SEBA Class 10 History Chapter 1 বংগ বিভাজন (১৯০৫–১৯১১) আৰু স্বদেশী আন্দোলন প্রশ্ন আৰু উত্তৰ Solutions (2026–27)
SEBA Class 10 History Chapter 1 বংগ বিভাজন (১৯০৫–১৯১১) আৰু স্বদেশী আন্দোলন প্রশ্ন আৰু উত্তৰ are essential study materials for HSLC students preparing under the 2026–27 SEBA and ASSEB syllabus. These SEBA Class 10 History Chapter 1 বংগ বিভাজন (১৯০৫–১৯১১) আৰু স্বদেশী আন্দোলন question answers clearly explain the causes, events, and impact of the Partition of Bengal and the Swadeshi Movement in a structured and exam-focused manner.
The chapter বংগ বিভাজন (১৯০৫–১৯১১) আৰু স্বদেশী আন্দোলন discusses Lord Curzon’s decision, the reaction of Indian leaders, boycott movement, national education movement, and the rise of Indian nationalism. For students searching for ASSEB Class 10 History Chapter 1 Bongo Bibhajon question answer, this page provides complete and syllabus-aligned solutions. Since important short and long questions frequently appear from this lesson, SEBA Class 10 History Chapter 1 বংগ বিভাজন (১৯০৫–১৯১১) আৰু স্বদেশী আন্দোলন প্রশ্ন আৰু উত্তৰ are crucial for scoring high marks.
Prepared by Assam Eduverse subject experts, these SEBA Class 10 History Chapter 1 বংগ বিভাজন (১৯০৫–১৯১১) আৰু স্বদেশী আন্দোলন প্রশ্ন আৰু উত্তৰ strictly follow the official SEBA answer-writing pattern.
SEBA / ASSEB Class 10 History Chapter 1 বংগ বিভাজন (১৯০৫–১৯১১) আৰু স্বদেশী আন্দোলন Complete Solutions, Guide & Question Answers
অনুশীলনী
অতি চমু/চমু উত্তৰৰ প্ৰশ্ন :
১। বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল?
উত্তৰ: বংগ বিভাজন ভাইচৰয় লর্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত (১৮৯৯-১৯০৫) সংঘটিত হৈছিল।
২। ১৯০৫ খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল?
উত্তৰ: ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল।
৩। বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল?
উত্তৰ: বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ ৭ আগষ্ট, ১৯০৫ খ্ৰীষ্টাব্দত মহাৰাজা মণীন্দ্ৰচন্দ্ৰ নন্দীৰ অধ্যক্ষতাত কলিকতাৰ কাছিম বজাৰৰ টাউন হলত অনুষ্ঠিত এক বিশাল জনসভাত গ্ৰহণ কৰা হৈছিল।
৪। স্বদেশী আন্দোলনৰ সময়ছোৱাত ‘যুগান্তৰ’ নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কৰিছিল?
উত্তৰ: স্বদেশী আন্দোলনৰ সময়ছোৱাত ‘যুগান্তৰ’ নামৰ সাপ্তাহিক সংবাদপত্ৰখন ভূপেন্দ্ৰনাথ দত্তই সম্পাদনা কৰিছিল।
৫। বংগদেশত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল?
উত্তৰ: বংগদেশত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ অনুষ্ঠানটো ১৯০৬ খ্ৰীষ্টাব্দৰ ১১ মাৰ্চ তাৰিখে কলিকতাৰ টাউন হলত গঠন হৈছিল।
৬। ‘বেংগল কেমিকেলছ’ নামৰ উদ্যোগ প্রতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল?
উত্তৰ: ‘বেংগল কেমিকেলছ’ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা আছিল আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়।
৭। কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে ‘স্বৰাজ’ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল?
উত্তৰ: দাদাভাই নৌৰজীৰ পৌৰোহিত্যত অনুষ্ঠিত কলিকতা অধিৱেশনে (১৯০৬) ভাৰতীয়ৰ বাবে প্ৰথমবাৰ ‘স্বৰাজ’ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল।
৮। বংগদেশৰ একত্ৰিকৰণ কেতিয়া হৈছিল?
উত্তৰ: ১৯১১ খ্ৰীষ্টাব্দৰ ১২ ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত কৰা ঘোষণাৰ ফলত বংগদেশ পুনৰ একত্ৰীকৰণ হৈছিল।
চমু উত্তৰৰ প্ৰশ্ন:
১। বংগ বিভাজনে সৃষ্টি কৰা ‘পূৰ্ববংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা।
উত্তৰ: বংগ বিভাজনে সৃষ্টি কৰা ‘পূৰ্ববংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল হ’ল —
- ঢাকা
- চট্টগ্রাম
- ৰাজশাহী
২। বংগ বিভাজনৰ অন্তর্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা।
উত্তৰ: লর্ড কাৰ্জনে বংগ বিভাজনক শাসন ব্যৱস্থাৰ সুবিধাৰ্থে কৰা বুলি কৈছিলেও, ইয়াৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল দুৰভিসন্ধিমূলক। মুখ্য উদ্দেশ্যসমূহ আছিল —
- ঐক্যবদ্ধ বংগ শক্তিক বিভক্ত কৰি দুর্বল কৰা।
- হিন্দু-মুছলমানৰ মাজত বিভাজন ঘটোৱা।
- জাতীয়তাবাদী বঙালী বুদ্ধিজীৱীসকলক দুয়োখন প্ৰদেশতে সংখ্যালঘুত পৰিণত কৰা।
- ৰাজনৈতিকভাবে সচেতন হিন্দু সমাজক পংগু কৰা।
- মুছলমানসকলক ইংৰাজৰ অনুগত কৰি সমাজত সাম্প্ৰদায়িকতাৰ বিষ সিঁচা।
- ইংৰাজ-বিৰোধী চৰমপন্থীসকলক দমন কৰাৰ বাবে বংগ ভংগক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা।
৩। বংগ বিভাজনবিৰোধী আন্দোলনে ‘স্বদেশী আন্দোলন’ নাম কিয় পাইছিল চমুকৈ লিখা।
উত্তৰ: বংগ বিভাজনৰ বিৰুদ্ধে দেশব্যাপী গণসংগ্ৰাম আৰম্ভ হোৱাৰ পিছত বিদেশী পণ্য বৰ্জন আৰু স্বদেশী পণ্য গ্ৰহণৰ আহ্বান জনোৱা হৈছিল। এই আন্দোলনৰ উদ্দেশ্য আছিল —
বিদেশী বস্তু বৰ্জনৰ দ্বাৰা ব্ৰিটিছ শক্তিক অৰ্থনৈতিকভাৱে আঘাত কৰা আৰু স্বদেশী পণ্য ব্যৱহাৰৰ দ্বাৰা দেশীয় অৰ্থনীতি গঢ়ি তোলা। এইদৰে স্বদেশী বস্তু গ্ৰহণক কেন্দ্ৰ কৰি সংঘটিত হোৱা এই আন্দোলনকেই ‘স্বদেশী আন্দোলন’ বুলি জনাজাত কৰা হৈছিল।
৪। স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা।
উত্তৰ: স্বদেশী আন্দোলনে বংগদেশৰ শিক্ষাক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাইছিল।
- চৰকাৰী শিক্ষা বৰ্জন: চৰকাৰে আন্দোলনত অংশ লোৱাৰ বাবে শিক্ষাৰ্থীসকলক নিষিদ্ধ কৰা সিদ্ধান্তৰ বিৰুদ্ধে ছাত্ৰসকলে প্ৰতিবাদ স্বৰূপে শ্ৰেণীকোঠা ত্যাগ কৰিছিল।
- জাতীয় শিক্ষানুষ্ঠান স্থাপন: এই ছাত্ৰসকলৰ বাবে বংগদেশত নতুনকৈ ‘বংগ জাতীয় বিদ্যালয়’ (৫ আগষ্ট, ১৯০৫) ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰিছিল।
- শীৰ্ষ সংগঠন গঠন: ৰাসবিহাৰী বসুৰ নেতৃত্বত ‘জাতীয় শিক্ষা পৰিষদ’ (১১ মাৰ্চ, ১৯০৬) গঠন কৰা হৈছিল। ইয়াৰ অধীনত ‘বংগ জাতীয় মহাবিদ্যালয়’ আৰু ‘জাতীয় বিশ্ববিদ্যালয়’ স্থাপন হৈছিল।
- ফলস্বৰূপে ৬২খন মাধ্যমিক আৰু ৩,০০০খন প্ৰাথমিক বিদ্যালয় গঢ়ি উঠিছিল। তাৰকনাথ পালিতৰ সাহায্যত ‘বেংগল টেকনিকেল ইনষ্টিটিউট’ (পিছলৈ যাদৱপুৰ বিশ্ববিদ্যালয়) প্ৰতিষ্ঠা হৈছিল।
৫। স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল?
উত্তৰ: স্বদেশী আন্দোলনৰ ফলস্বৰূপে আত্মনিৰ্ভৰশীলতাৰ মানসিকতাই বংগদেশত শিল্প-বাণিজ্যৰ বিকাশ ঘটাইছিল।
- কুটিৰ শিল্প: সূতা কটা কল, তাঁতশাল, চাবোন, চেনি, বিস্কুট, তেল আদি উৎপাদনৰ স্থানীয় উদ্যোগ গঢ়ি উঠিছিল।
- বৃহৎ উদ্যোগ: নীলৰতন চৰকাৰৰ ‘বংগলক্ষী কটন মিল’ (১৯০৬) আৰু প্ৰফুল্ল চন্দ্ৰ ৰায়ৰ ‘বেংগল কেমিকেলছ্’ (১৯০৬) প্ৰতিষ্ঠা হৈছিল।
- বিক্ৰী প্ৰতিষ্ঠান: ৰবীন্দ্ৰনাথ ঠাকুৰে স্থাপন কৰা ‘স্বদেশী ভাণ্ডাৰ’, সৰলা দেৱীৰ ‘লক্ষী ভাণ্ডাৰ’, আৰু আব্দুল হালিম গজনবীৰ ‘ইউনাইটেড বেংগল ষ্টোৰছ’ স্থাপন হৈছিল।
- ফলস্বৰূপে: বিদেশী পণ্যৰ আমদানি হ্ৰাস পাই ভাৰতীয় উদ্যোগৰ নতুন যুগৰ সূচনা হৈছিল।
৬। স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি কি আন্দোলনবিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল?
উত্তৰ: স্বদেশী আন্দোলন দমন কৰিবলৈ ব্ৰিটিছ চৰকাৰে বহুবিধ পদক্ষেপ গ্ৰহণ কৰিছিল —
- মুছলমানসকলক বংগ ভংগৰ পক্ষে প্রলুব্ধ কৰা।
- ছাত্ৰসকলক আন্দোলনত অংশ লোৱাত বাধা দিয়া (কাৰ্লাইল জাননী, ১০ অক্টোবৰ ১৯০৫)।
- উদাৰপন্থী কংগ্ৰেছ নেতাসকলক পদ-পদক প্ৰদান কৰি নিজৰ দলে টানাৰ চেষ্টা।
- মুছলিম লীগ গঠনৰ পৰা হিন্দু-মুছলমানৰ মাজত ধৰ্মীয় বিভাজন গভীৰ কৰা।
- মলে-মিন্টো সংস্কাৰ (১৯০৯)ৰ যোগেদি মুছলমানসকলক পৃথক নিৰ্বাচনৰ সুবিধা প্ৰদান।
৭। স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা।
উত্তৰ: স্বদেশী আন্দোলনৰ তিনিটা মুখ্য ফলাফল হ’ল —
- জাতীয় সাহিত্যৰ বিকাশ: দেশপ্ৰেমমূলক সাহিত্য, নাটক, আৰু গীতৰ প্ৰচলন বাঢ়ি গৈছিল।
- জাতীয় শিক্ষাৰ ধাৰণা: চৰকাৰী শিক্ষা ত্যাগ কৰি নিজস্ব শিক্ষা প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল।
- স্বদেশী শিল্পৰ বিকাশ: স্থানীয় উদ্যোগ, কুটিৰ শিল্প, বেংক আৰু বীমা কোম্পানী স্থাপন হৈছিল।
৮। স্বদেশী আন্দোলনৰ তিনিটা অৱদান উল্লেখ কৰা।
উত্তৰ: স্বদেশী আন্দোলনৰ মুখ্য অৱদান তলত দিয়া হ’ল —
- গণ-আন্দোলনৰ শিক্ষা: আন্দোলনে দেশবাসীক ঐক্যবদ্ধ গণপ্ৰচেষ্টাৰ শক্তি দেখুৱাইছিল।
- স্বৰাজ দাবীৰ সুযোগ: আন্দোলনে স্বৰাজ দাবী কৰিবলৈ জাতীয় কংগ্ৰেছক উৎসাহিত কৰিছিল।
- নাৰীৰ অংশগ্ৰহণ: মধ্যবিত্ত নাৰীসকল সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি স্বাধীনতা আন্দোলনক সুসংগঠিত ৰূপ দিছিল।
চমু টোকা লিখা:
(১) কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ।
উত্তৰ: কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ (১৮৬১-১৯৪১) বংগ বিভাজনবিৰোধী আৰু স্বদেশী আন্দোলনৰ এগৰাকী মুখ্য নেতা আছিল। বংগ বিভাজন কাৰ্যকৰী হোৱাৰ দিনা (১৬ অক্টোবৰ, ১৯০৫) তেওঁৰ আহ্বানত কলিকতাৰ জনতাই বঙালী ঐক্যৰ প্ৰতীক হিচাপে ৰাখীবন্ধন পালন কৰিছিল। তেওঁ উদাত্ত ভাষণেৰে বংগবাসীক সাম্প্ৰদায়িক ঐক্য বজাই ৰাখিবলৈ আহ্বান জনাইছিল। স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি তেওঁৰ ৰচনা কৰা গীতসমূহ ভাৰতীয় সংস্কৃতিৰ গৌৰৱ। ‘আমাৰ সোনাৰ বাংলা’ গানটো বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত। শিক্ষাৰ প্ৰসাৰৰ বাবে তেওঁ ‘বংগ জাতীয় বিদ্যালয়’ প্ৰতিষ্ঠা কৰিছিল আৰু ‘স্বদেশী ভাণ্ডাৰ’ নামৰ বস্ত্ৰ উদ্যোগে স্বদেশী চিন্তাধাৰা শক্তিশালী কৰিছিল।
(২) মাৰ্গাৰেট এলিজাবেথ নবোল (ভগিনী নিবেদিতা)।
উত্তৰ: মাৰ্গাৰেট এলিজাবেথ নবোল (১৮৬৪–১৯১১), যিনি ভগিনী নিবেদিতা নামেৰে পৰিচিত, স্বদেশী আন্দোলনৰ এক অনুপ্ৰেৰক মহিলা আছিল। তেওঁ নাৰী আৰু যুৱসমাজৰ মাজত দেশপ্ৰেম আৰু জাতীয় চেতনাৰ জাগৰণ ঘটাইছিল। কলিকতাত থকা সময়ত তেওঁ ইয়ংমেন্ছ হিন্দু ইউনিয়ন, বিবেকানন্দ ছ’চাইটি আৰু অনুশীলন সমিতিৰ সৈতে কাম কৰি নাৰীসকলক দেশীয় শিল্পৰ মাধ্যমে স্বনিৰ্ভৰ হ’বলৈ আহ্বান জনাইছিল। তেওঁ অবনীন্দ্ৰনাথ ঠাকুৰৰ ‘বংগ মাতা’ ছবিখনক ‘ভাৰত মাতা’ ৰূপে পৰিবৰ্তন কৰিছিল। ইংৰাজ চৰকাৰৰ দৃষ্টিত তেওঁ এক দুৰ্দম ব্যক্তিত্ব আছিল।
(৩) নবাব ছলিমউল্লা।
উত্তৰ: ঢাকাৰ নবাব ছলিমউল্লা খান বংগ বিভাজনৰ সমৰ্থক আছিল আৰু তেওঁৰ প্ৰচেষ্টাতেই মুছলিম লীগৰ জন্ম হৈছিল। ভাইচৰয় লর্ড কাৰ্জনে তেওঁৰ সহায়ত মুছলমান সমাজক নিজৰ ওচৰলৈ আনি তুলিছিল। ১৯০৬ চনৰ ৩০ ডিচেম্বৰত ছলিমউল্লাৰ আহ্বানত ঢাকাত অনুষ্ঠিত সভাত ‘সৰ্বভাৰতীয় মুছলিম লীগ’ গঠিত হৈছিল। এই সংগঠনৰ উদ্দেশ্য আছিল মুছলমানসকলৰ ৰাজনৈতিক অধিকাৰ ৰক্ষা কৰা আৰু চৰকাৰৰ প্ৰতি আনুগত্য বৃদ্ধি কৰা। ১৯১৫ চনত ছলিমউল্লাৰ মৃত্যুৰ পিছত লীগৰ নীতিত পৰিৱৰ্তন আহিছিল।
SEBA Class 10 History Chapter 1 বংগ বিভাজন (১৯০৫–১৯১১) আৰু স্বদেশী আন্দোলন প্রশ্ন আৰু উত্তৰ – Complete Exam Guide
SEBA Class 10 History Chapter 1 বংগ বিভাজন (১৯০৫–১৯১১) আৰু স্বদেশী আন্দোলন প্রশ্ন আৰু উত্তৰ provide a clear explanation of the causes and consequences of the Partition of Bengal. These SEBA Class 10 History Chapter 1 বংগ বিভাজন (১৯০৫–১৯১১) আৰু স্বদেশী আন্দোলন প্রশ্ন আৰু উত্তৰ help students understand the boycott movement, national education movement, and rise of nationalism in India.
Regular revision of SEBA Class 10 History Chapter 1 বংগ বিভাজন (১৯০৫–১৯১১) আৰু স্বদেশী আন্দোলন প্রশ্ন আৰু উত্তৰ strengthens conceptual clarity and improves answer-writing skills. Every solution in the SEBA Class 10 History Chapter 1 বংগ বিভাজন (১৯০৫–১৯১১) আৰু স্বদেশী আন্দোলন প্রশ্ন আৰু উত্তৰ section follows the official SEBA / ASSEB exam pattern.
This page includes complete and syllabus-aligned SEBA Class 10 History Chapter 1 বংগ বিভাজন (১৯০৫–১৯১১) আৰু স্বদেশী আন্দোলন প্রশ্ন আৰু উত্তৰ prepared for the 2026–27 academic session. By practising SEBA Class 10 History Chapter 1 বংগ বিভাজন (১৯০৫–১৯১১) আৰু স্বদেশী আন্দোলন প্রশ্ন আৰু উত্তৰ regularly, students can confidently attempt HSLC examination questions.
If you are searching for reliable and updated SEBA Class 10 History Chapter 1 বংগ বিভাজন (১৯০৫–১৯১১) আৰু স্বদেশী আন্দোলন প্রশ্ন আৰু উত্তৰ, this SEBA Class 10 History Chapter 1 বংগ বিভাজন (১৯০৫–১৯১১) আৰু স্বদেশী আন্দোলন প্রশ্ন আৰু উত্তৰ guide will help you score better marks.
FAQs – SEBA / ASSEB Class 10 History Chapter 1 বংগ বিভাজন (১৯০৫–১৯১১) আৰু স্বদেশী আন্দোলন
1. SEBA Class 10 History Chapter 1 বংগ বিভাজন (১৯০৫–১৯১১) আৰু স্বদেশী আন্দোলন প্রশ্ন আৰু উত্তৰ 2026–27 syllabus অনুসৰি নে?
হয়। এই SEBA Class 10 History Chapter 1 বংগ বিভাজন (১৯০৫–১৯১১) আৰু স্বদেশী আন্দোলন প্রশ্ন আৰু উত্তৰ সম্পূৰ্ণৰূপে 2026–27 SEBA / ASSEB syllabus অনুসৰি প্ৰস্তুত কৰা হৈছে।
2. বংগ বিভাজন কেতিয়া হৈছিল?
বংগ বিভাজন ১৯০৫ চনৰ ১৬ অক্টোবৰ তাৰিখে কার্যকৰী কৰা হৈছিল।
3. বংগ বিভাজনৰ মূল উদ্দেশ্য কি আছিল?
ব্ৰিটিছ শাসকৰ উদ্দেশ্য আছিল প্ৰশাসনিক সুবিধাৰ অজুহাতত জাতীয় ঐক্য ভাঙি দিয়া।
4. স্বদেশী আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল?
বিদেশী সামগ্ৰীৰ বয়কট আৰু দেশীয় সামগ্ৰীৰ ব্যৱহাৰ স্বদেশী আন্দোলনৰ মূল বৈশিষ্ট্য আছিল।
5. এই SEBA Class 10 History Chapter 1 বংগ বিভাজন (১৯০৫–১৯১১) আৰু স্বদেশী আন্দোলন প্রশ্ন আৰু উত্তৰ HSLC Examination ৰ বাবে সহায়ক নে?
হয়। এই অধ্যায় HSLC Examination ৰ বাবে অতি গুৰুত্বপূর্ণ।
6. এই Solutions SEBA আৰু ASSEB দুয়ো বোৰ্ডৰ বাবে প্ৰযোজ্য নে?
হয়। এই সমাধানসমূহ SEBA আৰু ASSEB Class 10 syllabus অনুসৰি প্ৰস্তুত কৰা হৈছে।
7. এই SEBA Class 10 History Chapter 1 বংগ বিভাজন (১৯০৫–১৯১১) আৰু স্বদেশী আন্দোলন প্রশ্ন আৰু উত্তৰ নিয়মিত আপডেট কৰা হয় নে?
হয়। Academic session আৰু syllabus পৰিবর্তন অনুসৰি এই সমলসমূহ নিয়মিতভাৱে আপডেট কৰা হয়।
🎓 About Assam Eduverse
Assam Eduverse is the best educational platform in Assam, offering SEBA, AHSEC (ASSEB), SCERT, CBSE, and Assam Board Solutions along with study materials, notes, and exam preparation guides to help students learn smarter and score higher.
Our expert-prepared answers and MCQs follow the latest Assam Board Syllabus and NCERT Syllabus. We make learning simple, accessible, and effective for all students preparing for board or competitive exams.📘 Visit Assam Eduverse for free Assam Board Solutions, notes, and Study Materials prepared by experts.