SEBA Class 10 History Chapter 4 স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ প্রশ্ন আৰু উত্তৰ Solutions (2026–27)
SEBA Class 10 History Chapter 4 স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ প্রশ্ন আৰু উত্তৰ are essential study materials for HSLC students preparing under the 2026–27 SEBA and ASSEB syllabus. These SEBA Class 10 History Chapter 4 স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ question answers clearly explain the impact of the Indian Freedom Movement in Assam and the rise of national consciousness in a structured and exam-focused manner.
The chapter স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ discusses the participation of Assamese leaders, role of students and peasants, Non-Cooperation Movement, Civil Disobedience Movement, and Quit India Movement in Assam. For students searching for ASSEB Class 10 History Chapter 4 Swadhinota Andolon question answer, this page provides complete and syllabus-aligned solutions. Since important short and long questions frequently appear from this lesson, SEBA Class 10 History Chapter 4 স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ প্রশ্ন আৰু উত্তৰ are crucial for scoring high marks.
Prepared by Assam Eduverse subject experts, these SEBA Class 10 History Chapter 4 স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ প্রশ্ন আৰু উত্তৰ strictly follow the official SEBA answer-writing pattern.
SEBA / ASSEB Class 10 History Chapter 4 স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ Complete Solutions, Guide & Question Answers
অনুশীলনী
অতি চমু/চমু উত্তৰৰ প্ৰশ্ন :
১। য়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?
উত্তৰ: য়াণ্ডাবু সন্ধি ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে হৈছিল।
২। কোম্পানিৰ আমোল বুলিলে কোনটো সময়ক বুজোৱা হয়?
উত্তৰ: কোম্পানিৰ আমোল বুলিলে ১৮২৬ চনৰ পৰা ১৮৫৮ চনলৈ সময়ছোৱাক বুজোৱা হয়।
৩। অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল?
উত্তৰ: অসমত বাংলা ভাষাৰ প্ৰচলন ১৮৩৬ চনৰ পৰা হৈছিল।
৪। বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল?
উত্তৰ: অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন ১৮৭৩ চনত হৈছিল।
৫। অসম ছাত্র সম্মিলনৰ মুখপত্ৰখন কি আছিল?
উত্তৰ: অসম ছাত্র সম্মিলনৰ মুখপত্ৰখন আছিল মিলন।
৬। ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল?
উত্তৰ: গ্ৰেজিং কৰ বন্ধ কৰা, মাটিৰ খাজনা হ্ৰাস কৰা আৰু পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা।
৭। সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল?
উত্তৰ: সদৌ অসম ৰায়ত সভাৰ গঠন ১৯৩৩ চনত হৈছিল।
৮। আহোম সভাৰ সম্পাদক কোন আছিল?
উত্তৰ: আহোম সভাৰ সম্পাদক আছিল পদ্মনাথ গোহাঁইবৰুৱা।
৯। যোৰহাট সাৰ্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল?
উত্তৰ: যোৰহাট সাৰ্বজনিক সভা ১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত গঠন হৈছিল।
১০। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল?
উত্তৰ: প্ৰথম সভাপতি কুলধৰ চলিহা আৰু সম্পাদক নবীন চন্দ্ৰ বৰদলৈ।
১১। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নির্বাচিত প্রথমজন সভাপতি কোন আছিল?
উত্তৰ: বিষ্ণুৰাম মেধি।
১২। অসমৰ প্ৰথম প্রধানমন্ত্রী কোন আৰু কেতিয়া নির্বাচিত হৈছিল?
উত্তৰ: গোপীনাথ বৰদলৈ, ১৯৪৬ চনৰ ১১ ফেব্ৰুৱাৰী।
১৩। কুশল কোঁৱৰক কি অপৰাধত ফাঁচী দিয়া হৈছিল?
উত্তৰ: সৰুপথাৰত ৰেল বগৰোৱাৰ অভিযোগত।
১৪। গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল?
উত্তৰ: ১৯৪৮ চনৰ ২৬ জানুৱাৰী।
১৫। অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামাংকিত হয়?
উত্তৰ: ১৯৪৭ চনৰ ৩ নৱেম্বৰ।
১৬। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয়?
উত্তৰ: ১৯৬০ চনৰ ২০ ছেপ্টেম্বৰ।
চমু উত্তৰৰ প্ৰশ্ন :
১। ‘অসমীয়া লিটাৰেৰী ছ’চাইটী’ৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: ‘অসমীয়া লিটাৰেৰী ছ’চাইটী’ (Assamese Literary Society) নামৰ প্ৰথম সংগঠন দেৱীচৰণ বৰুৱা আৰু গুণগোৱিন্দ ফুকনৰ নেতৃত্বত ১৮৭২ চনত কলিকতাত গঠন কৰা হৈছিল। এই সংগঠনৰ প্ৰধান উদ্দেশ্য আছিল সাহিত্যচৰ্চা আৰু অসমীয়া ভাষা-সাহিত্যৰ উন্নয়ন। ১৮৭২ চনত জগন্নাথ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱাৰ দৰে সদস্যই ভাইচৰয় লর্ড নর্থব্রুকক স্মাৰক-পত্ৰ দাখিল কৰিছিল, য’ত অসমৰ প্ৰাকৃতিক সম্পদৰ উন্নয়ন আৰু অসম আৰু বংগৰ মাজত ৰেল সংযোগ স্থাপনৰ বাবে দাবী কৰা হৈছিল। এই সংগঠনটো ১৮৮৫ চনলৈকে সক্ৰিয়ভাৱে সাহিত্যিক আৰু সামাজিক কাৰ্যকলাপ চলাইছিল।
২। জোনাকী যুগৰ উল্লেখযোগ্য জাতীয়তাবাদী উত্তৰণৰ এটা চমু আভাষ দিয়া।
উত্তৰ: অঃ ভাঃ উঃ সাঃ সভাৰ দ্বাৰা প্ৰকাশিত আলোচনী **’জোনাকী’**য়ে অসমৰ সুধী সমাজত নতুন আলোড়ন সৃষ্টি কৰিছিল। যদিও প্ৰথমে ই ৰাজনীতিৰপৰা মুক্ত থাকিবলৈ ঘোষণা কৰিছিল, তদুপৰি ইয়াৰ কবিতা আৰু প্ৰবন্ধ-নিবন্ধত লেখকসকলৰ জাতীয়তাবাদী চিন্তা প্ৰকাশ পাইছিল। জোনাকীয়ে ব্ৰিটিছ আগমনৰ ফলত অসমৰ থলুৱা উদ্যোগ আৰু বাণিজ্যৰ ক্ষতিৰ বিষয়ে সচেতনতা সৃষ্টি কৰিছিল। কনকলাল বৰুৱা আৰু কমলাকান্ত ভট্টাচার্যই অৰ্থনৈতিক অনগ্ৰসৰতা সম্পৰ্কীয় নিবন্ধ প্ৰকাশ কৰিছিল, আৰু লক্ষ্মীনাথ বেজবৰুৱা আৰু অম্বিকাগিৰী ৰায়চৌধুৰীৰ ৰচনাই দেশপ্ৰেমৰ প্ৰচাৰ কৰিছিল। এইদৰে জোনাকীয়ে সাহিত্যিক, সামাজিক আৰু ৰাষ্ট্ৰীয় চেতনা জাগ্ৰত কৰিছিল।
৩। আহোম সভাৰ ৰাজনৈতিক দাবী সম্পর্কে চমুকৈ লিখা।
উত্তৰ: পদ্মনাথ গোহাঁইবৰুৱাৰ নেতৃত্বত ১৮৯৩ চনত প্ৰতিষ্ঠা হোৱা আহোম সভাই, ১৯১০ চনত সদৌ অসম আহোম এছ’চিয়েছন নামেৰে পৰিচিত হৈছিল। সভাৰ মুখ্য দাবী আছিল আহোমসকলক চৰকাৰীভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ মর্যাদা প্ৰদান কৰি বিধানসভাত আসন সংৰক্ষণ কৰা আৰু পৃথক সমষ্টি (separate electorate) গঠন কৰা। এই উদ্দেশ্য সিদ্ধিৰ বাবে আহোম এছ’চিয়েছনে ১৯৩০ আৰু ১৯৪০ৰ দশকত সক্ৰিয়ভাৱে ৰাজনৈতিক দাবী উত্থাপন কৰিছিল।
৪। আছাম এছ’চিয়েছনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ কি আছিল?
উত্তৰ: মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত ১৯০৩ চনত গঠিত আছাম এছ’চিয়েছনে অসমৰ ৰাইজৰ মুখপাত্ৰ হিচাপে কাম কৰিছিল। এই সংগঠন শান্তিপূর্ণভাৱে আৰু সাংবিধানিক পদ্ধতিৰে সমস্যাসমূহৰ সমাধানৰ বাবে দাবী উত্থাপন কৰিছিল। পৌৰসভা আৰু লোকেল ব’ৰ্ডত চাহ খেতিয়কৰ আধিপত্যৰ বিৰোধিতা, বর্ধিত কৰ আৰু চৰকাৰী শুল্ক ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ, কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু কারিগৰী শিক্ষানুষ্ঠান স্থাপনৰ দাবী, বংগ বিভাজনৰ বিৰুদ্ধে স্মাৰক-পত্ৰ দাখিল কৰা, বিধানসভাত প্ৰতিনিধিত্বৰ দাবী, আৰু ১৯২০ চনত বিশ্ববিদ্যালয় স্থাপন—এই সকলোবোৰ আছাম এছ’চিয়েছনে উত্থাপন কৰিছিল।
৫। অসমত অসহযোগ আন্দোলনত নেতৃত্ব দিয়া অসমীয়া নেতাসকলৰ বিষয়ে উল্লেখ কৰা।
উত্তৰ: অসমত অসহযোগ আন্দোলনত আগশাৰীৰ নেতাসকলৰ ভিতৰত কুলধৰ চলিহা (প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি), নবীন চন্দ্ৰ বৰদলৈ (সম্পাদক), তৰুণৰাম ফুকন, কামিনী কুমাৰ চন্দ আৰু বিষ্ণুৰাম মেধি আদি উকীলসকলে নেতৃত্ব প্ৰদান কৰিছিল। ছাত্ৰ নেতা হিচাপে চন্দ্রনাথ শৰ্মা, হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, মুহিবুদ্দিন আহমেদ আদি অসমৰ যুৱকসকলে চৰকাৰী শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰি আন্দোলনত অংশ গ্ৰহণ কৰিছিল।
৬। কানিংহাম চাকুলাৰৰ বিষয়ে লিখা।
উত্তৰ: কানিংহাম চাকুলাৰ ১৯৩০ চনত জে আৰ কানিংহামে প্ৰকাশ কৰিছিল। এই চাকুলাৰত ছাত্ৰ আৰু অভিভাৱকসকলে কোনো ধৰণৰ ৰাজনৈতিক কার্যকলাপত অংশ নকৰাৰ লিখিত প্ৰতিশ্ৰুতি দিবলগীয়া হৈছিল। দোষী সাব্যস্ত হ’লে জৰিমনা আৰু ছাত্ৰ বৃত্তিৰ পৰা বঞ্চিত কৰাৰ শাস্তি প্ৰদত্ত হ’ব বুলি উল্লেখ কৰা হৈছিল। ছাত্ৰসকলে এই অপমানজনক নিৰ্দেশনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল, যিয়ে অসমত আইন অমান্য আন্দোলনৰ প্ৰসাৰত আৰোহ কৰে।
৭। গোপীনাথ বৰদলৈ মন্ত্রীসভাই স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমস্যা সম্পর্কে চমুকৈ লিখা।
উত্তৰ: গোপীনাথ বৰদলৈ মন্ত্রীসভাই স্বাধীনতাৰ পাছত কেইবাটাও জটিল সমস্যাৰ সন্মুখীন হৈছিল। অন্তঃগাঁথনিৰ দুৰ্বলতা, উত্তৰ-পূব ভাৰতৰ যোগাযোগ বিচ্ছিন্নতা, পশ্চিমবংগ আৰু অসমৰ মাজৰ ৰেলপথ আৰু নদী পৰিবহণৰ সমস্যাৰ বাবে অৰ্থনৈতিক বিশৃঙ্খলা, অনুপ্ৰৱেশকাৰীৰ সমস্যা, ভূগোলিক পুনৰগঠন, আৰু ১৯৬২ চনৰ চীনৰ ভাৰত আক্ৰমণে নিৰাপত্তাৰ প্ৰতিও প্ৰভাৱ পৰিছিল।
৮। অসম কৃষি বিশ্ববিদ্যালয় প্রতিষ্ঠাৰ চমু ইতিহাস লিখা।
উত্তৰ: অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰম্ভণি ১৯১৩ চনত কৰিমগঞ্জত আৰু ১৯২৩ চনত তিতাবৰত কৃষি গৱেষণা কেন্দ্ৰ স্থাপনৰ পৰা ধৰা যায়। ১৯৪৮ চনত নগাঁৱত অসম পশু মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। এই দুয়োখনক সামৰি ১৯৬৯ চনত অসম কৃষি বিশ্ববিদ্যালয় গঠন কৰা হয়। পশু চিকিৎসা মহাবিদ্যালয় নগাঁৱৰ পৰা গুৱাহাটীলৈ স্থানান্তৰিত কৰা হয়। এই বিশ্ববিদ্যালয় উত্তৰ-পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম বৃত্তিমুখী কৃষি বিশ্ববিদ্যালয়।
৯। অসম চিকিৎসা মহাবিদ্যালয় প্রতিষ্ঠাৰ চমু ইতিহাস লিখা।
উত্তৰ: উত্তৰ-পূব ভাৰতৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় ১৯০০ চনত ডিব্ৰুগড়ত ‘বেৰী-হোৱাইট মেডিকেল স্কুল’ ৰূপে ড° জন বেৰী হোৱাইটৰ ৫০,০০০ টকাৰ অনুদানৰে প্ৰতিষ্ঠা কৰা হৈছিল। ১৯১০ চনত ইংলেণ্ডৰ পৰা এক্স-ৰে মেচিন আনি ৰেডিঅ’ল’জী বিভাগ আৰম্ভ কৰা হয়। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত, ৩ নৱেম্বৰ ১৯৪৭ চনত আনুষ্ঠানিকভাৱে নামকৰণ কৰা হয় ‘অসম চিকিৎসা মহাবিদ্যালয়’ হিচাপে। পাছত ১৯৬০ চনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু ১৯৬৮ চনত শিলচৰ মেডিকেল কলেজ স্থাপন কৰা হয়।
দীঘল উত্তৰৰ প্ৰশ্ন:
১। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলী লিখা।
উত্তৰ: ১৮৮৮ চনত কলিকতাত গঠিত অসমীয়া ভাষা উন্নতি সাধিনী সভাই অসমীয়া জাতিৰ ভাষা, সাহিত্য আৰু সাংস্কৃতিক বিকাশত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল। সভাত লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰ কুমাৰ আগৰৱালা, কনকলাল বৰুৱা আদি বিখ্যাত ব্যক্তিসকল অন্তৰ্ভুক্ত আছিল। এই সভাই অসমীয়া ভাষাৰ স্বকীয়তা ৰক্ষা, বিদ্যালয়, কাছাৰী আৰু কাৰ্যালয়ত ভাষা ব্যৱহাৰ পুনৰ প্ৰতিষ্ঠা কৰা আৰু বুৰঞ্জী, সাহিত্য, সংস্কৃতি সম্পৰ্কে বৌদ্ধিক আলোচনা চলোৱা কামত আগবঢ়াইছিল। সভাই ভাষাৰ উন্নতি সাধনৰ লগতে হেমকোষ প্ৰকাশ, আলোচনী ‘জোনাকী’ৰ উদ্যোগ, সাহিত্য আৰু সংস্কৃতিৰ সংকলন আৰু কলিকতা, তেজপুৰ, ডিব্ৰুগড়, শিৱসাগৰ, নগাঁও আদি ঠাইত শাখা গঠন কৰা কামতো অংশগ্ৰহণ কৰিছিল।
২। অসম ছাত্র সম্মিলনৰ অৱদান লিখা।
উত্তৰ: অসম ছাত্র সম্মিলন ১৯১৬ চনত গঠিত হৈছিল। ইয়াৰ উদ্দেশ্য আছিল অসমীয়া ভাষা আৰু সাহিত্যৰ উন্নতি সাধন, ছাত্রসকলৰ মাজত সংযোগ স্থাপন আৰু দেশৰ জাতীয় আন্দোলনত অংশগ্ৰহণৰ বাবে সজাগ কৰা। ছাত্র সম্মিলনৰ মুখপত্ৰ আছিল ‘মিলন’। অধিৱেশনসমূহত লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায় আদি চিন্তাবিদ, সাহিত্যিক আৰু শিক্ষাবিদ সকলে অংশগ্ৰহণ কৰিছিল।
৩। ৰায়ত সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকা লিখা।
উত্তৰ: তেজপুৰ আৰু নগাঁও ৰায়ত সভা কৃষকৰ সমস্যা সমাধানৰ বাবে গঠিত হৈছিল। সভাসমূহে ভূমি খাজনা হ্ৰাস, গ্ৰেজিং কৰ বন্ধ আৰু প্ৰব্ৰজন ৰোধৰ দাবী আগবঢ়াইছিল। মধ্যবিত্ত শ্ৰেণীৰ লোক সকলে নেতৃত্ব দিছিল। আইন অমান্য আন্দোলনৰ সময়ছোৱাত ৰায়ত সভা পুনৰ সক্ৰিয় হৈ কংগ্ৰেছৰ তত্ত্বাৱধানে আন্দোলন সংগঠিত কৰিছিল। ১৯৩৩ চনত সদৌ অসম ৰায়ত সভা গঠন কৰি কেন্দ্ৰীয়ভাৱে ৫০ শতাংশ মাটিৰ খাজনা হ্ৰাসৰ দাবী আগবঢ়াইছিল।
৪। যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী লিখা।
উত্তৰ: ১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত গঠিত যোৰহাট সাৰ্বজনিক সভাই প্ৰথম ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠান হিচাপে ভূমিকা পালন কৰিছিল। সভাই ৰাইজৰ আশা-আকাংক্ষা চৰকাৰলৈ পঠিয়াইছিল, ভূমি-ৰাজহ ব্যৱস্থাৰ বিৰোধিতা কৰিছিল আৰু কৃষক সমাজৰ লগত সংযোগ স্থাপন কৰিছিল। ১৯০৫ চনৰ বংগ বিভাজনৰ প্ৰতি প্ৰতিবাদৰ ক্ষেত্ৰতো সভাই গুৰুত্বপূর্ণ কাম কৰিছিল।
৫। আছাম এছ’চিয়েচনৰ সমাজ সংস্কাৰৰ বাবে অৱদান লিখা।
উত্তৰ: ১৯০৩ চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত গঠিত আছাম এছ’চিয়েচনে অসমত গণতান্ত্ৰিকীকৰণ, শিক্ষাৰ উন্নতি, সামাজিক ন্যায় আৰু শাসন সংস্কাৰৰ বাবে কাম কৰিছিল। এছ’চিয়েচনে পৌৰসভাত আধিপত্যৰ বিৰোধিতা, কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি, কাৰিকৰী শিক্ষা প্ৰতিষ্ঠা, ১৯২০ চনত বিশ্ববিদ্যালয় স্থাপনৰ দাবী, বৰ্দ্ধিত কৰ, শুল্ক আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা আগবঢ়াইছিল। এছ’চিয়েচনে জাতীয় কংগ্ৰেছৰ লগত সংযোগ স্থাপন কৰি অসহযোগ আন্দোলনত যোগদান কৰিছিল।
৬। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ জন্ম আৰু ভূমিকা লিখা।
উত্তৰ: ১৮ এপ্ৰিল ১৯২১ চনত যোৰহাটত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন কৰা হৈছিল। প্ৰথম সভাপতি আছিল কুলধৰ চলিহা আৰু সম্পাদক নবীন চন্দ্ৰ বৰদলৈ। কমিটিয়ে অসমত অসহযোগ আন্দোলন প্ৰচাৰ, ১৯২৬ চনত গুৱাহাটীত জাতীয় কংগ্ৰেছৰ ৪১তম অধিৱেশন আয়োজন, আৰু ১৯৪৬ চনৰ নিৰ্বাচনত গোপীনাথ বৰদলৈক প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰাত মুখ্য ভূমিকা পালন কৰিছিল।
৭। স্বদেশী আন্দোলনত অসমৰ ভূমিকা লিখা।
উত্তৰ: বংগ বিভাজনৰ সময় অসমে স্বদেশী আন্দোলনত অংশ লৈ নিজৰ স্বত্ব ৰক্ষা কৰিছিল। পদ্মনাথ গোহাঁই বৰুৱা, অম্বিকাগিৰী ৰায়চৌধুৰী, ত্ৰিগুণা বৰুৱা আদি নেতাই নেতৃত্ব দিছিল। গুৱাহাটীৰ ছাত্ৰসকলে বিদেশী বস্তু বৰ্জন, খাদী ব্যৱহাৰ, আত্মগোপনমূলক কাৰ্যসূচী আৰু বিদ্ৰোহাত্মক নাটক আয়োজন কৰিছিল।
৮। অসহযোগ আন্দোলনত অসমৰ ভূমিকা লিখা।
উত্তৰ: ১৯২১ চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠনৰ পাছত অসহযোগ আন্দোলন অসমত অধিক প্ৰচলিত হৈছিল। মহাত্মা গান্ধীৰ ভ্ৰমণই আন্দোলনক জনপ্ৰিয় কৰি তুলিছিল। ছাত্ৰ আৰু উকীলসকলে চৰকাৰী বিদ্যালয় আৰু আদালত বর্জন কৰিছিল। জনসাধাৰণে বিদেশী বস্তু বৰ্জন, খাদী ব্যৱহাৰ আৰু চাহ বাগিচাৰ বনুৱাই অংশগ্ৰহণ কৰিছিল। কানি বিক্ৰী বন্ধ কৰাৰ বাবে কার্যপন্থা গ্ৰহণ কৰা হৈছিল।
৯। আইন অমান্য আন্দোলনত অসমৰ ভূমিকা লিখা।
উত্তৰ: ১৯৩০ চনত আইন অমান্য আন্দোলন অসমত সীমিত পৰিসৰত আৰম্ভ হৈছিল। হেমচন্দ্ৰ বৰুৱা, বিষ্ণুৰাম মেধি আদি নেতাই লোণ সত্যাগ্ৰহত অংশগ্ৰহণ কৰিছিল। জে আৰ কানিংহামের চাকুলাৰৰ বিৰুদ্ধে ছাত্ৰসকলে তীব্ৰ প্ৰতিবাদ কৰিছিল। ১৯৩০ চনৰ জুলাই-আগষ্টত ৩,১১৭ জন ছাত্ৰ চৰকাৰী শিক্ষানুষ্ঠান এৰিছিল। কানি আৰু মদৰ দোকান বন্ধ কৰা হৈছিল, ৫০ শতাংশ মাটিৰ খাজনা হ্ৰাসৰ দাবীত খেতিয়কসকলে আন্দোলনত অংশগ্ৰহণ কৰিছিল।
১০। ভাৰত ত্যাগ আন্দোলনত অসমৰ ভূমিকা লিখা।
উত্তৰ: ১৯৪২ চনৰ ৮ আগষ্টত সৰ্বভাৰতীয় কংগ্ৰেছৰ ‘ভাৰত ত্যাগ’ আন্দোলনৰ ঘোষণা হৈছিল। অসমত কংগ্ৰেছৰ নেতাসকল গ্ৰেপ্তাৰ হৈছিল, আন্দোলন অবৈধ ঘোষণা কৰা হৈছিল। জনসাধাৰণে চৰকাৰী ঘৰ-দুৱাৰ আক্ৰমণ, ৰেলপথ ধ্বংস আৰু বিদেশী বস্তু বৰ্জনত অংশগ্ৰহণ কৰিছিল। কিছুমান ছহিদ হৈছিল, কেইবাজনো কাৰাবৰণৰ সন্মুখীন হৈছিল। বজালী, ঢকুৱাখনা, ৰহা আদি ঠাইত সমান্তৰাল চৰকাৰ গঠন কৰা হৈছিল। শংকৰচন্দ্ৰ বৰুৱা, মহেন্দ্ৰনাথ হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা, লক্ষ্মীপ্ৰসাদ গোস্বামী আদি নেতাই আত্মগোপন কৰি আন্দোলন অব্যাহত ৰাখিছিল।
১১। বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত শিক্ষানুষ্ঠানসমূহ লিখা।
উত্তৰ: গোপীনাথ বৰদলৈৰ মন্ত্ৰীসভাই স্বাধীনতাৰ পিছত শিক্ষাৰ বিকাশৰ বাবে গুৰুত্বপূর্ণ ভূমিকা লৈছিল।
- গুৱাহাটী বিশ্ববিদ্যালয়: ১৯৪৮ চনত স্থাপন, উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজহুৱা বিশ্ববিদ্যালয়, বৰ্তমানৰ জালুকবাৰী চৌহদলৈ স্থানান্তৰ।
- অসম কৃষি বিশ্ববিদ্যালয়: ১৯৪৮ চনত নগাঁও আৰু যোৰহাটত প্ৰতিষ্ঠা, ১৯৬৯ চনত অসম কৃষি বিশ্ববিদ্যালয় ৰূপ লৈছিল। উত্তৰ-পূব ভাৰতৰ একমাত্ৰ বৃত্তিমুখী কৃষি বিশ্ববিদ্যালয়।
- অসম চিকিৎসা মহাবিদ্যালয় আৰু অন্যান্য: ১৯০০ চনত ডিব্ৰুগড়ত স্থাপিত ‘বেৰী-হোৱাইট মেডিকেল স্কুল’, ১৯৪৭ চনত আনুষ্ঠানিকভাৱে অসম চিকিৎসা মহাবিদ্যালয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (১৯৬০) আৰু শিলচৰ মেডিকেল কলেজ (১৯৬৮) স্থাপন।
SEBA Class 10 History Chapter 4 স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ প্রশ্ন আৰু উত্তৰ – Complete Exam Guide
SEBA Class 10 History Chapter 4 স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ প্রশ্ন আৰু উত্তৰ provide a clear explanation of Assam’s role in the Indian freedom struggle. These SEBA Class 10 History Chapter 4 স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ প্রশ্ন আৰু উত্তৰ help students understand the contribution of Assamese leaders, students, and peasants in national movements.
Regular revision of SEBA Class 10 History Chapter 4 স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ প্রশ্ন আৰু উত্তৰ strengthens conceptual clarity and improves answer-writing skills. Every solution in the SEBA Class 10 History Chapter 4 স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ প্রশ্ন আৰু উত্তৰ section follows the official SEBA / ASSEB pattern.
This page includes complete and syllabus-aligned SEBA Class 10 History Chapter 4 স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ প্রশ্ন আৰু উত্তৰ prepared for the 2026–27 academic session. By practising SEBA Class 10 History Chapter 4 স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ প্রশ্ন আৰু উত্তৰ regularly, students can confidently attempt HSLC examination questions.
If you are searching for reliable and updated SEBA Class 10 History Chapter 4 স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ প্রশ্ন আৰু উত্তৰ, this SEBA Class 10 History Chapter 4 স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ প্রশ্ন আৰু উত্তৰ guide will help you score better marks.
FAQs – SEBA / ASSEB Class 10 History Chapter 4 স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ
1. SEBA Class 10 History Chapter 4 স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ প্রশ্ন আৰু উত্তৰ 2026–27 syllabus অনুসৰি নে?
হয়। এই SEBA Class 10 History Chapter 4 স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ প্রশ্ন আৰু উত্তৰ সম্পূৰ্ণৰূপে 2026–27 SEBA / ASSEB syllabus অনুসৰি প্ৰস্তুত কৰা হৈছে।
2. অসমত জাতীয় জাগৰণ কেনেকৈ আৰম্ভ হৈছিল?
স্বাধীনতা আন্দোলনৰ প্ৰভাৱত আৰু জাতীয় নেতাসকলৰ প্ৰচেষ্টাত অসমত জাতীয় জাগৰণ আৰম্ভ হৈছিল।
3. অসমত অসহযোগ আন্দোলনৰ প্ৰভাৱ কি আছিল?
অসহযোগ আন্দোলনে অসমত জনসচেতনতা বৃদ্ধি কৰিছিল আৰু জাতীয় চেতনা জাগ্ৰত কৰিছিল।
4. অসমৰ ছাত্ৰ সমাজৰ ভূমিকা কি আছিল?
ছাত্ৰ সমাজে আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰি জাতীয় জাগৰণত গুৰুত্বপূর্ণ ভূমিকা লৈছিল।
5. এই SEBA Class 10 History Chapter 4 স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ প্রশ্ন আৰু উত্তৰ HSLC Examination ৰ বাবে সহায়ক নে?
হয়। এই অধ্যায় HSLC Examination ৰ বাবে অতি গুৰুত্বপূর্ণ।
6. এই Solutions SEBA আৰু ASSEB দুয়ো বোৰ্ডৰ বাবে প্ৰযোজ্য নে?
হয়। এই সমাধানসমূহ SEBA আৰু ASSEB Class 10 syllabus অনুসৰি প্ৰস্তুত কৰা হৈছে।
7. এই SEBA Class 10 History Chapter 4 স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ প্রশ্ন আৰু উত্তৰ নিয়মিত আপডেট কৰা হয় নে?
হয়। Academic session আৰু syllabus পৰিবর্তন অনুসৰি এই সমলসমূহ নিয়মিতভাৱে আপডেট কৰা হয়।
🎓 About Assam Eduverse
Assam Eduverse is the best educational platform in Assam, offering SEBA, AHSEC (ASSEB), SCERT, CBSE, and Assam Board Solutions along with study materials, notes, and exam preparation guides to help students learn smarter and score higher.
Our expert-prepared answers and MCQs follow the latest Assam Board Syllabus and NCERT Syllabus. We make learning simple, accessible, and effective for all students preparing for board or competitive exams.📘 Visit Assam Eduverse for free Assam Board Solutions, notes, and Study Materials prepared by experts.