SEBA Class 10 Geography Chapter 4 অসমৰ ভূগোল প্রশ্ন আৰু উত্তৰ Solutions (2026–27)

SEBA Class 10 Geography Chapter 4 অসমৰ ভূগোল প্রশ্ন আৰু উত্তৰ are essential study materials for HSLC students preparing under the 2026–27 SEBA and ASSEB syllabus. These SEBA Class 10 Geography Chapter 4 অসমৰ ভূগোল question answers clearly explain Assam’s physical features, climate, rivers, soil, natural resources, and economic activities in a structured and exam-focused manner.

The chapter অসমৰ ভূগোল discusses the Brahmaputra and Barak valleys, hills and plateaus, rainfall pattern, vegetation, agriculture, and mineral resources of Assam. For students searching for ASSEB Class 10 Geography Chapter 4 Asomar Bhugol question answer, this page provides complete and syllabus-aligned solutions. Since important short and long questions frequently appear from this lesson, SEBA Class 10 Geography Chapter 4 অসমৰ ভূগোল প্রশ্ন আৰু উত্তৰ are crucial for scoring high marks.

Prepared by Assam Eduverse subject experts, these SEBA Class 10 Geography Chapter 4 অসমৰ ভূগোল প্রশ্ন আৰু উত্তৰ strictly follow the official SEBA answer-writing pattern.

SEBA / ASSEB Class 10 Geography Chapter 4 অসমৰ ভূগোল Complete Solutions, Guide & Question Answers

অনুশীলনী


১। অসমৰ মাটিকালি, জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্বৰ বিষয়ে তথ্যসহকাৰে চমুকৈ লিখা।
উত্তৰ: অসম উত্তৰ-পূব ভাৰতৰ এখন গুৰুত্বপূৰ্ণ ৰাজ্য। মাটিকালি, অসমে ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ ২.৪ শতাংশ, অৰ্থাৎ প্ৰায় ৭৮,৪৩৮ বৰ্গ কিমি মাটিকালি সামৰি লৈছে। জনসংখ্যাৰ দিশে, ২০১১ চনৰ লোকপিয়লৰ তথ্যমতে, অসমৰ মুঠ জনসংখ্যা ৩১২.০৫ লাখ, য’ত ১৫৯.৩৯ লাখ পুৰুষ আৰু ১৫২.৬৬ লাখ মহিলা। এই জনসংখ্যা ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় ২.৬ শতাংশ। জনসংখ্যাৰ ঘনত্ব ২০১১ চনত প্ৰতি বৰ্গ কিমি ৩৯৮ জন আছিল, য’ত আগৰ ২০০১ চনৰ তুলনাত বৃদ্ধি দেখা যায় (৩৪০ জন/বৰ্গ কিমি)।


২) অসমত সাক্ষৰতাৰ হাৰ কেনেদৰে বৃদ্ধি পাইছে চমুকৈ কোৱা।
উত্তৰঃ যোৱা দশকত অসমত সাক্ষৰতাৰ হাৰ যথেষ্ট বৃদ্ধি পাইছে।
২০০১ চনত সাক্ষৰতাৰ হাৰ আছিল ৬৩.২৫ শতাংশ। য’ত নেকি ২০১১ চনত সাক্ষৰতাৰ হাৰ ৭২.১৯ শতাংশলৈ বৃদ্ধি কৰা হৈছিল।
এই তথ্যই স্পষ্টকৈ দেখুৱাইছে যে বিগত দশকত অসমে শিক্ষা সম্প্ৰসাৰণৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে।


৩। ২০১১ চনৰ তথ্য মতে অসমত কেইখন প্ৰথম শ্ৰেণীৰ আৰু কেইখন দ্বিতীয় শ্ৰেণীৰ চহৰ আছে?
উত্তৰ: ২০১১ চনৰ তথ্য অনুসৰি অসমত কিমানখন প্ৰথম শ্ৰেণী আৰু কিমানখন দ্বিতীয় শ্ৰেণীৰ চহৰ আছে?
উত্তৰ: ২০১১ চনৰ তথ্য অনুসৰি, প্ৰথম শ্ৰেণীৰ ৭খন চহৰ (জনসংখ্যা ১ লাখ বা ​​তাতকৈ অধিক) আৰু দ্বিতীয় শ্ৰেণীৰ ৬খন চহৰ (জনসংখ্যা ৫০,০০০ৰ পৰা ১ লাখ)


৪। ১৯০১ চনৰপৰা ২০১১ চনলৈ অসমৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে আলোচনা কৰা।
উত্তৰ: ১৯০১ চনৰপৰা ২০১১ চনলৈ অসমৰ জনসংখ্যা বৃদ্ধিৰ ধাৰা কেইটা পৰ্যায়ত ভাগ কৰিব পাৰি:

  • প্ৰাৰম্ভিক কাল (১৯০১-১৯৪১): জনসংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাই দুগুণতকৈও অধিক হয়। ১৯০১ চনত জনসংখ্যা আছিল ৩,২৮৯,৬৮০ জন, আৰু ১৯৪১ চনত ৬,৬৯৪,৭৯০ জন।

  • দ্ৰুত বৃদ্ধিৰ কাল (১৯৫১-১৯৭১): স্বাধীনোত্তৰ কালত জনসংখ্যা দ্ৰুত হাৰত বৃদ্ধি পায়। বিশেষকৈ ১৯৫১-৬১ আৰু ১৯৬১-৭১ দশকত বৃদ্ধিৰ হাৰ যথাক্ৰমে ৩৪.৯৮% আৰু ৩৪.৯৫%। মূল কাৰণ আছিল বাংলাদেশৰ পৰা হোৱা অবাধ অনুপ্ৰৱেশ।

  • ক্ৰমাগত নিম্নগামী বৃদ্ধি (১৯৮১-২০১১): জন্মৰ হাৰৰ হ্ৰাস আৰু প্ৰব্ৰজনৰ কমিৰ ফলত ২০১১ চনত দশকীয় বৃদ্ধি ১৭.০৭% হ’ল।


৫। ভৌগোলিক অঞ্চলভেদে উপযুক্ত মানচিত্ৰৰ সহায়ত অসমৰ জনসংখ্যাৰ বিতৰণ পৰ্যালোচনা কৰা।
উত্তৰ: অসমৰ জনসংখ্যাৰ বিতৰণ সমান নহয়। ২০১১ চনৰ তথ্যমতে, অসমক তিনিটা ভৌগোলিক অঞ্চলত ভাগ কৰি জনসংখ্যাৰ ঘনত্বৰ পৰ্যালোচনা কৰিব পাৰি:

  1. ব্ৰহ্মপুত্ৰ উপত্যকা: মুঠ জনসংখ্যাৰ ৮৪.৬৩%, ঘনত্ব ৪৭০ জন/বৰ্গ কিমি। সমতল ভূমি, সুচল কৃষি আৰু যাতায়াত ব্যৱস্থাৰ বাবে জনবসতি ঘন।
  2. বৰাক উপত্যকা: মুঠ জনসংখ্যাৰ ১১.৬২%, ঘনত্ব ৫২৪ জন/বৰ্গ কিমি। জনবসতি ইয়াতো ঘন।
  3. পাৰ্বত্য অঞ্চল (কাৰ্বি আংলং, ডিমা হাছাও): মুঠ জনসংখ্যাৰ ৩.৭৫%, ঘনত্ব ৭৬ জন/বৰ্গ কিমি। প্ৰতিকূল ভূ-প্ৰাকৃতিক অৱস্থাৰ বাবে জনবসতি পাতল।

৬। অসমৰ জনসংখ্যা বিতৰণৰ ভিন্নতাৰ কাৰণবোৰ উদাহৰণসহ চমুকৈ আলোচনা কৰা।
উত্তৰ: অসমৰ জনসংখ্যা বিতৰণৰ ভিন্নতাৰ কাৰণবোৰ হ’ল:

  1. ভূ-প্ৰকৃতি আৰু ভৌগোলিক অৱস্থা: সমতল ভূমিত জনবসতি ঘন, পাহাৰীয়া অঞ্চলত পাতল। উদাহৰণ: ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা বনাম কাৰ্বি আংলং আৰু ডিমা হাছাও।
  2. মাটিৰ গুণ: সাৰুৱা মাটিত কৃষি সহজ, জনবসতি অধিক।
  3. জলবায়ু আৰু পানী সহজলভ্যতা: অনুকূল জলবায়ু আৰু পানী থকা অঞ্চলত জনবসতি ঘন।
  4. যাতায়াত আৰু যোগাযোগ ব্যৱস্থা: উন্নত যোগাযোগ আৰু অৰ্থনৈতিক ব্যৱস্থা থকা অঞ্চলত জনবসতি অধিক।

৭। ২০১১ চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ বেছি আৰু কম জনসংখ্যা আৰু ঘনত্ব থকা জিলাৰ নাম উল্লেখ কৰা।
উত্তৰ:

  • আটাইতকৈ বেছি জনসংখ্যা: নগাঁও (২,৮২৩,৭৬৮)
  • আটাইতকৈ কম জনসংখ্যা: ডিমা হাছাও (২,১৪,১০২)
  • আটাইতকৈ বেছি ঘনত্ব: কামৰূপ (মেট্ৰ’) ২০১০ জন/বৰ্গ কিমি
  • আটাইতকৈ কম ঘনত্ব: ডিমা হাছাও ৪৪ জন/বৰ্গ কিমি

৮। অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ কাৰণবোৰ চমুকৈ আলোচনা কৰা।
উত্তৰ: অসমৰ জনসংখ্যা উচ্চ হাৰত বৃদ্ধিৰ মুখ্য কাৰণ দুটা:

  • প্ৰাকৃতিক বৃদ্ধি: জন্মৰ হাৰ অধিক, মৃত্যুৰ হাৰ কম। আধুনিক চিকিৎসাৰ সুবিধাৰ ফলত জনসংখ্যা বৃদ্ধি পায়।

  • জনপ্ৰব্ৰজন (Migration):

  1. বাংলাদেশৰ পৰা অবাধ অনুপ্ৰৱেশ।
  2. ব্ৰিটিছৰ অধীনত অন্যান্য ৰাজ্যৰ লোকক প্ৰশাসনীয় আৰু বাণিজ্যিক কাৰ্যৰ বাবে অসমলৈ অনা।
  3. চাহ খেতিৰ বাবে মধ্য ভাৰতৰ জনজাতি আহোম।

৯। অসমলৈ প্রাচীন কালৰপৰা বৰ্তমান সময়লৈকে হোৱা জনপ্ৰব্ৰজনৰ সোঁতবোৰ একাদিক্রমে উল্লেখ কৰা।
উত্তৰ: প্ৰাচীনকালৰ পৰা অসমলৈ বহু জনগোষ্ঠী আহি স্থায়ীভাৱে বসতি স্থাপন কৰিছে। প্ৰথমে দক্ষিণ-পূব এছিয়াৰ পৰা অস্ট্ৰিক জনগোষ্ঠী আহিছিল, যিসকলৰ অন্তৰ্গত খাছিয়া আৰু জয়ন্তীয়া জাতি। তাৰ পিছত তিব্বতীয়-বর্মণ ভাষাভাষী মংগোলীয় জনগোষ্ঠী মধ্য এছিয়াৰ পৰা হিমালয় পাৰ হৈ আহে। এই গোষ্ঠীৰ অন্তৰ্গত বড়ো, মিছিং, ৰাভা, তিৱা, কাৰ্বি আদিৰে অসমৰ জনসংখ্যাত নতুন ৰঙ যোগ হয়। পাছত গংগা উপত্যকাৰ পৰা সিন্ধু-আৰ্য্যমূলৰ ক’কেছীয় জনগোষ্ঠী আহে, যিসকলৰ অন্তৰ্গত ব্ৰাহ্মণ, কায়স্থ, কলিতা আদি। ১৩ শতিকাত মহম্মদ বিন বখ্তিয়াৰ খিলীজিৰ সৈন্যসহ ইছলাম ধৰ্মাৱলম্বীসকল অসমলৈ আহে।

১২২৮ খ্ৰীষ্টাব্দত আহোমসকলে ম্যানমাৰৰ পৰা আহি পাটকাই পৰ্বত পাৰ হৈ উজনি অসমত আহোম ৰাজ্য স্থাপন কৰে। তেওঁলোকে প্ৰায় ছয়শ বছৰ ৰাজ্য চলাই সমাজ, সংস্কৃতি, ভাষা আৰু পৰিচয় গঠনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ব্ৰিটিছ শাসনৰ সময়ত বংগ, বিহাৰ, নেপালৰ লোকক প্রশাসনিক কামৰ বাবে আৰু চোটনাগপুৰৰ আদিবাসীসকলক চাহ খেতিত আনা হয়। স্বাধীনতাৰ সময়ত পূৰ্ব পাকিস্তানৰ বহু হিন্দু শৰণাৰ্থী আহে। বৰ্তমানো ৰাজস্থান, পঞ্জাৱ, বিহাৰ, পশ্চিমবংগৰ পৰা অৰ্থনৈতিক কাৰণত প্ৰব্ৰজন চলি আছে।


১০। অসমৰ আহোমসকলৰ জনগোষ্ঠীয় পৰিচয় দাঙি ধৰা।
উত্তৰ: আহোমসকল মূলতঃ মংগোলীয় জনগোষ্ঠীৰ লোক। এওঁলোকে চীনদেশৰ পৰা ম্যানমাৰত সোমাই ১২২৮ খ্ৰীষ্টাব্দত চ্যু-কা-ফাৰ নেতৃত্বত পাটকাই পৰ্বত পাৰ হৈ অসমলৈ আহে। উজনি অসমত থিতাপি লৈ আহোম ৰাজ্য স্থাপন কৰে আৰু প্ৰায় ছয়শ বছৰকাল ৰাজ্যিক ৰাজত্ব কৰি অসমৰ সমাজ-সংস্কৃতিলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। বৰ্তমান আহোমসকল প্রধানকৈ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, লখিমপুৰ, ধেমাজি, মৰিগাঁও, নগাঁও, আৰু শোণিতপুৰ জিলাত বসতি কৰি আছে।


১১। পৰিবহণ ব্যৱস্থাই অসমৰ অৰ্থনৈতিক উন্নতিত কিদৰে সহায় কৰিছে চমুকৈ আলোচনা কৰা।
উত্তৰ: পৰিবহণ ব্যৱস্থা হৈছে অৰ্থনৈতিক উন্নয়নৰ এক অপৰিহাৰ্য উপাদান। অসমৰ অৰ্থনৈতিক উন্নতিত ই বিভিন্ন ধৰণে সহায় কৰে।

  1. সংযোগ স্থাপন: ভাল পৰিবহণ ব্যৱস্থাৰ মাধ্যমে ৰাজ্যৰ ভিতৰত আৰু ৰাজ্যসমূহৰ মাজত সংযোগ স্থাপন হয়। ই সম্পদ, জ্ঞান, সভ্যতা আৰু সংস্কৃতিৰ আদান-প্ৰদানক সহজ কৰে।
  2. উত্তৰ-পূবৰ দুৱাৰমুখ: অসম উত্তৰ-পূব ভাৰতৰ দুৱাৰমুখ হিচাপে কাৰ্য্য কৰে। সেয়া অৰ্থাৎ অসমৰ পৰিবহণ ব্যৱস্থা উন্নত হ’লে উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশতও গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰে।
  3. অৰ্থনৈতিক খণ্ডৰ বিকাশ: কৃষি, শিল্প, বাণিজ্য আৰু যোগাযোগ খণ্ডৰ বিকাশ পৰিবহণ ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। ৰে’ল পৰিবহণ উদ্যোগ আৰু আন্তঃগাঁথনি বিকাশত গুৰুত্বপূৰ্ণ।
  4. নিয়োগ সৃষ্টি: সু-সঞ্জালিত পৰিবহণ ব্যৱস্থাই বিভিন্ন খণ্ডত কৰ্মসংস্থাপন সৃষ্টি কৰে। বিশেষকৈ ৰে’ল পৰিবহণৰ সম্প্রসাৰণে অসমত বহু লোকক চাকৰি প্ৰদান কৰিছে।
  5. পৰ্যটন উদ্যোগৰ উন্নয়ন: পথ পৰিবহণ উদ্যোগৰ জৰিয়তে বিভিন্ন পৰ্যটন কেন্দ্ৰৰ সংযোগ সহজ হয়। ই পৰ্যটন উদ্যোগক আগবঢ়াই ৰাজ্যৰ অৰ্থনীতি সমৃদ্ধ কৰে।

১২। অসমৰ জলপৰিবহণৰ বিষয়ে এটি চমু টোকা লিখা।
উত্তৰ: অসমৰ আভ্যন্তৰীণ জলপৰিবহণ ব্যৱস্থা বিশেষ গুৰুত্বপূর্ণ, কাৰণ ৰাজ্যখন প্ৰধান নদীপ্ৰধান।

  1. জলপথসমূহ: ব্ৰহ্মপুত্ৰ, বৰাক আৰু এইসকলৰ অসংখ্য উপনৈ।
  2. ব্ৰহ্মপুত্ৰৰ জলপথ: শদিয়াৰ পৰা ধুবুৰীলৈ ৮৯১ কিমি নাব্য জলপথ আছে, যাক ১৯৮৮ চনত দেশৰ দ্বিতীয় ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰা হৈছিল।
  3. বৰাকৰ জলপথ: লখিপুৰৰ পৰা ভাংগালৈ ১২১ কিমি নাব্য জলপথ আছে, যাক ২০১৩ চনত ষষ্ঠ ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি দিয়া হৈছিল।
  4. পৰিবহণৰ গুৰুত্ব: এই জলপথসমূহ অসমৰ লগতে উত্তৰ-পূব ভাৰতৰ অৰ্থনৈতিক বিকাশত সহায় কৰে। জাহাজৰ সহায়ত কম খৰচতে মাল-বস্তু পৰিবহণ কৰিব পাৰি।
  5. বন্দৰ আৰু সেৱা: ব্ৰহ্মপুত্ৰত কেইবাটাও সৰু নদী-বন্দৰ (River Port) আছে। তদুপৰি, ৩০ৰো অধিক ফেৰীঘাটত নদী পাৰ হৈ চলা যায়।
  6. সুবিধা: জলপৰিবহণত ইন্ধনৰ খৰচ কম, গধুৰ মাল-বস্তু পৰিবহণৰ বাবে উপযুক্ত, আৰু পথ পৰিবহণ নথকা স্থানসমূহত সহায়ক।

১৩। অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া পাঁচটা প্ৰধান কাৰণ উল্লেখ কৰা।
উত্তৰ: অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নতিৰ পথত বহু বাধা আছে। প্ৰধান পাঁচটা অন্তৰায় হ’ল:

  1. ভিন্ন ভূ-প্ৰকৃতি: পাহাৰ, মালভূমি, সমভূমি, প্লাৱন ভূমি, জলাশয় আদি। এই বিভিন্ন ভূ-প্ৰকৃতিৰ বাবে পথ আৰু ৰে’ল নিৰ্মাণ কঠিন।
  2. প্ৰতিকূল জলবায়ু আৰু মাটিৰ গুণাগুণ: বৰ্ষাৰ সময়ত বাট-পথ আৰু যোগাযোগ সুবিধা নষ্ট হয়। মাটিৰ ধৰণে বহু স্থানত পথ নিৰ্মাণ কঠিন।
  3. অনুন্নত উদ্যোগিক বিকাশ: অসমত উদ্যোগিক বিকাশ অন্যান্য ৰাজ্যৰ তুলনাত পিছ পৰিছে। পৰিবহণৰ অভাৱই ইয়াৰ অন্যতম কাৰণ।
  4. সীমিত বজাৰ আৰু বাণিজ্যৰ অভাৱ: আন্তঃৰাজ্যিক আৰু আন্তর্জাতিক বাণিজ্যত অসম সক্রিয়ভাৱে জড়িত নহোৱাৰ বাবে পৰিবহণ ব্যৱস্থাৰ উন্নতি সীমিত।
  5. সামাজিক আৰু ৰাজনৈতিক অস্থিৰতা: গোষ্ঠীগত, সাম্প্ৰদায়িক সমস্যা আৰু উগ্ৰপন্থী সমস্যাৰ বাবে দেশী আৰু বিদেশী বিনিয়োগ কমি পৰে। ইয়াৰ ফলত পৰিবহণ খণ্ড বাধাগ্রস্ত হয়।

১৪। সম্পদ বুলিলে কি বুজায়? অসমৰ প্ৰধান প্রাকৃতিক সম্পদবোৰ কি কি?
উত্তৰ: সম্পদ বুলিলে পৰিৱেশত থকা সেই বস্তুবোৰক বুজায় যিবোৰৰ সহায়ত আমি আমাৰ প্ৰয়োজন আৰু ইচ্ছা পূৰণ কৰিব পাৰো। সম্পদক প্ৰধানকৈ প্ৰাকৃতিক সম্পদ আৰু মানৱ-সৃষ্ট সম্পদ হিচাপে ভাগ কৰিব পাৰি।

           অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদসমূহত ভূমি, বন, খনিজ আৰু জল সম্পদ অন্তৰ্ভুক্ত। ভূমি সম্পদৰ ভিতৰত পলসুৱা মৃত্তিকা, গিৰিপদ মৃত্তিকা, পাহাৰীয়া মৃত্তিকা আৰু কংকৰ মৃত্তিকা উল্লেখযোগ্য। বন সম্পদত চিৰসেউজীয়া অৰণ্য, অৰ্দ্ধচিৰসেউজীয়া অৰণ্য, নদী-কাষৰীয়া অৰণ্য, আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য আৰু শুষ্ক পৰ্ণপাতী অৰণ্যৰ লগতে বাঁহ উল্লেখযোগ্য। খনিজ সম্পদসমূহত কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আৰু চূণশিল প্ৰধান। জল সম্পদৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ, বৰাক নদী আৰু ইহঁতৰ উপনৈবোৰৰ পৃষ্ঠজল আৰু ভূ-তল জল উল্লেখযোগ্য। এই সম্পদবোৰ অসমৰ অৰ্থনৈতিক আৰু সামাজিক বিকাশত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।


১৫। অসমৰ প্ৰধান তৈলক্ষেত্ৰসমূহ উল্লেখ কৰা।
উত্তৰ: অসম খনিজ তেল সম্পদৰ ক্ষেত্ৰত বৰ্তমান ভাৰতৰ অন্যতম প্ৰধান ৰাজ্য। ইয়াক ‘পনীয়া সোণ’ বুলি জনা যায়। অসমৰ প্ৰধান তৈলক্ষেত্ৰসমূহৰ ভিতৰত ডিগবৈ তৈলক্ষেত্ৰ উল্লেখযোগ্য, যিটো ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰ আৰু ইয়াত ১৮৮৯ চনত প্ৰথম খনন কাৰ্য আৰম্ভ হৈছিল। ইয়াৰ উপৰিও নাহৰকটীয়া, য’ত ১৯৫৪ চনৰ পৰা তেল উৎপাদন আৰম্ভ হৈছে, আৰু মৰাণ-হুগ্ৰীজান, য’ত ১৯৫৬ চনৰ পৰা উৎপাদন আৰম্ভ। আন তৈলক্ষেত্ৰসমূহৰ ভিতৰত ৰুদ্ৰসাগৰ, লাকুৱা, গেলেকী, বৰহোলা আৰু আমগুৰি উল্লেখযোগ্য। এই সকলোক্ষেত্ৰই ৰাজ্যখনৰ অৰ্থনীতিত উল্লেখযোগ্য অৱদান দিয়ে।


১৬। অসমৰ জলসম্পদৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: অসমৰ জলসম্পদ অত্যন্ত সমৃদ্ধ। ৰাজ্যখনত পৃষ্ঠজল আৰু ভূ-তল জল দুয়োটাই পৰ্যাপ্ত পৰিমাণে বিদ্যমান। পৃষ্ঠজল সম্পদৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ, বৰাক নদী আৰু তেওঁলোকৰ উপনৈবোৰ, খাল, পিতনি, জলাহ আৰু আৰ্দ্ৰভূমি উল্লেখযোগ্য। এই জলসম্পদ কৃষি, ঘৰুৱা ব্যৱহাৰ, উদ্যোগ আৰু জলপৰিবহণ খণ্ডত ব্যৱহৃত হয়। ভূ-তল জল সম্পদো সমগ্ৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত প্ৰচুৰ। এই জলসম্পদকো কৃষি, ঘৰুৱা আৰু উদ্যোগত ব্যৱহাৰ কৰা হয়। যদিও অসমত যথেষ্ট জলসম্পদ আছে, ইয়াৰ সঠিক ব্যৱহাৰ এতিয়াও হোৱা নাই।


১৭। অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ কাৰণবোৰ কি কি?
উত্তৰ: অসমৰ প্ৰাকৃতিক সম্পদসমূহ সুৰক্ষিত অৱস্থাত নাথাকে আৰু দিন-দিনে ক্ষয় হ’বলৈ ধৰিছে। ইয়াৰ প্ৰধান কাৰণসমূহৰ ভিতৰত দ্ৰুতজনসংখ্যা বৃদ্ধি আৰু জনবসতিৰ প্ৰসাৰ অন্যতম। জনবসতিৰ প্ৰসাৰৰ বাবে বনাঞ্চল, আৰ্দ্ৰভূমি আৰু জলাশয় পুতি পলসুৱা কৃষিভূমিত পৰিণত কৰা হৈছে। বন ধ্বংস, অনৱীকৰণীয় সম্পদৰ অধিক ব্যৱহাৰ, অনুপযুক্ত ভূমি ব্যৱহাৰ, ঝুম খেতি আৰু নগৰীকৰণ আৰু উদ্যোগৰ বাবে প্ৰদূষণও সম্পদ ক্ষয়ৰ অন্যতম কাৰণ। এই সকলো কাৰক অসমৰ প্ৰাকৃতিক সম্পদৰ হ্ৰাস আৰু পৰিৱেশিক সমস্যাৰ সৃষ্টি কৰিছে।


১৮। বর্ধিত জনসংখ্যাই প্রাকৃতিক সম্পদৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাইছে?
উত্তৰ: অসমৰ দ্ৰুতগতিত বৃদ্ধি পোৱা জনসংখ্যাই প্ৰাকৃতিক সম্পদৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে। জনসংখ্যা বৃদ্ধিৰ ফলত বনাঞ্চল, ভূমি আৰু আৰ্দ্ৰভূমি হ্ৰাস পাইছে, যাৰ ফলত কৃষিভূমি সংকুচিত আৰু অৱক্ষয় হোৱা দেখা গৈছে। লগতে, জনসংখ্যাৰ হেঁচাত জলাশয় পুতি পেলোৱা হৈছে আৰু উপযুক্ত পৰিকল্পনা নোহোৱাত জলসম্পদ প্ৰদূষিত হোৱাৰ আশংকা আছে। খনিজ সম্পদসমূহৰ শোষণ বৃদ্ধি পোৱাৰ ফলত তেল, কয়লা আৰু গেছৰ ভাণ্ডাৰো নিঃশেষ হোৱাৰ পথত আছে। এই সকলো কাৰকবোৰে অসমৰ প্ৰাকৃতিক সম্পদৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছে।


১৯। অসমৰ বৃহৎ জনসংখ্যা ৰাজ্যখনৰ বোজা (সমস্যা) নে সম্পদ? আলোচনা কৰা।
উত্তৰ: অসমৰ বৃহৎ জনসংখ্যা একেসময়তে ৰাজ্যখনৰ বাবে সমস্যা আৰু সম্পদৰ সম্ভাৱনাও কঢ়িয়াই আনিছে। সমস্যা হিচাপে, দ্ৰুত বৃদ্ধি পোৱা জনসংখ্যাৰ বাবে বনাঞ্চল, কৃষিভূমি আৰু জলাশয় হ্ৰাস পাইছে আৰু সামাজিক আৰু অৰ্থনৈতিক সমস্যা সৃষ্টি হৈছে। কিন্তু সম্পদৰ দিশে, বৃহৎ জনসংখ্যা মানৱ সম্পদৰ আধাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। অসমৰ জনসংখ্যাত যুৱ-প্ৰজন্মৰ অংশ উল্লেখযোগ্য, যাৰ দ্বাৰা শিক্ষা, কাৰিকৰী দক্ষতা আৰু কৰ্মদক্ষতাৰ ক্ষেত্ৰত অফুৰন্ত সম্ভাৱনা আছে। সঠিক পৰিকল্পনা আৰু ব্যৱস্থাপনাৰ দ্বাৰা এই জনসংখ্যাক সম্পদ হিচাপে গঢ়ি তোলা সম্ভৱ।


২০। অসমত মানৱ সম্পদ গঢ়িবলৈ কেনে পদক্ষেপ গ্ৰহণ কৰিব লাগে?
উত্তৰ: অসমৰ বৃহৎ জনসংখ্যাক সম্পদ হিচাপে গঢ়ি তুলিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিব লাগে। সৰ্বপ্ৰথম, গুণগত শিক্ষা আৰু দক্ষতাৰ বিকাশৰ জৰিয়তে যুৱশক্তিক সঠিকভাৱে গঢ়ি তোলা উচিত। লগতে, কৰ্মসংস্থান সৃষ্টি কৰি অৰ্থনৈতিক খণ্ডত তেওঁলোকৰ কাৰিকৰী আৰু বুদ্ধিমত্তাৰ ব্যৱহাৰ নিশ্চিত কৰিব লাগে। সমাজৰ দুৰ্বল শ্ৰেণী, মহিলাসকল আৰু দৈহিকভাৱে অক্ষম ব্যক্তিসকলৰ উন্নয়নৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সামাজিক উন্নয়নৰ জৰিয়তে লোকক জ্ঞান, বুদ্ধি আৰু দক্ষতাৰ ক্ষেত্ৰত সমৃদ্ধ কৰি অসমৰ মানৱ সম্পদৰ বিকাশ নিশ্চিত কৰিব পাৰি।


২১। অসমৰ অৰ্থনীতিত কৃষিখণ্ডৰ ভূমিকা সম্পর্কে চমুকৈ আলোচনা কৰা।
উত্তৰ: অসমৰ অৰ্থনীতিৰ মূল ভেটি হৈছে কৃষি আৰু কৃষিখণ্ডই হৈছে অসমৰ অৰ্থনীতিৰ মূল চালিকা শক্তি।

  1. জীৱিকা আৰু নিয়োগ: প্ৰায় ৭৫% লোকে কৃষিকেই প্ৰধান জীৱিকা হিচাপে গ্ৰহণ কৰে। মুঠ কৰ্ম-নিয়োজিত লোকৰ ৫৩%তকৈ অধিক কৃষিখণ্ডত প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিয়োজিত।
  2. প্ৰধান শস্যৰ যোগান: ধান, মাহজাতীয় শস্য, তেলজাতীয় শস্য, শাক-পাচলি, ফল-মূল, কুঁহিয়াৰ আৰু মৰাপাটৰ খেতি।
  3. উদ্যোগৰ ভেটি: চাহ, ৰেচম, ৰবৰ আৰু খাদ্য প্ৰস্তুতকৰণ উদ্যোগৰ বাবে কেঁচা সামগ্ৰী যোগান ধৰে।
  4. অৰ্থনৈতিক গুৰুত্ব: ধান আৰু চাহ খেতিয়ে ৰাজ্যখনৰ অৰ্থনীতিৰ উল্লেখযোগ্য অৱদান আছে।

২২। অসমৰ কৃষি-জলবায়বীয় অঞ্চলকেইটা কি কি? এইকেইটাৰ বৈশিষ্ট্য চমুকৈ উল্লেখ কৰা।
উত্তৰ: অসমক মাটিৰ প্ৰকাৰ, পৃষ্ঠভূমি, বৰষুণ আৰু উত্তাপৰ ভিত্তিত ছয়টা কৃষি-জলবায়বীয় (Agro-climatic) অঞ্চলত ভাগ কৰা হৈছে:
১. নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল
২. উত্তৰ পাৰৰ সমভূমি অঞ্চল
৩. মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল
৪. উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল
৫. বৰাক উপত্যকা অঞ্চল
৬. পাৰ্বত্য অঞ্চল (কাৰ্বি আংলং আৰু ডিমা হাছাও)

  • সমভূমি অঞ্চল (১-৫): এই অঞ্চলসমূহত কৃষিৰ বহুখিনি মিল আছে । বাৰিষা কালত শালি ধান আৰু মৰাপাটৰ খেতি কৰা হয় । শীতকালত বৰষুণৰ পৰিমাণ কম হোৱাত সৰিয়হ, ঘেঁহু, আলু আৰু বিভিন্ন শাক-পাচলিৰ খেতি কৰা হয় ।
  • পাৰ্বত্য অঞ্চল (৬): এই অঞ্চলত প্ৰধানকৈ ঝুম খেতিয়ে (Shifting cultivation) প্ৰাধান্য লাভ কৰিছে । পাহাৰৰ সুচল ঢালত ফল-মূলৰ খেতি আৰু ঠেক নদী-সমভূমিত ঠায়ে ঠায়ে ধান খেতি কৰা হয় । ঝুম খেতিৰ ফলত বন ধ্বংস, ভূমি ক্ষয় আদি পাৰিৱেশিক সমস্যাৰ সৃষ্টি হৈছে ।

২৩। অসমত কি কি ধানৰ খেতি কৰা হয়? এইকেইটাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: অসমত তিনিধৰণৰ ধানৰ খেতি কৰা হয়। প্ৰথম ধৰণ হৈছে শালি ধান, যাৰ মুঠ ধান খেতিৰ প্ৰায় ৭০ শতাংশ অংশৰ ওপৰত কৰা হয়। ইয়াৰ ৰোপণ জুলাই আৰু আগষ্ট মাহত হয় আৰু চপোৱা হয় নৱেম্বৰ আৰু ডিচেম্বৰ মাহত। শালি ধান বিশেষকৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সাৰুৱা মাটিত ভাল হয়। দ্বিতীয় ধৰণ হৈছে আহু ধান, যি সমভূমিৰ সাৰুৱা মাটিত বিশেষকৈ নামনি অসমত বিস্তৃতভাৱে খেতি কৰা হয়। ইয়াৰ ৰোপণ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত আৰম্ভ হয় আৰু জুন আৰু জুলাই মাহত চপোৱা হয়। আহু ধান ৰোপণ আৰু সিঁচন দুয়ো প্ৰকাৰে খেতি কৰা হয়। তৃতীয় ধৰণ হৈছে বৰো ধান, যি কম-বেছি আটাইকেইখন জিলাত উৎপাদিত হয়। বৰো ধান সাধাৰণতে শীতকালত ৰোপণ আৰম্ভ কৰি বানপানী আগতে জুন আৰু জুলাই মাহত চপোৱা হয়। বানপানীৰ ক্ষেত্ৰত শালি ধান নষ্ট হোৱা বাবে বৰো ধানৰ খেতি বৰ্তমান জনপ্ৰিয় হৈছে।


২৪। ধান কিয় অসমৰ প্ৰধান শস্য হিচাপে পৰিগণিত হৈছে?
উত্তৰ: ধান অসমৰ প্ৰধান শস্য হিচাপে পৰিগণিত হোৱাৰ কাৰণ বিভিন্ন। প্ৰথমতে, ধান খেতিৰ বাবে অসমৰ উষ্ণ আৰু আৰ্দ্ৰ জলবায়ু আৰু ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সাৰুৱা মাটি একেবাৰে অনুকূল। দ্বিতীয়তে, ধানখেতি ৰাজ্যখনৰ আটাইকেইটা কৃষি-জলবায়বীয় অঞ্চলত ব্যাপকভাৱে কৰা হয়, যাৰ ফলত ইয়াৰ উৎপাদন অত্যন্ত বিস্তৃত। তৃতীয়তে, ধান হৈছে অসমৰ লোকসকলৰ প্ৰধান খাদ্যশস্য, যাৰ দ্বাৰা সাংস্কৃতিক আৰু দৈনন্দিন খাদ্য প্ৰয়োজনীয়তা পূৰণ হয়। লগতে, ধানখেতিৰ উন্নতিৰ ওপৰত অসমৰ কৃষি অৰ্থনীতিৰ সমগ্ৰ উন্নতি নিৰ্ভৰ কৰে, যাৰ বাবে ইয়াৰ অৰ্থনৈতিক গুৰুত্ব বিশেষকৈ বেছি।


২৫। অসমত কি কি মাহজাতীয় শস্যৰ খেতি কৰা হয়?
উত্তৰ: অসমত মাহজাতীয় শস্যৰ খেতি কৰা হয়। প্ৰধান শস্যসমূহ হ’ল:

  1. মাটি মাহ
  2. মণ্ড মাহ
  3. মচুৰ মাহ
  4. মটৰ মাহ
  5. ৰহৰ মাহ
  6. বুট মাহ

২৬। অসমৰ ঝুম খেতিৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ:
ঝুম খেতি (Shifting cultivation) অসমৰ পাৰ্বত্য অঞ্চলৰ জনজাতীয় লোকসকলৰ মাজত প্ৰচলিত এক কৃষি পদ্ধতি। সাধাৰণতে পাৰ্বত্য ঢালত হাবি-জংঘল পুৰি খেতিৰ ঠাই মুকলি কৰি পৰম্পৰাগত পদ্ধতিৰে খেতি কৰা হয়। একেখন মাটিত কেইবাবছৰ খেতিৰ পিছত মাটিৰ উৰ্বৰতা হ্ৰাস পালে, কৃষকসকলে নতুন ঠাইত খেতি আৰম্ভ কৰে। এই খেতি জনজাতীয় সমাজ-সংস্কৃতি আৰু জীৱনধাৰণৰ সৈতে ঘনিষ্ঠভাৱে জড়িত। যদিও এই পদ্ধতি একপ্ৰকাৰৰ মিশ্ৰিত কৃষি প্ৰদান কৰে, ইয়াৰ পৰা অধিক উৎপাদন লাভ কৰা কঠিন, আৰু বন ধ্বংস, ভূমি ক্ষয় আৰু মাটিৰ উৰ্বৰতা হ্ৰাসৰ দৰে পাৰিৱেশিক সমস্যাসমূহৰ সৃষ্টি হয়। সেয়েহে ইয়াৰ পৰিৱৰ্তে বেদিকা কৃষি পদ্ধতিৰ প্ৰচলন কৰা উচিত।


২৭। ২০১৪ চনৰ অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ প্ৰধান লক্ষ্যবোৰ কি কি?
উত্তৰ:
২০১৪ চনৰ অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ মূল লক্ষ্য আছিল ৰাজ্যখনত পণ্য উৎপাদন আৰু সেৱা খণ্ডৰ বিকাশ ঘটোৱা আৰু ঘৰুৱা উৎপাদন বৃদ্ধি কৰা। একেদৰে, গ্ৰামাঞ্চলত জনমূৰি আয় আৰু নিয়োগৰ সুবিধা উন্নত কৰা আৰু ক্ষুদ্র, লঘু আৰু মধ্যমীয়া উদ্যোগৰ বিকাশৰ বাবে বিনিয়োগ বৃদ্ধি কৰা। নীতিৰ অন্য উদ্দেশ্য আছিল বৃহৎ সংখ্যক দক্ষ লোক (skilled personnel)ৰ সৃষ্টি কৰা, যাৰ জৰিয়তে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশ ত্বরান্বিত হ’ব।


২৮। সেৱা খণ্ডৰ উদ্যোগ বুলিলে কি বুজায়? উদাহৰণ দি বুজাই লিখা।
উত্তৰ: সেৱা খণ্ডৰ উদ্যোগ সেইসকল উদ্যোগক বোলা হয়, যিবিলাকে কোনো ভৌতিক সামগ্ৰী উৎপাদন নকৰি কেৱল সেৱা আগবঢ়ায়। এই উদ্যোগবোৰে মানুহৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে বিভিন্ন ধৰণৰ সেৱা প্ৰদান কৰে। উদাহৰণস্বৰূপে, বাণিজ্য, যোগাযোগ আৰু পৰিবহণ (যেনে ৰে’ল, পথ, বিমান), পৰ্যটন উদ্যোগ, হোটেল ব্যৱসায়, বেংক আৰু বীমা সেৱা, লগতে লোক-প্ৰশাসন। এই উদ্যোগবোৰে জীৱনধাৰণৰ মানদণ্ড উন্নত কৰাৰ লগতে অৰ্থনৈতিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।


২৯। অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগবোৰ কি কি?
উত্তৰ: অসমৰ কৃষি উপযোগী জলবায়ু আৰু মাটিৰ বাবে বিভিন্ন ধৰণৰ কৃষিজাত শস্য উৎপন্ন হয়। এই শস্যসমূহক কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি গঢ় লৈ উঠা মূল কৃষিভিত্তিক উদ্যোগবোৰ হৈছে চাহ উদ্যোগ, বন উদ্যোগ (কাগজ, প্লাইউড), ৰেচম উদ্যোগ (এৰি, মুগা, নুনী পাট), ৰবৰ উদ্যোগ আৰু খাদ্য প্ৰস্তুতকৰণ উদ্যোগ। কাগজ উদ্যোগো এক উল্লেখযোগ্য উদ্যোগ হিচাপে গণ্য।


৩০। অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: চাহ উদ্যোগ অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ। ইয়াৰ অৰ্থনীতিৰ ওপৰত উল্লেখযোগ্য প্ৰভাৱ আছে আৰু সমগ্ৰ বিশ্বতে অসমৰ চাহৰ সুনাম। অসমৰ চাহ উৎপাদন ভাৰতৰ মুঠ উৎপাদনৰ আধাতকৈও বেছি। ২০১২ চনত প্ৰায় ৫৯০ হাজাৰ টন চাহ উৎপাদন হৈছিল। ২০১২ চনৰ তথ্য অনুসৰি, ৰাজ্যখনত ৭৬৫ খন চাহ বাগিচা আৰু ৭৮০৯১ খন ক্ষুদ্ৰ চাহ বাগিচা আছে, য’ত মুঠ ৩১৮ হাজাৰ হেক্টৰ মাটিত চাহ খেতি কৰা হয়। চাহ উদ্যোগে দৈনিক ৬.৮৬ লাখতকৈ অধিক লোকক কৰ্মসংস্থাপন দিয়ে, আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলে ৮৮ হাজাৰ হেক্টৰ মাটিত খেতি কৰি প্ৰায় ১০৭ হাজাৰ টন চাহ উৎপাদন কৰিছে।


৩১। অসমৰ মীন উদ্যোগৰ বৰ্তমান অৱস্থা কেনেকুৱা?
উত্তৰ: অসমত মীন উদ্যোগৰ যথেষ্ট থল থাকিলেও বৰ্তমান অৱস্থা সন্তোষজনক নহয়। নদী, উপনদী, বিল-খাল আৰু জলাশয়ৰ সমৃদ্ধিৰ বাবেই ৩.৯৪ লাখ হেক্টৰ মীন উৎপাদন ক্ষেত্ৰ আছে। ২০১১-১২ চনত ৪৩০ খন চৰকাৰী পঞ্জীয়নভুক্ত বিল আৰু ৭৬৭ খন অপঞ্জীয়নভুক্ত বিলত মীন খেতি কৰা হৈছিল, আৰু মুঠ ২.৪৪ লাখ টন মাছ উৎপাদন হৈছিল। যদিও মাছৰ চাহিদা বৰ্তমান যথেষ্ট, উৎপাদনৰ হাৰ কম আৰু মীন উদ্যোগৰ অৰ্থনৈতিক অৱদান মাত্ৰ ২%। বছৰি প্ৰায় ০.৫২ লাখ টন মাছৰ নাটনি হয়, যাৰ ফলত মাছৰ দাম বৃদ্ধি পায়।


৩২। অসমৰ কৃষি উন্নয়নৰ সমস্যাবোৰ উল্লেখ কৰা।
উত্তৰ: অসমৰ কৃষি খণ্ডৰ উন্নয়নৰ পথত কেইবাটাও সমস্যাৰ সন্মুখীন। পুৰণিকলীয়া পদ্ধতি, সৰু খেতি খণ্ড, জলসিঞ্চনৰ অভাৱ, প্ৰাকৃতিক দুৰ্যোগ (বানপানী, গৰাখহনীয়া), কৃষি পৰিকল্পনাৰ অভাৱ, উৎপন্ন শস্যৰ উচিত মূল্যৰ অভাৱ, আন্তঃগাঁথনিৰ দুৰ্বলতা আৰু কৃষি যান্ত্ৰিকীকৰণৰ সীমিত ব্যৱহাৰ এই সমস্যাসমূহৰ অন্তৰ্গত। এইবোৰে কৃষি উন্নয়ন মন্থৰ কৰি তুলিছে।


৩৩। অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে তাৰ কাৰণসমূহ লিখা।
উত্তৰ: অসমত ঔদ্যোগিক বিকাশৰ সম্ভাৱনা থাকিলেও মন্থৰ হোৱা প্ৰধান কাৰণসমূহ হ’ল সুসংহত পৰিকল্পনাৰ অভাৱ, সীমিত কৃষিভিত্তিক উদ্যোগ, দুর্বল আন্তঃগাঁথনি, শক্তি যোগান অসম্পূর্ণতা, মূলধন আৰু বিনিয়োগৰ অভাৱ, উদ্যোগী স্পৃহাৰ অভাৱ, আৰু সহজে পচনশীল কৃষিজাত সামগ্ৰীৰ সংৰক্ষণৰ সুবিধাৰ অভাৱ।


৩৪। অসমৰ পৰ্যটন উদ্যোগৰ সমস্যাবোৰ উল্লেখ কৰা।
উত্তৰ: অসমৰ পৰ্যটন খণ্ডৰ বিকাশত বহুবিধ সমস্যা আছে। পৰ্যটন উদ্যোগত মূলধনৰ অপর্যাপ্ত বিনিয়োগ, অনুন্নত পৰিবহণ ব্যৱস্থা, পৰ্যটনস্থলীসমূহৰ দুৰ্বল আন্তঃগাঁথনি আৰু পৰ্যটক আকৰ্ষণৰ অভাৱ এই সমস্যাসমূহৰ ভিতৰত মুখ্য। এইবোৰৰ বাবে পর্যটন খণ্ডৰ বিকাশ আশানুৰূপ নহ’ব পৰা হৈছে।


৩৫। অসমৰ অৰ্থনৈতিক উন্নয়নৰ সম্ভাৱনাবোৰ কি কি?
উত্তৰ: অসমৰ অৰ্থনৈতিক উন্নয়নৰ বাবে যথেষ্ট সম্ভাৱনা আছে। প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্য (ভূমি, বন, খনিজ আৰু জলসম্পদ)ৰ সুপৰিকল্পিত ব্যৱহাৰে অৰ্থনৈতিক বিকাশ ত্বরান্বিত কৰিব পাৰে। কৃষিভিত্তিক উদ্যোগ, বিশেষকৈ চাহ, ৰেচম, ৰবৰ, ফল-মূল আৰু খাদ্য প্ৰস্তুতকৰণ উদ্যোগৰ বিকাশ সম্ভাৱনাপূর্ণ। খনিজ সম্পদৰ ৰাজহ, পৰ্যটন খণ্ডৰ সম্ভাৱনা, বৃহৎ মানৱ সম্পদ আৰু জলসম্পদৰ ব্যৱহাৰ অসমক অৰ্থনৈতিক বিকাশৰ দিশে আগবঢ়াব পাৰে। লগতে, মুগা সূতাৰ একচেটীয়া উদ্যোগো বিকাশৰ যথেষ্ট সুযোগ প্রদান কৰে।

SEBA Class 10 Geography Chapter 4 অসমৰ ভূগোল প্রশ্ন আৰু উত্তৰ – Complete Exam Guide

SEBA Class 10 Geography Chapter 4 অসমৰ ভূগোল প্রশ্ন আৰু উত্তৰ provide a clear explanation of Assam’s physical and economic features. These SEBA Class 10 Geography Chapter 4 অসমৰ ভূগোল প্রশ্ন আৰু উত্তৰ help students understand rivers, climate, soil, agriculture, and natural resources of Assam in an exam-oriented manner.

Regular revision of SEBA Class 10 Geography Chapter 4 অসমৰ ভূগোল প্রশ্ন আৰু উত্তৰ strengthens conceptual clarity and improves answer-writing skills. Every solution in the SEBA Class 10 Geography Chapter 4 অসমৰ ভূগোল প্রশ্ন আৰু উত্তৰ section follows the official SEBA / ASSEB pattern.

This page includes complete and syllabus-aligned SEBA Class 10 Geography Chapter 4 অসমৰ ভূগোল প্রশ্ন আৰু উত্তৰ prepared for the 2026–27 academic session. By practising SEBA Class 10 Geography Chapter 4 অসমৰ ভূগোল প্রশ্ন আৰু উত্তৰ regularly, students can confidently attempt HSLC examination questions.

If you are searching for reliable and updated SEBA Class 10 Geography Chapter 4 অসমৰ ভূগোল প্রশ্ন আৰু উত্তৰ, this SEBA Class 10 Geography Chapter 4 অসমৰ ভূগোল প্রশ্ন আৰু উত্তৰ guide will help you score better marks.

FAQs – SEBA / ASSEB Class 10 Geography Chapter 4 অসমৰ ভূগোল

1. SEBA Class 10 Geography Chapter 4 অসমৰ ভূগোল প্রশ্ন আৰু উত্তৰ 2026–27 syllabus অনুসৰি নে?

হয়। এই SEBA Class 10 Geography Chapter 4 অসমৰ ভূগোল প্রশ্ন আৰু উত্তৰ সম্পূৰ্ণৰূপে 2026–27 SEBA / ASSEB syllabus অনুসৰি প্ৰস্তুত কৰা হৈছে।

2. অসমৰ মুখ্য নদী কেইখন?

ব্ৰহ্মপুত্ৰ আৰু বৰাক অসমৰ মুখ্য নদী।

3. অসমৰ জলবায়ুৰ বৈশিষ্ট্য কি?

অসমত আর্দ্ৰ উপ-উষ্ণমণ্ডলীয় জলবায়ু পোৱা যায়।

4. অসমৰ মুখ্য কৃষি ফচল কি?

ধান, চাহ, আৰু পাট অসমৰ মুখ্য কৃষি ফচল।

5. এই SEBA Class 10 Geography Chapter 4 অসমৰ ভূগোল প্রশ্ন আৰু উত্তৰ HSLC Examination ৰ বাবে সহায়ক নে?

হয়। এই অধ্যায় HSLC Examination ৰ বাবে অতি গুৰুত্বপূর্ণ।

6. এই Solutions SEBA আৰু ASSEB দুয়ো বোৰ্ডৰ বাবে প্ৰযোজ্য নে?

হয়। এই সমাধানসমূহ SEBA আৰু ASSEB Class 10 syllabus অনুসৰি প্ৰস্তুত কৰা হৈছে।

7. এই SEBA Class 10 Geography Chapter 4 অসমৰ ভূগোল প্রশ্ন আৰু উত্তৰ নিয়মিত আপডেট কৰা হয় নে?

হয়। Academic session আৰু syllabus পৰিবর্তন অনুসৰি এই সমলসমূহ নিয়মিতভাৱে আপডেট কৰা হয়।

🎓 About Assam Eduverse

Assam Eduverse is the best educational platform in Assam, offering SEBA, AHSEC (ASSEB), SCERT, CBSE, and Assam Board Solutions along with study materials, notes, and exam preparation guides to help students learn smarter and score higher.

Our expert-prepared answers and MCQs follow the latest Assam Board Syllabus and NCERT Syllabus. We make learning simple, accessible, and effective for all students preparing for board or competitive exams.📘 Visit Assam Eduverse for free Assam Board Solutions, notes, and Study Materials prepared by experts.