SEBA Class 10 Assamese Chapter তিৱাসকল প্রশ্ন আৰু উত্তৰ Solutions | Vaichitryamay Assam
SEBA Class 10 Assamese Chapter তিৱাসকল প্রশ্ন আৰু উত্তৰ are essential study materials for students preparing for SEBA and ASSEB board examinations. These SEBA Class 10 Assamese Chapter তিৱাসকল প্রশ্ন আৰু উত্তৰ include a detailed Vaichitryamay Assam Tiwa guide, well-structured explanation, and exam-oriented Class 10 Assamese Vaichitryamay Assam question answers prepared strictly according to the latest syllabus.
The chapter তিৱাসকল explains the origin, history, social structure, festivals, and cultural practices of the Tiwa community. Through these SEBA Class 10 Assamese Chapter তিৱাসকল প্রশ্ন আৰু উত্তৰ, students clearly understand the importance of tribal identity and cultural diversity in Assam. These SEBA Class 10 Assamese Tiwa solutions help learners build conceptual clarity while improving answer-writing skills.
Prepared by experts of Assam Eduverse, these SEBA Class 10 Assamese Chapter তিৱাসকল প্রশ্ন আৰু উত্তৰ ensure structured learning and strong preparation for HSLC Examination.
SEBA / ASSEB Class 10 Assamese Vaichitryamay Assam Chapter তিৱাসকল Complete Solutions, Guide & Question Answers
📖 পাঠৰ সংক্ষিপ্তসাৰ: তিৱাসকল
Class 10 Assamese MIL – Vaichitryamay Assam
তিৱাসকল পাঠ্যখনত তিৱাসকলক অসমৰ এটি প্ৰাচীন নৃগোষ্ঠী হিচাপে বৰ্ণনা কৰা হৈছে। ভাষিক দিশত তেওঁলোক তিব্বত-বর্মীয় ভাষা-গোষ্ঠীৰ অন্তৰ্গত বড়ো থালৰ লোক। তেওঁলোকক সাধাৰণতে পাহাৰীয়া আৰু ভৈয়ামীয়া হিচাপে দুটা ভাগত বিভক্ত কৰা হয়। ইতিহাসত জোঙাল বলহুৰ দৰে কিংবদন্তিমূলক ৰাজা, ফুলগুৰি ধেৱাৰ দৰে কৃষক বিদ্ৰোহ আৰু ১৯৪২ৰ গণআন্দোলনত হেমৰাম পাটৰৰ শ্বহিদি বিশেষ উল্লেখযোগ্য।
তিৱা সমাজ পৰিয়ালৰ পৰা আৰম্ভ হয়। একাধিক পৰিয়াল মিলি মাহাৰী গঠন কৰে আৰু কেইবাটাও মাহাৰী মিলি কুল বা খুটা গঠন কৰে। ভৈয়ামত খেলৰ মুৰব্বীক ‘জেলা’ আৰু পাহাৰত ‘লৰ’ বুলি কোৱা হয়। ধৰ্মীয় বিশ্বাসত জড়বাদ, পূৰ্বপুৰুষৰ উপাসনা আৰু হিন্দু ধৰ্ম-ৰ প্ৰভাৱ আছে। পাহাৰত খ্ৰীষ্টধৰ্মো প্ৰচলিত।
তেওঁলোকৰ প্ৰধান উৎসৱসমূহ হ’ল ৱানছুৱা, ছগ্ৰা (পাহাৰ অঞ্চলত) আৰু জোনবিল মেলা, বৰত্ গোসাঁই উলিওৱা মেলা, বিহু (ভৈয়াম অঞ্চলত)।
এই পাঠত উল্লেখযোগ্য ব্যক্তিসকলৰ নামো আছে — ইন্দ্ৰচিং দেউৰী (তিৱা জাতীয় চেতনা জাগ্ৰতকাৰী) আৰু বলাইৰাম সেনাপতি (তিৱা সাহিত্য-সংস্কৃতিৰ সাধক)।
উপসংহাৰ: তিৱাসকল পাঠ্যখনৰ জৰিয়তে এই নৃগোষ্ঠীৰ ইতিহাস, সমাজ-সংগঠন, ধৰ্মীয় প্ৰচলন আৰু উৎসৱ-পৰম্পৰা বিষয়ে গভীৰ জ্ঞান লাভ কৰিব পাৰি।
— From the book Vaichitryamay Assam
প্ৰশ্নাৱলীৰ সমাধান
১। ভাষিক দিশৰ পৰা তিৱাসকল কোনটো থালৰ লোক?
উত্তৰ: ভাষিক দিশৰ পৰা তিৱাসকল ইন্দো-চীনৰ অন্তৰ্গত তিব্বত বর্মীয় ভাষা-গোষ্ঠী পৰিয়ালৰ বৃহত্তৰ ‘বড়ো’ থালৰ লোক।
২। তিৱাসকলে তেওঁলোকৰ উৎসৱ-পাৰ্বণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰবোৰ কি কি?
উত্তৰ: তিৱাসকলে তেওঁলোকৰ উৎসৱ-পাৰ্বণত ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰবোৰ হ’ল – খ্ৰাম্ (ঢোল), খাম্ খুজুৰা, খাম্ পান্থাই, দুন্দিং, দগৰ, পাতিঢোল, বাঁহৰ পেঁপা, ৱাফাং খ্ৰাম, থৰৰক, বাঁহী, ম’হৰ শিঙৰ পেঁপা, মুহুৰি আৰু খায়াং (তাল) ইত্যাদি।
৩। তিৱা সমাজত ‘জেলা’ বুলি কাক কোৱা হয়?
উত্তৰ: তিৱা সমাজত ভৈয়াম অঞ্চলৰ খেলৰ প্ৰশাসনিক আৰু সামাজিক মুৰব্বীজনক ‘জেলা’ বুলি কোৱা হয়।
৪। তিৱাসকলৰ কেইটিমান উৎসৱৰ নাম লিখা।
উত্তৰ: তিৱাসকলৰ কেইটিমান উৎসৱৰ নাম হ’ল – ৱানছুৱা, ছগ্ৰা, য়াংলী, মুইনাৰী কাঠি, জোনবিল মেলা, বৰত্ গোসাঁই উলিওৱা মেলা আৰু বিহু।
৫। ফুলগুৰিৰৰ বেঁৱা কি?
উত্তৰ: ফুলগুৰিৰৰ ধেৱা হ’ল অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ, যাৰ জন্ম আৰু নেতৃত্ব দিছিল তিৱাসকলে।
৬। চমুটোকা লিখা:
(ক) ইন্দ্ৰচিং দেউৰী
উত্তৰ: ইন্দ্ৰচিং দেউৰী আছিল তিৱা জনজাতিৰ জাতীয় চেতনা জাগ্ৰত কৰাৰ ক্ষেত্ৰত আজীৱন সংগ্ৰাম কৰা এজন অন্যতম ব্যক্তি। তেওঁৰ জন্ম ১৯৩২ চনত পশ্চিম কাৰ্বি আংলং জিলাত হৈছিল। তেওঁ তিৱা সমাজৰ অন্ধবিশ্বাস আঁতৰাবলৈ ১৯৬০ চনত ‘তিৱাচা মিচন’ নামেৰে এক সামাজিক অনুষ্ঠানৰ জন্ম দিয়ে। তেওঁ ‘তিৱা তচিমা’ নামেৰে তিৱা জাতীয় সংগীত ৰচনা আৰু সুৰ দিছিল। তেওঁক পাহাৰৰ তিৱাসকলে ‘ফা পৰৈ’ (জাতিৰ পিতা) বুলি সম্বোধন কৰিছিল।
(খ) বলাইৰাম সেনাপতি
উত্তৰ: বলাইৰাম সেনাপতি অসমৰ সাহিত্য-সংস্কৃতি জগতৰ এগৰাকী সু-প্রতিষ্ঠিত লেখক আৰু সংস্কৃতিৰ সাধক আছিল। তেওঁৰ জন্ম ১৯৩১ চনত নগাঁও জিলাৰ বাৰপূজীয়া গাঁৱত হৈছিল। তিৱা জনগোষ্ঠীৰ স্বকীয় সংস্কৃতি সংৰক্ষণৰ বাবে তেওঁ ‘তিৱা কৃষ্টি সন্থা’ গঠনত বিশেষ উদ্যোগ গ্রহণ কৰিছিল। তেওঁ ২০০০ চনত ‘তিৱা মাথনলাই তথ্রা’ৰ (তিৱা সাহিত্য সভা) সভাপতি পদতো অধিষ্ঠিত হৈছিল। তেওঁক অসম চৰকাৰে ১৯৯১ চনত সাহিত্যিক পেঞ্চন দিছিল।
অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ
Additional Questions and Answers
চমু উত্তৰৰ প্ৰশ্ন:
১। তিৱাসকলক কেইটা ভাগত বিভক্ত কৰা হয়?
উত্তৰ: তিৱাসকলক বৰ্তমান পাহাৰীয়া আৰু ভৈয়ামীয়া হিচাপে দুটা ভাগত বিভক্ত কৰা হয়।
২। তিৱা জাতীয় সংগীতৰ নাম কি?
উত্তৰ: তিৱা জাতীয় সংগীতৰ নাম হ’ল ‘তিৱা তচিমা’।
৩। ফুলগুৰি ধেৱা বিদ্ৰোহৰ ফলত কিমানজন লোক যাৱজ্জীৱন দ্বীপান্তৰিত হৈছিল?
উত্তৰ: ফুলগুৰি ধেৱা বিদ্ৰোহৰ অপৰাধত এঘাৰজন লোক যাৱজ্জীৱন দ্বীপান্তৰিত হৈছিল।
৪। পাহাৰীয়া তিৱা সমাজৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰটোৰ নাম কি?
উত্তৰ: পাহাৰীয়া তিৱা সমাজৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰটোৰ নাম হ’ল ‘চামাদি’ বা ‘ডেকাচাং’।
৫। তিৱাসকলে পৰম্পৰাগত পদ্ধতিৰে প্ৰস্তুত কৰি পান কৰা পানীবিধক কি বুলি কয়?
উত্তৰ: তিৱাসকলে পৰম্পৰাগত পদ্ধতিৰে প্ৰস্তুত কৰি পান কৰা পানীবিধক ‘জ্যু’ বোলে।
৬। ইন্দ্ৰচিং দেউৰীক পাহাৰৰ তিৱাসকলে কি বুলি সম্বোধন কৰিছিল?
উত্তৰ: পাহাৰৰ তিৱাসকলে ইন্দ্ৰচিং দেউৰীক ‘ফা পৰৈ’ (জাতিৰ পিতা) বুলি সম্বোধন কৰিছিল।
৭। তিৱাসকলৰ কি দুটা খাদ্য প্রিয়?
উত্তৰ: তিৱাসকলৰ প্ৰিয় খাদ্য হ’ল টু মেছাম্ (কুকুৰাৰ মঙহ) আৰু ৱা মেছাম্ (গাহৰিৰ মঙহ)।
৮। বলাইৰাম সেনাপতিৰ কোনখন গীতৰ পুথি ১৯৫৪ চনত প্ৰকাশ হৈছিল?
উত্তৰ: বলাইৰাম সেনাপতিৰ ‘মুকুল’ নামৰ গীতৰ পুথিখন ১৯৫৪ চনত প্ৰকাশ হৈছিল।
৯। বলাইৰাম সেনাপতিয়ে কোনটো সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল?
উত্তৰ: তেওঁ ২০০০ চনত ‘তিৱা মাথনলাই তথ্রা’ অৰ্থাৎ তিৱা সাহিত্য সভাৰ সভাপতি হৈছিল।
১০। তিৱা সমাজত ‘হাৰী কুঁৱৰী’ পদবী কিয় সন্মানীয়?
উত্তৰ: হাৰী কুঁৱৰী সমাজৰ এক সন্মানীয় আৰু মর্যাদাপূৰ্ণ পদবী।
দীঘল উত্তৰৰ প্ৰশ্ন:
১। তিৱাসকলৰ ৰাজনৈতিক বুৰঞ্জী আৰু তেওঁলোকে অংশ লোৱা বিদ্ৰোহসমূহৰ বিষয়ে আলোচনা কৰা।
উত্তৰ: তিৱাসকলৰ ইতিহাস অতি উল্লেখযোগ্য। তেওঁলোকৰ মাজত কিংবদন্তিমূলক ৰজা জোঙাল বলহু আছিল। মধ্যযুগত গোভা, নেলী, খলা আদি কেইবাখনো সৰু-বৰ ৰাজ্য তেওঁলোকৰ নেতৃত্বত গঢ় লৈ উঠিছিল। ১৮৩৫ চনত গোভা ৰজাই তিনিজন ব্ৰিটিছক বলি দি ইংৰাজৰ ৰোষত পৰি ৰাজ্য হেৰুৱাইছিল। তেওঁলোকে ভাৰতৰ স্বাধীনতা সংগ্ৰামতো বিশেষ অৱদান আগবঢ়াইছিল। অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ ‘ফুলগুৰি ধেৱা’ৰ জন্ম আৰু নেতৃত্ব তিৱাসকলে দিছিল। এই বিদ্ৰোহত বহু লোকে প্ৰাণ হেৰুৱাইছিল আৰু এঘাৰজন লোকক যাৱজ্জীৱন দ্বীপান্তৰিত কৰা হৈছিল। বিয়াল্লিছৰ গণ আন্দোলনতো হেমৰাম পাটৰ শ্বহীদ হৈছিল।
২। তিৱাসকলৰ সামাজিক গাঁথনি আৰু ধৰ্মীয় বিশ্বাসৰ বিষয়ে লিখা।
উত্তৰ: তিৱা সমাজ মূলতঃ মাতৃসূত্ৰীয় অৱস্থাৰ পৰা উদ্ভৱ হোৱা যদিও এতিয়া পিতৃতান্ত্রিক সমাজ। তেওঁলোকৰ সমাজখন পৰিয়ালৰ পৰা আৰম্ভ হয়, য’ত দুই বা ততোধিক পৰিয়াল মিলি মাহাৰী, কেইবাটাও মাহাৰী মিলি কুল বা খুটা, আৰু এক বা ততোধিক কুল মিলি খেল গঠন হয়। তেওঁলোকৰ মূল ধৰ্ম হ’ল জড়বাদী বা জড়োপাসক আৰু পূৰ্বপুৰুষৰ উপাসক। তেওঁলোকে প্ৰকৃতিৰ বিভিন্ন উপাদানবোৰক পূজা কৰে। পৰৱৰ্তী সময়ত তেওঁলোকে শাক্তবাদ, বৈষ্ণৱবাদ, শৈৱবাদ আৰু নৱবৈষ্ণৱবাদৰ দৰে হিন্দু ধৰ্মৰ বিভিন্ন পন্থা গ্ৰহণ কৰে। আনহাতে, পাহাৰ অঞ্চলত বিংশ শতিকাৰ আৰম্ভণিৰে পৰা খ্ৰীষ্টধৰ্মৰ প্ৰভাৱো দেখা যায়।
৩। ইন্দ্ৰচিং দেউৰীৰ জীৱন আৰু তিৱা সমাজলৈ তেওঁৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰ: ইন্দ্ৰচিং দেউৰী তিৱা জাতিৰ জাতীয় চেতনাৰ কাণ্ডাৰী আছিল। ১৯৩২ চনত পশ্চিম কাৰ্বি আংলঙত জন্মগ্ৰহণ কৰা দেউৰীয়ে অৰ্থৰ অভাৱত অষ্টম শ্ৰেণীতে পঢ়া সামৰিছিল। তিৱাসকলৰ দুৰৱস্থা দেখি তেওঁ চাকৰি এৰি তিৱা জাতিক জাগ্ৰত কৰাৰ কামত ব্ৰতী হয়। তেওঁ তিৱা সমাজৰ অন্ধবিশ্বাস দূৰ কৰি শিক্ষাৰ পোহৰ বিয়পাবলৈ ১৯৬০ চনত ‘তিৱাচা মিচন’ নামেৰে এক অনুষ্ঠানৰ জন্ম দিয়ে। এই অনুষ্ঠানে গাঁওসমূহত প্রাথমিক আৰু প্ৰাপ্তবয়স্কসকলৰ বিদ্যালয় গঢ়ি তুলিছিল। তেওঁ ‘লালুং দৰবাৰ’ৰো জন্ম দিছিল। তেওঁ তিৱা জাতীয় সংগীত ‘তিৱা তচিমা’ ৰচনা কৰিছিল আৰু পাহাৰৰ তিৱাসকলে তেওঁক ‘ফা পৰৈ’ (জাতিৰ পিতা) বুলি মাতিছিল।
৪। বলাইৰাম সেনাপতিৰ সাহিত্য আৰু সাংস্কৃতিক অৱদানৰ বিষয়ে বিতংকৈ আলোচনা কৰা।
উত্তৰ: বলাইৰাম সেনাপতি আছিল তিৱা সাহিত্য আৰু সংস্কৃতিৰ এজন বিশিষ্ট সাধক। তেওঁ ১৯৫৩ চনৰ পৰা ১৯৬৩ চনলৈ শিক্ষকতা কৰিছিল যদিও চৰকাৰী বিষয়াৰ ৰোষত চাকৰি এৰি আহিব লগা হৈছিল। তেওঁ তিৱা লোকগীতৰ স্বৰলিপি কৰিছিল আৰু তিৱা সংস্কৃতি সংৰক্ষণৰ বাবে ‘তিৱা কৃষ্টি সন্থা’ গঠনত উদ্যোগ লৈছিল। তেওঁ তিৱা আৰু অসমীয়া উভয় ভাষাতে সাহিত্য ৰচনা কৰিছিল, যাৰ ভিতৰত ‘অতীতৰ সন্ধানত’ (১৯৯৭) আৰু ‘তিৱা জনগোষ্ঠীয় সংস্কৃতিত আলোকপাত’ (২০১০) উল্লেখযোগ্য। তেওঁ ২০০০ চনত ‘তিৱা মাথনলাই তথ্রা’ৰ সভাপতি হৈছিল। তেওঁক অসম চৰকাৰে সাহিত্যিক পেঞ্চন দিছিল আৰু ‘বকুল বন বঁটা’ও লাভ কৰিছিল।
৫। তিৱাসকলৰ উৎসৱ আৰু সাংস্কৃতিক প্ৰাণকেন্দ্ৰৰ বিষয়ে লিখা।
উত্তৰ: তিৱাসকলৰ সংস্কৃতি বিশেষভাৱে সমৃদ্ধ। পাহাৰীয়া তিৱাসকলৰ উৎসৱ-পাৰ্বণসমূহ হ’ল– ৱানছুৱা, ছগ্ৰা, য়াংলী, মুইনাৰী কাঠি আদি। ভৈয়ামীয়া তিৱাসকলৰ উৎসৱসমূহ হ’ল– জোনবিল মেলা, বৰত্ গোসাঁই উলিওৱা মেলা আৰু বিহু। তেওঁলোকৰ বাদ্যযন্ত্ৰৰ ভিতৰত খ্ৰাম্ (ঢোল) আৰু খায়াং (তাল) প্ৰধান। পাহাৰীয়া তিৱাসকলৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ হ’ল ‘চামাদি’ বা ‘ডেকাচাং’।
৬। তিৱাসকলৰ সাজ-পোছাক, অলংকাৰ আৰু খাদ্যৰ বিষয়ে আলোচনা কৰা।
উত্তৰ: তিৱাসকলে স্বকীয় বৈশিষ্ট্যপূর্ণ আৰু আকর্ষণীয় বিভিন্ন ফুল-চানেযুক্ত কাপোৰ পিন্ধে। পুৰুষে থানা, তাল্লা, থেনাচ, ফালি, ফাগা আদি পিন্ধে, আৰু মহিলাই কাছ্যং, ফাকাই, নাৰা আদি পিন্ধে। তেওঁলোকে বিভিন্ন ধৰণৰ মণি, যেনে চাপ্প, চিংলি ল, কল্ পান্থা আদি আৰু কাণত খাইদং, ছন্যানে খাইদং আৰু ৰূফানে খাইদং আদি অলংকাৰ পিন্ধে। তিৱাসকল আমিষভোজী আৰু তেওঁলোকৰ প্ৰিয় খাদ্য হৈছে টু মেছাম্ (কুকুৰাৰ মঙহ) আৰু ৱা মেছাম্ (গাহৰিৰ মঙহ)।
৭। বলাইৰাম সেনাপতিয়ে ৰচনা কৰা গীতি-আলেখ্যসমূহৰ বিষয়ে লিখা।
উত্তৰ: বলাইৰাম সেনাপতিয়ে ৰচনা কৰা কেইখন গীতি-আলেখ্য নগাঁও আৰু গুৱাহাটী অনাতাঁৰ কেন্দ্ৰই প্ৰচাৰ কৰিছে। সেই গীতি-আলেখ্যসমূহ হৈছে: ‘নগাৰ নৰোত্তম গোসাঁই শ্ৰীৰাম’, ‘ফুলগুৰিৰ ধেৱা’, ‘তিৱা সমাজ-সংস্কৃতি’, ‘হেৰুৱা দিনৰ সুৰ’ আৰু ‘স্বাধীনতা সংগ্ৰামৰ বিপ্লৱী গীত’।
৮। তিৱা জনগোষ্ঠীৰ লোক সাহিত্যৰ বিষয়ে লিখা।
উত্তৰ: তিৱাসকল লোক সাহিত্যত চহকী। তেওঁলোকৰ মাজত তেজীমলা, পানচৈ, কাঞ্চনমতী, ফুলৰা-চতলা, লিতিকাই, লখাই তৰা আদিৰ দৰে বহু সাধুকথা প্রচলিত হৈ আহিছে। তদুপৰি ফকৰা-যোজনা, প্ৰবচন, খণ্ড বাক্য, লোককথা, বিহুগীত, হুঁচৰি গীত, নিচুকনি গীত, ধাইনাম, আইনাম, বিয়ানাম আদি লোক সাহিত্যৰ ধাৰাও তেওঁলোকৰ মাজত বহুলভাৱে প্ৰচলিত হৈ আছে। এই লোক সাহিত্যই অসমীয়া সাহিত্যক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে।
৯। তিৱা সমাজত ‘জেলা’ আৰু ‘লৰ’ৰ ভূমিকা কি?
উত্তৰ: তিৱা সমাজত ‘জেলা’ আৰু ‘লৰ’ দুয়োটা পদেই খেলৰ মুৰব্বীজনক বুজায়। ভৈয়াম অঞ্চলত এজন খেলৰ মুৰব্বীক ‘জেলা’ বুলি কোৱা হয়, যি খেলৰ প্ৰশাসনিক আৰু সামাজিক কাম-কাজৰ তদাৰক কৰে। আনহাতে, পাহাৰ অঞ্চলত এজন পিনুঙৰ (খেলৰ সমকক্ষ) মুৰব্বীক ‘লৰ’ বুলি কোৱা হয়।
১০। তিৱাসকলে বিয়াল্লিছৰ গণ আন্দোলনত কি ভূমিকা লৈছিল?
উত্তৰ: বিয়াল্লিছৰ গণ আন্দোলনত তিৱা জনজাতিৰ লোকসকলে অংশগ্ৰহণ কৰিছিল। এই আন্দোলনৰ সময়ত হেমৰাম পাটৰ নামৰ এজন তিৱা ব্যক্তি শ্বহীদ হৈছিল। ইয়াৰ পৰা দেখা যায় যে তিৱাসকলে অসমৰ স্বাধীনতা সংগ্ৰামত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
SEBA Class 10 Assamese Chapter তিৱাসকল প্রশ্ন আৰু উত্তৰ – Complete HSLC Exam Guide
For effective revision and confident board preparation, SEBA Class 10 Assamese Chapter তিৱাসকল প্রশ্ন আৰু উত্তৰ provide a complete learning framework for Class 10 Assamese MIL students. These SEBA Class 10 Assamese Chapter তিৱাসকল প্রশ্ন আৰু উত্তৰ clearly explain historical background, traditions, and the cultural significance of the Tiwa community.
Regular practice of SEBA Class 10 Assamese Chapter তিৱাসকল প্রশ্ন আৰু উত্তৰ helps students confidently answer long and short Class 10 Assamese Vaichitryamay Assam question answers in SEBA and ASSEB examinations. All SEBA Class 10 Assamese Tiwa solutions and ASSEB Class 10 Assamese Chapter Tiwa solutions are written strictly following the recommended HSLC answer-writing pattern.
This page includes complete SEBA Class 10 Assamese Chapter তিৱাসকল প্রশ্ন আৰু উত্তৰ, structured Vaichitryamay Assam Tiwa guide, and exam-focused SEBA Class 10 Assamese Chapter তিৱাসকল প্রশ্ন আৰু উত্তৰ to ensure thorough preparation.
If you are searching for accurate and exam-oriented SEBA Class 10 Assamese Chapter তিৱাসকল প্রশ্ন আৰু উত্তৰ, this SEBA Class 10 Assamese Chapter তিৱাসকল প্রশ্ন আৰু উত্তৰ resource will help you revise efficiently and score higher marks in HSLC Examination.
FAQs – SEBA / ASSEB Class 10 Assamese Vaichitryamay Assam Chapter তিৱাসকল
1. তিৱাসকল পাঠটোৰ মূল বিষয়বস্তু কি?
এই পাঠটোত তিৱা জনগোষ্ঠীৰ ইতিহাস, সংস্কৃতি, সামাজিক জীৱন আৰু অসমৰ সমাজলৈ তেওঁলোকৰ অৱদান আলোচনা কৰা হৈছে।
2. এই SEBA Class 10 Assamese Chapter তিৱাসকল Solutions 2026–27 syllabus অনুসৰি নে?
হয়। এই SEBA Class 10 Assamese Chapter তিৱাসকল প্রশ্ন আৰু উত্তৰ সম্পূৰ্ণৰূপে 2026–27 SEBA syllabus অনুসৰি প্ৰস্তুত কৰা হৈছে।
3. এই Solutions SEBA আৰু ASSEB দুয়ো বোৰ্ডৰ বাবে প্ৰযোজ্য নে?
হয়। এই সমাধানসমূহ SEBA আৰু ASSEB দুয়ো বোৰ্ডৰ Class 10 Assamese MIL পাঠ্যসূচীৰ সৈতে মিল আছে।
4. তিৱাসকল অধ্যায় HSLC Examination ৰ বাবে সহায়ক নে?
নিশ্চয়। এই অধ্যায়ে HSLC Examinationৰ বাবে অসমৰ জনগোষ্ঠীয় ইতিহাস আৰু সংস্কৃতি বুজাৰ দৃঢ় ভিত্তি গঢ়ি তোলে।
5. ইয়াত Vaichitryamay Assam Tiwa guide আছে নে?
অৱশ্যই। ইয়াত সম্পূৰ্ণ Vaichitryamay Assam Tiwa guide আৰু পৰীক্ষা-মুখী উত্তৰ উপলব্ধ।
6. এই Solutions উত্তৰ লিখাৰ দক্ষতা উন্নত কৰে নে?
হয়। সকলো উত্তৰ HSLC answer writing pattern অনুসৰি সাজি উলিওৱা হৈছে।
7. এই SEBA Class 10 Assamese Chapter তিৱাসকল Solutions নিয়মিত আপডেট কৰা হয় নে?
হয়। পাঠ্যসূচীৰ পৰিবর্তন আৰু academic session অনুসৰি এই সমলসমূহ নিয়মিতভাৱে আপডেট কৰা হয়।
🎓 About Assam Eduverse
Assam Eduverse is the best educational platform in Assam, offering SEBA, AHSEC (ASSEB), SCERT, CBSE, and Assam Board Solutions along with study materials, notes, and exam preparation guides to help students learn smarter and score higher.
Our expert-prepared answers and MCQs follow the latest Assam Board Syllabus and NCERT Syllabus. We make learning simple, accessible, and effective for all students preparing for board or competitive exams.📘 Visit Assam Eduverse for free Assam Board Solutions, notes, and Study Materials prepared by experts.