SEBA Class 9 Assamese Chapter চাওতালসকল প্রশ্ন আৰু উত্তৰ Solutions | Vaichitryamay Assam

SEBA Class 9 Assamese Chapter চাওতালসকল প্রশ্ন আৰু উত্তৰ are important learning resources for students studying Vaichitryamay Assam under Assamese MIL. These SEBA Class 9 Assamese Chapter চাওতালসকল প্রশ্ন আৰু উত্তৰ include a complete Vaichitryamay Assam Chaotal guide, detailed explanation, and exam-oriented answers prepared strictly according to the latest SEBA and ASSEB syllabus.

The chapter চাওতালসকল introduces students to the Chaotal community, highlighting their origin, lifestyle, social customs, festivals, and cultural practices. It explains the contribution of the Chaotal people to Assam’s social diversity and cultural harmony. Because of its anthropological and cultural importance, SEBA Class 9 Assamese Chapter চাওতালসকল প্রশ্ন আৰু উত্তৰ hold a significant place in the Class 9 Assamese syllabus.

Prepared by experts of Assam Eduverse, these SEBA Class 9 Assamese Chapter চাওতালসকল প্রশ্ন আৰু উত্তৰ help students clearly understand community life and improve answer-writing skills for school examinations and future HSLC preparation.

SEBA / ASSEB Class 9 Assamese Vaichitryamay Assam Chapter চাওতালসকল Complete Solutions, Guide & Question Answers

 

📖 পাঠৰ সংক্ষিপ্তসাৰ: চাওতালসকল

Class 9 Assamese MIL – Vaichitryamay Assam

চাওতালসকল পাঠ্যখনত চাওতাল জনগোষ্ঠীৰ উৎপত্তি, সামাজিক জীৱন, সংস্কৃতি আৰু বিশিষ্ট ব্যক্তিত্বৰ বিষয়ে বিস্তৃত বিৱৰণ দিয়া হৈছে। তেওঁলোকৰ মাতৃভাষা চান্থালিত নিজকে হোড় হপন বুলি সম্বোধন কৰে। সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ মতে, “চাওতাল” শব্দটো সংস্কৃতৰ সামন্তৰাল শব্দৰ পৰা উদ্ভৱ হোৱা বুলি ধৰা হয়। তেওঁলোকৰ সমাজ পিতৃ-প্রধান আৰু মূলতঃ কৃষিজীৱী

চাওতালসকলৰ গাঁও-শাসন ব্যৱস্থা অতি সুকীয়া। গাঁওটো পৰিচালনা কৰে পাঁচজন মান্যগণ্য ব্যক্তি, যাক মোড়ে হোড় বুলি কোৱা হয়। ইয়াৰ ভিতৰত প্ৰধানজনক মাঝহি বুলি জনা যায়। তেওঁলোকৰ বাৰটা গোত্ৰ আছে — মুর্মু, হেন্ত্রম, কিস্কু, বেছৰা, টুডু, চৰেন, বাস্কে, হাসদাঃ, মাৰ্ডি, চোঁড়ে, পাউৰীয়া আৰু বেদেয়া। তেওঁলোকৰ মুখ্য উৎসৱ হ’ল বাহা আৰু চহৰাই, যিবোৰ তেওঁলোকৰ পৰম্পৰাগত কৃষিজীৱন আৰু ধৰ্মীয় বিশ্বাসৰ প্ৰতিফলন।

এই পাঠত কেইবাগৰাকীমান চাওতাল ব্যক্তিৰ উল্লেখ আছে—বেনেডিক্ট হেন্ত্রম (অসমত প্ৰথম চাওতালি ব্যাকৰণৰ ৰচয়িতা), বদন হাসদা (চান্থাল ছাত্র সন্থাৰ প্ৰতিষ্ঠাতা), মিথিয়াছ টুডু (অসম বিধানসভাৰ দীর্ঘকালীন প্ৰতিনিধি) আৰু ৰাহেল কিস্কু (প্ৰথম চান্থাল মহিলা স্নাতক)।

উপসংহাৰ: চাওতালসকল পাঠ্যখনৰ জৰিয়তে চাওতাল জনগোষ্ঠীৰ সমাজ, সংস্কৃতি আৰু ইতিহাসৰ বিষয়ে অধ্যয়ন কৰি অসমৰ বহু-সাংস্কৃতিক পৰম্পৰাৰ সমৃদ্ধ দিশবোৰ বুজিব পাৰি।

— From the book Vaichitryamay Assam

প্ৰশ্নাৱলীৰ সমাধান

১। সুনীতি কুমাৰ চট্টোপ্যাধায়ৰ মতে ‘চাওতাল’ শব্দটো ক’ৰ পৰা উৎপত্তি হৈছে?
উত্তৰ : সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ মতে ‘চাওতাল’ শব্দটো সংস্কৃত ‘সামন্তৰাল’ শব্দৰ পৰা উৎপত্তি হৈছে।

২। চাওতালসকলৰ প্ৰধান জীৱিকা কি?
উত্তৰ : চাওতালসকলৰ প্ৰধান জীৱিকা হ’ল কৃষি।

৩। ‘মোড়ে হোড়ৰ’ (পাঁচজনৰ) প্ৰধানজনক কি বুলি কোৱা হয়?
উত্তৰ : ‘মোড়ে হোড়ৰ’ প্ৰধানজনক গাঁওবুঢ়া বা ‘মাঝহি’ বুলি কোৱা হয়।

৪। চাওতালসকলৰ গোত্ৰ কেইটা আৰু কি কি?
উত্তৰ : চাওতালসকলৰ বাৰটা গোত্ৰ আছে। সেয়া হৈছে: মুর্মু, হেন্ত্ৰম, কিস্কু, বেছৰা, টুডু, চৰেন, বাস্কে, হাসদাঃ, মার্ডি, চোঁড়ে, পাউৰীয়া আৰু বেদেয়া।

৫। চাওতালসকলৰ কলা-কৃষ্টিৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ : চাওতালসকলৰ প্ৰধান উৎসৱসমূহ হ’ল বাহা আৰু চহৰাই। তেওঁলোকৰ গীত-নৃত্যসমূহৰ ভিতৰত দং নৃত্য-দং গীত, লাংগঁড়ে নৃত্য-লাংগঁড়ে গীত আৰু চহৰাই, বাহা গীত আদি উল্লেখযোগ্য। গীত-নৃত্যত তেওঁলোকে টামাক, তুমদাঃ, কৰতাল আৰু ঢোল আদি বাদ্য-যন্ত্ৰ ব্যৱহাৰ কৰে। তেওঁলোকৰ মহিলাসকলে ৰূপৰ আ-অলংকাৰ ব্যৱহাৰ কৰে।

৬। চাওতাল সকলৰ সামাজিক জীৱনৰ বৰ্ণনা দাঙি ধৰা?
উত্তৰ : চাওতালসকলৰ সামাজিক জীৱন-প্ৰক্ৰিয়া অতি সুকীয়া। তেওঁলোকে গাঁও পাতি বাস কৰে। তেওঁলোকৰ সমাজ পিতৃ-প্রধান আৰু তেওঁলোকৰ প্ৰধান জীৱিকা কৃষি। গাঁৱৰ শাসন চলোৱাৰ বাবে পাঁচজন মানুহ বাছনি কৰা হয়, যিসকলক ‘মোড়ে হোড়’ কোৱা হয়। কোনো সমস্যাৰ সমাধানৰ বাবে গাঁৱৰ ‘মাঝহি’ৰ ওচৰত অভিযোগ দাখিল কৰা হয়। চাওতালসকলৰ বাৰটা গোত্ৰ আছে আৰু প্ৰতিটো গোত্ৰৰে উপগোত্ৰ আছে।

৭। শব্দার্থ লিখাঃ

  • হালধি সনা সাজ-পাৰ – সিন্দুৰ খাণ্ডি
  • টটড়বা – টুপী
  • সাজ-পাৰ – হোৰঃ বান্দে
  • মাজহি – গাঁওবুঢ়া
  • লুংগী – পাড়হাণ্ড

৮। চমুটোকা লিখা :

(ক) বেনেডিক্ট হেন্ত্রম — বেনেডিক্ট হেন্ত্রম ১৯৬৭ চনৰ ১৮ অক্টোবৰত কোকৰাঝাৰ জিলাত জন্ম হৈছিল। তেওঁ আছিল নামনি অসমত চাওতাল জনগোষ্ঠীৰ পৰা উদ্ভিদবিজ্ঞানত এম.এছ.ছি. ডিগ্ৰী লাভ কৰা প্ৰথম ব্যক্তি। তেওঁ চাওতালি সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে চিৰস্মৰণীয় হৈ ৰৈছে। তেওঁ অসমত প্ৰথমে চাওতালি ব্যাকৰণ প্ৰস্তুত কৰিছিল। তেওঁৰ নেতৃত্বত চাওতালি পাঠ্যপুথি অসম চৰকাৰে বিনামূলীয়াকৈ যোগান ধৰা আৰম্ভ কৰিছিল।

(খ) বদন হাসদা — বদন হাসদাৰ জন্ম ১৯৫৭ চনত কোকৰাঝাৰ জিলাত হৈছিল। তেওঁ নিজৰ জনগোষ্ঠীক শিক্ষা, সামাজিক আৰু অর্থনৈতিক দিশত স্বাৱলম্বী কৰি তুলিবলৈ চেষ্টা কৰিছিল। তেওঁ ১৯৮০ চনত সদৌ অসম চান্থাল ছাত্র সন্থা আৰু ১৯৮৬ চনত আদিবাসী সেৱা সমিতি গঠন কৰিছিল। ১৯৯৬ চনত হোৱা গোষ্ঠীগত সংঘৰ্ষত শান্তি স্থাপনৰ বাবে তেওঁক ‘শান্তি আৰু ঐক্য’ৰ পুৰস্কাৰৰে পুৰস্কৃত কৰা হৈছিল। ২০০৭ চনত তেওঁৰ মৃত্যু হয়।

(গ) মিথিয়াছ টুডু — মিথিয়াছ টুডু আছিল অসমত চাওতাল জনগোষ্ঠীৰ পৰা ওলাই অহা এজন বিশিষ্ট ব্যক্তি। তেওঁ ১৯৩০ চনত কোকৰাঝাৰ জিলাত জন্মগ্ৰহণ কৰিছিল। তেওঁ কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ ১৯৫৭ চনৰ পৰা ১৯৯১ চনলৈকে একেৰাহে সাতবাৰ বিধানসভাৰ বিধায়ক আছিল। তেওঁ অসম চৰকাৰৰ শ্ৰমিক-কল্যাণ বিভাগৰ আৰু পিছত ৰাজহ মন্ত্ৰী হৈছিল। তেওঁ এজন দক্ষ ফুটবল খেলুৱৈ আছিল।

(ঘ) ৰাহেল কিস্কু — ৰাহেল কিস্কু আছিল প্ৰথম চান্থাল মহিলা স্নাতক। তেওঁৰ জন্ম ১৯২৫ চনত কোকৰাঝাৰ জিলাৰ বৰচনপুৰ গাঁৱত হৈছিল। তেওঁ স্কুলীয়া জীৱন হাৰাফুটা মিশন স্কুলত আৰম্ভ কৰিছিল আৰু ১৯৫১ চনত লক্ষ্ণৌৰ এখন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ সমাজৰ দুখীয়া মহিলাসকলৰ বাবে চিলাই প্ৰশিক্ষণ কেন্দ্ৰ খুলিছিল। তেওঁ দুর্নীতি নিবাৰণ, মদৰ প্ৰচলন বন্ধ কৰা আৰু ডাইনী হত্যা বন্ধ কৰাৰ বাবে কাম কৰিছিল। তেওঁ এগৰাকী দক্ষ লিখক আৰু কবি আছিল।


অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ (Additional Questions and Answers)

চমু উত্তৰৰ প্ৰশ্ন :

১। চাওতালসকলে নিজৰ মাতৃভাষাত নিজকে কি বুলি কয়?
উত্তৰ : চাওতালসকলে নিজৰ মাতৃভাষা চান্থালীত নিজকে ‘হোড় হপন’ বুলি কয়।

২। চাওতালসকলৰ প্ৰধান উৎসৱ দুটা কি কি?
উত্তৰ : চাওতালসকলৰ প্ৰধান উৎসৱ হ’ল বাহা আৰু চহৰাই।

৩। বেনেডিক্ট হেন্ত্ৰম কোন বিষয়ত স্নাতকত্তৰ ডিগ্ৰী লাভ কৰিছিল?
উত্তৰ : বেনেডিক্ট হেন্ত্ৰম উদ্ভিদবিজ্ঞানত এম.এছ.ছি. ডিগ্ৰী লাভ কৰিছিল।

৪। বদন হাসদা কোনখন সাহিত্য সভাৰ উপদেষ্টা আছিল?
উত্তৰ : বদন হাসদা অসম চান্থালী সাহিত্য সভাৰ উপদেষ্টা আছিল।

৫। মিথিয়াছ টুডু কিমানবাৰ অসম বিধানসভালৈ নির্বাচিত হৈছিল?
উত্তৰ : মিথিয়াছ টুডু একেৰাহে সাতবাৰ বিধায়ক হিচাবে নিৰ্বাচিত হৈছিল।

৬। ৰাহেল কিস্কু কিহৰ প্ৰশিক্ষণ কেন্দ্ৰ চলাইছিল?
উত্তৰ : ৰাহেল কিস্কুৱে দুখীয়া মহিলাসকলক বিনামূলীয়া শিক্ষা প্ৰদান কৰিবলৈ চিলাই প্ৰশিক্ষণ কেন্দ্ৰ খুলিছিল।

৭। চাওতাল পুৰুষৰ প্ৰধান সাজ কি?
উত্তৰ : চাওতাল পুৰুষৰ প্ৰধান সাজ হ’ল পাঞ্চি।

৮। মিথিয়াছ টুডুৰ মৃত্যু কেতিয়া হৈছিল?
উত্তৰ : মিথিয়াছ টুডুৰ মৃত্যু ২০১৭ চনৰ ১০ জুলাইত হৈছিল।

৯। বেনেডিক্ট হেন্ত্ৰমৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল?
উত্তৰ : তেওঁৰ পিতৃৰ নাম আছিল ডাটু লক্ষণ হেন্ত্ৰম আৰু মাতৃৰ নাম ৰাণী চৰেন।

১০। চাওতালসকলৰ নৃত্যত ব্যৱহাৰ কৰা বাদ্য-যন্ত্ৰৰ নাম কি?
উত্তৰ : তেওঁলোকে টামাক, তুমদাঃ, কৰতাল আৰু ঢোল আদি বাদ্য-যন্ত্ৰ ব্যৱহাৰ কৰে।


দীঘল উত্তৰৰ প্ৰশ্ন :

১। চাওতালসকলৰ সামাজিক আৰু ৰাজনৈতিক গাঁথনিৰ বিষয়ে আলোচনা কৰা।
উত্তৰ : চাওতালসকলৰ সামাজিক জীৱন অতি সুকীয়া। তেওঁলোকে গাঁও পাতি বাস কৰে আৰু গাঁৱৰ শাসন ব্যৱস্থা পাঁচজন মানুহৰ দ্বাৰা পৰিচালিত হয়, যিসকলক ‘মোড়ে হোড়’ বুলি কোৱা হয়। মোড়ে হোড়ৰ প্ৰধানজনক ‘মাঝহি’ বা গাঁওবুঢ়া বুলি জনা যায়। যদি গাঁৱত কোনো বিশৃংখলতা হয়, তেন্তে ‘মাঝহি’ৰ ওচৰত অভিযোগ দাখিল কৰা হয়। অভিযোগৰ ভিত্তিত তেওঁ এজন ‘গডেত’ক ৰাইজক সমবেত কৰিবলৈ দায়িত্ব দিয়ে। তেওঁলোকৰ সমাজ পিতৃ-প্রধান।

২। মিথিয়াছ টুডুৰ ৰাজনৈতিক জীৱন আৰু সমাজলৈ তেওঁৰ অৱদানৰ বিষয়ে আলোচনা কৰা।
উত্তৰ : মিথিয়াছ টুডু আছিল অসম বিধানসভাত চল্লিছ বছৰ ধৰি প্ৰতিনিধিত্ব কৰা একমাত্ৰ চাওতাল ব্যক্তি। তেওঁ ১৯৫৭ চনৰ পৰা ১৯৯১ চনলৈকে একেৰাহে সাতবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ ১৯৭২-১৯৭৮ চন কালছোৱাত অসম চৰকাৰৰ শ্ৰমিক-কল্যাণ বিভাগৰ মন্ত্ৰী আছিল। তেওঁ অসম চান্থালী সাহিত্য সভাৰ সভাপতি, চাওতালি ভাষা আৰু সাহিত্য গবেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সভাপতি আদি পদত অধিষ্ঠিত হৈছিল। তেওঁ এজন দক্ষ ফুটবল খেলুৱৈ আৰু সৎ চৰিত্ৰৰ ব্যক্তি আছিল।

৩। চাওতালসকলৰ পোছাক, উৎসৱ আৰু বাদ্য-যন্ত্ৰৰ বিষয়ে বিতংকৈ লিখা।
উত্তৰ : চাওতাল মহিলাসকলৰ প্ৰধান সাজ-পাৰ হ’ল লুংগী পাঞ্চি। তেওঁলোকে ওপৰ অংশত পিন্ধা কাপোৰক পাঞ্চি আৰু তলৰ অংশত পিন্ধা কাপোৰক পাঁড়হাণ্ড বুলি কয়। পুৰুষসকলে সাধাৰণতে পাঞ্চি পিন্ধে। বিবাহত দৰাই টটড়বাঃ (টুপী) পিন্ধে আৰু কইনাই সিন্দুৰ খাণ্ডি (হালধি সনা কাপোৰ) পিন্ধে। তেওঁলোকৰ প্ৰধান উৎসৱ হ’ল বাহা আৰু চহৰাই। তেওঁলোকৰ বাদ্য-যন্ত্ৰসমূহ হ’ল টামাক, তুমদাঃ, কৰতাল আৰু ঢোল।

৪। ৰাহেল কিস্কুৰ সমাজসেৱা আৰু শিক্ষালৈ আগবঢ়োৱা অৱদানৰ বিষয়ে বৰ্ণনা কৰা।
উত্তৰ : ৰাহেল কিস্কু আছিল প্ৰথম চান্থাল মহিলা স্নাতক। তেওঁ এজনী শিক্ষয়িত্ৰী হিচাপে কাম কৰিছিল আৰু ১৯৮০ চনত প্ৰধান শিক্ষয়িত্ৰী হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ নিজৰ পুঁজি খটুৱাই দুখীয়া মহিলাসকলক চিলাইৰ বিনামূলীয়া শিক্ষা প্ৰদান কৰিবলৈ এটা প্ৰশিক্ষণ কেন্দ্ৰ খুলিছিল। তেওঁ সমাজৰ বিভিন্ন সমস্যা, যেনে- দুর্নীতি নিবাৰণ, মদৰ প্ৰচলন বন্ধ কৰা আৰু ডাইনী হত্যা বন্ধ কৰা আদিৰ বাবেও সজাগতা সৃষ্টি কৰিছিল। তেওঁ এগৰাকী কবি আৰু লিখক হিচাপে মহিলা আৰু শিশুৰ মংগলৰ বাবে লিখিছিল।

৫। বদন হাসদাৰ সমাজলৈ আগবঢ়োৱা অৱদানসমূহ কি কি?
উত্তৰ : বদন হাসদা এজন বিশিষ্ট সমাজকৰ্মী আছিল। তেওঁ ১৯৮০ চনত সদৌ অসম চান্থাল ছাত্র সন্থা আৰু ১৯৮৬ চনত আদিবাসী সেৱা সমিতি গঠন কৰিছিল। তেওঁৰ লক্ষ্য আছিল নিজৰ জনগোষ্ঠীক শিক্ষা, সামাজিক আৰু অর্থনৈতিক দিশত স্বাৱলম্বী কৰি তোলা। তেওঁ ১৯৯৬ চনত হোৱা গোষ্ঠীগত সংঘৰ্ষত শান্তি স্থাপনৰ বাবে মুখ্য ভূমিকা লৈছিল। ইয়াৰ বাবে তেওঁক কোকৰাঝাৰ জিলাৰ উপায়ুক্তই ‘শান্তি আৰু ঐক্য’ৰ পুৰস্কাৰ দিছিল। তেওঁ ২০০৩ চনত বি.টি.চি. চুক্তি স্বাক্ষৰ হোৱাৰ পাছত পৰিষদত কার্যবাহী সদস্য হৈছিল।

৬। বেনেডিক্ট হেন্ত্ৰমৰ শিক্ষাজীবন আৰু সাহিত্যলৈ তেওঁৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰ : বেনেডিক্ট হেন্ত্ৰম নামনি অসমৰ পৰা উদ্ভিদবিজ্ঞানত এম.এছ.ছি. ডিগ্ৰী লাভ কৰা প্ৰথম চাওতাল ব্যক্তি আছিল। তেওঁ শিক্ষক হিচাপে চাকৰি কৰিছিল। তেওঁ আছিল চাওতালি ভাষা আৰু সাহিত্য গৱেষণা কেন্দ্ৰৰ সভাপতি। তেওঁ অসমত প্ৰথমে চাওতালি ব্যাকৰণ প্ৰস্তুত কৰি চাওতালি সাহিত্যক সমৃদ্ধ কৰিছিল। তেওঁৰ নেতৃত্বত অসম চৰকাৰে বিনামূলীয়াকৈ চাওতালি পাঠ্যপুথি যোগান ধৰিবলৈ আৰম্ভ কৰিছিল।

৭। চাওতালসকলৰ বিবাহৰ বিষয়ে লিখা।
উত্তৰ : চাওতালসকলৰ বিবাহত পুৰুষে ধূতী পিন্ধে। দৰাই হালধি সনা চাদৰ আৰু বগা কাপোৰৰ টটড়বাঃ (টুপী) পিন্ধে। কইনাই হালধি সনা কাপোৰক সিন্দুৰ খাণ্ডি বোলা হয়। বিবাহ উৎসৱত কাঁহৰ পাত্ৰ-থাল, বাটি, লোটা ব্যৱহাৰ কৰা হয়।

৮। মিথিয়াছ টুডুৰ বহুমুখী প্ৰতিভাৰ বিষয়ে আলোচনা কৰা।
উত্তৰ : মিথিয়াছ টুডুৰ বহুমুখী প্ৰতিভা আছিল। তেওঁ এগৰাকী সফল ৰাজনীতিবিদ, সমাজকৰ্মী আৰু দক্ষ ফুটবল খেলুৱৈ আছিল। তেওঁ অসম বিধানসভাত চল্লিছ বছৰ ধৰি প্ৰতিনিধিত্ব কৰিছিল। তেওঁ বিভিন্ন পদত অধিষ্ঠিত হৈছিল, যেনে- অসম চান্থালী সাহিত্য সভাৰ সভাপতি, চাওতালি ভাষা আৰু সাহিত্য গবেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সভাপতি আদি। তেওঁ এজন ধৰ্মপৰায়ণ ব্যক্তিও আছিল আৰু প্ৰতি দেওবাৰে গীৰ্জাত উপস্থিত হৈছিল।

৯। ৰাহেল কিস্কুৱে কি কি সামাজিক দুষ্কাৰ্যৰ বিৰুদ্ধে কাম কৰিছিল?
উত্তৰ : ৰাহেল কিস্কুৱে সমাজৰ বিভিন্ন দুষ্কাৰ্যৰ বিৰুদ্ধে কাম কৰিছিল। তেওঁ দুর্নীতি নিবাৰণ, মদৰ প্ৰচলন বন্ধ কৰা আৰু ডাইনী হত্যা বন্ধ কৰাৰ বাবে সজাগতা সৃষ্টি কৰিছিল। তেওঁ নিজৰ লিখনিৰ জৰিয়তে মহিলা আৰু শিশুসকলৰ মংগলৰ বাবেও নিৰন্তৰ কাম কৰিছিল।

১০। বদন হাসদাৰ জীৱনৰ গুৰুত্বপূৰ্ণ পৰিঘটনাৰ বিষয়ে লিখা।
উত্তৰ : বদন হাসদাৰ জীৱনৰ কেইবাটাও গুৰুত্বপূৰ্ণ পৰিঘটনা আছিল। তেওঁ ১৯৮০ চনত সদৌ অসম চান্থাল ছাত্র সন্থা গঠন কৰিছিল। ১৯৮৬ চনত আদিবাসী সেৱা সমিতি গঠন কৰিছিল আৰু সুদীৰ্ঘ পোন্ধৰ বছৰ কাল ইয়াৰ সভাপতি হৈ আছিল। ১৯৯৬ চনত গোষ্ঠীগত সংঘৰ্ষত শান্তি স্থাপনৰ বাবে তেওঁক ‘শান্তি আৰু ঐক্য’ৰ পুৰস্কাৰৰে পুৰস্কৃত কৰা হৈছিল। তেওঁৰ মৃত্যু ২০০৭ চনত হৈছিল।

SEBA Class 9 Assamese Chapter চাওতালসকল প্রশ্ন আৰু উত্তৰ – Complete Exam Guide

For effective revision and confident exam preparation, SEBA Class 9 Assamese Chapter চাওতালসকল প্রশ্ন আৰু উত্তৰ serve as a complete learning guide for Class 9 Assamese MIL students. These SEBA Class 9 Assamese Chapter চাওতালসকল প্রশ্ন আৰু উত্তৰ clearly explain the lesson and show how SEBA Class 9 Assamese Chapter চাওতালসকল প্রশ্ন আৰু উত্তৰ help students understand the social life, culture, and traditions of the Chaotal community.

Regular practice of SEBA Class 9 Assamese Chapter চাওতালসকল প্রশ্ন আৰু উত্তৰ enables students to confidently attempt short and long Class 9 Assamese Vaichitryamay Assam question answers in SEBA and ASSEB examinations. All SEBA Class 9 Assamese Chaotal solutions and ASSEB Class 9 Assamese Chapter Chaotal solutions are written strictly following the recommended answer-writing pattern.

This page includes SEBA Class 9 Assamese Chapter চাওতালসকল প্রশ্ন আৰু উত্তৰ along with SEBA Class 9 Assamese Chaotal solutions, Class 9 Assamese Vaichitryamay Assam question answers, and the complete Vaichitryamay Assam Chaotal guide, making SEBA Class 9 Assamese Chapter চাওতালসকল প্রশ্ন আৰু উত্তৰ a reliable one-stop resource for exam preparation.

If you are searching for accurate, simple, and exam-focused SEBA Class 9 Assamese Chapter চাওতালসকল প্রশ্ন আৰু উত্তৰ, this SEBA Class 9 Assamese Chapter চাওতালসকল প্রশ্ন আৰু উত্তৰ guide will help you revise efficiently and score better marks with confidence.

FAQs – SEBA / ASSEB Class 9 Assamese Vaichitryamay Assam Chapter চাওতালসকল

1. চাওতালসকল পাঠটোৰ মূল বিষয়বস্তু কি?

এই পাঠটোত চাওতাল জনগোষ্ঠীৰ উৎপত্তি, সামাজিক জীৱন, সংস্কৃতি আৰু অসমীয়া সমাজলৈ তেওঁলোকৰ অৱদান আলোচনা কৰা হৈছে।

2. এই SEBA Class 9 Assamese Chapter চাওতালসকল Solutions 2026–27 syllabus অনুসৰি নে?

হয়। এই SEBA Class 9 Assamese Chapter চাওতালসকল প্রশ্ন আৰু উত্তৰ সম্পূৰ্ণৰূপে 2026–27 SEBA syllabus অনুসৰি প্ৰস্তুত কৰা হৈছে।

3. এই Solutions SEBA আৰু ASSEB দুয়ো বোৰ্ডৰ বাবে প্ৰযোজ্য নে?

হয়। এই সমাধানসমূহ SEBA আৰু ASSEB দুয়ো বোৰ্ডৰ Class 9 Assamese MIL পাঠ্যসূচীৰ সৈতে মিল আছে।

4. চাওতালসকল অধ্যায় HSLC Examination ৰ বাবে সহায়ক নে?

নিশ্চয়। এই অধ্যায়ে HSLC Examinationৰ বাবে জনগোষ্ঠীয় সংস্কৃতি আৰু সমাজ বুজাৰ দৃঢ় ভিত্তি গঢ়ি তোলে।

5. ইয়াত Vaichitryamay Assam Chaotal guide আছে নে?

অৱশ্যই। ইয়াত সম্পূৰ্ণ Vaichitryamay Assam Chaotal guide আৰু পৰীক্ষা-মুখী উত্তৰ উপলব্ধ।

6. এই Solutions উত্তৰ লিখাৰ দক্ষতা উন্নত কৰে নে?

হয়। সকলো উত্তৰ SEBA / ASSEB answer writing pattern অনুসৰি সাজি উলিওৱা হৈছে।

7. এই SEBA Class 9 Assamese Chapter চাওতালসকল Solutions নিয়মিত আপডেট কৰা হয় নে?

হয়। পাঠ্যসূচীৰ পৰিবর্তন আৰু academic session অনুসৰি এই সমলসমূহ নিয়মিতভাৱে আপডেট কৰা হয়।

🎓 About Assam Eduverse

Assam Eduverse is the best educational platform in Assam, offering SEBA, AHSEC (ASSEB), SCERT, CBSE, and Assam Board Solutions along with study materials, notes, and exam preparation guides to help students learn smarter and score higher.

Our expert-prepared answers and MCQs follow the latest Assam Board Syllabus and NCERT Syllabus. We make learning simple, accessible, and effective for all students preparing for board or competitive exams.📘 Visit Assam Eduverse for free Assam Board Solutions, notes, and Study Materials prepared by experts.

Leave a Comment