SEBA Class 10 Political Science Chapter 1 ভাৰতীয় গণতন্ত্র প্রশ্ন আৰু উত্তৰ Solutions (2026–27)
SEBA Class 10 Political Science Chapter 1 ভাৰতীয় গণতন্ত্র প্রশ্ন আৰু উত্তৰ are essential study materials for HSLC students preparing under the 2026–27 SEBA and ASSEB syllabus. These SEBA Class 10 Political Science Chapter 1 ভাৰতীয় গণতন্ত্র question answers clearly explain the meaning, features, and importance of Indian democracy in a structured and exam-focused manner.
The chapter ভাৰতীয় গণতন্ত্র discusses democratic principles, fundamental rights, duties of citizens, universal adult franchise, and the functioning of democratic institutions in India. For students searching for ASSEB Class 10 Political Science Chapter 1 Bharatiya Ganatantra question answer, this page provides complete and syllabus-aligned solutions. Since important short and long questions frequently appear from this lesson, SEBA Class 10 Political Science Chapter 1 ভাৰতীয় গণতন্ত্র প্রশ্ন আৰু উত্তৰ are crucial for scoring high marks.
Prepared by Assam Eduverse subject experts, these SEBA Class 10 Political Science Chapter 1 ভাৰতীয় গণতন্ত্র প্রশ্ন আৰু উত্তৰ strictly follow the official SEBA answer-writing pattern.
SEBA / ASSEB Class 10 Political Science Chapter 1 ভাৰতীয় গণতন্ত্র Complete Solutions, Guide & Question Answers
অনুশীলনী
অতি চমু উত্তৰৰ প্ৰশ্নঃ
১। ১৯৪৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল?
উত্তৰ: ১৯৪৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত শ্রমিক দল ক্ষমতালৈ আহিছিল।
২। ‘কেবিনেট মিছন’ ভাৰতলৈ কেতিয়া আহিছিল?
উত্তৰ: ‘কেবিনেট মিছন’ ১৯৪৬ চনৰ মাৰ্চ মাহত ভাৰতলৈ আহিছিল।
৩। সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল?
উত্তৰ: সংবিধান সভাৰ প্ৰথম সভাপতি আছিল ইয়াৰ জ্যেষ্ঠ সদস্য ড° সচ্ছিদানন্দ সিনহা। (পিছলৈ ড° ৰাজেন্দ্ৰ প্ৰসাদ স্থায়ী সভাপতি নিৰ্বাচিত হৈছিল)
৪। খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি?
উত্তৰ: খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম ড° বি আৰ আম্বেদকাৰ।
৫। ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ’ শব্দ দুটা সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল?
উত্তৰ: ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ’ শব্দ দুটা সংবিধানৰ ৪২তম সংবিধান সংশোধনীৰ জৰিয়তে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল।
৬। ইংৰাজী Federation শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে?
উত্তৰ: ইংৰাজী Federation শব্দটো লেটিন শব্দ Foedusৰ পৰা আহিছে।
৭। ‘যুক্তৰাষ্ট্ৰৰ গৃহভূমি’ বুলি কাক কোৱা হয়?
উত্তৰ: যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম প্ৰৱৰ্তন হোৱা বাবে আমেৰিকা যুক্তৰাষ্ট্ৰক ‘যুক্তৰাষ্ট্ৰৰ গৃহভূমি’ (Homeland of Federation) বুলি কোৱা হয়।
৮। ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে?
উত্তৰ: ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ (Dual citizenship) ব্যৱস্থা নাই। ভাৰতৰ এজন নাগৰিক একমাত্ৰ ভাৰতবৰ্ষৰ নাগৰিক।
৯। ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে?
উত্তৰ: ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো ইংলেণ্ডৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে।
চমু উত্তৰৰ প্ৰশ্ন:
১। ব্ৰিটিছ চৰকাৰে ‘কেবিনেট মিছন’ক কিয় ভাৰতলৈ পঠাইছিল?
উত্তৰ: ১৯৪৫ চনৰ জুলাই মাহত ইংলেণ্ডত শ্রমিক দল ক্ষমতালৈ অহাৰ পিছত নতুন চৰকাৰে ভাৰতক স্বাধীনতা দিয়াৰ সিদ্ধান্ত লয়। সেই অনুসৰি নতুন গণতান্ত্রিক ৰাষ্ট্ৰখনৰ বাবে এখন সংবিধান ৰচনা কৰাটো প্রয়োজনীয় হৈ উঠে। ভাৰতৰ বাবে সংবিধান ৰচনাৰ প্ৰস্তুতি চলাবৰ অৰ্থে ব্ৰিটিছ চৰকাৰে ১৯৪৬ চনৰ মাৰ্চ মাহত ‘কেবিনেট মিছন’ক ভাৰতলৈ পঠালে।
২। ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু আইনখন কোনে প্রস্তুত কৰিছিল?
উত্তৰ: ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈকে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা ১৯৩৫ চনৰ ভাৰত চৰকাৰৰ আইন অনুসৰি চলিছিল। এই আইনখন ইংলেণ্ডৰ সংসদই প্ৰণয়ন কৰিছিল।
৩। প্ৰস্তাৱনাত ‘আমি ভাৰতীয় জনসাধাৰণে’ বুলি কিয় উল্লেখ কৰা হৈছে?
উত্তৰ: প্ৰস্তাৱনাত ‘আমি ভাৰতীয় জনসাধাৰণে’ (We the People of India) বুলি উল্লেখ কৰি সংবিধান প্ৰণেতাসকলে স্পষ্ট কৰিছে যে সংবিধানখনৰ ৰচক হৈছে ভাৰতীয় জনগণ, সংবিধান ভাৰতীয় জনগণৰ অধীনত চলে আৰু জনসাধাৰণৰ সাৰ্বভৌম ক্ষমতাৰ প্ৰতিনিধিত্ব কৰে।
৪। ‘সার্বভৌম’ মানে কি বুজা?
উত্তৰ: সাৰ্বভৌম (Sovereign) মানে হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা। বাহ্যিকভাৱে ভাৰত কোনো বিদেশী শক্তিৰ অধীন নহয় আৰু আভ্যন্তৰীণভাৱে কোনো বিশেষ শক্তিৰ দ্বাৰা পৰিচালিত নহয়। সাৰ্বভৌমত্বৰ দ্বাৰা ভাৰত নিজৰ স্বাধীনতা, সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰে।
৫। কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ’ শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছে?
উত্তৰ: ১৯৭৬ চনৰ ৪২ নং সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ’ শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছে। এই সংশোধন ১৯৭৬ চনৰ ১৮ ডিচেম্বৰ তাৰিখে হৈছিল।
৬। ‘অর্ধ-যুক্তৰাষ্ট্ৰ’ কাক বোলে?
উত্তৰ: ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত যুক্তৰাষ্ট্ৰীয় কিছুমান বৈশিষ্ট্য থাকিলেও এককেন্দ্ৰিক চৰকাৰৰ বহু বৈশিষ্ট্য একাত্ম হৈ থকা বাবে ইয়াক প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা বুলি কোৱা নহয়। সংবিধান প্ৰণেতাসকলে ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাক ‘অর্ধ-যুক্তৰাষ্ট্ৰ (Quasi-federal)’ বুলি অভিহিত কৰিছে। ইয়াক ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰ (Peculiar federation) বা কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰ (Centralised federation) বুলি কোৱা হয়।
৭। কোনকেইখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল?
উত্তৰ: ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনই সীমিত সংসদীয় পদ্ধতি পৰাধীন ভাৰতবৰ্ষত প্ৰৱৰ্তন কৰিছিল। ইয়াৰ আগতে দুখলপীয়া চৰকাৰ আৰু ক্ষমতাৰ ভাগ-বিতৰণৰ নীতিৰ আলমত ১৯৩৫ চনৰ আইনই কিছু পৰিমাণে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল।
দীঘল উত্তৰৰ প্ৰশ্ন:
১। ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা।
উত্তৰ: ভাৰতবৰ্ষৰ সংবিধানৰ আদৰ্শ আৰু লক্ষ্য জানিবলৈ হ’লে সংবিধানৰ প্ৰস্তাৱনাৰ বিষয়ে জনাটো অতি প্ৰয়োজনীয়। প্ৰস্তাৱনাক ভাৰতৰ সংবিধানৰ আত্মা, বিবেক, দুৱাৰদলি (threshold) আৰু চাবি-কাঠি বুলি অভিহিত কৰা হয়। প্ৰকৃতাৰ্থত প্ৰস্তাৱনাৰ প্ৰতিটো শব্দৰ মাজত লুকাই আছে সংবিধানখনৰ আদৰ্শ, দৰ্শন আৰু লক্ষ্য।
সংবিধানৰ প্ৰস্তাৱনাত থকা গুৰুত্বপূৰ্ণ শব্দসমূহৰ মাজত সংবিধানৰ আদৰ্শ এনেধৰণে প্ৰতিফলিত হৈছে:
- সাৰ্বভৌম (Sovereign): ভাৰত কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু কোনো বিশেষ শক্তিৰ দ্বাৰা পৰিচালিত নহয়। দেশৰ স্বাধীনতা আৰু সৰ্বোচ্চ ক্ষমতাক প্ৰতিফলিত কৰে।
- সমাজবাদী (Socialist): আয়, মৰ্যাদা আৰু জীৱনধাৰণৰ মানদণ্ডৰ ক্ষেত্ৰত বৈষম্য নাথাকিব। জাতীয় আয়ৰ সমবিতৰণৰ ব্যৱস্থা আৰু মিশ্ৰ অৰ্থনীতিৰ জৰিয়তে সমাজবাদ প্ৰতিষ্ঠা কৰা হ’ব।
- ধৰ্মনিৰপেক্ষ (Secular): চৰকাৰী ধৰ্ম নাথাকিব। সকলো ধৰ্ম সমান আৰু ধৰ্মৰ নামত বৈষম্য নাথাকিব।
- গণতান্ত্রিক (Democratic): দেশৰ শাসন ব্যৱস্থা জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা পৰিচালিত হ’ব। প্রশাসন জনসাধাৰণৰ ওচৰত দায়বদ্ধ হ’ব।
- গণৰাজ্য (Republic): ৰাষ্ট্ৰপতি জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হ’ব আৰু পদবী বংশানুক্ৰমিক নহ’ব।
প্ৰস্তাৱনাত ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ প্ৰতিষ্ঠা কৰাৰ কথা উল্লেখ আছে, যাৰ দ্বাৰা সংবিধানৰ আদৰ্শ আৰু লক্ষ্য স্পষ্ট প্ৰতিফলিত হৈছে।
২। ‘সাৰ্বভৌম’, ‘সমাজবাদী’, ‘ধৰ্মনিৰপেক্ষ’, ‘গণতান্ত্রিক’ আৰু ‘গণৰাজ্য’ বুলিলে কি বুজা বহলাই লিখা।
উত্তৰ: সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট এই গুৰুত্বপূৰ্ণ শব্দসমূহ ভাৰতীয় গণতন্ত্ৰৰ মূল আদৰ্শ আৰু চৰিত্ৰ প্ৰকাশ কৰে।
- সাৰ্বভৌম (Sovereign): ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা; বাহ্যিকভাৱে কোনো বিদেশী শক্তিৰ তলতীয়া নহয়, আভ্যন্তৰীণভাৱে কোনো বিশেষ শক্তিৰ দ্বাৰা পৰিচালিত নহয়।
- সমাজবাদী (Socialist): আয়, মৰ্যাদা আৰু জীৱনধাৰণৰ ক্ষেত্ৰত বৈষম্য নাথাকিব; জাতীয় আয়ৰ সমবিতৰণ আৰু মিশ্ৰ অৰ্থনীতিৰ জৰিয়তে সমাজবাদ প্ৰতিষ্ঠা।
- ধৰ্মনিৰপেক্ষ (Secular): চৰকাৰী ধৰ্ম নাথাকিব; সকলো ধৰ্ম সমান; চৰকাৰৰ বিশেষ অনুগ্ৰহ নাথাকিব।
- গণতান্ত্রিক (Democratic): দেশৰ শাসন জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা পৰিচালিত হ’ব; প্রশাসন জনসাধাৰণৰ ওচৰত দায়বদ্ধ।
- গণৰাজ্য (Republic): ৰাষ্ট্ৰপতি জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হ’ব; পদবী বংশানুক্ৰমিক নহ’ব।
৩। নেহৰুৰ উদ্দেশ্য সম্পর্কিত প্ৰস্তাৱকেইটা আলোচনা কৰা।
উত্তৰ: সংবিধান সভাৰ বৈঠকত ১৯৪৬ চনৰ ১৩ ডিচেম্বৰত জৱাহৰলাল নেহৰুৱে কেইটামান উদ্দেশ্য সম্পর্কিত প্ৰস্তাৱ (Objective Resolution) উত্থাপন কৰিছিল। সংবিধান সভাই সেই প্ৰস্তাৱখিনি ১৯৪৭ চনৰ ২২ জানুৱাৰী গ্ৰহণ কৰিছিল। প্ৰস্তাৱসমূহক সংবিধান প্ৰণয়নৰ ক্ষেত্ৰত ভিত্তি হিচাপে লোৱা হৈছিল।
নেহৰুৱে উল্লেখ কৰা উদ্দেশ্যৰ মূল বিষয়সমূহ:
১. ভাৰতক স্বাধীন, সাৰ্বভৌম, গণৰাজ্য হিচাপে ঘোষণা।
২. দেশীয় ৰাজ্যবিলাকৰ সংযুক্তি (Union of States)।
৩. সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, সমতা, ধৰ্মীয় স্বাধীনতা, চিন্তা আৰু মতামত প্ৰকাশৰ স্বাধীনতা ৰক্ষা।
৪. সংখ্যালঘু, অনুন্নত সম্প্রদায়ৰ সুৰক্ষা।
৫. দেশৰ স্বাধীনতা, সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা।
৬. আন্তঃৰাষ্ট্ৰীয় সু-সম্পর্ক আৰু বিশ্ব শান্তি ৰক্ষা।
৭. জনসাধাৰণক সকলো ক্ষমতাৰ উৎস হিচাপে স্বীকৃতি।
৮. সংযুক্ত ৰাজ্যসমূহৰ স্বায়ত্তশাসন।
৪। ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।
উত্তৰ: ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো কানাডাৰ সংবিধান অনুকৰণ কৰি প্ৰৱৰ্তন কৰা হৈছিল। এককেন্দ্ৰিক চৰকাৰৰ বহু বৈশিষ্ট্য থাকিলেও ‘অর্ধ-যুক্তৰাষ্ট্ৰ’ হিচাপে পৰিচিত।
প্ৰধান বৈশিষ্ট্যসমূহ:
- ৰাজ্যসমূহৰ সংঘ (Union of States): সংবিধানৰ ১ নং অনুচ্ছেদত উল্লেখ।
- কেন্দ্ৰীয় চৰকাৰ অধিক শক্তিশালী: ক্ষমতা তিনিখন সূচীৰ জৰিয়তে ভাগ কৰা হৈছে, কিন্তু কেন্দ্ৰৰ হাতত অধিক শক্তি।
- বিলগ্ন হোৱাৰ অধিকাৰ নাই: অংগৰাজ্যসমূহ পৃথক হ’ব নোৱাৰিব।
- একক সংবিধান: সমগ্ৰ ভাৰতৰ বাবে ‘ভাৰতীয় সংবিধান’।
- একক নাগৰিকত্ব: দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই।
- ৰাজ্যপালৰ ভূমিকা: কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে কাম কৰে।
৫। ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহৰ ওপৰত ব্যাখ্যা আগবঢ়োৱা।
উত্তৰ: সংসদীয় গণতন্ত্ৰত জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত সন্থাই শাসনৰ সৰ্বোচ্চ ক্ষমতা অৰ্পণ কৰে। স্বাধীনতাৰ পিছত ভাৰতৰ সংসদীয় গণতন্ত্ৰ ইংলেণ্ডৰ সংবিধান অনুকৰণ কৰিছিল।
উল্লেখযোগ্য বৈশিষ্ট্যসমূহ:
- সংসদক প্ৰাধান্য: লোকসভা আৰু ৰাজ্যসভা, ৰাষ্ট্ৰপতি সংসদৰ অংশ।
- জনসাধাৰণৰ ওচৰত দায়বদ্ধ: চৰকাৰ জনসাধাৰণৰ দায়বদ্ধ।
- ইংলেণ্ডৰ আৰ্হিৰ অনুকৰণ: ১৯৩৫ চনৰ আইন অনুসৰি সীমিত সংসদীয় চৰকাৰ।
- ব্যতিক্ৰমধৰ্মী পদ্ধতি: ভাৰতীয় পৰিস্থিতি অনুসৰি ভাৰতীয়কৰণ (Indianisation)।
ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ সৈতে পাৰ্থক্য:
- গণৰাজ্য: ভাৰতত ৰাষ্ট্ৰপতি জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত।
- সংসদৰ ক্ষমতাৰ সীমা: ইংলেণ্ডৰ সংসদতকৈ কম শক্তিশালী।
- উচ্চ সদনৰ গঠন: ৰাজ্যসভাৰ গঠন ইংলেণ্ডৰ হাউছ অব লৰ্ডছতকৈ পৃথক।
SEBA Class 10 Political Science Chapter 1 ভাৰতীয় গণতন্ত্র প্রশ্ন আৰু উত্তৰ – Complete Exam Guide
SEBA Class 10 Political Science Chapter 1 ভাৰতীয় গণতন্ত্র প্রশ্ন আৰু উত্তৰ provide a clear explanation of democratic principles and institutions in India. These SEBA Class 10 Political Science Chapter 1 ভাৰতীয় গণতন্ত্র প্রশ্ন আৰু উত্তৰ help students understand fundamental rights, duties, elections, and democratic governance in an exam-oriented manner.
Regular revision of SEBA Class 10 Political Science Chapter 1 ভাৰতীয় গণতন্ত্র প্রশ্ন আৰু উত্তৰ strengthens conceptual clarity and improves answer-writing skills. Every solution in the SEBA Class 10 Political Science Chapter 1 ভাৰতীয় গণতন্ত্র প্রশ্ন আৰু উত্তৰ section follows the official SEBA / ASSEB pattern.
This page includes complete and syllabus-aligned SEBA Class 10 Political Science Chapter 1 ভাৰতীয় গণতন্ত্র প্রশ্ন আৰু উত্তৰ prepared for the 2026–27 academic session. By practising SEBA Class 10 Political Science Chapter 1 ভাৰতীয় গণতন্ত্র প্রশ্ন আৰু উত্তৰ regularly, students can confidently attempt HSLC examination questions.
If you are searching for reliable and updated SEBA Class 10 Political Science Chapter 1 ভাৰতীয় গণতন্ত্র question আৰু উত্তৰ, this SEBA Class 10 Political Science Chapter 1 ভাৰতীয় গণতন্ত্র প্রশ্ন আৰু উত্তৰ guide will help you score better marks.
FAQs – SEBA / ASSEB Class 10 Political Science Chapter 1 ভাৰতীয় গণতন্ত্র
1. SEBA Class 10 Political Science Chapter 1 ভাৰতীয় গণতন্ত্র প্রশ্ন আৰু উত্তৰ 2026–27 syllabus অনুসৰি নে?
হয়। এই SEBA Class 10 Political Science Chapter 1 ভাৰতীয় গণতন্ত্র প্রশ্ন আৰু উত্তৰ সম্পূৰ্ণৰূপে 2026–27 SEBA / ASSEB syllabus অনুসৰি প্ৰস্তুত কৰা হৈছে।
2. গণতন্ত্র বুলিলে কি বুজায়?
গণতন্ত্র হৈছে জনসাধাৰণে নিজ প্ৰতিনিধি নিৰ্বাচন কৰি শাসন ব্যৱস্থা গঢ়ি তোলা পদ্ধতি।
3. ভাৰতীয় গণতন্ত্রৰ মুখ্য বৈশিষ্ট্য কি?
সৰ্বজনীন ভোটাধিকাৰ, সংবিধান, মৌলিক অধিকাৰ আৰু আইনৰ শাসন হৈছে মুখ্য বৈশিষ্ট্য।
4. সৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ মানে কি?
১৮ বছৰ বা তাতকৈ অধিক বয়সৰ সকলো নাগৰিকে ভোট দিব পৰা অধিকাৰক সৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ বোলা হয়।
5. এই SEBA Class 10 Political Science Chapter 1 ভাৰতীয় গণতন্ত্র প্রশ্ন আৰু উত্তৰ HSLC Examination ৰ বাবে সহায়ক নে?
হয়। এই অধ্যায় HSLC Examination ৰ বাবে অতি গুৰুত্বপূর্ণ।
6. এই Solutions SEBA আৰু ASSEB দুয়ো বোৰ্ডৰ বাবে প্ৰযোজ্য নে?
হয়। এই সমাধানসমূহ SEBA আৰু ASSEB Class 10 syllabus অনুসৰি প্ৰস্তুত কৰা হৈছে।
7. এই SEBA Class 10 Political Science Chapter 1 ভাৰতীয় গণতন্ত্র প্রশ্ন আৰু উত্তৰ নিয়মিত আপডেট কৰা হয় নে?
হয়। Academic session আৰু syllabus পৰিবর্তন অনুসৰি এই সমলসমূহ নিয়মিতভাৱে আপডেট কৰা হয়।
🎓 About Assam Eduverse
Assam Eduverse is the best educational platform in Assam, offering SEBA, AHSEC (ASSEB), SCERT, CBSE, and Assam Board Solutions along with study materials, notes, and exam preparation guides to help students learn smarter and score higher.
Our expert-prepared answers and MCQs follow the latest Assam Board Syllabus and NCERT Syllabus. We make learning simple, accessible, and effective for all students preparing for board or competitive exams.📘 Visit Assam Eduverse for free Assam Board Solutions, notes, and Study Materials prepared by experts.