Home > SEBA > Class 9 > Elective Geography > SEBA Class 9 Elective Geography Chapter 8 Question Answer

SEBA Class 9 Elective Geography Chapter 8 Question Answer – উদ্যোগ (Industry) Assamese Medium

SEBA Class 9 Elective Geography Chapter 8 Question Answer

In today’s world, industries play a vital role in economic development and employment generation. The SEBA Class 9 Elective Geography Chapter 8 Question Answer (উদ্যোগ) is specially designed for Assamese medium students, helping them understand how industries develop, function, and impact human life.

This chapter explains important concepts such as types of industries, industrial location factors, and the role of industries in regional development. By connecting theory with real-world examples, students can easily understand how industries transform raw materials into useful products.

To improve preparation, students can explore Assamese medium solutions for better understanding and practice regularly using Assam Board MCQs for revision. Continuous revision (পুনৰাবৃত্তি) helps improve retention and exam performance.

Assam Board Class 9 Geography Chapter 8 উদ্যোগ Question Answer & Notes Assamese Medium

প্রশ্নাৱলী

১। শ্ৰেণীবিভাজনৰ ভিত্তি উল্লেখ কৰি উদ্যোগক শ্ৰেণী বিভক্ত কৰা।
উত্তৰ : উদ্যোগসমূহ বিভিন্ন বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভক্ত কৰা হয়। মুখ্যভাৱে চাৰি ধৰণৰ ভিত্তিত উদ্যোগক ভাগ কৰা যায় —

(ক) প্ৰতিষ্ঠানৰ আকাৰ অনুসৰি —

  1. ঘৰুৱা উদ্যোগ : এই উদ্যোগ ঘৰতে পৰিয়ালৰ সদস্যৰ সহায়ত চলোৱা হয়।
  2. ক্ষুদ্ৰ উদ্যোগ : এই উদ্যোগত পুঁজি আৰু শ্ৰমিক কম থাকে।
  3. বৃহৎ উদ্যোগ : এই উদ্যোগত ডাঙৰ পৰিমাণৰ পুঁজি, আধুনিক যন্ত্ৰ-পাতি আৰু বহু শ্ৰমিক লাগে।

(খ) ব্যৱহৃত কেঁচামালৰ ওপৰত ভিত্তি কৰি —

  1. কৃষিভিত্তিক উদ্যোগ : কৃষিজ সামগ্ৰী ব্যৱহাৰ কৰি
  2. উৎপাদন কৰে (যেনে — চেনি, কাপাহী বস্ত্ৰ)।
  3. খনিজভিত্তিক উদ্যোগ : খনিজ পদাৰ্থ ব্যৱহাৰ কৰে (যেনে — লোহা-ইস্পাত, চিমেণ্ট)।
  4. ৰাসায়নিক উদ্যোগ : ৰাসায়নিক পদাৰ্থ উৎপাদন কৰে (যেনে — সাৰ, ঔষধ)।
  5. বনজভিত্তিক উদ্যোগ : বনজ সম্পদ ব্যৱহাৰ কৰে (যেনে — কাগজ, আচবাব)।
  6. পশুভিত্তিক উদ্যোগ : পশুৰ পৰা পোৱা সামগ্ৰী
  7. ব্যৱহাৰ কৰে (যেনে — চামৰা, উল)।

(গ) উৎপাদিত সামগ্ৰীৰ ধৰণ অনুসৰি —

  1. মৌলিক উদ্যোগ : এই উদ্যোগে আন উদ্যোগৰ বাবে প্ৰয়োজনীয় সামগ্ৰী উৎপাদন কৰে (যেনে — লোহা-ইস্পাত)।
  2. উপভোক্তা সামগ্ৰী উদ্যোগ : এই উদ্যোগে মানুহে পোনপটীয়াকৈ ব্যৱহাৰ কৰিব পৰা সামগ্ৰী উৎপাদন কৰে (যেনে — খাদ্য, কাপোৰ)।

(ঘ) মালিকানাৰ ভিত্তিত —

  1. ৰাজহুৱা খণ্ড উদ্যোগ : চৰকাৰৰ মালিকানাধীন উদ্যোগ।
  2. ব্যক্তিগত খণ্ড উদ্যোগ : ব্যক্তিগত মালিকানাধীন উদ্যোগ।
  3. সহযোগী উদ্যোগ : একেলগে বহুজনৰ মালিকানাত আৰু পৰিচালনাত চলা উদ্যোগ।

এইদৰে উদ্যোগসমূহ বিভিন্ন ভিত্তিত সহজে বুজিব পৰা ধৰণে শ্ৰেণীবিভক্ত কৰা হয়।

২। ধৰণা উদ্যোগ কি ? এই উদ্যোগৰ যোগেদি সাধাৰণতে কেনে ধৰণৰ সামগ্ৰী তৈয়াৰ কৰা হয়।
উত্তৰ : ঘৰোৱা উদ্যোগ বুলিলে সেই ধৰণৰ ক্ষুদ্ৰ উদ্যোগক বুজায় যি ঘৰৰ ভিতৰত পৰিয়ালৰ সদস্যসকলৰ সহায়ত চলোৱা হয়। এই উদ্যোগত সাধাৰণতে স্থানীয় কেঁচামাল আৰু পৰম্পৰাগত পদ্ধতি ব্যৱহাৰ কৰা হয়। উৎপাদিত সামগ্ৰীসমূহ সাধাৰণতে পৰিয়ালৰ ব্যৱহাৰৰ বাবে বা স্থানীয় বজাৰত বিক্ৰী কৰা হয়।

এই উদ্যোগত উৎপাদিত সামগ্ৰীসমূহ হ’ল —

  1. মাটিৰ বস্তু বা ধাতুৰ পাত্ৰ-পানী
  2. হাতত বোৱা কাপোৰ
  3. খাদ্য সামগ্ৰী
  4. আচবাব
  5. গহনা আদি ।

৩। ক্ষুদ্ৰ আৰু বৃহৎ উদ্যোগৰ এটি তুলনামূলক আলোচনা দাঙি ধৰা।
উত্তৰ :

বৈশিষ্ট্যক্ষুদ্ৰ উদ্যোগবৃহৎ উদ্যোগ
পুঁজিপুঁজিৰ পৰিমাণ আৰু শ্ৰমিকৰ সংখ্যা কম হয়বহুত বেছি পুঁজি, দক্ষ শ্ৰমিক আৰু বিভিন্ন ধৰণৰ কেঁচামাল লাগে
প্ৰযুক্তিপৰম্পৰাগত বা সাধাৰণ প্ৰযুক্তি ব্যৱহাৰ কৰেআধুনিক আৰু উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰে
কেঁচামালসাধাৰণতে স্থানীয় কেঁচামালৰ ওপৰত নিৰ্ভৰ কৰেবিভিন্ন ঠাইৰ পৰা, কেতিয়াবা বিদেশৰ পৰা কেঁচামাল সংগ্ৰহ কৰে
বজাৰসামগ্ৰী স্থানীয় বজাৰত বেছি বিক্ৰী হয়ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰী হয়
পৰিচালনাপৰিচালনা সহজ, সাধাৰণতে পৰিয়াল বা স্থানীয় মালিকে চলায়পৰিচালনা জটিল, ডাঙৰ ব্যৱস্থাপনাৰ প্ৰয়োজন হয়
অৱস্থানজনবহুল অঞ্চলত বেছি দেখা যায়, উদ্যোগ বিকেন্দ্ৰীকৰণত সহায় কৰেসাধাৰণতে উন্নত অঞ্চল আৰু ডাঙৰ চহৰত কেন্দ্ৰীভূত হয়
৪। কৃষিভিত্তিক উদ্যোগ কি উদাহৰণেৰে বুজোৱা।

উত্তৰ : কৃষিভিত্তিক উদ্যোগ বুলিলে সেই উদ্যোগসমূহক বুজায় যিবোৰে কৃষিৰ পৰা পোৱা কেঁচামাল ব্যৱহাৰ কৰি উৎপাদন কৰে। এই উদ্যোগসমূহে কৃষিজ সামগ্ৰী প্ৰসেস কৰি মানুহে ব্যৱহাৰ কৰিব পৰা বা সংৰক্ষণ কৰিব পৰা ৰূপলৈ ৰূপান্তৰ কৰে। কৃষিপ্ৰধান দেশসমূহত এই ধৰণৰ উদ্যোগৰ বিশেষ গুৰুত্ব আছে।

উদাহৰণস্বৰূপে — চাউল কল, গম কল, চেনি কল, তেল কল, চাহ প্ৰসেসিং উদ্যোগ আৰু মছলা প্ৰসেসিং উদ্যোগ আদি।

৫। খনিজ সম্পদভিত্তিক উদ্যোগৰ এটি চমু আভাস দিয়া।
উত্তৰ : খনিজ সম্পদভিত্তিক উদ্যোগ বুলিলে সেই উদ্যোগক বুজায় যিবোৰে মাটিৰ তলৰ পৰা পোৱা খনিজ পদাৰ্থক কেঁচামাল হিচাপে ব্যৱহাৰ কৰে।

যেনে — লোহা-ইস্পাত উদ্যোগ, এলুমিনিয়াম উদ্যোগ, পেট্ৰ’লিয়াম শোধনাগাৰ আদি। এই উদ্যোগসমূহ সাধাৰণতে খনিজ সম্পদ থকা অঞ্চলত স্থাপন কৰা হয়।

৬। মৌলিক উদ্যোগ বুলিলে কি বুজা উদাহৰণ দি লিখা।
উত্তৰ : মৌলিক উদ্যোগ বুলিলে সেই উদ্যোগক বুজায় যি আন উদ্যোগৰ বাবে প্ৰাথমিক সামগ্ৰী উৎপাদন কৰে। এই উদ্যোগৰ উৎপাদিত সামগ্ৰী অন্য উদ্যোগত কেঁচামাল হিচাপে ব্যৱহাৰ কৰা হয়।

যেনে — লোহা-ইস্পাত উদ্যোগ, চিমেণ্ট উদ্যোগ আদি। এইবোৰ উদ্যোগ দেশৰ আৰ্থিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

৭। উদ্যোগ অৱস্থান নিৰ্ধাৰণকাৰী কাৰকসমূহৰ এটি আভাস দিয়া।
উত্তৰ : উদ্যোগৰ অৱস্থান নিৰ্ধাৰণ কৰাত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰকে প্ৰভাৱ পেলায়। সেইবোৰ হ’ল —

  1. কেঁচামালৰ উপলব্ধতা — কেঁচামাল সহজে পোৱা ঠাইত উদ্যোগ স্থাপন কৰা সুবিধাজনক হয়।
  2. শক্তি বা শক্তিৰ উৎস — বিদ্যুৎ, কয়লা, পেট্ৰ’লিয়াম আদি শক্তিৰ সুবিধা থাকিব লাগে।
  3. শ্ৰমিক — দক্ষ আৰু অদক্ষ শ্ৰমিক সহজে পোৱা উচিত।
  4. বজাৰ — উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবৰ বাবে বজাৰৰ ওচৰত উদ্যোগ থাকিলে সুবিধা হয়।
  5. পৰিবহন আৰু যোগাযোগ — কেঁচামাল আনিবলৈ আৰু উৎপাদিত সামগ্ৰী পঠিয়াবলৈ উন্নত পৰিবহন ব্যৱস্থা প্ৰয়োজন।
  6. চৰকাৰী নীতি — চৰকাৰৰ নীতি-নিয়ম, কৰ ব্যৱস্থা আদি উদ্যোগ স্থাপনত প্ৰভাৱ পেলায়।

এই সকলো কাৰকে উদ্যোগৰ অৱস্থান নিৰ্ধাৰণ কৰে।

৮। উদ্যোগ অৱস্থানত কেঁচামালৰ ভূমিকা সম্পৰ্কে উদাহৰণ দি লিখা।
উত্তৰ : কেঁচামাল উদ্যোগৰ অৱস্থান নিৰ্ধাৰণৰ এটা অতি গুৰুত্বপূৰ্ণ কাৰক। কেঁচামালৰ প্ৰকৃতি আৰু গুণাগুণ অনুসৰি উদ্যোগ ক’ত স্থাপন হ’ব সেয়া নিৰ্ণয় কৰা হয়।

  1. ভাৰী আৰু ওজন হ্ৰাস হোৱা কেঁচামাল : যিবোৰ কেঁচামাল ভাৰী হয় আৰু প্ৰসেস কৰাৰ সময়ত ওজন কমি যায়, সেইবোৰ ব্যৱহাৰ কৰা উদ্যোগ সাধাৰণতে কেঁচামালৰ উৎসৰ ওচৰত স্থাপন কৰা হয়। ইয়াৰ মূল কাৰণ হৈছে পৰিবহন খৰচ কমোৱা। উদাহৰণস্বৰূপে, লৌহ আকরিক ভাৰী আৰু প্ৰসেসত ওজন হ্ৰাস পায়, সেয়ে লোহা-ইস্পাত উদ্যোগ সাধাৰণতে লৌহ আকরিক থকা ঠাইৰ ওচৰত গঢ়ি উঠে (যেনে — জামশেদপুৰ)।
  2. সহজে নষ্ট হোৱা কেঁচামাল : যিবোৰ কেঁচামাল সহজে নষ্ট হৈ যায়, সেইবোৰ ব্যৱহাৰ কৰা উদ্যোগ কেঁচামালৰ উৎসৰ ওচৰতেই স্থাপন কৰা হয় যাতে নষ্ট নহয়। উদাহৰণস্বৰূপে, আখ সহজে নষ্ট হয়, সেয়ে চেনি উদ্যোগ আখ উৎপাদন কৰা অঞ্চলত গঢ়ি উঠে।
  3. হালকা আৰু ওজন নাহ্ৰাস হোৱা কেঁচামাল : যিবোৰ কেঁচামাল হালকা হয় আৰু প্ৰসেসত বিশেষ ওজন হ্ৰাস নঘটে, সেইবোৰ ব্যৱহাৰ কৰা উদ্যোগ দূৰত স্থাপন কৰিব পাৰি। ইয়াত পৰিবহন খৰচ বেছি গুৰুত্বপূৰ্ণ নহয়। উদাহৰণস্বৰূপে, কাপাহী বস্ত্ৰ উদ্যোগ কপাহ খেতিৰ ওচৰত নাথাকিলেও চলি থাকে, কিয়নো কপাহ হালকা আৰু প্ৰসেসত বেছি ওজন হ্ৰাস নহয়।

এইদৰে কেঁচামাল উদ্যোগৰ অৱস্থান নিৰ্ধাৰণত মুখ্য ভূমিকা পালন কৰে।

৯। ভাৰতৰ লো-তীহা উদ্যোগৰ বিষয়ে চমুকে লিখা।
উত্তৰ : লো-তীহা উদ্যোগ ভাৰতৰ এটা অতি গুৰুত্বপূৰ্ণ মৌলিক উদ্যোগ, যি বহুতো আন উদ্যোগৰ বাবে কেঁচামাল যোগান ধৰে। ভাৰতত আধুনিক এই উদ্যোগৰ আৰম্ভণি ১৯০৭ চনত জামশেদপুৰত স্থাপিত প্ৰথম কাৰখানাৰ পৰা হৈছিল। এই উদ্যোগসমূহ সাধাৰণতে খনিজ সম্পদে সমৃদ্ধ অঞ্চলত গঢ়ি উঠে, যেনে — বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগ, ওড়িশা আৰু ছত্তীশগড় আদি ৰাজ্যত।

গুৰুত্বপূৰ্ণ লো-তীহা উদ্যোগৰ কেন্দ্ৰসমূহ হ’ল জামশেদপুৰ, ভিলাই, ৰৌৰকেলা, বোকাৰো, দুর্গাপুৰ আদি। প্ৰচুৰ লৌহ আকরিক, সস্তা শ্ৰমিক আৰু ডাঙৰ বজাৰৰ সুবিধাৰ বাবে এই উদ্যোগৰ বিকাশ হৈছে। এই উদ্যোগে দেশৰ শিল্পায়ন আৰু আৰ্থিক উন্নয়নত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

১০। ভাৰতৰ কপাহী বস্ত্ৰ শিল্প এটি বিৱৰণ দিয়া।
উত্তৰ : কপাহী বস্ত্ৰ উদ্যোগ ভাৰতৰ এটা প্ৰাচীন আৰু গুৰুত্বপূৰ্ণ কৃষিভিত্তিক উদ্যোগ। এই উদ্যোগত কাপাহ কেঁচামাল হিচাপে ব্যৱহাৰ কৰা হয়।

মুম্বাই, আহমেদাবাদ, নাগপুৰ, শোলাপুৰ আদি ঠাইত এই উদ্যোগৰ বিকাশ হৈছে। উষ্ণ আৰু আর্দ্ৰ জলবায়ু, কাপাহ উৎপাদন আৰু বজাৰৰ সুবিধাৰ বাবে এই উদ্যোগ গঢ়ি উঠিছে।

এই উদ্যোগে বহু লোকক কৰ্মসংস্থান প্ৰদান কৰিছে আৰু দেশৰ ৰপ্তানিতো সহায় কৰিছে।

১১। ভাৰতৰ মানচিত্ৰ এখন আঁকি তাত তিনিটা লো-তীহা উদ্যোগ আৰু তিনিটা কপাহী বস্ত্ৰ উদ্যোগৰ অৱস্থান দেখুওৱা।

উত্তৰ : SEBA Class 9 Elective Geography Chapter 8 Industry Solutions

📚 Explore More SEBA Class 9 Learning Resources

• Improve your preparation with SEBA Class 9 Assamese medium chapterwise question answers for better understanding in your preferred language.

• Strengthen your concepts using Class 9 Science chapter-wise solutions (SEBA) covering Physics, Chemistry, and Biology fundamentals.

• Build a strong foundation in mathematics with SEBA Class 9 Mathematics chapterwise solutions designed for step-by-step problem solving.

• Prepare theory subjects effectively through SEBA Class 9 Social Science question answers (Assamese medium) covering history, geography, political science, and economics.

• Practice regularly using Assam Board MCQs for quick revision to improve speed, accuracy, and exam performance.

These SEBA Class 9 Elective Geography question answers (ভূগোল প্ৰশ্নোত্তৰ) are prepared by Priya Bora, Academic Specialist at Assam Eduverse, with 4+ years of experience in SEBA & AHSEC curriculum-based content development, aligned with the latest ASSEB guidelines and academic updates. View Profile Reviewed and verified by the Assam Eduverse Editorial Board to ensure accuracy, conceptual clarity, and alignment with the latest Geography syllabus and exam guidelines.

SEBA Class 9 Elective Geography Chapter 8 – Industry (উদ্যোগ) Complete Guide | Assam Eduverse

The chapter Industry (উদ্যোগ) provides a clear understanding of how industrial activities contribute to economic growth and development. The SEBA Class 9 Elective Geography Chapter 8 Question Answer is especially useful for Assamese medium learners, offering simple explanations and structured answers based on the latest syllabus.

Students learn about different types of industries such as small-scale, large-scale, and cottage industries, along with factors affecting industrial location like raw materials, labor, transport, and market availability. These concepts help in understanding how industries are distributed and why certain regions develop faster than others.

The Class 9 Elective Geography Chapter 8 notes Assamese Medium simplify important topics and provide clarity on industrial systems, production processes, and regional industrial development. This enhances both conceptual understanding and answer-writing skills.

From an exam perspective, this chapter is important as it includes definition-based, explanation-based, and application-oriented questions. Students should focus on writing clear and structured answers using proper terminology to score better marks.

To strengthen preparation, students can use English medium solutions for concept comparison and practice regularly using MCQs for quick revision. These resources make SEBA Class 9 Industry answers Assamese Medium more effective and exam-oriented.

A strong preparation strategy includes understanding concepts, revising regularly (পুনৰাবৃত্তি), and practicing important questions. Students should focus on conceptual clarity (ধাৰণা স্পষ্টতা) rather than memorization to confidently answer both theoretical and application-based questions.

In conclusion, the SEBA Class 9 Elective Geography Chapter 8 Question Answer by Assam Eduverse provides a complete and reliable learning resource. With updated content, clear explanations, and exam-focused preparation, including industry chapterwise answers Assamese Medium, students can build strong concepts and achieve excellent results.

Frequently Asked Questions – SEBA Class 9 Elective Geography Chapter 8 (উদ্যোগ)

1. উদ্যোগ (Industry) কি আৰু বাস্তৱ উদাহৰণ কি?

উদ্যোগ হৈছে কাঁচামালক প্ৰস্তুত সামগ্ৰীত ৰূপান্তৰ কৰা প্ৰক্ৰিয়া। উদাহৰণস্বৰূপে বস্ত্ৰ উদ্যোগ, চাহ উদ্যোগ আৰু লৌহ উদ্যোগ।

2. কুটিৰ উদ্যোগ আৰু বৃহৎ উদ্যোগৰ মাজত পাৰ্থক্য কি?

কুটিৰ উদ্যোগ ঘৰ বা ক্ষুদ্ৰ পৰিসৰত কৰা হয়, কিন্তু বৃহৎ উদ্যোগ ডাঙৰ পৰিসৰত অধিক যন্ত্ৰ আৰু শ্রম ব্যৱহাৰে কৰা হয়।

3. উদ্যোগ স্থাপনত কোনবোৰ কাৰক প্ৰভাৱ পেলায়?

কাঁচামাল, শ্রম, পৰিবহণ, বজাৰ আৰু শক্তিৰ উপলব্ধতা উদ্যোগ স্থাপনত মুখ্য ভূমিকা পালন কৰে।

4. Assamত কোনবোৰ মুখ্য উদ্যোগ আছে?

অসমত চাহ উদ্যোগ, তেল উদ্যোগ আৰু বন-সম্পদভিত্তিক উদ্যোগ মুখ্যভাৱে বিকাশ পাইছে।

5. এই অধ্যায়ৰ পৰা কেনেধৰণৰ প্ৰশ্ন পৰীক্ষাত আহে?

সংজ্ঞা, উদ্যোগৰ প্ৰকাৰ, পাৰ্থক্য আৰু স্থানীয় কাৰকৰ ওপৰত ব্যাখ্যামূলক প্ৰশ্ন সাধাৰণতে আহে।

🎓 About Assam Eduverse

Assam Eduverse is an educational platform focused on providing study resources for students under SEBA, AHSEC (ASSEB), SCERT, and CBSE.

The platform offers chapter-wise notes, solutions, MCQs, important questions, and previous year papers for Class 9–12. All materials are prepared according to the latest Assam Board syllabus and follow current exam patterns.

Content is designed to help students understand concepts clearly, practice regularly, and improve performance in board examinations. Both Assamese and English medium resources are available to support different learning needs.

Explore MCQs practice questions, complete study materials, ASSEB solutions, and exam preparation guides to strengthen preparation and revision. 📘 Visit Assam Eduverse for free Assam Board Solutions, notes, and study materials prepared by experts.

Leave a Comment