SEBA (ASSEB) Class 9 Social Science History Chapter 5 Solutions & Question & Answer – অসমত ব্ৰিটিছ প্রশাসনৰ আৰম্ভণি (Asomot British Proshashonor Arambhoni) | নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান – ইতিহাস পাঠ্যক্ৰম: প্ৰশ্নোত্তৰ
Chapter Overview:
Assam Eduverse provides comprehensive, accurate, and student-friendly solutions for Class 9 / শ্ৰেণী ৯ Social Science (History / সমাজবিজ্ঞান – ইতিহাস), SEBA (ASSEB), Chapter 5 – অসমত ব্ৰিটিছ প্রশাসনৰ আৰম্ভণি (Asomot British Proshashonor Arambhoni / Beginning of British Administration in Assam) from the Assamese medium textbook / অসমীয়া মাধ্যমৰ পাঠ্যপুথি. These solutions cover all intext questions, exercise questions, and multiple-choice questions (MCQs) with detailed and easy explanations for better understanding.
This chapter discusses the establishment of British rule in Assam, the administrative changes, economic policies, and their impact on Assamese society and culture. Students will learn about the transition from Ahom rule to British administration, the new land revenue systems, and the political restructuring introduced by the British.
Assam Eduverse’s Class 9 SEBA History solutions are prepared in simple and clear language to ensure better concept clarity, quick learning, and effective exam preparation. Get complete, easy-to-understand answers to boost your confidence and perform well in Social Science exams.
SEBA (ASSEB) Solutions for Class 9 Social Science History Chapter 5 –অসমত ব্ৰিটিছ প্রশাসনৰ আৰম্ভণি (Asomot British Proshashonor Arambhoni) | Assamese Medium Chapter-wise Question & Answer
অনুশীলনী
শুদ্ধ উত্তৰ বাছি উলিওৱা:
১। ব্ৰিটিছে জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিংহ / গোবিন্দ চন্দ্ৰ / তিৰৎ সিঙক চিলেটলৈ নিৰ্বাসন দিছিল।
উত্তৰ: ব্ৰিটিছে জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিংহক চিলেটলৈ নিৰ্বাসন দিছিল।
২। অসমৰ শেষ আহোম ৰজা আছিল চন্দ্রকান্ত সিংহ / কমলেশ্বৰ সিংহ / পুৰন্দৰ সিংহ / যোগেশ্বৰ সিংহ।
উত্তৰ: অসমৰ শেষ আহোম ৰজা আছিল পুৰন্দৰ সিংহ।
৩। তিৰৎ সিং খাচী / মণিপুৰী / জয়ন্তীয়া দেশপ্ৰেমিক আছিল।
উত্তৰ: তিৰৎ সিং খাচী দেশপ্ৰেমিক আছিল।
চমু উত্তৰৰ প্ৰশ্ন:
১। গোবিন্দ চন্দ্ৰ কোন ৰাজ্যৰ ৰজা আছিল?
উত্তৰ: গোবিন্দ চন্দ্ৰ কাছাৰ ৰাজ্যৰ ৰজা আছিল।
২। ডেভিদ স্কট কোন আছিল?
উত্তৰ: ডেভিদ স্কট ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন সুদক্ষ, বিচক্ষণ আৰু দূৰদৰ্শী বিষয়া আছিল। তেওঁ ১৮২০ খ্ৰীষ্টাব্দৰ নৱেম্বৰ মাহত ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলৰ দায়িত্বভাৰ লৈছিল আৰু উত্তৰে ছিকিমৰ পৰা সমগ্ৰ পূৰ্বাঞ্চলৰ বাবে গৱৰ্ণৰ জেনেৰেলৰ এজেণ্ট হিচাপে নিযুক্ত হৈছিল।
৩। ডেভিদ স্কটৰ পৰৱৰ্তী কমিছনাৰ কোন আছিল?
উত্তৰ: ডেভিদ স্কটৰ মৃত্যুৰ পিছত ক্ৰেফট (Cracroft) আৰু তেওঁৰ পিছত স্থায়ীভাৱে ৰবাৰ্টচন কমিছনাৰ হৈ আহে।
৪। তিৰৎ সিং কোন ৰাজ্যৰ চিয়েম আছিল?
উত্তৰ: তিৰৎ সিং খাচী পাহাৰৰ নংখৌ ৰাজ্যৰ চিয়েম আছিল।
৫। মটক ৰাজ্যৰ ৰজাৰ উপাধিটো কি আছিল?
উত্তৰ: মটক ৰাজ্যৰ ৰজাৰ উপাধিটো আছিল বৰ সেনাপতি।
৬। জেনকিন্সৰ পৰামৰ্শ অনুসৰি কোনে সিংহাসন হেৰুৱাইছিল?
উত্তৰ: মেজৰ জেনকিন্সৰ পৰামৰ্শ অনুসৰি পুৰন্দৰ সিংহই সিংহাসন হেৰুৱাইছিল। কৰ আদায় দিব নোৱাৰা আৰু কুশাসনৰ দোষত ১৮৩৮ খ্ৰীষ্টাব্দত তেওঁক ৰাজ্যচ্যুত কৰা হৈছিল।
৭। জেনকিন্সে নামনি অসমক কি কি জিলাত ভাগ কৰিছিল?
উত্তৰ: জেনকিন্সে নামনি অসমক গোৱালপাৰা, কামৰূপ, দৰং আৰু নগাঁও — এই চাৰিখন জিলাত বিভক্ত কৰিছিল। (দৰং জিলাত বিশ্বনাথ অঞ্চলও ধৰা হৈছিল)।
৮। ব্ৰিটিছে কাক পঞ্চাশ টকীয়া বৃত্তি দি কাছাৰ দখল কৰিছিল?
উত্তৰ: ব্ৰিটিছে তুলাৰাম সেনাপতিক পঞ্চাশ টকীয়া বৃত্তি দি কাছাৰ দখল কৰিছিল। (গোবিন্দ চন্দ্ৰৰ মৃত্যুৰ পিছত তুলাৰামক উত্তৰ কাছাৰৰ কৰতলীয়া শাসক হিচাপে স্বীকৃতি দিছিল)।
ৰচনা ধৰ্মী প্ৰশ্ন
১। ডেভিদ স্কটৰ ৰাজহ নীতি কেনে আছিল?
উত্তৰ: ডেভিদ স্কটৰ ৰাজহ নীতিৰ মূল উদ্দেশ্য আছিল ৰাজকোষৰ আয় বৃদ্ধি আৰু পুৰণি আহোম ব্যৱস্থাত সংশোধন আনা। তেওঁ উজনি অসমত পাইক প্ৰথা উঠাই দিয়া আৰু তাৰ বিনিময়ত প্ৰতিজন লোকৰ পৰা তিনিটকা হাৰে খাজনা লোৱা আৰম্ভ কৰিছিল। নামনি অসমত মাটিৰ গুণাগুণ অনুসৰি খাজনা ধাৰ্য কৰি চৌধুৰী, তহবিলদাৰ, পাটোৱাৰী আদিক কৰ্মচাৰী হিচাপে নিযুক্ত কৰা হৈছিল।
তেওঁ তাঁতী, সোণাৰী, মাছমৰীয়া আদি পেশাজীৱী লোকৰ ওপৰতো বিশেষ কৰ বহুৱাইছিল আৰু দেবোত্তৰ মাটিত আধা কৰ “বৰঙণি” হিচাপে লোৱা আৰম্ভ কৰিছিল।
২। ডেভিদ স্কটৰ প্ৰশাসনৰ কালত বিচাৰৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল?
উত্তৰ: স্কটে ন্যায়-বিচাৰ ব্যৱস্থাত স্থানীয় পঞ্চায়তৰ ভূমিকা আৰম্ভ কৰিছিল। সাধাৰণ গোচৰ স্থানীয় পঞ্চায়তে নিষ্পত্তি কৰিছিল, গুৰুতৰ গোচৰ বিষয়াসকলে বিচাৰ কৰিছিল। বিষয়াৰ ৰায়ত অসন্তুষ্ট হ’লে কমিছনাৰলৈ আপীল কৰিব পৰা ব্যৱস্থা আছিল।
উজনি অসমত লম্বোদৰ বৰফুকনক দেৱানী বিচাৰৰ দায়িত্ব দিয়া হৈছিল, নামনি অসমত দেৱানী আৰু ফৌজদাৰী আদালত পৃথক আছিল। লগতে পুলিচ বিভাগও কটকটীয়া কৰা হৈছিল।
৩। ৰবাৰ্টচনৰ দিনৰ ৰাজহ ব্যৱস্থা কেনে ধৰণৰ আছিল?
উত্তৰ:১৮৩২-৩৪ চনৰ ভিতৰত ৰবাৰ্টচনে ৰাজহ ব্যৱস্থাত বহু সংস্কাৰ কৰিছিল। মাটিৰ গুণাগুণ অনুসৰি খাজনা ধাৰ্য কৰা আৰু শোষণ ৰোধৰ বাবে তথ্য লিপিবদ্ধ কৰাৰ নিয়ম আৰম্ভ কৰিছিল। কৃষকক মাটিৰ অধিকাৰ আৰু খাজনাৰ লিখিত “পট্টা” দিয়া হৈছিল। ভূমি, ঘৰ-বাৰী, বনাঞ্চল আদি ক্ষেত্ৰৰ কৰ নিৰ্ধাৰণ কৰা হৈছিল আৰু কৰ্মচাৰীসকলে কালেক্টৰক নজনোৱাকৈ জৰিমনা বিহিব নোৱাৰিছিল।
৪। মেজৰ জেনকিন্সে অসমৰ বাবে কি কি কল্যাণমূলক আঁচনি গ্ৰহণ কৰিছিল?
উত্তৰ:মেজৰ জেনকিন্সে অসমৰ অৰ্থনৈতিক আৰু সামাজিক বিকাশৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছিল।
- উদ্যোগ: চাহ, কয়লা, তেল আৰু নীল খেতিৰ বিকাশৰ পথ প্ৰস্তুত কৰিছিল।
- যোগাযোগ: ব্ৰহ্মপুত্ৰত প্ৰথম ভাপৰ জাহাজ চলা আৰু পথ-প্ৰণালীৰ উন্নতি কৰিছিল।
- শিক্ষা: গুৱাহাটী আৰু শিৱসাগৰত ইংৰাজী বিদ্যালয় স্থাপন কৰিছিল।
- স্থানীয় লোকৰ স্বাৰ্থ: অসমত বংগৰ আমোলা নিযুক্তিৰ বিৰোধিতা কৰিছিল।
- দাসপ্ৰথা নিষিদ্ধ: ১৮৪৩ চনত বন্দী-বেটি প্ৰথা সম্পূৰ্ণৰূপে বন্ধ কৰিছিল।
৫। জেনকিন্সে কেনেকৈ অসমক বিভিন্ন জিলাত বিভক্ত কৰিছিল?
উত্তৰ:প্ৰশাসনিক সুবিধাৰ বাবে জেনকিন্সে অসমক কেইবাটাও জিলাত ভাগ কৰিছিল।
- নামনি অসম: গোৱালপাৰা, কামৰূপ (সদৰ—গুৱাহাটী), দৰং (সদৰ—তেজপুৰ) আৰু নগাঁও।
- উজনি অসম: শিৱসাগৰ (সদৰ—শিৱসাগৰ) আৰু লক্ষীমপুৰ (সদৰ—লক্ষীমপুৰ)।
- কাছাৰ: পৃথক জিলা হিচাপে গঠন কৰি সদৰ শিলচৰত স্থাপন কৰা হৈছিল।
৬। তিৰৎ সিং কোন আছিল? তেওঁ কিয় ব্ৰিটিছৰ বিৰোধী হৈছিল?
উত্তৰ:তিৰৎ সিং আছিল খাচী পাহাৰৰ নংখৌ ৰাজ্যৰ চিয়েম তথা এজন দেশপ্ৰেমিক নেতা। ব্ৰিটিছসকলে খাচী পাহাৰৰ মাজেৰে সুৰ্মা উপত্যকাৰ সৈতে সংযোগ পথ নিৰ্মাণৰ সিদ্ধান্ত লোৱাত তেওঁ স্বাধীনতা হানি হোৱাৰ আশংকা কৰিছিল। তদুপৰি, ৰাণী ৰাজ্যৰ যুদ্ধত ব্ৰিটিছৰ পক্ষপাতিত্বৰ ফলত তেওঁ অসন্তুষ্ট হৈছিল। এইবোৰ কাৰণৰ বাবে ১৮২৯ চনত তিৰৎ সিঙে ব্ৰিটিছৰ বিৰুদ্ধে সশস্ত্ৰ বিদ্ৰোহ আৰম্ভ কৰিছিল।
চমুটোকা লিখা
১। তুলাৰাম সেনাপতি
উত্তৰ: তুলাৰাম সেনাপতি আছিল কাছাৰ ৰাজ্যৰ সেনাপতি। ১৮৩০ চনত ৰজা গোবিন্দ চন্দ্ৰৰ মৃত্যুৰ পিছত তেওঁ নিঃসন্তান আছিল আৰু সমগ্ৰ কাছাৰ অঞ্চলৰ বাবে দাবী কৰিছিল। কিন্তু ব্ৰিটিছসকলে তেওঁক কেৱল উত্তৰ কাছাৰৰ কৰতলীয়া শাসক হিচাপে স্বীকৃতি দিছিল। তুলাৰামৰ মৃত্যুৰ পিছত তেওঁৰ দুই পুত্ৰ নকুল ৰাম বৰ্মন আৰু ব্ৰজনাথ বর্মনে ৰাজ্য শাসন কৰিছিল। পুত্ৰসকলৰ মাজত বিবাদ আৰু নগাৰ লগত সংঘাতৰ সুযোগ লৈ ব্ৰিটিছসকলে কাছাৰৰ শাসন নিজৰ অধিকাৰলৈ লৈছিল।
২। পুৰন্দৰ সিংহ
উত্তৰ: পুৰন্দৰ সিংহ আছিল আহোম ৰাজবংশৰ কোঁৱৰ, যাক ব্ৰিটিছে উজনি অসমৰ ৰজা হিচাপে নিযুক্ত কৰিছিল। ১৮৩৩ চনত ডেভিড স্কটৰ প্ৰস্তাৱ অনুসৰি ৰবাৰ্টচনে কোম্পানীৰ হৈ তেওঁৰ লগত চুক্তি-পত্ৰত স্বাক্ষৰ কৰিছিল। চুক্তি অনুসৰি মটক আৰু শদিয়া ৰাজ্যৰ বাহিৰে উজনি অসম পুৰন্দৰ সিংহক শাসন কৰিবলৈ দিয়া হৈছিল আৰু ইংৰাজ কোম্পানীক বছৰি ৫০ হাজাৰ টকা কৰ দিবৰ দায়িত্ব পালনৰ শর্ত আছিল। কিন্তু মানৰ আক্ৰমণ আৰু প্রশাসনত কুশাসনৰ বাবে ১৮৩৮ চনত তেওঁক সিংহাসনচ্যুত কৰা হৈছিল।
৩। তিৰৎ সিং
উত্তৰ: তিৰৎ সিং আছিল খাচী পাহাৰৰ নংখৌ ৰাজ্যৰ চিয়েম। ব্ৰিটিছসকলে সুৰমা উপত্যকাৰ সৈতে সংযোগৰ বাবে খাচী পাহাৰৰ মাজেৰে পথ স্থাপন কৰিব বিচাৰিছিল। তিৰৎ সিঙে প্ৰথমে অনুমতি দিছিল, কিন্তু পিছত স্বাধীনতা হানি হোৱাৰ আশংকা দেখি বিৰোধিতা কৰিছিল। ৰাণী ৰাজ্যৰ বিৰুদ্ধে হোৱা যুদ্ধত ব্ৰিটিছৰ সহায় নকৰাৰ বাবে তেওঁৰ আৰু ব্ৰিটিছৰ সম্পৰ্ক খারাপ হৈছিল। ১৮২৯ চনত তিৰৎ সিঙে খাচী সৈন্য-সামন্ত লৈ কোম্পানীৰ লোকৰ ওপৰত আক্ৰমণ চলায়। ১৮৩৩ চনত খাচীসকল পৰাজিত হৈ আত্মসমৰ্পণ কৰে, আৰু খাচী পাহাৰ ব্ৰিটিছৰ অধীনলৈ যায়।
৪। গোমধৰ কোঁৱৰ
উত্তৰ: গোমধৰ কোঁৱৰ আছিল আহোম ৰাজ পৰিয়ালৰ সদস্য আৰু প্ৰথম ব্ৰিটিছ প্ৰশাসনৰ বিৰোধী নেতা। তেওঁ উজনি অসমত ব্ৰিটিছ সৈন্য অপসাৰণৰ সুযোগ লৈ বিদ্ৰোহ ঘোষণা কৰিছিল। ধনঞ্জয়, জীউৰাম, দুলীয়া বৰুৱা আদিয়ে তেওঁক সমৰ্থন কৰিছিল। কিন্তু ব্ৰিটিছসকলে বিদ্ৰোহ দমন কৰি গোমধৰ আৰু ষড়যন্ত্ৰকাৰীসকলক বন্দী কৰে। ডেভিড স্কটে গোমধৰক সাত বছৰ ৰংপুৰ কাৰাগাৰত কাৰাবাস দিছিল।
৫। ব্ৰিটিছৰ চিংফৌ ৰাজ্য দখল
উত্তৰ: মটক ৰাজ্যৰ পূবত থকা ন-দিহিং আৰু টেঙাপানী নৈৰ মাজৰ সমভূমি অঞ্চলত চিংফৌসকল আছিল। চিংফৌৰ মুখীয়ালজনক গাম বোলা হৈছিল। গামসকলে ইংৰাজৰ বশ্যতা স্বীকাৰ কৰি চুক্তি-পত্ৰত চহী কৰাত সেই অঞ্চলটো ইংৰাজৰ তললৈ গ’ল। তেওঁলোকে পূবৰ পৰা কোনো শত্ৰু অহাৰ গম পালে ইংৰাজ চৰকাৰক জনাবলৈ মান্তি হৈছিল। ইয়াৰ পিছতো আহোম সম্প্ৰদায়ৰ ডাঙৰীয়াৰ উচটনিত চিংফৌসকলে পুনৰ বিদ্রোহী কার্যত লিপ্ত হৈছিল। এই বতৰা পাই নিউভিলে পুনৰ চিংফৌসকলক দমন কৰিবলগীয়া হৈছিল।
৬। ব্ৰিটিছৰ জয়ন্তীয়া ৰাজ্য দখল
উত্তৰ: জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিংহই ব্ৰিটিছৰ লগত চুক্তি কৰি ৰাজনৈতিক সুসম্পর্ক স্থাপন কৰিছিল। কিন্তু মান আক্ৰমণৰ পৰৱৰ্তী কালত তেওঁ ব্ৰিটিছক আশা কৰা মতে সহায় কৰা নাছিল। জয়ন্তীয়াসকলে জয়ন্তীয়া পৰগণা সীমাইদি ব্ৰিটিছ অধিকৃত অঞ্চলত উপদ্ৰৱ কৰাৰ অভিযোগত ব্ৰিটিছে তেওঁলোকক ভাবুকি দিবলগীয়া হৈছিল। ফলস্বৰূপে ১৮৩৫ চনত কেপ্তেইন লিষ্টাৰে জয়ন্তীয়া ৰাজ্য দখল কৰে। জয়ন্তীয়া ৰজা ৰাজেন্দ্ৰ সিংহক চিলেটলৈ নির্বাসন দিয়া হৈছিল। এজন পলিটিকেল এজেন্টে ব্ৰিটিছৰ হৈ জয়ন্তীয়া ৰাজ্যৰ প্ৰশাসনৰ তদাৰক কৰিছিল।
🎓 About Assam Eduverse
This solution is prepare by Assam Eduverse – your reliable educational hub for academic content, study materials, and exam preparation for Assam Board and other state-level exams. Follow Assam Eduverse for accurate, exam-ready NCERT solutions, notes, MCQs, and free study materials.