SEBA Class 9 Assamese Chapter গাৰোসকল প্রশ্ন আৰু উত্তৰ Solutions | Vaichitryamay Assam

SEBA Class 9 Assamese Chapter গাৰোসকল প্রশ্ন আৰু উত্তৰ are important learning resources for students studying Vaichitryamay Assam under Assamese MIL. These SEBA Class 9 Assamese Chapter গাৰোসকল প্রশ্ন আৰু উত্তৰ include a complete Vaichitryamay Assam Garo guide, detailed explanation, and exam-oriented answers prepared strictly according to the latest SEBA and ASSEB syllabus.

The chapter গাৰোসকল introduces students to the Garo community, discussing their origin, social structure, matrilineal system, festivals, traditional lifestyle, and cultural practices. It highlights their contribution to the cultural diversity of Northeast India and Assam. Because of its anthropological and cultural importance, SEBA Class 9 Assamese Chapter গাৰোসকল প্রশ্ন আৰু উত্তৰ hold a significant place in the Class 9 Assamese syllabus.

Prepared by experts of Assam Eduverse, these SEBA Class 9 Assamese Chapter গাৰোসকল প্রশ্ন আৰু উত্তৰ help students understand tribal culture clearly and strengthen answer-writing skills for school examinations and future HSLC preparation.

SEBA / ASSEB Class 9 Assamese Vaichitryamay Assam Chapter গাৰোসকল Complete Solutions, Guide & Question Answers

📖 পাঠৰ সংক্ষিপ্তসাৰ: গাৰোসকল

Class 9 Assamese MIL – Vaichitryamay Assam

গাৰোসকল পাঠ্যখনত গাৰো জনগোষ্ঠীৰ
উৎপত্তি, বসতিস্থান, ভাষা, ধৰ্মীয় পৰম্পৰা
আৰু সংস্কৃতিৰ বিষয়ে বিস্তৃত বিৱৰণ দিয়া হৈছে। গাৰোসকলক
ইন্দো-চীনৰ অন্তৰ্গত তিব্বত-বৰ্মীয় বড়ো ঠালৰ অংশ বুলি গণ্য
কৰা হয়। কিংবদন্তি মতে, তেওঁলোকৰ পূৰ্বপুৰুষ থৰুৱা নামৰ ঠাইৰ
পৰা দুৰ্ভিক্ষৰ বাবে হিমালয় পাৰ হৈ অসমলৈ আহিছিল। তেওঁলোকৰ
মাজত আমবেং, মাতছি, মাতাবেং, গাৰাগানচি,
দুৱাল, ৰুগা আৰু মেগাম উপজনগোষ্ঠী আছে।

তেওঁলোকৰ প্ৰাচীন ধৰ্ম আছিল সঙসাৰেক, য’ত চালজং,
গৱেৰা আদি দেৱ-দেৱীক পূজা কৰা হৈছিল। কিন্তু উনবিংশ শতিকাৰ
পৰা গাৰোসকলে খ্ৰীষ্টধৰ্ম গ্ৰহণ কৰিবলৈ ধৰিলে। তেওঁলোকৰ জাতীয়
উৎসৱ হৈছে ওৱানগালা, যি তেওঁলোকৰ কৃষিজীৱন আৰু সামূদায়িক
ঐক্যৰ প্ৰতীক। গাৰো সমাজত পৰিয়াল ব্যৱস্থা মাতৃসূত্ৰৰ ওপৰত
আধাৰিত আৰু মাহাৰী উপাধিধাৰী ব্যক্তিসকলৰ মাজত বৈবাহিক
সম্পৰ্ক অনুমোদিত নহয়। তেওঁলোকৰ প্ৰিয় খাদ্য হৈছে শুকান মাছ
আৰু খাৰ

এই পাঠত কেইবাগৰাকীমান গাৰো ব্যক্তিৰ উল্লেখ আছে—
ৰামখে ওৱাথে মোমিন (প্ৰথম খ্ৰীষ্টান ধৰ্মান্তৰিত আৰু
“আধুনিক গাৰো সমাজৰ পিতৃ”), ৰেভা. গিলবার্থ কে মাৰাক
(গাৰো ভাষালৈ পৱিত্ৰ বাইবেলৰ অনুবাদক),
সোনাৰাম ৰংৰকগ্রে সাংমা (ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰামী),
আৰু হাৱাৰ্ড ডেনিচন মোমিন (“আধুনিক গাৰো সাহিত্যৰ জনক”
আৰু প্ৰথম ইংৰাজী স্নাতকোত্তৰ)।

উপসংহাৰ: গাৰোসকল পাঠ্যখনৰ জৰিয়তে গাৰো জনগোষ্ঠীৰ
ইতিহাস, ধৰ্মীয় পৰিৱৰ্তন, সংস্কৃতি আৰু সামাজিক জীৱনৰ বিষয়ে
অধ্যয়ন কৰি অসমৰ বহুত্বময় সমাজৰ মূল্যবান দিশসমূহ উপলব্ধি কৰিব
পাৰি।

— From the book Vaichitryamay Assam

 

প্ৰশ্নাৱলীৰ সমাধান

১। গাৰোসকলৰ উপ-জনগোষ্ঠীবোৰ কি কি?
উত্তৰ : গাৰোসকলৰ উপ-জনগোষ্ঠীবোৰ হ’ল- আমবেং, মাতছি, মাতাবেং, গাৰাগানচি, দুৱাল, ৰুগা আৰু মেগাম।

২। গাৰো বসতিপ্রধান অঞ্চলবোৰ কি কি?
উত্তৰ : গাৰো জনগোষ্ঠীৰ লোকসকল পশ্চিম বঙ্গৰ পৰা আৰম্ভ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় প্ৰতিখন ৰাজ্যত আৰু বাংলাদেশতো সিঁচৰতি হৈ আছে। কিংবদন্তি অনুসৰি, তেওঁলোকৰ পূৰ্বপুৰুষে গাৰোপাহাৰত আৰু আন এটা গোটে বাংলাদেশত বসবাস কৰিছিল।

৩। গাৰোসকলৰ পূজা কৰা লোকক কি বুলি কোৱা হয়?
উত্তৰ : গাৰোসকলে পূজা-অৰ্চনা কৰা লোকসকলক সঙসাৰেক বুলি কয়।

৪। গাৰোসকল আদিতে কি ধৰ্মৰ আছিল আৰু পিছত কি ধৰ্ম গ্রহণ কৰিছিল?
উত্তৰ : গাৰোসকল আদিতে সঙসাৰেক নামৰ পৰম্পৰাগত ধৰ্মৰ আছিল। কিন্তু উনৈশ শতিকাৰ পৰা তেওঁলোক খ্ৰীষ্টধৰ্মলৈ ধৰ্মান্তৰিত হ’বলৈ ধৰে।

৫। গাৰোসকলৰ প্ৰধান বাদ্য-যন্ত্রসমূহ কি কি?
উত্তৰ : গাৰোসকলৰ প্ৰধান বাদ্য-যন্ত্ৰসমূহ হ’ল ঢামা খ্রাম (ঢোল), গগনা, মহৰ শিঙেৰে নিৰ্মিত বাঁহৰ পাইপ লগোৱা বাংসী-বাঁহী আদি।

৬। চমুটোকা লিখা :

(ক) ৰামখে ওৱাথে মোমিন
উত্তৰ : ৰামখে ওৱাথে মোমিন গাৰো সমাজৰ এজন পথ-প্ৰদৰ্শক আছিল। ১৮৬৩ চনত তেওঁ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল। তেওঁ এজন শিক্ষাবিদ, লেখক আৰু গীতিকাৰ আছিল। তেওঁ গাৰো ভাষাত কেইবাখনো কিতাপ লিখিছিল, যাৰ ভিতৰত বঙালী-গাৰো অভিধান আৰু ৪৫,০০০ শব্দৰ কিতাপ উল্লেখযোগ্য। তেওঁক ‘আধুনিক গাৰো সমাজৰ পিতৃ’ বুলিও জনা যায়।

(খ) ৰেভা. গিলবার্থ কে মাৰাক
উত্তৰ : ৰেভা. গিলবার্থ কে মাৰাক ১৯২৫ চনত জন্মগ্ৰহণ কৰিছিল। তেওঁ শিক্ষকতাৰ লগতে সাহিত্য আৰু কাব্যতো বৰঙণি যোগাইছিল। খ্ৰীষ্টান সংগঠনে তেওঁক ‘ৰেভাৰেণ্ড’ উপাধি প্ৰদান কৰিছিল। তেওঁ খ্ৰীষ্টান লিটাৰেচাৰ ছোচাইটি অব ইণ্ডিয়ানৰ অনুৰোধত ইংৰাজী বাইবেলখন গাৰো ভাষালৈ অনুবাদ কৰিছিল। তেওঁ পৃথিৱীৰ বহু দেশ ভ্ৰমণ কৰিছিল আৰু বিভিন্ন খ্ৰীষ্টান সংগঠনত কাম কৰিছিল।

(গ) সোনাৰাম ৰংৰকগ্রে সাংমা
উত্তৰ : সোনাৰাম ৰংৰকগ্রে সাংমা ১৮৬৭ চনত জন্মগ্ৰহণ কৰিছিল। তেওঁ ব্ৰিটিছ চৰকাৰৰ অন্যায়-অত্যাচাৰৰ বিৰুদ্ধে যুঁজিছিল। সেই সময়ত ব্ৰিটিছ চৰকাৰে জনসাধাৰণৰ হতুৱাই বিনা মজুৰিৰে কাম কৰাইছিল আৰু ঝুম খেতি বন্ধ কৰিছিল। তেওঁ এই কঠোৰ নীতিৰ বিৰোধিতা কৰিছিল। তেওঁ ব্ৰিটিছ চৰকাৰৰ ওচৰত শ্ৰমৰ বিনিময়ত পাৰিশ্ৰমিক আৰু সংৰক্ষিত বনাঞ্চল উঠাই লোৱাৰ দাবী জনাইছিল। ১৯১৬ চনত তেওঁৰ মৃত্যু হৈছিল।

(ঘ) হাৱাৰ্ড ডেনিচন মোমিন
উত্তৰ : হাৱাৰ্ড ডেনিচন মোমিনক ‘আধুনিক গাৰো সাহিত্যৰ জনক’ বুলি আখ্যা দিয়া হৈছিল। তেওঁ আছিল ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা গাৰো সম্প্ৰদায়ৰ প্ৰথমজন ব্যক্তি। তেওঁ গাৰো ভাষাৰ প্ৰথম আলোচনী ‘আছিক কু-ৰাং’ প্ৰকাশ কৰিছিল। তেওঁ কটন কলেজত ইংৰাজী বিষয়ৰ প্ৰবক্তা হিচাপেও কাম কৰিছিল। তেওঁ কবিতা আৰু প্ৰবন্ধও লিখিছিল।


অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ (Extra Questions and Answers)

চমু উত্তৰৰ প্ৰশ্ন :

১। কিংবদন্তি অনুসৰি, গাৰোসকলৰ পূৰ্বপুৰুষ ক’ৰ পৰা আহিছিল?
উত্তৰ : কিংবদন্তি অনুসৰি গাৰোসকলৰ পূৰ্বপুৰুষ তিব্বতৰ থৰুৱা নামৰ ঠাইৰ পৰা আহিছিল।

২। গাৰোসকলে প্ৰায়ে খোৱা দুবিধ খাদ্যৰ নাম কি?
উত্তৰ : গাৰোসকলৰ অতি প্রিয় খাদ্য হ’ল শুকান মাছ আৰু খাৰ।

৩। ৰামখে ওৱাথে মোমিনক কি বুলি আখ্যা দিয়া হৈছিল?
উত্তৰ : ৰামখে ওৱাথে মোমিনক ‘আধুনিক গাৰো সমাজৰ পিতৃ’ বুলি আখ্যা দিয়া হৈছিল।

৪। সোনাৰাম ৰংৰকগ্রে সাংমাই ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে কিয় প্ৰতিবাদ কৰিছিল?
উত্তৰ : ব্ৰিটিছ চৰকাৰে জনসাধাৰণৰ হতুৱাই বিনা মজুৰিৰে কাম কৰোৱা আৰু পাহাৰত ঝুম খেতি বন্ধ কৰাৰ বাবে তেওঁ প্ৰতিবাদ কৰিছিল।

৫। হাৱাৰ্ড ডেনিচন মোমিনৰ পিতৃৰ নাম কি আছিল?
উত্তৰ : হাৱাৰ্ড ডেনিচন মোমিনৰ পিতৃৰ নাম আছিল জবাং ডি মাৰাক।

৬। গিলবার্থ কে মাৰাকে কি অনুবাদ কৰিছিল?
উত্তৰ : গিলবার্থ কে মাৰাকে পৱিত্ৰ বাইবেলখন ইংৰাজী ভাষাৰ পৰা গাৰো ভাষালৈ অনুবাদ কৰিছিল।

৭। গাৰো সম্প্ৰদায়ৰ পৰা ইংৰাজীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰথমজন ব্যক্তি কোন আছিল?
উত্তৰ : হাৱাৰ্ড ডেনিচন মোমিন আছিল ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা গাৰো সম্প্ৰদায়ৰ প্ৰথমজন ব্যক্তি।

৮। গাৰো সমাজত পৰম্পৰাগতভাৱে ডেকা ল’ৰাৰ শিক্ষাৰ কেন্দ্ৰটোৰ নাম কি আছিল?
উত্তৰ : গাৰো সমাজত পৰম্পৰাগতভাৱে ডেকা ল’ৰাৰ শিক্ষাৰ কেন্দ্ৰটোৰ নাম আছিল নকপান্থে বা ডেকাচাং।

৯। বঙালী-গাৰো অভিধানখন কোনে লিখিছিল?
উত্তৰ : ৰামখে ওৱাথে মোমিনে বঙালী-গাৰো অভিধানখন লিখিছিল।

১০। ৰেভা. গিলবার্থ কে মাৰাকক কোনে ‘ৰেভাৰেণ্ড’ উপাধি দিছিল?
উত্তৰ : তেওঁৰ কৰ্মদক্ষতাৰ বাবে খ্ৰীষ্টান সংগঠনে তেওঁলৈ সসম্মানে ‘ৰেভাৰেণ্ড’ উপাধি প্ৰদান কৰিছিল।


দীঘল উত্তৰৰ প্ৰশ্ন :

১। গাৰোসকলৰ সামাজিক গাঁথনিৰ বিষয়ে আলোচনা কৰা।
উত্তৰ : গাৰোসকলৰ পৰিয়ালৰ গঠন মাতৃসূত্ৰৰ পৰা আৰম্ভ হয়। একাধিক পৰিয়াল বা ব্যক্তি লগ লাগি এটা ‘মাহাৰী’ গঠন কৰে। পৰম্পৰাগতভাৱে, গাৰোসকলৰ জন্মগত উপাধি থকাৰ উপৰিও অতিৰিক্ত উপাধি থাকে। গাৰো সমাজত মাহাৰীক ইমানেই গুৰুত্ব দিয়া হয় যে একে উপাধিধাৰীৰ মাজত বৈবাহিক সম্বন্ধ কৰা নিষিদ্ধ, কাৰণ তেওঁলোকক একে গোত্ৰৰ বুলি ধৰা হয়। আগৰ দিনত গাৰো ডেকা ল’ৰাসকলৰ শিক্ষাৰ কেন্দ্ৰ আছিল নকপান্থে বা ডেকাচাং। ইয়াত গাঁৱৰ ডেকা ল’ৰাসকলে বিভিন্ন হাতৰ কাম, বাদ্য-যন্ত্ৰ বজোৱা আৰু খেল-ধেমালি কৰিছিল।

২। গাৰো সমাজৰ ধাৰ্মিক পৰিৱৰ্তনৰ বিষয়ে বৰ্ণনা কৰা।
উত্তৰ : আদিতে গাৰোসকলৰ পৰম্পৰাগত ধৰ্ম আছিল ‘সঙসাৰেক’, য’ত তেওঁলোকে চালজং, গৱেৰা আদি দেৱ-দেৱীক পূজা কৰিছিল আৰু ঘৰচীয়া জীৱ-জন্তুক বলি দিছিল। কিন্তু ব্ৰিটিছসকলৰ আগমণৰ পিছত, দমন নীতিৰ পৰিৱৰ্তে মিছনাৰীসকলে ধৰ্ম প্ৰচাৰ কৰিবলৈ ল’লে। মিছনাৰীসকলে উপাসনালয় আৰু বিদ্যালয় স্থাপন কৰিছিল। ফলস্বৰূপে, উনৈশ শতিকাৰ আৰম্ভণিৰ পৰা গাৰোসকল খ্ৰীষ্টধৰ্মলৈ ধৰ্মান্তৰিত হ’বলৈ ধৰে আৰু তেওঁলোকৰ পৰম্পৰাগত পূজা-অৰ্চনা লুপ্ত হ’বলৈ ধৰে।

৩। ৰামখে ওৱাথে মোমিনৰ জীৱন আৰু গাৰো সমাজলৈ তেওঁৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰ : ৰামখে ওৱাথে মোমিন ১৮৩৪ চনত জন্মগ্ৰহণ কৰিছিল। তেওঁ আছিল গাৰো সমাজৰ প্ৰথমজন ব্যক্তি যিয়ে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল। তেওঁ এজন শিক্ষাবিদ, লেখক, গীতিকাৰ আৰু সমাজকৰ্মী আছিল। তেওঁ দুখন স্কুল স্থাপন কৰিছিল আৰু এখন শিক্ষক প্রশিক্ষণ কেন্দ্রলৈ উন্নীতকৰণ কৰিছিল। তেওঁ বঙালী-গাৰো অভিধান আৰু সংস্কৃতি বিষয়ক হাতে লিখা কিতাপ লিখিছিল। তেওঁ খ্ৰীষ্টান সমাজৰ বাবে ২১টা গীত ৰচনা কৰিছিল। তেওঁক ‘আধুনিক গাৰো সমাজৰ পিতৃ’ বুলিও আখ্যা দিয়া হৈছিল।

৪। সোনাৰাম ৰংৰকগ্রে সাংমাৰ সাহসী আৰু প্ৰতিবাদী মনোভাৱৰ বিষয়ে বৰ্ণনা কৰা।
উত্তৰ : সোনাৰাম ৰংৰকগ্রে সাংমা আছিল এজন সাহসী আৰু আত্মবিশ্বাসী ব্যক্তি। তেওঁ অন্যায়-অত্যাচাৰ সহ্য কৰিব নোৱাৰিছিল আৰু সেইবোৰ সমূলঞ্চে নির্মূল কৰিবলৈ চেষ্টা কৰিছিল। সেই সময়ত ব্ৰিটিছ চৰকাৰে জনসাধাৰণক বিনা মজুৰিৰে কাম কৰোৱাৰ উপৰিও পাহাৰত ঝুম খেতি বন্ধ কৰি দিছিল। সোনাৰামে এই কঠোৰ নীতিৰ বিৰোধিতা কৰিছিল আৰু চৰকাৰৰ ওচৰত শ্ৰমৰ বিনিময়ত পাৰিশ্ৰমিক আৰু সংৰক্ষিত বনাঞ্চলসমূহ উঠাই ল’বলৈ দাবী জনাইছিল।

৫। হাৱাৰ্ড ডেনিচন মোমিনৰ সাহিত্যিক অৱদানৰ বিষয়ে আলোচনা কৰা।
উত্তৰ : হাৱাৰ্ড ডেনিচন মোমিনক ‘আধুনিক গাৰো সাহিত্যৰ জনক’ বুলি কোৱা হয়। তেওঁ গাৰো সম্প্ৰদায়ৰ ভিতৰত প্ৰথমজন ব্যক্তি যিয়ে ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তেওঁ ‘আছিক কু-ৰাং’ অৰ্থাৎ ‘গাৰো মানুহৰ মাত’ নামৰ গাৰো ভাষাৰ প্ৰথম আলোচনী প্ৰকাশ কৰিছিল। তেওঁ বহুতো কবিতা আৰু প্ৰবন্ধ লিখিছিল, যাৰ ভিতৰত ‘গাৰো মাত-বোল’, ‘NANGKO GISIK RAGEN’ আৰু ‘গাৰোহিলচ দ্যা আদাৰ ডেজার্ট’ অন্যতম।

৬। ৰেভা. গিলবার্থ কে মাৰাকৰ কৰ্মজীৱনৰ বিষয়ে বিতংকৈ লিখা।
উত্তৰ : ৰেভা. গিলবার্থ কে মাৰাক এজন শিক্ষক, লেখক আৰু খ্ৰীষ্টান ধৰ্মগুৰু আছিল। তেওঁ গোহালকোনা উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল আৰু পিছলৈ যোৰহাট চেমিনাৰীৰ পঞ্জীয়ক পদত নিযুক্তি পাইছিল। তেওঁৰ কৰ্মদক্ষতাৰ বাবে খ্ৰীষ্টান সংগঠনে তেওঁক ‘ৰেভাৰেণ্ড’ উপাধি প্ৰদান কৰিছিল। তেওঁ খ্ৰীষ্টান লিটাৰেচাৰ ছোচাইটি অব ইণ্ডিয়ানৰ অনুৰোধত ইংৰাজী বাইবেলখন গাৰো ভাষালৈ অনুবাদ কৰিছিল। তেওঁ চুইজাৰলেণ্ডৰ ৱৰ্ল্ড কাউন্সিল অব খ্ৰীষ্টিয়ান ইডুকেশ্বনৰ মুখ্য কাৰ্যালয়ত ভাৰতৰ এজন পৰামৰ্শদাতা হিচাপেও কাম কৰিছিল।

৭। নকপান্থে বা ডেকাচাংৰ ভূমিকা কি আছিল?
উত্তৰ : নকপান্থে বা ডেকাচাং আছিল পাহাৰীয়া গাৰো সমাজত ডেকা ল’ৰাসকলৰ শিক্ষাৰ এক প্ৰাণকেন্দ্ৰ। ইয়াত গাঁৱৰ সমূহ ডেকা ল’ৰা গোট খাই বাঁহ-বেত আদি বিভিন্ন হাতেৰে কৰা কাম শিকিছিল, বাদ্য-যন্ত্ৰ বজোৱা আৰু খেল-ধেমালি কৰিছিল। এই সকলোবোৰ কাৰ্য এজন জ্যেষ্ঠ ভাতৃৰ দ্বাৰা পৰিচালিত হৈছিল।

৮। গাৰোসকলৰ পৰম্পৰাগত বাদ্য-যন্ত্ৰ আৰু পোছাকৰ বিষয়ে লিখা।
উত্তৰ : গাৰোসকলৰ প্ৰধান বাদ্য-যন্ত্ৰসমূহ হ’ল ঢামা খ্রাম (ঢোল), গগনা আৰু বাংসী-বাঁহী। তেওঁলোকে ৰংবিৰঙৰ কানি-কাপোৰ পিন্ধিছিল আৰু আঁঠুৰ ওপৰলৈকে কাপোৰ ব্যৱহাৰ কৰিছিল। বৰ্তমানৰ মহিলাসকলে দাগাবান্দা, দাগশাৰী আৰু চুনী আদি পোছাক পৰিধান কৰে।

৯। হাৱাৰ্ড ডেনিচন মোমিনৰ নামৰ উৎপত্তিৰ বিষয়ে লিখা।
উত্তৰ : হাৱাৰ্ড ডেনিচন মোমিনৰ পিতৃ জবাং ডি মাৰাক আমেৰিকাত পঢ়া গাৰো সম্প্ৰদায়ৰ প্ৰথমজন ব্যক্তি আছিল। তেওঁ ১৯০৫ চনৰ পৰা ১৯১১ চনলৈকে আমেৰিকাৰ ‘ডেনিচন স্কুলত’ শিক্ষা লাভ কৰিছিল। তেওঁ সেই বিদ্যালয়ৰ স্মৃতিস্বৰূপে নিজৰ জ্যেষ্ঠ পুত্ৰৰ নাম ‘হাৰৱাৰ্ড ডেনিচন ডব্লিউ মোমিন’ বুলি ৰাখিছিল, যাৰ অৰ্থ হৈছে শিক্ষা আৰু ধৰ্মৰ উৎপত্তি।

১০। সোনাৰাম ৰংৰকগ্রে সাংমাই ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে কৰা প্ৰতিবাদসমূহৰ বিষয়ে লিখা।
উত্তৰ : সোনাৰাম ৰংৰকগ্রে সাংমাই ব্ৰিটিছ চৰকাৰৰ কঠোৰ নীতিসমূহ সহ্য কৰিব নোৱাৰিছিল আৰু তেওঁলোকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। তেওঁ ব্ৰিটিছ চৰকাৰৰ ওচৰত দুটা মুখ্য দাবী জনাইছিল: প্ৰথম, বিনা মজুৰিৰে কাম কৰা গাঁৱৰ মানুহক শ্ৰমৰ বিনিময়ত পাৰিশ্ৰমিক দিয়াৰ দাবী; আৰু দ্বিতীয়, পাহাৰৰ গছ-গছনি সংৰক্ষণৰ বাবে বন্ধ কৰি দিয়া ঝুম খেতি পুনৰ আৰম্ভ কৰিবলৈ সংৰক্ষিত বনাঞ্চলসমূহ উঠাই লোৱাৰ দাবী।

SEBA Class 9 Assamese Chapter গাৰোসকল প্রশ্ন আৰু উত্তৰ – Complete Exam Guide

For effective revision and confident exam preparation, SEBA Class 9 Assamese Chapter গাৰোসকল প্রশ্ন আৰু উত্তৰ serve as a complete learning guide for Class 9 Assamese MIL students. These SEBA Class 9 Assamese Chapter গাৰোসকল প্রশ্ন আৰু উত্তৰ clearly explain the lesson and show how SEBA Class 9 Assamese Chapter গাৰোসকল প্রশ্ন আৰু উত্তৰ help students understand the matrilineal system, traditions, and cultural identity of the Garo community.

Regular practice of SEBA Class 9 Assamese Chapter গাৰোসকল প্রশ্ন আৰু উত্তৰ enables students to confidently attempt short and long Class 9 Assamese Vaichitryamay Assam question answers in SEBA and ASSEB examinations. All SEBA Class 9 Assamese Garo solutions and ASSEB Class 9 Assamese Chapter Garo solutions are written strictly following the recommended answer-writing pattern.

This page includes SEBA Class 9 Assamese Chapter গাৰোসকল প্রশ্ন আৰু উত্তৰ along with SEBA Class 9 Assamese Garo solutions, Class 9 Assamese Vaichitryamay Assam question answers, and the complete Vaichitryamay Assam Garo guide, making SEBA Class 9 Assamese Chapter গাৰোসকল প্রশ্ন আৰু উত্তৰ a reliable one-stop resource for exam preparation.

If you are searching for accurate, simple, and exam-focused SEBA Class 9 Assamese Chapter গাৰোসকল প্রশ্ন আৰু উত্তৰ, this SEBA Class 9 Assamese Chapter গাৰোসকল প্রশ্ন আৰু উত্তৰ guide will help you revise efficiently and score better marks with confidence.

FAQs – SEBA / ASSEB Class 9 Assamese Vaichitryamay Assam Chapter গাৰোসকল

1. গাৰোসকল পাঠটোৰ মূল বিষয়বস্তু কি?

এই পাঠটোত গাৰো জনগোষ্ঠীৰ উৎপত্তি, মাতৃপ্ৰধান সমাজব্যৱস্থা, সংস্কৃতি আৰু সামাজিক জীৱনৰ বিষয়ে আলোচনা কৰা হৈছে।

2. এই SEBA Class 9 Assamese Chapter গাৰোসকল Solutions 2026–27 syllabus অনুসৰি নে?

হয়। এই SEBA Class 9 Assamese Chapter গাৰোসকল প্রশ্ন আৰু উত্তৰ সম্পূৰ্ণৰূপে 2026–27 SEBA syllabus অনুসৰি প্ৰস্তুত কৰা হৈছে।

3. এই Solutions SEBA আৰু ASSEB দুয়ো বোৰ্ডৰ বাবে প্ৰযোজ্য নে?

হয়। এই সমাধানসমূহ SEBA আৰু ASSEB দুয়ো বোৰ্ডৰ Class 9 Assamese MIL পাঠ্যসূচীৰ সৈতে মিল আছে।

4. গাৰোসকল অধ্যায় HSLC Examination ৰ বাবে সহায়ক নে?

নিশ্চয়। এই অধ্যায়ে HSLC Examinationৰ বাবে অসমৰ জনগোষ্ঠীয় বৈচিত্ৰ্য বুজাৰ দৃঢ় ভিত্তি গঢ়ি তোলে।

5. ইয়াত Vaichitryamay Assam Garo guide আছে নে?

অৱশ্যই। ইয়াত সম্পূৰ্ণ Vaichitryamay Assam Garo guide আৰু পৰীক্ষা-মুখী উত্তৰ উপলব্ধ।

6. এই Solutions উত্তৰ লিখাৰ দক্ষতা উন্নত কৰে নে?

হয়। সকলো উত্তৰ SEBA / ASSEB answer writing pattern অনুসৰি সাজি উলিওৱা হৈছে।

7. এই SEBA Class 9 Assamese Chapter গাৰোসকল Solutions নিয়মিত আপডেট কৰা হয় নে?

হয়। পাঠ্যসূচীৰ পৰিবর্তন আৰু academic session অনুসৰি এই সমলসমূহ নিয়মিতভাৱে আপডেট কৰা হয়।

🎓 About Assam Eduverse

Assam Eduverse is the best educational platform in Assam, offering SEBA, AHSEC (ASSEB), SCERT, CBSE, and Assam Board Solutions along with study materials, notes, and exam preparation guides to help students learn smarter and score higher.

Our expert-prepared answers and MCQs follow the latest Assam Board Syllabus and NCERT Syllabus. We make learning simple, accessible, and effective for all students preparing for board or competitive exams.📘 Visit Assam Eduverse for free Assam Board Solutions, notes, and Study Materials prepared by experts.

Leave a Comment