভিন্ন প্ৰান্তৰ লোকৰ মাজত যোগাযোগ স্থাপনৰ পথ মুকলি হোৱাত তেওঁলোকে ইজনে সিজনৰ সমস্যা, চিন্তা আৰু আদৰ্শৰ বিষয়ে অৱগত হৈছিল।
- একত্ৰিত হোৱাৰ সুবিধা: উন্নত যোগাযোগ ব্যৱস্থাৰ ফলত ৰাজনৈতিক আৰু সামাজিক সভা-সমিতিবোৰত দেশৰ বিভিন্ন ঠাইৰ নেতাসকলে অংশগ্ৰহণ কৰাটো সহজ হৈ পৰিছিল। ইয়াৰ ফলত বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত একতাৰ ভাব গঢ়ি উঠি জাতীয়তাবাদী ভাবধাৰাৰ বিকাশ হৈছিল।
৬। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰাজা ৰামমোহন ৰায়ৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰ: ৰাজা ৰামমোহন ৰায়ক (১৭৭২-১৮৩৩) ভাৰতবাসীৰ মাজলৈ জাতীয় জাগৰণ কঢ়িয়াই অনা প্ৰথমগৰাকী ব্যক্তি আৰু আধুনিক ভাৰতৰ জন্মদাতা বুলি কোৱা হয়। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত তেওঁৰ অৱদানসমূহ আছিল:
- ধৰ্মীয় সংস্কাৰ: তেওঁ হিন্দু ধৰ্মৰ নিকা ভাবমূৰ্তি প্ৰকাশৰ উদ্দেশ্যে ‘আত্মীয় সভা’ (১৮১৫) আৰু ‘ব্ৰাহ্ম সভা’ (১৮২৮) স্থাপন কৰিছিল। তেওঁ মূৰ্তিপূজা আৰু বহু দেৱ-দেৱীৰ পূজাৰ অসাৰতা প্ৰচাৰ কৰিছিল আৰু একেশ্বৰবাদত বিশ্বাস কৰিছিল। তেওঁ উপনিষদসমূহ মাতৃভাষালৈ অনুবাদ কৰি জনসাধাৰণৰ মাজত হিন্দু ধৰ্মৰ সহজ-সৰল বিশ্লেষণ দাঙি ধৰিছিল।
- সামাজিক সংস্কাৰ: তেওঁ বাল্য বিবাহ, পৰ্দা প্ৰথা, বহু বিবাহ আদিৰ তীব্ৰ বিৰোধিতা কৰিছিল। গৱৰ্ণৰ জেনেৰেল উইলিয়াম বেন্টিংকৰ সহযোগত তেওঁ সতীদাহ প্ৰথা আইনী প্ৰক্ৰিয়াৰে বিলুপ্তি ঘটাবলৈ সক্ষম হৈছিল।
- শিক্ষা বিস্তাৰ: তেওঁ স্ত্রী শিক্ষাৰ বিস্তাৰত মনোযোগ দিয়াৰ লগতে নাৰীসকলক সম্পত্তিৰ অধিকাৰ দিবলৈ চেষ্টা কৰিছিল। তেওঁ ডেভিড হেয়াৰৰ সৈতে লগ লাগি কলিকতাত হিন্দু কলেজ (১৮১৭) প্ৰতিষ্ঠা কৰিছিল।
- ৰাজনৈতিক সজাগতা: তেওঁ ভাৰতবৰ্ষত উদাৰনৈতিক শাসন প্ৰৱৰ্তনৰ বাবে আহ্বান জনাই কাৰ্যপালিকাৰ পৰা ন্যায়পালিকাৰ পৃথকীকৰণ বিচাৰিছিল। তেওঁ খেতিয়কৰ আৰ্থিক অৱস্থা উন্নত কৰিবলৈ বৰ্ধিত ভূমি কৰ উঠাই দিবলৈ আহ্বান জনাইছিল।
৭। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত দয়ানন্দ সৰস্বতীৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰ: সংস্কৃত ভাষাৰ পণ্ডিত স্বামী দয়ানন্দ সৰস্বতীয়ে (১৮২৪-৮৩) পঞ্জাৱত আৰ্য সমাজ (১৮৭৫) প্ৰতিষ্ঠা কৰিছিল। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত তেওঁৰ অৱদানসমূহ আছিল:
- ধৰ্মীয় সংস্কাৰ: আৰ্য সমাজে এক ঈশ্বৰত বিশ্বাস কৰিছিল আৰু দেৱ-দেৱীৰ উপাসনা আৰু মূৰ্তিপূজাৰ অসাৰতা প্ৰচাৰ কৰিছিল। তেওঁ “বেদলৈ উভতি যোৱা” বাণী প্ৰচাৰ কৰিছিল, কাৰণ তেওঁৰ মতে বেদত যি ধৰ্ম আছে সেয়াই প্ৰকৃত ধৰ্ম।
- সামাজিক সংস্কাৰ: আৰ্য সমাজে হিন্দু সমাজৰ বাল্য বিবাহ, জাতি-ভেদ, বহু বিবাহক সামাজিক ব্যাধি বুলি প্ৰচাৰ কৰিছিল। ই বিধৱা বিবাহ, স্ত্রী শিক্ষা বিস্তাৰৰ বাবেও আগভাগ লৈছিল।
- আত্মবিশ্বাস বৃদ্ধি: তেওঁলোকৰ সংস্কাৰসমূহে হিন্দু ধৰ্মৰ প্ৰতি আত্মৰক্ষাৰ মনোবৃত্তিৰে কাম কৰি ইছলাম আৰু খ্ৰীষ্টান ধৰ্মৰ অগ্ৰগতি ৰোধ কৰিবলৈ চেষ্টা কৰিছিল।
- হিন্দু জাতীয়তাবাদ গঠন: আৰ্য সমাজে ভাৰতৰ বিভিন্ন ঠাইত শাখা স্থাপন কৰি ভাৰতত হিন্দু জাতীয়তাবাদ গঢ়ি তুলিছিল। তেওঁ প্ৰৱৰ্তন কৰা ‘শুদ্ধি’ ব্যৱস্থাৰ জৰিয়তে আন ধৰ্মীয় লোকক ইচ্ছা অনুসৰি হিন্দু ধৰ্ম গ্ৰহণত অনুমতি দিছিল।
৮। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত কেশৱ চন্দ্ৰ সেনৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰ: কেশৱ চন্দ্ৰ সেনে (১৮৩৮-৮৪) ব্ৰাহ্ম সমাজৰ আৰ্হিত মহাৰাষ্ট্ৰত ‘প্ৰাৰ্থনা সমাজ’ (১৮৬৭ খ্ৰীষ্টাব্দ) প্ৰতিষ্ঠা কৰি সংস্কাৰ আন্দোলনৰ সূচনা কৰিছিল। তেওঁৰ নেতৃত্বত এই অনুষ্ঠানসমূহে সমাজ সংস্কাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছিল আৰু সমগ্ৰ দক্ষিণ ভাৰতত সংস্কাৰমুখী এটা প্ৰৱল আলোড়নৰ সৃষ্টি কৰিছিল।
প্ৰাৰ্থনা সমাজৰ মূল নেতৃত্ব গ্ৰহণ কৰা জাষ্টিছ মহাদেৱ গোবিন্দ ৰাণাডেৰ (১৮৪২-১৯০১) অৱদানসমূহ আছিল:
- সামাজিক আৰু শৈক্ষিক অনুষ্ঠান: ৰাণাডেৰ একান্ত চেষ্টাত ‘বিধৱা বিবাহ সংস্থা’ আৰু ‘দাক্ষিণাত্য শিক্ষা সমাজ’ নামৰ দুটা বিখ্যাত অনুষ্ঠান গঢ়ি উঠিছিল।
- বিধৱাৰ সংস্থাপন: বিধৱা বিবাহ সংস্থাৰ যোগেদি বিধৱা বিবাহৰ প্ৰতি উৎসাহ যোগোৱাৰ লগতে অনাদৃত বিধৱাসকলৰ আৰ্থিক সংস্থাপনৰ বাবে কুটিৰ শিল্প অনুষ্ঠান গঠন কৰিছিল।
- অনাথ আৰু অনুন্নতৰ শিক্ষা: দাক্ষিণাত্য শিক্ষা সমাজে অনাথ শিশুক শিক্ষাদান কৰাৰ লগতে তেওঁলোকৰ লালন-পালনৰ বাবে আশ্ৰম স্থাপন কৰিছিল। নিৰক্ষৰ আৰু অনুন্নত জাতিক শিক্ষা দিবৰ বাবে নৈশ বিদ্যালয়ো স্থাপন কৰিছিল।
- জাতীয়তাবাদী প্ৰেৰণা: প্ৰাৰ্থনা সমাজৰ সংস্কাৰ আন্দোলনে সমগ্ৰ দক্ষিণ ভাৰতৰ জনতাৰ অন্তৰত জাতীয়তাবাদী ভাবধাৰাৰ গভীৰ প্ৰেৰণা সঞ্চাৰ কৰিছিল।
৯। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰামকৃষ্ণ পৰমহংসৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰ: ৰামকৃষ্ণ পৰমহংস (১৮৩৪-৮৬)ৰ মতবাদক কেন্দ্ৰ কৰি ৰামকৃষ্ণ মিছন গঢ়ি উঠিছিল। মিছনৰ প্ৰতিষ্ঠাপক আছিল তেওঁৰ শিষ্য স্বামী বিবেকানন্দ (১৮৬৩-১৯০২), যাৰ প্ৰকৃত নাম নৰেন্দ্ৰ নাথ দত্ত।
ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত তেওঁলোকৰ অৱদানসমূহ আছিল:
- স্বদেশপ্ৰেম আৰু আত্মবিশ্বাস: স্বামী বিবেকানন্দৰ ধৰ্ম সাধনাই ভাৰতীয়ৰ মাজত স্বদেশপ্ৰেম আৰু আত্মবিশ্বাস জগাই তুলিছিল আৰু আধ্যাত্মিক বিকাশ ঘটাইছিল।
- ঐক্য-সম্প্ৰীতিৰ ভাৱ: তেওঁ ভাৰতীয়ৰ মাজত ঐক্য-সম্প্ৰীতিৰ ভাব গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল, যাতে বিশ্বদৰবাৰত শক্তিশালী ভাৰতীয় জাতি গঢ়ি উঠিব পাৰে।
- প্ৰাচীন ঐতিহ্যৰ প্রচাৰ: দেশে-বিদেশে তেওঁ ভাৰতৰ প্ৰাচীন ঐতিহ্য আৰু গৌৰৱ প্ৰচাৰ কৰিছিল। ১৮৯৩ চনত ছিকাগোৰ বিশ্ব ধৰ্মসভাত তেওঁৰ বক্তৃতাই আমেৰিকাবাসীক মুগ্ধ কৰিছিল।
- কৰ্ম চিন্তা আৰু জাতীয়তাবাদী চেতনা: বিবেকানন্দৰ তেজস্বী ভাষণে জাতীয়তাবাদৰ প্ৰেৰণা জগাই তুলিছিল। তেওঁৰ দৰ্শন আছিল: “Arise, awake, and stop not till the goal is reached”, যিয়ে ভাৰতীয়ক অতীত ঐতিহ্য আৰু প্ৰাচুৰ্য অনুধাৱন কৰিবলৈ প্ৰেৰণা যোগাইছিল।
১০। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত এনি বেছাণ্টৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰ: আয়াৰলেণ্ডৰ মহিলা মিছেছ এনি বেছাণ্টে (১৮৪৭-১৯৩৩) থিয়’ছফিকেল ছ’চাইটি (১৮৭৫ চনত নিউয়ৰ্কত প্ৰতিষ্ঠিত, ১৮৮৫ চনত মাদ্ৰাজত শাখা কাৰ্যালয়)ক সমগ্ৰ ভাৰতবৰ্ষত জনপ্ৰিয় কৰি তোলাত মূল ভূমিকা লৈছিল।
ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত তেওঁৰ অৱদানসমূহ:
- প্ৰাচীন সংস্কৃতিৰ পুনৰুদ্ধাৰ: এনি বেছাণ্টে সমাজসেৱাৰ মাজেৰে প্ৰাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতি পুনৰুদ্ধাৰৰ ওপৰত মনোনিবেশ কৰিছিল। তেওঁ ভাৰতীয় আধ্যাত্মিকতাক প্রাধান্য দি কেইবাখনো আদৰ্শ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিছিল।
- শিক্ষাৰ প্ৰসাৰ: তেওঁ ১৮৯৮ খ্ৰীষ্টাব্দত বাৰাণসীত ‘চেন্ট্ৰেল হিন্দু স্কুল’ প্ৰতিষ্ঠা কৰিছিল, যিখনেই পিছলৈ ১৯১৬ খ্ৰীষ্টাব্দত বেনাৰচ হিন্দু বিশ্ববিদ্যালয়ত পৰিণত হয়।
- স্ব-শাসনৰ প্ৰচাৰ: ১৯১৬ খ্ৰীষ্টাব্দত তেওঁ ‘হোম ৰুল লীগ’ প্ৰতিষ্ঠা কৰি ভাৰতীয়ৰ মাজত স্ব-শাসনৰ প্ৰয়োজনীয়তা প্ৰচাৰ কৰিছিল।
- জাতীয় কংগ্ৰেছৰ নেতৃত্ব: বেছাণ্টে ভাৰতবৰ্ষক মাতৃভূমি হিচাপে আঁকোৱালি লৈছিল। তেওঁ ১৯১৭ খ্ৰীষ্টাব্দত জাতীয় কংগ্ৰেছৰ অধিবেশনত সভাপতিৰ পদ অলংকৃত কৰিছিল আৰু তেৱেঁই আছিল জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি। তেওঁৰ কৰ্মস্পৃহা আৰু চিন্তাধাৰাই ভাৰতীয়ক অনুপ্ৰেৰণা যোগাইছিল।
১১। ‘আলিগড় আন্দোলন’ কি? এই আন্দোলনে মুছলমানসকলক কেনেকৈ আধুনিক চিন্তা-চৰ্চাৰ পথ দেখুৱাইছিল লিখা।
উত্তৰ:আলিগড় আন্দোলন হৈছে ভাৰতীয় মুছলমান সমাজক আলিগড় শিক্ষানুষ্ঠানৰ মাধ্যমেৰে আধুনিক শিক্ষাৰে শিক্ষিত কৰি তেওঁলোকৰ মাজত জাতীয়তাবাদী ভাব-চিন্তা আৰু আধুনিক চিন্তা-চৰ্চা প্ৰসাৰ কৰা প্ৰয়াস। ছাৰ ছৈয়দ আহমদ খানে (১৮১৭-৯৮) ১৮৬৪ চনত গাজীপুৰত এটা ইংৰাজী আদৰ্শ বিদ্যালয় স্থাপন কৰি মুছলমানসকলক পাশ্চাত্য শিক্ষাৰে শিক্ষিত কৰে। ১৮৬৫ চনত তেওঁ ‘বিজ্ঞান সমিতি’ প্ৰতিষ্ঠা কৰি ইংৰাজী ভাষাৰ গুৰুত্বপূৰ্ণ গ্ৰন্থসমূহ উৰ্দুলৈ অনুবাদ কৰিছিল। ১৮৭৫ চনত আলিগড় মহম্মদান এংলো-ইণ্ডিয়ান কলেজ প্ৰতিষ্ঠা কৰি উচ্চ শিক্ষাৰ এক কেন্দ্ৰ গঢ়ি তোলে, যি ১৯২০ চনত আলিগড় মুছলিম বিশ্ববিদ্যালয়ত পৰিণত হয়। এই আন্দোলনে শিক্ষিত ব্যক্তিসকলক নেতৃত্বৰ সুযোগ প্ৰদান কৰে, কু-সংস্কাৰ দূৰ কৰে আৰু মুছলমান সমাজত ৰাজনৈতিক চেতনাৰ বিকাশ ঘটায়। আলিগড় আন্দোলনে মুছলমানসকলক আধুনিক চিন্তাধাৰা আৰু শিক্ষাৰ পথ দেখুৱাইছিল।
১২। ‘বাতৰি কাকত’ৰ জন্মই কেনেকৈ ভাৰতীয়সকলৰ মাজত জাতীয়তাবাদী চিন্তাৰ উদ্রেক ঘটাইছিল বৰ্ণনা কৰা।
উত্তৰ:ভাৰতত ‘বাতৰি কাকত’ৰ জন্মই ভাৰতীয়সকলৰ মাজত জাতীয়তাবাদী চিন্তাৰ উদ্ৰেক ঘটাত এক শক্তিশালী মাধ্যম হিচাপে কাম কৰিছিল। আধুনিক শিক্ষাৰে শিক্ষিত ভাৰতীয়ই কাকতৰ গুৰুত্ব উপলব্ধি কৰি ঊনবিংশ শতিকাৰ দ্বিতীয় দশকৰ পৰা আঞ্চলিক ভাষাত বহুত কাকত প্ৰকাশ কৰিছিল। এই কাকতসমূহে সাম্রাজ্যবাদী শাসনৰ কাম-কাজৰ ওপৰত সমালোচনা কৰি ইংৰাজ চৰকাৰৰ বিৰুদ্ধে জনমত গঢ়ি তুলিছিল। বংগদেশৰ ‘বংগ দৰ্শন’, ‘সঞ্জীৱনী’, ‘অমৃত বাজাৰ পত্ৰিকা’ আদি কাকতসমূহে ভাৰতীয়ৰ শোষণৰ স্বৰূপ উদঙাই দিছিল আৰু লৰ্ড লিটন আৰু তেওঁৰ তলতীয়া শাসকসকলক সমালোচনা কৰিছিল। আঞ্চলিক ভাষাৰ সংবাদ-পত্ৰই নৱজাগৰণ আৰু জাতীয়তাবাদ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। লৰ্ড লিটনৰ ‘প্ৰেছ আইন’ আৰু ‘অস্ত্ৰ আইন’ৰ জৰিয়তে বৈষম্যৰ বিৰুদ্ধে ভাৰতীয়সকল ক্ষুব্ধ হৈ আত্মমৰ্যাদা ৰক্ষাৰ বাবে অগ্ৰসৰ হ’বলৈ প্ৰেৰণা লাভ কৰিছিল।
১৩। ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ ইতিহাস সম্পর্কে এটি চমু টোকা লিখা।
উত্তৰ: ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম ১৮৮৫ চনত হৈছিল। গৱৰ্ণৰ জেনেৰেল লৰ্ড ডাফৰিনৰ সময়ত অৱসৰপ্ৰাপ্ত অসামৰিক বিষয়া এলেন অক্টেভিয়ান হিউমে ভাৰতীয় জনগণৰ স্বাৰ্থৰ বাবে এটা ৰাজনৈতিক সংগঠন গঠনৰ প্ৰচেষ্টা আৰম্ভ কৰে। ১৮৮৩ চনৰ ১ মাৰ্চত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ স্নাতকসকলক দেশমাতৃৰ সেৱাত আগবঢ়িবলৈ আহ্বান জনাইছিল, যাৰ ফলস্বৰূপে “ইণ্ডিয়ান নেচনেল ইউনিয়ন” নামৰ সংগঠন গঠিত হয়। পাছত বোম্বাইত এখন মহাসভা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ লোৱা হয় আৰু গৱৰ্ণৰ জেনেৰেল ডাফৰিনে হিউমক এই কাৰ্যত উৎসাহিত কৰে। তাৰ পিছত ১৮৮৫ চনৰ ২৮ ডিচেম্বৰত বোম্বাইৰ গকুলদাস তেজপাল সংস্কৃত কলেজত প্ৰথম মহাসভা অনুষ্ঠিত হয়, য’ত ৭২জন প্ৰতিনিধি অংশগ্ৰহণ কৰে। এই সভাত সংগঠনটোৰ নাম “ভাৰতীয় জাতীয় কংগ্ৰেছ” ৰখা হয় আৰু উমেশচন্দ্ৰ বন্দোপাধ্যায় প্ৰথম সভাপতি হিচাপে নিৰ্বাচিত হন। এইদৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ লগে লগে ভাৰতীয় জাতীয়তাবাদৰ এক নতুন যুগৰ সূচনা হয়।
১৪। ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যাৱলী আৰু বিকাশ সম্পর্কে চমুকৈ লিখা।
উত্তৰ:ভাৰতীয় জাতীয় কংগ্ৰেছ ১৮৮৫ চনত স্থাপিত হয়। আৰম্ভণিতে কংগ্ৰেছ নৰমপন্থী পৰ্যায়ত আছিল, য’ত নেতাসকলে আবেদন-নিবেদন আৰু শান্তিপূর্ণ উপায়েৰে ইংৰাজ চৰকাৰৰ পৰা অধিকাৰ বিচাৰিছিল। ১৮৯২ চনৰ ভাৰত পৰিষদ আইনে হতাশ কৰি কংগ্ৰেছৰ ভিতৰত উগ্ৰপন্থীৰ উত্থান ঘটায়। তেওঁলোকে ইংৰাজ শাসনৰ বিৰুদ্ধে সক্ৰিয় প্ৰতিবাদ আৰম্ভ কৰে। ১৯০৫ চনৰ বংগভং আন্দোলনে জাতীয়তাবাদী চেতনা বৃদ্ধি কৰে। বালগংগাধৰ তিলক, লালা লাজপত ৰায়, বিপিনচন্দ্ৰ পাল আদিকে লৈ চৰমপন্থী পৰ্যায় গঢ় লয়। তেওঁলোকে স্বৰাজ, স্বদেশী আৰু জাতীয় শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দাদাভাই নৌৰজীয়ে “স্বৰাজই কংগ্ৰেছৰ লক্ষ্য” বুলি ঘোষণা কৰে। এইদৰে নৰমপন্থী পৰা চৰমপন্থালৈ কংগ্ৰেছৰ বিকাশে ভাৰতৰ স্বাধীনতা আন্দোলনক শক্তি প্ৰদান কৰে।
SEBA Class 9 Social Science History Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ প্রশ্ন আৰু উত্তৰ – Complete Exam Guide
For effective revision and confident exam preparation, SEBA Class 9 Social Science History Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ প্রশ্ন আৰু উত্তৰ provide a structured and reliable learning resource. These SEBA Class 9 Social Science History Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ প্রশ্ন আৰু উত্তৰ clearly explain the causes, development, and impact of Indian nationalism.
Regular practice of SEBA Class 9 Social Science History Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ প্রশ্ন আৰু উত্তৰ helps students confidently attempt short and long answers in SEBA and ASSEB examinations. Every answer in the SEBA Class 9 Social Science History Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ প্রশ্ন আৰু উত্তৰ section follows the official answer-writing format.
This page includes complete explanations, structured solutions, and exam-ready SEBA Class 9 Social Science History Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ প্রশ্ন আৰু উত্তৰ prepared according to the 2026–27 syllabus. By revising SEBA Class 9 Social Science History Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ প্রশ্ন আৰু উত্তৰ regularly, students can improve writing accuracy and score better marks.
If you are searching for accurate and syllabus-aligned SEBA Class 9 Social Science History Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ প্রশ্ন আৰু উত্তৰ, this complete guide to SEBA Class 9 Social Science History Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ প্রশ্ন আৰু উত্তৰ will help you succeed in examinations.
FAQs – SEBA / ASSEB Class 9 Social Science History Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ
1. SEBA Class 9 Social Science History Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ প্রশ্ন আৰু উত্তৰ 2026–27 syllabus অনুসৰি নে?
হয়। এই SEBA Class 9 Social Science History Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ প্রশ্ন আৰু উত্তৰ সম্পূৰ্ণৰূপে 2026–27 SEBA / ASSEB syllabus অনুসৰি প্ৰস্তুত কৰা হৈছে।
2. ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ কিহৰ ফলস্বৰূপ ঘটিছিল?
ব্ৰিটিছ শাসনৰ শোষণমূলক নীতি, সামাজিক সংস্কাৰ আন্দোলন আৰু ৰাজনৈতিক সংগঠনসমূহৰ গঠনৰ ফলস্বৰূপ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ ঘটিছিল।
3. Indian National Congress কেতিয়া গঠন কৰা হৈছিল?
1885 চনত Indian National Congress গঠন কৰা হৈছিল।
4. জাতীয়তাবাদৰ উন্মেষণত সমাজ সংস্কাৰকসকলৰ ভূমিকা কি আছিল?
সমাজ সংস্কাৰকসকলে আধুনিক শিক্ষা, সামাজিক সমতা আৰু জাতীয় চেতনাৰ বিকাশৰ মাধ্যমে জাতীয়তাবাদ শক্তিশালী কৰি তুলিছিল।
5. এই SEBA Class 9 Social Science History Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ প্রশ্ন আৰু উত্তৰ HSLC Examination ৰ বাবে সহায়ক নে?
হয়। এই SEBA Class 9 Social Science History Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ প্রশ্ন আৰু উত্তৰ HSLC Examination ৰ বাবে অতি সহায়ক।
6. এই Solutions SEBA আৰু ASSEB দুয়ো বোৰ্ডৰ বাবে প্ৰযোজ্য নে?
হয়। এই সমাধানসমূহ SEBA আৰু ASSEB Class 9 Social Science syllabus অনুসৰি প্ৰস্তুত কৰা হৈছে।
7. এই SEBA Class 9 Social Science History Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ প্রশ্ন আৰু উত্তৰ নিয়মিত আপডেট কৰা হয় নে?
হয়। Academic session আৰু syllabus পৰিবর্তন অনুসৰি এই SEBA Class 9 Social Science History Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ প্রশ্ন আৰু উত্তৰ নিয়মিতভাৱে আপডেট কৰা হয়।
🎓 About Assam Eduverse
Assam Eduverse is the best educational platform in Assam, offering SEBA, AHSEC (ASSEB), SCERT, CBSE, and Assam Board Solutions along with study materials, notes, and exam preparation guides to help students learn smarter and score higher.
Our expert-prepared answers and MCQs follow the latest Assam Board Syllabus and NCERT Syllabus. We make learning simple, accessible, and effective for all students preparing for board or competitive exams.📘 Visit Assam Eduverse for free Assam Board Solutions, notes, and Study Materials prepared by experts.