SEBA Class 10 Geography Chapter 3 পৃথিবীৰ ভূগোল প্রশ্ন আৰু উত্তৰ Solutions (2026–27)
SEBA Class 10 Geography Chapter 2 পৰিবেশ আৰু পৰিৱেশৰ সমস্যা প্রশ্ন আৰু উত্তৰ are essential study materials for HSLC students preparing under the 2026–27 SEBA and ASSEB syllabus. These SEBA Class 10 Geography Chapter 2 পৰিবেশ আৰু পৰিৱেশৰ সমস্যা question answers clearly explain the concept of environment, components of environment, and major environmental problems in a structured and exam-focused manner.
The chapter পৰিবেশ আৰু পৰিৱেশৰ সমস্যা discusses air pollution, water pollution, deforestation, global warming, and environmental conservation measures. For students searching for ASSEB Class 10 Geography Chapter 2 Poribesh question answer, this page provides complete and syllabus-aligned solutions. Since important short and long questions frequently appear from this lesson, SEBA Class 10 Geography Chapter 2 পৰিবেশ আৰু পৰিৱেশৰ সমস্যা প্রশ্ন আৰু উত্তৰ are crucial for scoring high marks.
Prepared by Assam Eduverse subject experts, these SEBA Class 10 Geography Chapter 2 পৰিবেশ আৰু পৰিৱেশৰ সমস্যা প্রশ্ন আৰু উত্তৰ strictly follow the official SEBA answer-writing pattern.
SEBA / ASSEB Class 10 Geography Chapter 3 পৃথিবীৰ ভূগোল Complete Solutions, Guide & Question Answers
অনুশীলনী
১। পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ পৃথিৱীৰ পৃষ্ঠত দুটা মুখ্য মণ্ডল আছে — স্থলমণ্ডল আৰু জলমণ্ডল। স্থলমণ্ডল (Lithosphere) হৈছে মাটিৰে গঠিত অংশ, য’ত পৰ্বত, সমভূমি, উপত্যকা, উপকূল আদিও অন্তৰ্ভুক্ত। আনহাতে, জলমণ্ডল (Hydrosphere) হৈছে সাগৰ, মহাসাগৰ, নদী, হ্ৰদ আৰু বৰফৰ ৰূপত থকা পানীৰ অংশ। পৃথিৱীৰ মুঠ পৃষ্ঠৰ প্ৰায় ৭১ শতাংশ জলভাগ আৰু ২৯ শতাংশ স্থলভাগেৰে গঠিত। স্থলমণ্ডল আৰু জলমণ্ডল একে স্থানত একেলগে নাথাকে; দুয়োটা পৰস্পৰক বিভক্ত কৰি মাজে মাজে সোমাই থকা দেখা যায়।
২। মহাদেশীয় বিস্থাপন সূত্র অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল?
উত্তৰঃ মহাদেশীয় বিস্থাপন সূত্ৰ (Continental Drift Theory) অনুসৰি, আজিৰ পৰা প্ৰায় ৩০০ নিযুত বছৰ পূৰ্বে পৃথিৱীৰ সকলো মহাদেশ একেলগে মিলি এটা একক স্থলভাগৰ ৰূপ লৈছিল, যাক ‘পেঞ্জিয়া’ (Pangaea) বোলা হৈছিল। এই একত্ৰিত স্থলভাগটোক চাৰিওফালে ‘পান্থালাছা’ (Panthalassa) নামৰ এক বিশাল জলভাগে আগুৰি ৰাখিছিল। পিছে এই পেঞ্জিয়া ফাট মেলি ‘টেথিছ সাগৰ’ নামৰ এক দীঘল সাগৰৰ সৃষ্টি কৰে। ইয়াৰ ফলত পেঞ্জিয়া দুটা ভাগলৈ বিভক্ত হয় — উত্তৰে ‘লৰেছিয়া’ (Laurasia) আৰু দক্ষিণে ‘গণ্ডোৱানালেণ্ড’ (Gondwanaland)। সময়ৰ সৈতে এই দুই ভাগে সঞ্চাৰিত হৈ আজিৰ মহাদেশসমূহৰ ৰূপ লৈছে।
৩। মহাসাগৰৰ তলিভাগৰ ভূ-অৱয়ব বিষয়ে চমুকৈ লিখা।
উত্তৰঃ মহাসাগৰৰ ওপৰৰ পৃষ্ঠ মসৃণ দেখুওৱা হলেও ইয়াৰ তলত বহু অসমান ভূ-প্ৰকৃতি পোৱা যায়। স্থলমণ্ডলৰ দৰে ইয়াতো পৰ্বত, দ্ৰোণী, খাত, আৰু টিলাৰ দৰে ভূ-অৱয়ব আছে। উপকূলৰ পৰা সাগৰৰ মাজলৈ গভীৰতা ক্ৰমান্বয়ে বৃদ্ধি পায়। প্ৰথমে উপকূলৰ ওচৰত থকা অগভীৰ অংশক ‘মহীসোপান’ (Continental Shelf) বোলা হয়, যাৰ গভীৰতা প্ৰায় ২০০ মিটাৰ। তাৰ পিছত থকা গভীৰ অংশটো ‘মহীঢাল’ (Continental Slope) বুলি জনা যায়, যাৰ গভীৰতা প্ৰায় ২০০০ মিটাৰ পৰ্যন্ত। ইয়াৰ পিছত অৱস্থিত ‘গভীৰ সমুদ্ৰতল’ (Deep Sea Plain) তুলনামূলকভাৱে সমানভূমি সদৃশ। ইয়াৰ মাজে মাজে দেখা যায় ‘সমুদ্ৰতলীয় দ্ৰোণী’ (Oceanic Canyon) আৰু সিঁচৰতিভাৱে ওপৰলৈ থকা ‘শৈলসিৰা’ আৰু ‘দ্বীপ’। আটাইতকৈ গভীৰ স্থান হৈছে ‘গভীৰ সমুদ্ৰখাত’ (Deep Sea Trench)। প্ৰশান্ত মহাসাগৰত অৱস্থিত মেৰিয়ানা খাতই পৃথিৱীৰ গভীৰতম স্থান (১১,০২২ মিটাৰ গভীৰ)।
৪। মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ পৃথিৱীৰ স্থলভাগ সাতখন মহাদেশেৰে গঠিত — এছিয়া, আফ্ৰিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওছেনিয়া আৰু এন্টাৰ্কটিকা। ইয়াৰ ভিতৰত এছিয়া সৰ্ববৃহৎ মহাদেশ। পৃথিৱীৰ স্থলভাগৰ প্ৰায় ৬৭ শতাংশ উত্তৰ গোলার্ধত অৱস্থিত। এই মহাদেশবোৰ চাৰিটা বৃহৎ অংশত বিভক্ত — এছিয়া, ইউৰোপ আৰু আফ্ৰিকা এক অংশত; উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা এক অংশত; অষ্ট্ৰেলিয়া আৰু ওছেনিয়া তৃতীয় অংশত; আৰু চতুৰ্থ অংশত এন্টাৰ্কটিকা।
পৃথিৱীৰ বৃহৎ জলভাগ পাঁচখন মহাসাগৰেৰে গঠিত — প্ৰশান্ত, আটলান্টিক, ভাৰত, উত্তৰ আৰু দক্ষিণ মহাসাগৰ। ইয়াৰ ভিতৰত প্ৰশান্ত মহাসাগৰ সৰ্ববৃহৎ। জলমণ্ডলৰ বৃহৎ অংশ, অৰ্থাৎ প্ৰায় ৫৭ শতাংশ, দক্ষিণ গোলার্ধত অৱস্থিত। প্ৰশান্ত, আটলান্টিক আৰু ভাৰত মহাসাগৰ দুয়োটা গোলাৰ্ধত বিস্তৃত, কিন্তু উত্তৰ মহাসাগৰ কেৱল উত্তৰ গোলাৰ্ধত আৰু দক্ষিণ মহাসাগৰ কেৱল দক্ষিণ গোলাৰ্ধত অৱস্থিত।
৫। পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ-অৱয়বসমূহৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ পৃথিৱীৰ স্থলভাগ একেবাৰে সমান নহয়। কোথাও উচ্চ পৰ্বত-পাহাৰ, কোথাও মালভূমি, আৰু কোথাও উৰ্ব্বৰা সমভূমি বা মৰুভূমি দেখা যায়। পৰ্বত-পাহাৰ মহাদেশসমূহৰ উল্লেখযোগ্য বৈশিষ্ট্য। হিমালয় পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতমালা আৰু ইয়াৰ শৃংগ এভাৰেষ্টৰ উচ্চতা ৮,৮৪৮ মিটাৰ। আফ্ৰিকাত এট্লাছ, ইউৰোপত আল্পছ, আৰু আমেৰিকাত ৰ’কি আৰু এণ্ডিজ পৰ্বতমালা উল্লেখযোগ্য। মালভূমিবোৰ হৈছে উচ্চভূমি অঞ্চল, য’ত তিব্বত আৰু পামিৰ পৃথিৱীৰ সৰ্বোচ্চ মালভূমি। আফ্ৰিকা এক বৃহৎ মালভূমি অঞ্চল বুলি পৰিচিত। সমভূমিবোৰ নদী উপত্যকা আৰু উপকূলীয় অঞ্চলৰ আশেপাশে গঢ়ি উঠা উৰ্ব্বৰা ভূমি; যেনে গংগা-ব্ৰহ্মপুত্ৰ উপত্যকা। লগতে পৃথিৱীৰ বিভিন্ন স্থানত বৃহৎ মৰুভূমিও আছে — আফ্ৰিকাৰ চাহাৰা, এছিয়াৰ গোবি, থৰ আৰু আৰব মৰুভূমি বিশেষভাবে জনাজাত।
৬। এছিয়া মহাদেশৰ প্রাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা।
উত্তৰঃ এছিয়া মহাদেশ পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ। ই মূলত উত্তৰ গোলার্ধত অৱস্থিত। উত্তৰে উত্তৰ মহাসাগৰ, দক্ষিণে ভাৰত মহাসাগৰ, পূবে প্ৰশান্ত মহাসাগৰ, আৰু পশ্চিমে লোহিত সাগৰ, ছুৱেজ খাল, ভূমধ্য সাগৰ, ককেছাছ পৰ্বত, কাস্পিয়ান সাগৰ, ইউৰাল নদী আৰু ইউৰাল পৰ্বতমালাই আগুৰি ৰাখিছে। ভূ-প্ৰকৃতিগতভাৱে এই মহাদেশৰ মাজভাগ পৰ্বতমালা আৰু মালভূমিৰে আৱৰা। উত্তৰ, দক্ষিণ আৰু পূব অংশত বিস্তৃত সমভূমি অঞ্চল আছে।
এছিয়াত হিমালয়, কাৰাকোৰাম, কুনলুন আদি পৰ্বতমালা অৱস্থিত আৰু পৃথিৱীৰ সৰ্বোচ্চ শৃংগ এভাৰেষ্ট ইয়াতেই। মালভূমিৰ ভিতৰত পামিৰ, তিব্বত, আৰব আৰু দাক্ষিণাত্য মালভূমি প্ৰধান। নদ-নদীৰ ভিতৰত সিন্ধু, গংগা, ব্ৰহ্মপুত্ৰ, ইয়েনিছি, ওবি, লেনা, আমূৰ, হোৱাংহো আৰু ইয়াংজে কিয়াং উল্লেখযোগ্য। লগতে বলখাচ, বৈকাল, চিল্কা আদি বহুতো হ্ৰদো আছে। এছিয়া মহাদেশত গোবি, থৰ আৰু আৰব মৰুভূমি অৱস্থিত। এই মহাদেশৰ বৈচিত্ৰ্যময় প্ৰাকৃতিক অৱয়বই একে সময়তে ইকো গতি-প্ৰকৃতি আৰু জীৱবৈচিত্ৰ্যৰ উদাহৰণ সৃষ্টি কৰিছে।
৭। কাৰণ দৰ্শাই উত্তৰ লিখা:
(ক) পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৯০ শতাংশই উত্তৰ গোলার্ধত থুপ খাই আছে কিয়?
উত্তৰ: পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৯০ শতাংশই উত্তৰ গোলার্ধত থুপ খাই থকাৰ প্ৰধান কাৰণসমূহ হ’ল: স্থলভাগৰ বৃহৎ অংশৰ অৱস্থিতি, অনুকূল প্রাকৃতিক পৰিৱেশ, আৰু অৰ্থনৈতিক-সামাজিক উন্নয়ন। পৃথিৱীৰ ৬৭ শতাংশ স্থলভাগ উত্তৰ গোলার্ধত অৱস্থিত, যাৰ ভিতৰত উত্তৰ আমেৰিকা, ইউৰোপ আৰু এছিয়া সম্পূৰ্ণভাৱে আহে। এই অঞ্চলসমূহত প্ৰচুৰ প্রাকৃতিক সম্পদ, অনুকূল জলবায়ু, উপযুক্ত মাটি, আৰু বিকশিত অৰ্থনৈতিক ক্ষেত্ৰ থাকিবলৈ জনসংখ্যা ঘন।
(খ) এন্টার্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি নাই কিয়?
উত্তৰ: এন্টাৰ্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি নথকাৰ মূল কাৰণসমূহ হ’ল: এই মহাদেশ দক্ষিণ মেৰুক কেন্দ্ৰ কৰি অৱস্থিত, যাৰ জলবায়ু অত্যন্ত ঠাণ্ডা। বৰফেৰে আৱৰা এই অঞ্চল জীৱনধাৰণৰ বাবে প্ৰতিকূল আৰু প্ৰয়োজনীয় সম্পদৰ অভাৱৰ কাৰণে ইয়াত স্থায়ী বসতি স্থাপন অসম্ভৱ।
৮। তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া:
(ক) এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত থকা প্রাকৃতিক সীমা কিহে সৃষ্টি কৰিছে?
উত্তৰ: এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজৰ প্রাকৃতিক সীমা ইউৰাল পৰ্বতমালা আৰু ইউৰাল নদীয়ে সৃষ্টি কৰিছে।
(খ) পৃথিৱীৰ দীর্ঘতম পর্বতমালা কোনটো আৰু ক’ত অৱস্থিত?
উত্তৰ: পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাটো হ’ল এণ্ডিজ পৰ্বতমালা (প্ৰায় ৮০০০ কিলোমিটাৰ), যি দক্ষিণ আমেৰিকা মহাদেশৰ পশ্চিম অংশত অৱস্থিত।
(গ) মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্রতম মহাদেশৰ নাম লিখা।
উত্তৰ:
- বৃহত্তম মহাদেশ — এছিয়া (৪৪.৬ নিযুত বৰ্গ কি.মি.),
- ক্ষুদ্রতম মহাদেশ — ওছেনিয়া (৮.১ নিযুত বৰ্গ কি.মি.)।
(ঘ) পৃথিৱীৰ কোনখন দেশ কোন দুখন মহাদেশলৈ বিস্তৃত?
উত্তৰ: ৰাছিয়া হৈছে পৃথিৱীৰ সেই দেশ যি এছিয়া আৰু ইউৰোপ দুয়োখন মহাদেশলৈ বিস্তৃত।
(ঙ) মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্রতম দেশৰ নাম লিখা।
উত্তৰ:
- বৃহত্তম দেশ — ৰাছিয়া (১,৭০,৯৮,২৪২ বৰ্গ কি.মি.),
- ক্ষুদ্রতম দেশ — ভেটিকান চিটী (০.৪৪ বৰ্গ কি.মি.)।
(চ) উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পর্বত শ্রেণীটোৰ নাম কি? ই মহাদেশৰ কোন অংশত অৱস্থিত?
উত্তৰ: উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বত শ্ৰেণী হ’ল ৰ’কি পাৰ্বত্য অঞ্চল, যি পশ্চিম অংশত (আলাস্কাৰ পৰা মেক্সিকো পৰ্যন্ত) অৱস্থিত।
(ছ) পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন আৰু ই ক’ত অৱস্থিত?
উত্তৰ: পৃথিৱীৰ বৃহত্তম মৰুভূমি হ’ল চাহাৰা মৰুভূমি, যি আফ্ৰিকা মহাদেশত অৱস্থিত।
(জ) এছিয়া মহাদেশৰ দুখনকৈ উত্তৰ দিশলৈ আৰু পূব দিশলৈ প্ৰবাহিত নদীৰ নাম লিখা।
উত্তৰ:
- উত্তৰ দিশলৈ প্ৰবাহিত নদী — ইয়েনিছি আৰু ওবি;
- পূব দিশলৈ প্ৰবাহিত নদী — হোৱাংহো আৰু ইয়াংজে কিয়াং।
(ঝ) অষ্ট্ৰেলিয়াৰ একোখনকৈ প্রধান পৰ্বতশ্রেণী, নদী আৰু মৰুভূমিৰ নাম লিখা।
উত্তৰ:
- পৰ্বতশ্ৰেণী — গ্ৰেট ডিভাইডিং ৰেঞ্জ;
- নদী — মূৰে;
- মৰুভূমি — গ্ৰেট ভিক্টোৰিয়া।
(ঞ) ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম লিখা।
উত্তৰ: স্পেইন, ইটালী আৰু গ্ৰীচ।
৯। চমুটোকা লিখা:
(ক) পেঞ্জিয়া
উত্তৰ: মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্ৰ (Continental Drift Theory) অনুসৰি আজিৰ পৰা প্ৰায় ৩০০ নিযুত বছৰ পূৰ্বে (পূৰাজীৱীয় কল্পৰ পাৰমিয়ান যুগত) পৃথিৱীৰ সমগ্ৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল । পৃথিৱীৰ এই অৱস্থাত থকা একত্ৰিত স্থলমণ্ডলটোক ‘পেঞ্জিয়া’ (Pangaea) বোলা হয় । পেঞ্জিয়াৰ চাৰিওফালে ‘পান্থালাছা’ (Panthalassa) নামৰ বৃহৎ জলমণ্ডলে আগুৰি আছিল । কিছুকাল পিছত পেঞ্জিয়াৰ প্ৰায় সোঁমাজেৰে ফাট মেলি ‘টেথিছ সাগৰ’ৰ সৃষ্টি হৈছিল, যিয়ে পেঞ্জিয়াক উত্তৰ অংশ আঙ্গাৰালেণ্ড বা লৰেছিয়া আৰু দক্ষিণ অংশ গণ্ডোৱানালেণ্ড নামৰ দুটা ভাগত বিভক্ত কৰিছিল ।
(খ) উত্তৰ মহাসাগৰ
উত্তৰ: উত্তৰ মহাসাগৰ পৃথিৱীৰ ক্ষুদ্রতম মহাসাগৰ । ইয়াৰ মাটিকালি প্ৰায় ১৪ নিযুত বৰ্গ কিলোমিটাৰ । উত্তৰ মেৰুৰ চাৰিওফালে বিস্তৃত হোৱা বাবে ইয়াৰ আকৃতি ঘূৰণীয়া । এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকা মহাদেশৰ উত্তৰাংশই এই মহাসাগৰক আগুৰি আছে । ইয়াৰ তলিৰ গড় গভীৰতা প্ৰায় ৩৫০০ মিটাৰ । উত্তৰ মেৰু অঞ্চলত অৱস্থিত হোৱা বাবে বছৰটোৰ বেছিভাগ সময়েই উত্তৰ মহাসাগৰখন ডাঠ বৰফেৰে ঢাক খাই থাকে ।
(গ) ওছেনিয়া মহাদেশ
উত্তৰ: অষ্ট্ৰেলিয়া মহাদ্বীপক কেন্দ্ৰ কৰি দক্ষিণ-পশ্চিম প্ৰশান্ত মহাসাগৰত অৱস্থিত নিউজিলেণ্ড, টাছমানিয়া, নিউগিনি আদি বহুতো সৰু-ডাঙৰ দ্বীপসমূহক লৈ ওছেনিয়া মহাদেশ গঠিত । ই মাটিকালিৰ ভিত্তিত (প্ৰায় ৮ নিযুত বৰ্গ কিলোমিটাৰ) পৃথিৱীৰ ক্ষুদ্রতম মহাদেশ । এই মহাদেশখন এছিয়া মহাদেশৰ দক্ষিণে সম্পূৰ্ণভাৱে পৃথিৱীৰ দক্ষিণ গোলার্ধত অৱস্থিত । অষ্ট্ৰেলিয়াই এই মহাদেশৰ বৃহত্তম দেশ । ওছেনিয়া মহাদেশৰ চাৰিওফালে প্ৰশান্ত, ভাৰত আৰু দক্ষিণ মহাসাগৰে আগুৰি আছে । ইয়াৰ মূল ভূ-খণ্ড অষ্ট্ৰেলিয়া এটা প্ৰাচীন মালভূমি, যাৰ পূব অংশ গ্ৰেট ডিভাইডিং ৰেঞ্জ আদিৰে সৃষ্টি হোৱা উচ্চভূমি অঞ্চল । মুৰে আৰু ডাৰ্লিং নদীয়ে দক্ষিণ-পূব অংশত এখন বৃহৎ সমতলভূমিৰ সৃষ্টি কৰিছে ।
(ঘ) এছিয়া মহাদেশৰ নদ-নদী
উত্তৰ: এছিয়া মহাদেশৰ উচ্চভূমি অঞ্চলসমূহৰ পৰা বহু ডাঙৰ নদীৰ উৎপত্তি হৈ উত্তৰ, দক্ষিণ আৰু পূব দিশত থকা সাগৰ-মহাসাগৰলৈ বৈ গৈ কেবাখনো সাৰুৱা সমভূমি আৰু ব-দ্বীপৰ সৃষ্টি কৰিছে । দক্ষিণ-মধ্য অংশৰ নদী: সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ; উত্তৰ অংশৰ নদী: ইয়েনিছি, ওবি আৰু লেনা; পূব অংশৰ নদী: আমূৰ, হোৱাংহো, ইয়াংজে কিয়াং আৰু চিকিয়াং; দক্ষিণ আৰু দক্ষিণ-পূবৰ নদী: নৰ্মদা, তাপ্তি, মহানদী, গোদাবৰী, কৃষ্ণা, কাবেৰী, বৰাক, মে’নাম, ইৰাৱতী, মেকং আদি। এই নদীসমূহ মহাদেশখনৰ কৃষি আৰু জনবসতিৰ বাবে অতি গুৰুত্বপূৰ্ণ।
(ঙ) আফ্রিকা মহাদেশৰ হৃদসমূহ
উত্তৰ: আফ্ৰিকা মহাদেশ বহু নদী-হ্ৰদেৰে ভৰা । ইয়াৰ উল্লেখযোগ্য হ্ৰদসমূহ হ’ল: ভিক্টোৰিয়া, এলবাৰ্ট, টাংগানিকা, চাড, ভোল্টা, ন্যাচা, মালাবি, টুকানা আদি। এই হ্ৰদসমূহে জলবিদ্যুৎ, পৰিবহণ আৰু কৃষিক্ষেত্ৰত বিশেষ সহায় কৰে।
(চ) ইউৰোপ মহাদেশৰ নদ-নদী
উত্তৰ: ইউৰোপ মহাদেশ বহু নদ-নদীৰে সমৃদ্ধ। এই মহাদেশৰ প্ৰায় প্ৰতিখন দেশৰ মাজেদি কোনো নহ কোনো নদী বহি গৈছে। ইউৰোপৰ প্ৰধান নদীসমূহ হৈছে — স্পেইনৰ এলব্ৰো, ফ্ৰান্সৰ ৰোণ আৰু চেইন, জাৰ্মানীৰ ৰাইন আৰু এল্বে, অষ্ট্ৰিয়া, হাংগেৰী আৰু ৰোমানিয়াৰ ডানিয়ুব, বেলাৰুচ আৰু ইউক্ৰেইনৰ নিপাৰ, ইটালীৰ পো, গ্ৰেট ব্ৰিটেইনৰ থেমচ, আৰু ৰাছিয়াৰ ডন, ভল্গা আৰু ইউৰাল নদী।
এই সকলো নদী ইউৰোপ মহাদেশৰ জলবায়ু নিয়ন্ত্ৰণ, কৃষি সেচ, জলবিদ্যুৎ উৎপাদন, পৰিবহণ ব্যৱস্থা আৰু অৰ্থনৈতিক উন্নয়নত এক অত্যন্ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।
(ছ) আপেলেছিয়ান উচ্চভূমি অঞ্চল
উত্তৰ: আপেলেছিয়ান উচ্চভূমি অঞ্চলটো উত্তৰ আমেৰিকা মহাদেশৰ পূব অংশত অৱস্থিত । এই অঞ্চলটো উত্তৰে নিউফাউণ্ডলেণ্ডৰ পৰা দক্ষিণে ফ্লোৰিডা পৰ্যন্ত বিস্তৃত হৈ আছে । ই পৰ্বত-পাহাৰ, ঠেক উপত্যকা আৰু ভগ্ন মালভূমিৰে গঠিত এটা ওখোৰা-মোখোৰা অঞ্চল । এই উচ্চভূমিৰ দক্ষিণ অংশত এলিঘেনি আৰু ব্লুৰিজ পৰ্বতশ্ৰেণী আছে । আপেলেছিয়ান উচ্চভূমিৰ পূবে আটলান্টিক মহাসাগৰৰ উপকূলীয় অংশত ন’ভা স্কটিয়াৰ পৰা পানামালৈকে এক বিস্তৃত উপকূলীয় সমতল ভূমি আছে ।
(জ) উত্তৰ আমেৰিকা মহাদেশৰ হৃদসমূহ
উত্তৰ: উত্তৰ আমেৰিকা মহাদেশত বহুতো হ্ৰদ আছে । মহাদেশৰ প্ৰধান হ্ৰদসমূহ হ’ল: ছুপেৰিওৰ, হুৰ’ন, মিছিগান, এৰি, ওন্টেৰিও, গ্ৰেট বিয়াৰ, গ্ৰেট শ্লেভ, উইনিপেগ, আৰু গ্ৰেট ছল্ট। ছুপেৰিওৰ, হুৰ’ন, মিছিগান, এৰি আৰু ওন্টেৰিও হ্ৰদক একেলগে ‘গ্ৰেট লেকছ’ বুলি জনা যায়।
১০। পার্থক্য লিখা:
(ক) মহীসোপান আৰু মহীঢালৰ মাজত পাৰ্থক্য
| মহীসোপান (Continental Shelf) | মহীঢাল (Continental Slope) |
|---|---|
| উপকূলৰ চাৰিওফালে থকা সাগৰ-মহাসাগৰৰ অগভীৰ অংশক মহীসোপান বোলা হয়। | মহীসোপানৰ পিছৰ যথেষ্ট গভীৰ অংশটোক মহীঢাল বোলা হয়। |
| ইয়াৰ গভীৰতা সাধাৰণতে প্ৰায় ২০০ মিটাৰ পৰ্যন্ত হয়। | ইয়াৰ গভীৰতা প্ৰায় ২০০০ মিটাৰ পৰ্যন্ত হয়। |
| ই স্থলমণ্ডল আৰু জলমণ্ডলৰ সংযোগৰেখাৰ পৰা আৰম্ভ হয়। | ই মহীসোপানৰ পিছত ক্ৰমান্বয়ে গভীৰতালৈ বিস্তৃত হয়। |
| ই মৎস্য, তেল, গেছ আদি প্ৰাকৃতিক সম্পদে সমৃদ্ধ অঞ্চল। | ই সামুদ্ৰিক ভূমিকম্প আৰু সুনামিৰ মূল উৎস অঞ্চল। |
(খ) এভাৰেষ্ট শৃংগ আৰু গডউইন অষ্টিন শৃংগৰ মাজত পাৰ্থক্য
| এভাৰেষ্ট শৃংগ (Mount Everest) | গডউইন অষ্টিন শৃংগ (Mount K₂) |
|---|---|
| ই পৃথিৱীৰ সৰ্বোচ্চ শৃংগ। | ই পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ শৃংগ। |
| ইয়াৰ উচ্চতা ৮,৮৪৮ মিটাৰ। | ইয়াৰ উচ্চতা ৮,৬১১ মিটাৰ। |
| ই হিমালয় পৰ্বতশ্ৰেণীৰ অন্তৰ্গত। | ই কাৰাকোৰাম পৰ্বতমালাৰ অন্তৰ্গত। |
| ই নেপাল আৰু চীন সীমান্তত অৱস্থিত। | ই পাকিস্তান আৰু চীন সীমান্তত অৱস্থিত। |
(গ) ওছেনিয়া মহাদেশ আৰু এন্টাৰ্কটিকা মহাদেশৰ মাজত পাৰ্থক্য
| ওছেনিয়া মহাদেশ (Oceania) | এন্টাৰ্কটিকা মহাদেশ (Antarctica) |
|---|---|
| অষ্ট্ৰেলিয়া মহাদেশক কেন্দ্ৰ কৰি নিউজিলেণ্ড, নিউগিনি আদি বহু সৰু-ডাঙৰ দ্বীপ লৈ এই মহাদেশ গঠিত। | দক্ষিণ মেৰু কেন্দ্ৰ কৰি অৱস্থিত বৰফাচ্ছাদিত মহাদেশ। |
| ই পৃথিৱীৰ ক্ষুদ্রতম মহাদেশ (প্ৰায় ৮.১ নিযুত বৰ্গ কি.মি.)। | ই পৃথিৱীৰ চতুৰ্থ বৃহৎ মহাদেশ (প্ৰায় ১৩.২ নিযুত বৰ্গ কি.মি.)। |
| ইয়াত স্থায়ী জনবসতি আছে (প্ৰায় ৩৮ নিযুত লোক)। | ইয়াত কোনো স্থায়ী জনবসতি নাই। |
| ইয়াৰ জলবায়ু উষ্ণ আৰু উপউষ্ণধর্মী। | ইয়াৰ জলবায়ু বৰফাচ্ছাদিত আৰু অতিশয় শীতল। |
(ঘ) গোবি মৰুভূমি আৰু আটাকামা মৰুভূমিৰ মাজত পাৰ্থক্য
| গোবি মৰুভূমি (Gobi Desert) | আটাকামা মৰুভূমি (Atacama Desert) |
|---|---|
| ই এছিয়া মহাদেশত অৱস্থিত। | ই দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত। |
| ই মঙ্গোলিয়া আৰু চিনৰ মাজত বিস্তৃত। | ই চিলিৰ উত্তৰ অংশত অৱস্থিত। |
| ই এটা উষ্ণ আৰু শুষ্ক মৰুভূমি। | ই পৃথিৱীৰ আটাইতকৈ বৃষ্টিহীন মৰুভূমি। |
| ইয়াত বালি আৰু পাথৰৰ বিস্তৃতি থকা বিস্তীর্ণ অঞ্চল দেখা যায়। | ইয়াত প্ৰায় কেতিয়াও বৰষুণ নপৰে আৰু বায়ু অত্যন্ত শুকান। |
১১। শুদ্ধ উত্তৰটো বাছি উলিওৱা:
(ক) পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন?
(১) প্রশান্ত মহাসাগৰ
(২) ভাৰত মহাসাগৰ
(৩) আটলান্টিক মহাসাগৰ
(৪) দক্ষিণ মহাসাগৰ
উত্তৰ: (৩) আটলান্টিক মহাসাগৰ
(খ) পৃথিৱীৰ ক্ষুদ্রতম মহাদেশ কোনখন?
(১) উত্তৰ আমেৰিকা মহাদেশ
(২) ইউৰোপ মহাদেশ
(৩) এন্টাৰ্কটিকা মহাদেশ
(৪) ওছেনিয়া মহাদেশ
উত্তৰ: (৪) ওছেনিয়া মহাদেশ
(গ) ফক্লেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত?
(১) আটলান্টিক মহাসাগৰ
(২) উত্তৰ মহাসাগৰ
(৩) প্রশান্ত মহাসাগৰ
(৪) ভাৰত মহাসাগৰ
উত্তৰ: (১) আটলান্টিক মহাসাগৰ
(ঘ) এছিয়া আৰু আফ্রিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে?
(১) ভূমধ্য সাগৰ
(২) লোহিত সাগৰ
(৩) কাম্পিয়ান সাগৰ
(৪) আৰব সাগৰ
উত্তৰ: (২) লোহিত সাগৰ
(ঙ) এছিয়া আৰু ইউৰোপ মহাদেশক প্রাকৃতিকভাৱে কিহে পৃথক কৰিছে?
(১) ইউৰাল পৰ্বতমালা
(২) ককেছাচ পৰ্বত
(৩) কাস্পিয়ান সাগৰ
(৪) ভল্লা নদী
উত্তৰ: (১) ইউৰাল পৰ্বতমালা
(চ) ইকুৱেড’ৰ কোনখন মহাদেশত অৱস্থিত?
(১) উত্তৰ আমেৰিকা
(২) দক্ষিণ আমেৰিকা
(৩) আফ্ৰিকা
(৪) এছিয়া
উত্তৰ: (২) দক্ষিণ আমেৰিকা
(ছ) ব্রাজিলৰ ৰাজধানী কি?
(১) ৰিঅ’ ডি জেনেইৰো
(২) চাও পাওলো
(৩) ব্রাচিলিয়া
(৪) লিমা
উত্তৰ: (৩) ব্রাচিলিয়া
SEBA Class 10 Geography Chapter 3 পৃথিবীৰ ভূগোল প্রশ্ন আৰু উত্তৰ – Complete Exam Guide
SEBA Class 10 Geography Chapter 3 পৃথিবীৰ ভূগোল প্রশ্ন আৰু উত্তৰ provide a clear explanation of the Earth’s structure, continents, and oceans. These SEBA Class 10 Geography Chapter 3 পৃথিবীৰ ভূগোল প্রশ্ন আৰু উত্তৰ help students understand latitudes, longitudes, climatic zones, and physical features in an exam-oriented manner.
Regular revision of SEBA Class 10 Geography Chapter 3 পৃথিবীৰ ভূগোল প্রশ্ন আৰু উত্তৰ strengthens conceptual clarity and improves answer-writing skills. Every solution in the SEBA Class 10 Geography Chapter 3 পৃথিবীৰ ভূগোল প্রশ্ন আৰু উত্তৰ section follows the official SEBA / ASSEB pattern.
This page includes complete and syllabus-aligned SEBA Class 10 Geography Chapter 3 পৃথিবীৰ ভূগোল প্রশ্ন আৰু উত্তৰ prepared for the 2026–27 academic session. By practising SEBA Class 10 Geography Chapter 3 পৃথিবীৰ ভূগোল প্রশ্ন আৰু উত্তৰ regularly, students can confidently attempt HSLC examination questions.
If you are searching for reliable and updated SEBA Class 10 Geography Chapter 3 পৃথিবীৰ ভূগোল question আৰু উত্তৰ, this SEBA Class 10 Geography Chapter 3 পৃথিবীৰ ভূগোল প্রশ্ন আৰু উত্তৰ guide will help you score better marks.
FAQs – SEBA / ASSEB Class 10 Geography Chapter 3 পৃথিবীৰ ভূগোল
1. SEBA Class 10 Geography Chapter 3 পৃথিবীৰ ভূগোল প্রশ্ন আৰু উত্তৰ 2026–27 syllabus অনুসৰি নে?
হয়। এই SEBA Class 10 Geography Chapter 3 পৃথিবীৰ ভূগোল প্রশ্ন আৰু উত্তৰ সম্পূৰ্ণৰূপে 2026–27 SEBA / ASSEB syllabus অনুসৰি প্ৰস্তুত কৰা হৈছে।
2. পৃথিবীৰ আকৃতি কেনেকুৱা?
পৃথিবী গোলাকাৰ আৰু মেরুদণ্ডত অলপ চাপা।
3. অক্ষাংশ আৰু দ্ৰাঘিমাংশ কি?
অক্ষাংশ আৰু দ্ৰাঘিমাংশ হৈছে পৃথিবীৰ অৱস্থান নিৰ্ণয় কৰাৰ কাল্পনিক ৰেখা।
4. পৃথিবীৰ মুখ্য জলবায়ু অঞ্চল কেইটা?
উষ্ণমণ্ডলীয়, শীতলমণ্ডলীয় আৰু নাতিশীতোষ্ণমণ্ডলীয় এই তিনিটা মুখ্য জলবায়ু অঞ্চল।
5. এই SEBA Class 10 Geography Chapter 3 পৃথিবীৰ ভূগোল প্রশ্ন আৰু উত্তৰ HSLC Examination ৰ বাবে সহায়ক নে?
হয়। এই অধ্যায় HSLC Examination ৰ বাবে অতি গুৰুত্বপূর্ণ।
6. এই Solutions SEBA আৰু ASSEB দুয়ো বোৰ্ডৰ বাবে প্ৰযোজ্য নে?
হয়। এই সমাধানসমূহ SEBA আৰু ASSEB Class 10 syllabus অনুসৰি প্ৰস্তুত কৰা হৈছে।
7. এই SEBA Class 10 Geography Chapter 3 পৃথিবীৰ ভূগোল প্রশ্ন আৰু উত্তৰ নিয়মিত আপডেট কৰা হয় নে?
হয়। Academic session আৰু syllabus পৰিবর্তন অনুসৰি এই সমলসমূহ নিয়মিতভাৱে আপডেট কৰা হয়।
🎓 About Assam Eduverse
Assam Eduverse is the best educational platform in Assam, offering SEBA, AHSEC (ASSEB), SCERT, CBSE, and Assam Board Solutions along with study materials, notes, and exam preparation guides to help students learn smarter and score higher.
Our expert-prepared answers and MCQs follow the latest Assam Board Syllabus and NCERT Syllabus. We make learning simple, accessible, and effective for all students preparing for board or competitive exams.📘 Visit Assam Eduverse for free Assam Board Solutions, notes, and Study Materials prepared by experts.