SEBA Class 10 Geography Chapter 1 অৰ্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ প্রশ্ন আৰু উত্তৰ Solutions (2026–27)

SEBA Class 10 Geography Chapter 1 অৰ্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ প্রশ্ন আৰু উত্তৰ are essential study materials for HSLC students preparing under the 2026–27 SEBA and ASSEB syllabus. These SEBA Class 10 Geography Chapter 1 অৰ্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ question answers clearly explain the meaning, scope, and importance of economic geography along with the concept of resources in a structured and exam-focused manner.

The chapter অৰ্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ discusses types of resources, classification of resources, renewable and non-renewable resources, and their utilization. For students searching for ASSEB Class 10 Geography Chapter 1 Arthonoitik Bhugol question answer, this page provides complete and syllabus-aligned solutions. Since important short and long questions frequently appear from this lesson, SEBA Class 10 Geography Chapter 1 অৰ্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ প্রশ্ন আৰু উত্তৰ are crucial for scoring high marks.

Prepared by Assam Eduverse subject experts, these SEBA Class 10 Geography Chapter 1 অৰ্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ প্রশ্ন আৰু উত্তৰ strictly follow the official SEBA answer-writing pattern.

SEBA / ASSEB Class 10 Geography Chapter 1 অৰ্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ Complete Solutions, Guide & Question Answers

অনুশীলনী

১। অর্থনৈতিক ভূগোল কাক বোলে? ইয়াৰ মূল বিষয়বস্তু কি? আৰু অর্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা।
উত্তৰ: অৰ্থনৈতিক ভূগোল হৈছে ভূগোলৰ সেই শাখা য’ত মানুহৰ অৰ্থনৈতিক কার্যকলাপ—যেন সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়—কেনেকৈ স্থান আৰু সময় অনুসৰি সংঘটিত হয়, সেইবোৰৰ অধ্যয়ন কৰা হয়। ইয়াক মানৱ ভূগোলৰ অন্যতম গুৰুত্বপূর্ণ শাখা বুলি গণ্য কৰা হয়।
অর্থনৈতিক ভূগোলৰ মূল বিষয়বস্তুসমূহৰ ভিতৰত আছে: মানুহৰ অৰ্থনৈতিক কার্যকলাপৰ বিতৰণ, ইয়াৰ লগত জড়িত কাৰক আৰু প্ৰক্ৰিয়াৰ অধ্যয়ন; কোনো অঞ্চলৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ধাৰণ; আৰু অঞ্চলবোৰে কিয় বিশেষ কাৰ্যত আগবঢ়া বা বিশেষ বাণিজ্য-উৎপাদনত সফল, তাৰ বিশ্লেষণ।

অর্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ ভিতৰত উল্লেখযোগ্য হৈছে:

  1. কৃষি ভূগোল (Agricultural Geography)
  2. ঔদ্যোগিক ভূগোল (Industrial Geography)
  3. সম্পদ ভূগোল (Geography of Resources)
  4. পৰিবহণ ভূগোল (Transport Geography)
  5. বজাৰ ভূগোল (Marketing Geography)
  6. পৰিকল্পনা আৰু উন্নয়ন ভূগোল (Geography of Planning and Development)
  7. পর্যটন ভূগোল (Geography of Tourism)

২। অর্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা।
উত্তৰ: অৰ্থনৈতিক ভূগোলত মূলত মানুহৰ অৰ্থনৈতিক কার্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক-প্ৰক্ৰিয়াৰ অধ্যয়ন কৰা হয়। ইয়াৰ অধ্যয়নৰ পৰিসৰ চাৰিটা দিশত ভাগ কৰিব পাৰি। প্ৰথমত, অৱস্থান আৰু বৈশিষ্ট্য, অৰ্থাৎ কোনো কার্য ক’ত অৱস্থিত, তাৰ বৈশিষ্ট্য কি, আৰু আন পৰিঘটনাৰ লগত ইয়াৰ সম্পৰ্ক। দ্বিতীয়ত, আধুনিক দৃষ্টিভংগী, অৰ্থাৎ কাৰ্যটো তাতে কিয় আছে আৰু আন ঠাইত থাকিলে সুবিধা হ’ব নেকি, সেই বিষয়ে অধ্যয়ন। তৃতীয়ত, উন্নয়নৰ গতি আৰু দিশ, অৰ্থাৎ অঞ্চলৰ অৰ্থনৈতিক উন্নয়নৰ পথ আৰু ধাৰা নিৰ্ধাৰণ। চতুৰ্থত, পাৰিৱেশিক সম্পৰ্ক, অৰ্থাৎ উৎপাদনক্ষম কাৰ্য আৰু পৰিৱেশৰ পৰিস্থিতিৰ মাজত সম্পর্কৰ অধ্যয়ন।


৩। মানুহৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজা? এনে অর্থনৈতিক বৃত্তিবোৰ কি কি?
উত্তৰ: মানুহৰ অৰ্থনৈতিক বৃত্তি হৈছে সেই উৎপাদনক্ষম কার্য যি প্রাকৃতিক আৰু মানৱসৃষ্ট সম্পদৰ উপাদানৰ বৈচিত্র্যৰ ভিত্তিত সংঘটিত হয়। পৃথিৱীৰ বিভিন্ন অঞ্চলত প্ৰাকৃতিক পৰিৱেশৰ কাৰণে উৎপাদনশীলতা আৰু কার্যকলাপৰ ধৰণ বেলেগ। উদাহৰণস্বৰূপে, কোনো অঞ্চল কৃষি কাৰ্যত আগবঢ়া, আন অঞ্চল ব্যবসা-বাণিজ্য বা ঔদ্যোগিক উৎপাদনত।

অৰ্থনৈতিক বৃত্তিৰ প্ৰকাৰ:

  1. প্রাথমিক বৃত্তি (Primary Occupation): প্ৰকৃতিৰ পৰা সম্পদ আহৰণ; যেনে- কৃষি, মাছ ধৰা, বনজ সম্পদ আহৰণ।
  2. দ্বিতীয়ক বৃত্তি (Secondary Occupation): আহৰণ কৰা সম্পদ ব্যৱহাৰোপযোগী সামগ্ৰীলৈ ৰূপান্তৰ; যেনে- শিল্পোৎপাদন, নিৰ্মাণ।
  3. তৃতীয়ক বৃত্তি (Tertiary Occupation): উৎপাদিত সামগ্ৰী বিতৰণ আৰু সেৱা; যেনে- পৰিবহণ, বজাৰ, পর্যটন।
  4. চতুৰ্থক বৃত্তি (Quaternary Occupation): দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তি অধিক সুচল আৰু ফলপ্ৰসূ কৰা; যেনে- বেংক, শিক্ষা, গৱেষণা, প্ৰচাৰ মাধ্যম।

৪। অর্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু সম্পর্কে চমুকৈ লিখা।
উত্তৰ:

  1. কৃষি ভূগোল: কৃষি কাৰ্যৰ ধৰণ, বিতৰণ, উৎপাদন আৰু বজাৰ অধ্যয়ন।
  2. ঔদ্যোগিক ভূগোল: উদ্যোগৰ স্থান, প্ৰকাৰ, উৎপাদন আৰু বজাৰৰ অধ্যয়ন।
  3. সম্পদ ভূগোল: সম্পদৰ প্ৰকাৰ, বিতৰণ, উদ্ঘাটন, সংৰক্ষণ আৰু ব্যৱস্থাপনা।
  4. পৰিবহণ ভূগোল: পৰিবহণ ব্যৱস্থা, সম্পদ বিতৰণ আৰু অৰ্থনৈতিক উন্নয়নত ভূমিকা।
  5. বজাৰ ভূগোল: বজাৰ স্থাপন, প্ৰকাৰ, বিতৰণ আৰু ব্যৱস্থাপনা।
  6. পৰিকল্পনা আৰু উন্নয়ন ভূগোল: অঞ্চল ভিত্তিক উন্নয়ন, পৰিকল্পনা আৰু বহনক্ষমতা।
  7. পর্যটন ভূগোল: পর্যটন বিকাশ, পৰিকল্পনা আৰু ব্যৱস্থাপনা।

৫। সম্পদ ভূগোলক কিয় অর্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বোলা হয়?
উত্তৰ: সম্পদ ভূগোল অৰ্থনৈতিক ভূগোলৰ লগত ওতপ্ৰোতভাৱে জড়িত। ইয়াত সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, উদ্‌ঘাটন আৰু সংৰক্ষণৰ অধ্যয়ন কৰা হয়। কোনো দেশৰ অৰ্থনৈতিক উন্নয়ন সম্পদৰ মান আৰু প্ৰাচুৰ্যৰ ওপৰত নিৰ্ভৰ কৰে। আধুনিক যুগত সম্পদ সংৰক্ষণ আৰু ব্যৱস্থাপনা বিশেষ গুৰুত্বপূৰ্ণ।


৬। সম্পদ বুলিলে কি বুজায়? ইয়াৰ প্রধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰ: সম্পদ হৈছে মানুহৰ জীৱনধাৰণৰ বাবে প্ৰয়োজনীয় সকলো বস্তু। জিম্মাৰমানৰ মতে, সম্পদ হ’বলৈ বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা দুয়ো থাকা আবশ্যক।

প্ৰধান বৈশিষ্ট্যসমূহ:

  • উপকাৰিতা আৰু কাৰ্যকাৰিতা: মানৱ কল্যাণ আৰু আৰ্থ-সামাজিক উৎকর্ষৰ বাবে।
  • উৎপাদক আৰু উপভোক্তা: মানুহ উৎপাদক আৰু উপভোক্তা ৰূপত জড়িত।
  • জ্ঞানৰ দ্বাৰা উদ্ঘাটন: সামগ্ৰীৰ কার্যকাৰিতা আৰু উপকাৰিতা মানুহৰ জ্ঞানৰ দ্বাৰা উদ্ঘাটিত।
  • পৰিৱৰ্তনশীলতা: সামাজিক পৰিৱৰ্তন অনুসৰি সম্পদৰ ব্যৱহাৰ আৰু মূল্য পৰিৱর্তন হয়।
  • সৃষ্টিৰ আন্তঃক্ৰিয়া: প্ৰকৃতি, সমাজ-সংস্কৃতি আৰু প্ৰযুক্তিৰ মিলনে সম্পদ সৃষ্টি।

৭। ‘সম্পদ পৰিৱৰ্তনশীল’ ব্যাখ্যা কৰা।
উত্তৰ: সম্পদ পৰিৱৰ্তনশীল বুলি কোৱা হয় কাৰণ আজি কোনো সামগ্ৰী অপ্রয়োজনীয় বা নিষ্ক্রিয় হ’লেও ভৱিষ্যতে উপযোগী হ’ব পাৰে। উদাহৰণস্বৰূপে কয়লা বা খনিজ তেলৰ ব্যৱহাৰ প্ৰথমতে সীমিত আছিল, কিন্তু নতুন প্ৰযুক্তিৰ ফলত ই সম্পদ হৈ পৰে। বানপানী অঞ্চলও প্ৰতিৰোধক হোৱাৰ পৰা জলবিদ্যুৎ উৎপাদনত সম্পদৰূপে পৰিৱর্তিত হৈছে।


৮। সম্পদৰ প্ৰয়োজনীয়তা উদাহৰণসহ চমুকৈ আলোচনা কৰা।
উত্তৰ: সম্পদৰ প্ৰাচুৰ্যৰ বাবে মানুহৰ মৌলিক চাহিদা যেনে খাদ্য, আশ্রয়, বস্ত্ৰ পূৰণ হয়। উদাহৰণস্বৰূপে ভূমি আৰু পানীয়ে শস্য উৎপাদন কৰি খাদ্য যোগান ধৰিছে। সম্পদৰ ব্যৱহাৰে জীৱন ধাৰণৰ মানদণ্ড উন্নয়ন কৰে, যেনে ঘৰ, ৰাস্তা, উদ্যোগ-কাৰখানা আৰু যান-বাহন। লগতে মানৱ সম্পদৰ বিকাশৰ বাবেও পূৰ্বনির্ধাৰিত সম্পদৰ জ্ঞান আৰু ব্যৱহাৰ প্ৰয়োজন, যাৰ দ্বাৰা জাপান, ছুইজাৰলেণ্ড, দক্ষিণ কোৰিয়াৰ দৰে দেশসমূহ সম্পদৰ অভাৱৰ পাছতো উন্নত।


৯। সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: সম্পদ আৰু মানুহৰ মাজত দ্বিমুখী আৰু ওতপ্ৰোত সম্পৰ্ক আছে। প্ৰকৃতি, সমাজ আৰু প্ৰযুক্তিৰ মিলনে সম্পদ সৃষ্টি হয়। মানুহৰ দ্বাৰা সম্পদ ব্যৱহাৰ আৰু সৃষ্টিকৰণ দুয়ো সংঘটিত হয়। মানুহ উপভোক্তা (Consumer) ৰূপত মৌলিক প্ৰয়োজন পূৰণৰ বাবে সম্পদ ব্যৱহাৰ কৰে আৰু উৎপাদক (Producer) ৰূপত প্ৰকৃতিত থকা সামগ্ৰী ব্যৱহাৰযোগ্য কৰি তোলা।

১০। সম্পদ আৰু বিজ্ঞান-প্রযুক্তিৰ মাজত থকা সম্পর্ক চমুকৈ আলোচনা কৰা।
উত্তৰ: সম্পদ আৰু বিজ্ঞান-প্ৰযুক্তিৰ মাজত সম্পর্ক অত্যন্ত নিবিড়। বিজ্ঞান আৰু প্ৰযুক্তিৰ বিকাশৰ ফলত সম্পদৰ ধাৰণা আৰু ব্যৱহাৰত ক্ৰমাগত পৰিৱৰ্তন আহিছে।

  1. জ্ঞানৰ দ্বাৰা সম্পদৰ সৃষ্টি: প্ৰকৃতিত থকা সামগ্ৰীবোৰৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা সম্পৰ্কীয় গুণবোৰ মানুহৰ জ্ঞানৰ জৰিয়তে উদ্‌ঘাটন কৰা হয়। জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন নতুন সম্পদৰো সৃষ্টি হয়।
  2. প্ৰযুক্তিৰ জৰিয়তে ৰূপান্তৰ: প্ৰকৃতিৰ পৰা আহৰণ কৰা বহু সামগ্ৰীয়েই প্ৰযুক্তিৰ জৰিয়তে ব্যৱহাৰোপযোগী ৰূপ লাভ কৰে। উদাহৰণস্বৰূপে, খনিজ তেলৰ পৰা নানান ধৰণৰ ৰং, নেস্থা, কৃত্রিম কাপোৰ, ৰাসায়নিক সাৰ, কীটনাশক, প্লাষ্টিক আদি।
  3. নিৰপেক্ষ সামগ্ৰীৰ সম্পদত পৰিণতি: বিজ্ঞান-প্ৰযুক্তিৰ উন্নয়নৰ ফলত বহু নিৰপেক্ষ সামগ্ৰী সম্পদলৈ ৰূপান্তৰিত হৈছে। উদাহৰণস্বৰূপে, জলবিদ্যুৎ শক্তি উৎপাদনত বান্ধ নিৰ্মাণ।
  4. বিকল্প সম্পদৰ ব্যৱহাৰ: নবীকৰণযোগ্য সম্পদ যেনে সৌৰশক্তি, জলবিদ্যুৎ শক্তি, বতাহ শক্তি আদিৰ ব্যৱহাৰ বিজ্ঞান-প্ৰযুক্তিৰ উন্নয়নৰ ফলত বৃদ্ধি পাইছে।

১১। উদাহৰণসহ সম্পদৰ শ্ৰেণীবিভাজন সম্পর্কে লিখা।
উত্তৰ: পৃথিৱীত পোৱা সম্পদসমূহক সৃষ্টি প্ৰক্ৰিয়া, গঠন, উপলব্ধি আৰু মালিকীস্বত্ব অনুসৰি বিভক্ত কৰিব পাৰি।

(ক) সৃষ্টি প্ৰক্ৰিয়া অনুসৰি:

  1. প্রাকৃতিক সম্পদ: সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, খনিজ পদার্থ ইত্যাদি, যিবোৰ প্ৰকৃতিত স্বাভাৱিকভাৱে বিদ্যমান।
  2. মানৱ-সৃষ্ট সম্পদ: মানুহৰ প্রচেষ্টাৰ ফলত উৎপাদিত সম্পদ; যেনে প্ৰযুক্তি, ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, উদ্যোগ-কাৰখানা, কৃষি সঁজুলি, যান-বাহন।
  3. মানৱ সম্পদ: কাৰ্যদক্ষতা, শিক্ষা, প্ৰযুক্তি আৰু আগ্ৰহৰ গুণ থকা মানুহ।

(খ) গঠন অনুসৰি:

  1. জীৱীয় সম্পদ (Biotic Resource): উদ্ভিদ, প্ৰাণী, মাছ, শস্য।
  2. অজীৱীয় সম্পদ (Abiotic Resource): মাটি, শিল, পানী, বায়ু, খনিজ পদাৰ্থ।

(গ) উপলব্ধি/স্থায়ীত্ব অনুসৰি:

  1. নবীকৰণযোগ্য সম্পদ (Renewable Resource): সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি।
  2. অনবীকৰণযোগ্য সম্পদ (Non-Renewable Resource): কয়লা, খনিজ তেল, তাম, সোণ।

(ঘ) মালিকীস্বত্বক ভিত্তি কৰি:

  1. ব্যক্তিগত সম্পদ (Individual Resource): ব্যক্তি দখলৰ ভূমি, সা-সম্পত্তি, শিক্ষা, কৰ্মদক্ষতা।
  2. জাতীয় সম্পদ (National Resource): ৰাষ্ট্ৰৰ দখলৰ সম্পদ; যেনে ৰাস্তা-ঘাট, নদ-নদী, অভয়াৰণ্য।
  3. আন্তর্জাতিক সম্পদ (International Resource): সকলো দেশৰ অধীনত থকা সম্পদ; যেনে সাগৰ-মহাসাগৰ আৰু ইয়াৰ খনিজ।

১২। প্রাকৃতিক সম্পদ বুলিলে কি বুজায়? উদাহৰণসহ চমুকৈ লিখা।
উত্তৰ: সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, খনিজ পদাৰ্থ, নদ-নদী আদি স্বাভাৱিকভাৱে প্ৰকৃতিত বিদ্যমান সম্পদক প্রাকৃতিক সম্পদ (Natural Resource) বোলা হয়।

  1. উপলব্ধতা: গোটা, জুলীয়া বা গেছীয়, ধাতবীয় বা অধাতবীয় অৱস্থাত।
  2. ব্যৱহাৰ: উদ্যোগ, কল-কাৰখানা, শক্তিৰ উৎস (যেনেকৈ কয়লা, খনিজ তেল, প্রাকৃতিক গেছ)।
  3. বিতৰণ: চিৰবিৰাজমান (Ubiquitous) বা স্থানিক (Localised) সম্পদ; যেনে সূৰ্যৰ ৰশ্মি চিৰবিৰাজমান, কয়লা স্থানিক।

১৩। মানৱ-সৃষ্ট সম্পদ কি? উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পর্কে চমুকৈ লিখা।
উত্তৰ: মানুহৰ প্রচেষ্টাৰ ফলত উৎপাদিত সম্পদক মানৱ-সৃষ্ট সম্পদ (Man-made Resource) বোলা হয়।

  1. প্ৰাকৃতিক সম্পদৰ ৰূপান্তৰ: বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ, খনিজ তেলৰ পৰা ৰং, নেস্থা, কৃত্রিম কাপোৰ, ৰাসায়নিক সাৰ, প্লাষ্টিক।
  2. আন্তঃগাঁথনি: প্ৰযুক্তি, ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, উদ্যোগ-কাৰখানা, স্কুল-কাৰ্যালয়, কৃষিকাৰ্যৰ সঁজুলি, যান-বাহন।
  3. উন্নয়নত ভূমিকা: উদ্যোগ-কাৰখানাই কেঁচা সামগ্ৰীক ব্যৱহাৰোপযোগী সামগ্ৰীৰ ৰূপান্তৰত সহায় কৰে, জীৱন ধাৰণৰ মানদণ্ড উন্নয়ন কৰে।

১৪। নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদৰ মাজৰ পাৰ্থক্য কি? উদাহৰণসহ চমুকৈ আলোচনা কৰা।
উত্তৰ:

বৈশিষ্ট্যনবীকৰণযোগ্য সম্পদ (Renewable)অনবীকৰণযোগ্য সম্পদ (Non-Renewable)
সংজ্ঞাঅনবৰত ব্যৱহাৰ কৰাৰ পিছতো পুনঃনৱীকৰণ বা পুনঃসৃষ্টি সম্ভৱব্যৱহাৰৰ পিছত পুনঃনৱীকৰণ সম্ভৱ নহয়; নিঃশেষ
উপস্থিতিপ্ৰকৃতিৰ বুকুত সহজে সৃষ্টিএবাৰ ব্যৱহাৰ কৰিলে চিৰদিন নিঃশেষ
প্ৰাচুৰ্যপ্ৰকৃতিৰ বুকুত অপর্যাপ্তপ্ৰকৃতিৰ বুকুত সীমিত
উদাহৰণসূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তুকয়লা, খনিজ তেল, তাম, সোণ, প্ৰাকৃতিক গেছ
সংৰক্ষণ গুৰুত্বসহজে শেষ নহয়, কিন্তু প্ৰজাতি বিলুপ্ত হ’ব পাৰেসুপৰিকল্পিত আহৰণ আৰু ব্যৱহাৰ দৰকাৰ

১৫। সম্পদ সংৰক্ষণ বুলিলে কি বুজায়? ইয়াৰ প্ৰয়োজনীয়তা কি?
উত্তৰ: সম্পদ সংৰক্ষণ (Conservation of Resources) হৈছে কোনো সম্পদ বিনাশ বা অপব্যৱহাৰ নোহোৱাকৈ সম্ভাব্য পূৰ্ণ ব্যৱহাৰ নিশ্চিত কৰাৰ কাৰ্য।

প্ৰয়োজনীয়তা:

  • অনবীকৰণযোগ্য সম্পদৰ হ্ৰাস (যেনেকৈ কয়লা, পেট্ৰ’লিয়াম)
  • জনসংখ্যা বৃদ্ধি আৰু অধিক ব্যৱহাৰ
  • পাৰিৱেশিক সমস্যা (বায়ু, পানী, মাটি প্ৰদূষণ)
  • বহনক্ষম উন্নয়ন নিশ্চিতকৰণ
  • জীৱ-বৈচিত্ৰ্য সংৰক্ষণ

১৬। সম্পদ সংৰক্ষণ পদ্ধতি সম্পর্কে চমুকৈ লিখা।
উত্তৰ:

  1. বিকল্প সম্পদৰ সন্ধান: নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ বৃদ্ধি (সূৰ্যশক্তি, জলবিদ্যুৎ, বতাহ শক্তি)।
  2. পুনৰাৱৰ্তন (Recycling): পুৰণি প্লাষ্টিক, কাগজ, ধাতব সামগ্ৰী পুনৰ ব্যৱহাৰ।
  3. অভিযোজন/নৱপ্ৰচলন (Innovation): জৈৱ সাৰৰ ব্যৱহাৰ, প্ৰযুক্তিৰ উন্নয়ন।
  4. বর্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস: কেঁচা সামগ্ৰীৰ ৰূপান্তৰ আৰু পুনৰ ব্যৱহাৰ।
  5. জ্ঞান আৰু শিক্ষাৰ সম্প্রসাৰণ: জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি।
  6. আইনৰ কাৰ্যকৰীকৰণ: সংৰক্ষণ আইনক যথাযথ ৰূপায়ণ।
  7. সম্পদৰ মূল্যায়ন: ভৱিষ্যত ব্যৱহাৰৰ বাবে সম্পদৰ সঠিক মূল্যায়ন।

১৮। চমুটোকা লিখা:

(ক) সম্পদ
উত্তৰ: সম্পদ হ’ল মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তু। ইয়াৰ প্ৰধান বৈশিষ্ট্য হৈছে কাৰ্যকাৰিতা আৰু উপকাৰিতা। সম্পদসমূহৰ প্ৰাচুৰ্যৰ বাবেই মানুহৰ মৌলিক প্রয়োজন পূৰণৰ লগতে অন্যান্য চাহিদা পূৰণ আৰু জীৱন ধাৰণৰ মানদণ্ড উন্নয়ন সম্ভৱ হয়। সম্পদ পৰিৱৰ্তনশীল, আৰু প্ৰকৃতি, মানুহ আৰু প্ৰযুক্তিৰ আন্তঃক্ৰিয়াৰ ফলতেই ইয়াৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে, সূৰ্যৰ ৰশ্মি, বায়ু, পানী, মাটি, গছ-গছনি আদি সম্পদ।


(খ) মানৱ সম্পদ
উত্তৰ: মানুহকো সম্পদৰ অন্তৰ্ভুক্ত কৰি মানৱ সম্পদ বোলা হয়। ইয়াৰ গুণসমূহ হৈছে কাৰ্যদক্ষতা, শিক্ষা, প্ৰযুক্তি আৰু আগ্ৰহ। মানুহেই সম্পদৰ সৃষ্টিকর্তা। মানুহৰ জ্ঞানৰ জৰিয়তে প্ৰকৃতিত থকা সামগ্ৰীবোৰৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা উদ্‌ঘাটন হয়। উদাহৰণস্বৰূপে, জাপান আৰু ছুইজাৰলেণ্ডৰ দৰে বহু দেশ প্ৰাকৃতিক সম্পদৰ অভাৱ সত্বেও উন্নত আৰু সমৃদ্ধশালী।


(গ) সম্পত্তি
উত্তৰ: অৰ্থনীতিৰ সূত্ৰ অনুসৰি, যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে, সেইবোৰক সম্পত্তি (Wealth) বোলা হয়। সম্পত্তিৰ যোগান তুলনামূলকভাৱে সীমিত আৰু ইয়াক এজনৰ পৰা আন এজনলৈ মূল্যৰ জৰিয়তে হস্তান্তৰ কৰিব পাৰি। উদাহৰণস্বৰূপে, ভূমি, ঘৰ-দুৱাৰ, যন্ত্ৰ-পাতি, কোম্পানীৰ অংশ। সকলো সম্পত্তিয়ে সম্পদ, কিন্তু সকলো সম্পদ সম্পত্তি নহ’বও পাৰে।


(ঘ) নবীকৰণযোগ্য সম্পদ
উত্তৰ: যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰাৰ পিছতো পুনঃনৱীকৰণ বা পুনঃপূৰ্ণীকৃত প্ৰক্ৰিয়াৰে একেবাৰে নিঃশেষ নহয়, তেনে সম্পদক নবীকৰণযোগ্য বা পুনঃসৃষ্টিক্ষম সম্পদ (Renewable Resource) বোলা হয়। উদাহৰণস্বৰূপে, সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু। এই সম্পদবোৰ প্ৰকৃতিৰ বুকুত সহজে সৃষ্টি হয়, যদিও গছ-গছনি আৰু প্ৰাণীৰ কিছুমান প্ৰজাতি অতিমাত্ৰা ব্যৱহাৰৰ ফলত বিলুপ্ত হ’ব পাৰে।


(ঙ) ব্যক্তিগত সম্পদ
উত্তৰ: পৃথিৱীৰ সম্পদক মালিকীস্বত্বৰ ভিত্তিত ভাগ কৰিব পাৰি। মানুহৰ নিজ দখল বা অধিকাৰত থকা ভূমি, সা-সম্পত্তি আৰু নিজা গুণ যেনে—ভাল চৰিত্ৰ, শিক্ষা, কৰ্মদক্ষতা—কে ব্যক্তিগত সম্পদ (Individual/Personal Resource) বোলা হয়।


(চ) জাতীয় সম্পদ
উত্তৰ: এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা সকলোবোৰ সম্পদক জাতীয় সম্পদ (National Resource) বোলা হয়। উদাহৰণস্বৰূপে, ৰাস্তা-ঘাট, ভূমি, নদ-নদী, দলং, অভয়াৰণ্য, অৰণ্যত থকা গছ-গছনি, জীৱ-জন্তু, শিক্ষানুষ্ঠান, প্রশাসনিক ব্যৱস্থা, চৰকাৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এক উদাহৰণ।


(ছ) জীৱীয় সম্পদ
উত্তৰ: প্ৰাকৃতিক গঠন অনুসৰি যিবোৰ সম্পদৰ জীৱ থাকে, সেইবোৰক জীৱীয় সম্পদ (Biotic Resource) বোলা হয়। উদাহৰণস্বৰূপে, উদ্ভিদ, প্ৰাণী, মাছ, শস্য। কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ উৎপত্তিৰ দিশৰ পৰা জীৱমূলক হলেও বৰ্তমান অৱস্থাত অজীৱীয় সম্পদৰ অন্তৰ্গত।


(জ) সম্পদ সংৰক্ষণ
উত্তৰ: সম্পদ সংৰক্ষণ (Conservation of Resources) হৈছে কোনো সম্পদ বিনাশ বা অপব্যৱহাৰ নোহোৱাকৈ সম্ভাব্য পূৰ্ণ ব্যৱহাৰ নিশ্চিত কৰাৰ কাৰ্য। ইয়াৰ উদ্দেশ্য হৈছে প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদবিলাক সৰ্বাধিক সময় ধৰি ব্যৱহাৰ যোগ্য অৱস্থাত ৰখা। পদ্ধতি: বিকল্প সম্পদৰ সন্ধান, পুনৰাৱৰ্তন, অভিযোজন, বর্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস, আৰু সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্যকৰীকৰণ।


(ঝ) সম্পদৰ পুনৰাৱৰ্তন
উত্তৰ: সীমিত পৰিমাণৰ কেঁচা সামগ্ৰী ৰক্ষা কৰিবলৈ বর্জিত দ্ৰব্য পুনৰাৱৰ্তনৰ জৰিয়তে পুনৰ ব্যৱহাৰ কৰিব পাৰি। উদাহৰণ: পুৰণি পলিথিন বেগ, প্লাষ্টিক বটল, কাগজ, লোহাৰ সামগ্ৰী পুনৰাৱৰ্তনৰ যোগেদি সংৰক্ষণ।


(ঞ) IUCN
উত্তৰ: IUCN (International Union for Conservation of Nature) হৈছে আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা। ১৯৪৮ চনত ফ্ৰান্সত প্ৰতিষ্ঠা হৈছিল। ইয়াৰ উদ্দেশ্য: বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু সম্পদ সংৰক্ষণ, জৈৱ বৈচিত্র্য অধ্যয়ন, গৱেষণা, আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ। IUCNৰ নেতৃত্বত WWF for Nature আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ স্থাপিত হৈছে।

১৯। পার্থক্য লিখা:

(ক) সম্পদ আৰু সম্পত্তি
উত্তৰ: সম্পদ (Resource) হৈছে মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলো বস্তু, য’ত কাৰ্যকাৰিতা আৰু উপকাৰিতা থাকে। উদাহৰণ: সূৰ্যৰ ৰশ্মি, বায়ু, শিক্ষা, জনস্বাস্থ্য।
আনহাতে, সম্পত্তি (Wealth) হৈছে যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য থাকে। যোগান তুলনামূলকভাৱে সীমিত আৰু ইয়াক মূল্যৰ জৰিয়তে হস্তান্তৰ কৰিব পাৰি। উদাহৰণ: ভূমি, ঘৰ-দুৱাৰ, যন্ত্ৰ-পাতি, কোম্পানীৰ অংশ। সকলোবোৰ সম্পত্তিয়ে সম্পদ, কিন্তু সকলো সম্পদ সম্পত্তি নহ’বও পাৰে।


(খ) অৰ্থনৈতিক ভূগোল আৰু সম্পদ ভূগোল
উত্তৰ: অৰ্থনৈতিক ভূগোলত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপ অধ্যয়ন কৰা হয়। অধ্যয়ন ব্যাপক; কৃষি, উদ্যোগ, পৰিবহণ, বজাৰ আদি সকলো অৰ্থনৈতিক কাৰ্যকলাপ সামৰি লয়।
আনহাতে, সম্পদ ভূগোল হৈছে অৰ্থনৈতিক ভূগোলৰ এটি বিশেষ শাখা। ই সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, উদ্‌ঘাটন, উন্নয়ন, সংৰক্ষণ আৰু ব্যৱস্থাপনা অধ্যয়ন কৰে আৰু সম্পদ আৰু ইয়াৰ ব্যৱস্থাপনাৰ ওপৰত অধিক গুৰুত্ব দিয়ে।


(গ) সম্পদ আৰু নিষ্ক্রিয় সামগ্ৰী
উত্তৰ: সম্পদ (Resource) হৈছে মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয়, য’ত কাৰ্যকাৰিতা আৰু উপকাৰিতা থাকে। উদাহৰণ: কয়লা (যেতিয়া শক্তি উৎপাদনত ব্যৱহাৰ কৰা হয়)।
আনহাতে, নিষ্ক্রিয় সামগ্ৰী (Neutral Stuff) হৈছে যিবোৰ সামগ্ৰী মানুহৰ কোনো ধৰণে উপকাৰ বা অপকাৰ নকৰে, আৰু মানুহে ইয়াৰ উপকাৰিতা উদ্‌ঘাটন কৰা নাই। উদাহৰণ: কয়লা বা খনিজ তেল (যেতিয়ালৈকে শক্তি উৎপাদনত ব্যৱহাৰ নাজানিছিল)।


(ঘ) জীৱীয় আৰু অজীৱীয় সম্পদ
উত্তৰ: জীৱীয় সম্পদ (Biotic Resource) হৈছে যিবোৰ সম্পদৰ জীৱ থাকে। উদাহৰণ: উদ্ভিদ, প্রাণী, মাছ, শস্য।
আনহাতে, অজীৱীয় সম্পদ (Abiotic Resource) হৈছে যিবোৰ সম্পদ নিৰ্জীৱ। উদাহৰণ: মাটি, শিল, পানী, বায়ু, খনিজ পদার্থ। কয়লা, খনিজ তেল আদি উৎপত্তিৰ দিশৰ পৰা জীৱমূলক হলেও বৰ্তমান অৱস্থাত নিজীৱ, সেয়ে এই শ্ৰেণীত ধৰা হৈছে।


(ঙ) নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদ
উত্তৰ: নবীকৰণযোগ্য সম্পদ (Renewable Resource) হৈছে যিবোৰ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃপূৰ্ণীকৃত প্ৰক্ৰিয়াৰে একেবাৰে নিঃশেষ নহয়। উদাহৰণ: সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি।
আনহাতে, অনবীকৰণযোগ্য সম্পদ (Non-Renewable Resource) হৈছে যিবোৰ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃসৃষ্টি কৰিব নোৱাৰি আৰু চিৰদিনৰ বাবে লোপ পায়। উদাহৰণ: কয়লা, খনিজ তেল, লোহা, ৰূপ।


(চ) ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদ
উত্তৰ: ব্যক্তিগত সম্পদ (Individual Resource) হৈছে মানুহৰ নিজ দখল বা অধিকাৰত থকা ভূমি, সা-সম্পত্তি আৰু নিজা গুণ—ভাল চৰিত্ৰ, শিক্ষা, কৰ্মদক্ষতা।
আনহাতে, জাতীয় সম্পদ (National Resource) হৈছে এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা সকলোবোৰ সম্পদ। উদাহৰণ: ৰাস্তা-ঘাট, নদ-নদী, দলং, অভয়াৰণ্য, চৰকাৰ।


(ছ) মানৱ-সৃষ্ট সম্পদ আৰু মানৱ সম্পদ
উত্তৰ: মানৱ-সৃষ্ট সম্পদ (Man-made Resource) হৈছে মানুহৰ প্ৰচেষ্টাৰ ফলত উৎপাদিত বস্তু। উদাহৰণ: ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, উদ্যোগ-কাৰখানা, যান-বাহন। ই প্ৰাকৃতিক সম্পদৰ ৰূপান্তৰৰ জৰিয়তে সৃষ্টি হয়।
আনহাতে, মানৱ সম্পদ (Human Resource) হৈছে কাৰ্যদক্ষতা, শিক্ষা, প্রযুক্তি আৰু আগ্ৰহ থকা মানুহ। মানুহেই সম্পদৰ উৎপাদক বা সৃষ্টিকর্তা।


(জ) সম্পদৰ পুনৰাৱৰ্তন আৰু অভিযোজন
উত্তৰ: সম্পদৰ পুনৰাৱৰ্তন (Recycling) হৈছে ব্যৱহাৰৰ উপযোগী বর্জিত দ্ৰব্য পুনৰ্ব্যৱহাৰ কৰা প্ৰক্ৰিয়া। উদাহৰণ: পুৰণি পলিথিন বেগ, প্লাষ্টিক বটল।
আনহাতে, অভিযোজন বা নৱপ্ৰচলন (Innovation) হৈছে অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে সম্পদ ব্যৱহাৰৰ উপযোগী অৱস্থালৈ ৰূপান্তৰ কৰাৰ প্ৰক্ৰিয়া। উদাহৰণ: ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱ সাৰ, জৈৱ কীটনাশক ব্যৱহাৰত গুৰুত্ব দিয়া।

২০শুদ্ধ উত্তৰটো বাচি উলিয়োৱাঃ

(ক) তলৰ কোনটো মানুহ-সৃষ্ট সম্পদ?
(১) নদ-নদী
(২) খনিজ তেল
(৩) জলসিঞ্চন নলা
(৪) অৱস্থা
উত্তৰ: (৩) জলসিঞ্চন নলা

(খ) তলৰ কোনটো অজীৱীয় সম্পদ?
(১) বায়ু
(২) গছ-গছনি
(৩) জীৱ-জন্তু
(৪) ভুঁই
উত্তৰ: (১) বায়ু

(গ) তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ?
(১) বায়ু
(২) পানি
(৩) শস্য
(৪) কমলা
উত্তৰ:(৩) শস্য

(ঘ) তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী?
(১) এছিয়ান গণ্ড
(২) নল গাহৰি
(৩) জিৰাফ
(৪) মিহুন
উত্তৰ:(১) এছিয়ান গণ্ড

(ঙ) IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত?
(১) UNESCO
(২) UNO
(৩) WWF
(৪) UNEP
উত্তৰ: (২) UNO

SEBA Class 10 Geography Chapter 1 অৰ্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ প্রশ্ন আৰু উত্তৰ – Complete Exam Guide

SEBA Class 10 Geography Chapter 1 অৰ্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ প্রশ্ন আৰু উত্তৰ provide a clear explanation of economic geography and different types of resources. These SEBA Class 10 Geography Chapter 1 অৰ্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ প্রশ্ন আৰু উত্তৰ help students understand renewable and non-renewable resources and their proper utilization.

Regular revision of SEBA Class 10 Geography Chapter 1 অৰ্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ প্রশ্ন আৰু উত্তৰ strengthens conceptual clarity and improves answer-writing skills. Every solution in the SEBA Class 10 Geography Chapter 1 অৰ্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ প্রশ্ন আৰু উত্তৰ section follows the official SEBA / ASSEB pattern.

This page includes complete and syllabus-aligned SEBA Class 10 Geography Chapter 1 অৰ্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ প্রশ্ন আৰু উত্তৰ prepared for the 2026–27 academic session. By practising SEBA Class 10 Geography Chapter 1 অৰ্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ প্রশ্ন আৰু উত্তৰ regularly, students can confidently attempt HSLC examination questions.

If you are searching for reliable and updated SEBA Class 10 Geography Chapter 1 অৰ্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ question আৰু উত্তৰ, this SEBA Class 10 Geography Chapter 1 অৰ্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ প্রশ্ন আৰু উত্তৰ guide will help you score better marks.

FAQs – SEBA / ASSEB Class 10 Geography Chapter 1 অৰ্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ

1. SEBA Class 10 Geography Chapter 1 অৰ্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ প্রশ্ন আৰু উত্তৰ 2026–27 syllabus অনুসৰি নে?

হয়। এই SEBA Class 10 Geography Chapter 1 অৰ্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ প্রশ্ন আৰু উত্তৰ সম্পূৰ্ণৰূপে 2026–27 SEBA / ASSEB syllabus অনুসৰি প্ৰস্তুত কৰা হৈছে।

2. অৰ্থনৈতিক ভূগোল বুলিলে কি বুজায়?

অৰ্থনৈতিক ভূগোল হৈছে সম্পদৰ উৎপাদন, বণ্টন আৰু ব্যৱহাৰৰ অধ্যয়ন।

3. সম্পদৰ মুখ্য প্ৰকাৰ কেইটা?

সম্পদ সাধাৰণতে প্ৰাকৃতিক, মানৱসৃষ্ট আৰু মানব সম্পদ এই তিনিটা প্ৰকাৰৰ।

4. নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদ কি?

নবীকৰণযোগ্য সম্পদ পুনৰ সৃষ্ট হয়, কিন্তু অনবীকৰণযোগ্য সম্পদ সীমিত আৰু পুনৰ সৃষ্টি নহয়।

5. এই SEBA Class 10 Geography Chapter 1 অৰ্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ প্রশ্ন আৰু উত্তৰ HSLC Examination ৰ বাবে সহায়ক নে?

হয়। এই অধ্যায় HSLC Examination ৰ বাবে অতি গুৰুত্বপূর্ণ।

6. এই Solutions SEBA আৰু ASSEB দুয়ো বোৰ্ডৰ বাবে প্ৰযোজ্য নে?

হয়। এই সমাধানসমূহ SEBA আৰু ASSEB Class 10 syllabus অনুসৰি প্ৰস্তুত কৰা হৈছে।

7. এই SEBA Class 10 Geography Chapter 1 অৰ্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ প্রশ্ন আৰু উত্তৰ নিয়মিত আপডেট কৰা হয় নে?

হয়। Academic session আৰু syllabus পৰিবর্তন অনুসৰি এই সমলসমূহ নিয়মিতভাৱে আপডেট কৰা হয়।

🎓 About Assam Eduverse

Assam Eduverse is the best educational platform in Assam, offering SEBA, AHSEC (ASSEB), SCERT, CBSE, and Assam Board Solutions along with study materials, notes, and exam preparation guides to help students learn smarter and score higher.

Our expert-prepared answers and MCQs follow the latest Assam Board Syllabus and NCERT Syllabus. We make learning simple, accessible, and effective for all students preparing for board or competitive exams.📘 Visit Assam Eduverse for free Assam Board Solutions, notes, and Study Materials prepared by experts.