SEBA Class 10 Assamese Chapter সোনোৱাল কছাৰীসকল প্রশ্ন আৰু উত্তৰ Solutions | Vaichitryamay Assam

SEBA Class 10 Assamese Chapter সোনোৱাল কছাৰীসকল প্রশ্ন আৰু উত্তৰ are essential study materials for HSLC board preparation. These SEBA Class 10 Assamese Chapter সোনোৱাল কছাৰীসকল প্রশ্ন আৰু উত্তৰ include a detailed Vaichitryamay Assam Sonowal Kachari guide, structured explanation, and exam-oriented Class 10 Assamese Vaichitryamay Assam question answers prepared strictly according to the latest SEBA and ASSEB syllabus.

The chapter সোনোৱাল কছাৰীসকল discusses the origin, history, traditional gold-washing occupation, social system, festivals, and cultural identity of the Sonowal Kachari community. Through these SEBA Class 10 Assamese Chapter সোনোৱাল কছাৰীসকল প্রশ্ন আৰু উত্তৰ, students clearly understand the historical contribution of the Sonowal Kachari community in Assam. These SEBA Class 10 Assamese Sonowal Kachari solutions strengthen conceptual clarity and improve structured answer-writing skills.

Prepared by experts of Assam Eduverse, these SEBA Class 10 Assamese Chapter সোনোৱাল কছাৰীসকল প্রশ্ন আৰু উত্তৰ ensure strong preparation for the HSLC Examination.

SEBA / ASSEB Class 10 Assamese Vaichitryamay Assam Chapter সোনোৱাল কছাৰীসকল Complete Solutions, Guide & Question Answers

📖 পাঠৰ সংক্ষিপ্তসাৰ: সোনোৱাল কছাৰীসকল

Class 10 Assamese MIL – Vaichitryamay Assam

সোনোৱাল কছাৰীসকল পাঠ্যখনত সোনোৱাল কছাৰীসকলক অসমৰ এটা প্ৰাচীন মঙ্গোলীয় জনগোষ্ঠী হিচাপে বৰ্ণনা কৰা হৈছে। পণ্ডিতসকলৰ মতে, “কছাৰী” শব্দটো সংস্কৃত “কক্ষৱাট”ৰ পৰা আহিছে আৰু “সোনোৱাল” শব্দটো ডিমাচা ভাষাৰ পৰা, যাৰ অৰ্থ “উজ্জ্বল আৰু ঐশ্বৰ্যশালী”। আদিতে তেওঁলোকক হাবাংগীয়া কছাৰী বুলি জনা গৈছিল। তেওঁলোকৰ সমাজ সঁচ, বংশ, খেল, কুচীয়াৰ ওপৰত নিৰ্ভৰশীল আৰু নামঘৰ গাঁওজীৱনৰ কেন্দ্ৰ।

ইয়াত তেওঁলোকৰ ধৰ্ম আৰু সংস্কৃতিৰ কথা বৰ্ণিত হৈছে। প্ৰথমতে তেওঁলোকে শাক্ত ধৰ্ম মানিছিল, কিন্তু ১৬৮১ চনত শ্ৰীশ্ৰী কেশৱদেৱ গোস্বামীৰ প্ৰভাৱত দ্বৈত ধৰ্ম গ্ৰহণ কৰে। তেওঁলোকৰ সমৃদ্ধ লোক-সাহিত্যহায়দাং গীত, হুঁচৰি গীত, বিহুগীত আদি অন্তৰ্ভুক্ত।

ইয়াত কেইবাগৰাকীও উল্লেখযোগ্য ব্যক্তি উল্লিখিত হৈছে — গগন চন্দ্ৰ সোনোৱাল (সাহিত্য-সংস্কৃতিৰ সাধক), পৰশুৰাম সোনোৱাল (পণ্ডিত আৰু ক্ৰীড়াবিদ), যোগেশ দাস (সাহিত্যিক আৰু শিক্ষাবিদ) আৰু যোগেন্দ্ৰনাথ হাজৰিকা (অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী)।

উপসংহাৰ: সোনোৱাল কছাৰীসকল পাঠ্যখনৰ জৰিয়তে এই জনগোষ্ঠীৰ ইতিহাস, ধৰ্ম, সমাজ আৰু সাহিত্যিক অৱদান জানিব পাৰি, যি অসমৰ বৈচিত্ৰ্যময় সংস্কৃতিৰ এক মূল্যবান অংশ।

— From the book Vaichitryamay Assam

প্ৰশ্নাৱলীৰ সমাধান

১। ডিমাচা ভাষাত সোনোৱাল মানে কি?
উত্তৰ: ডিমাচা ভাষাত সোনোৱাল মানে উজ্জ্বল আৰু ঐশ্বৰ্যশালী।

২। সোনোৱাল কছাৰীসকল কি ধৰ্মৰ উপাসক আছিল?
উত্তৰ: সোনোৱাল কছাৰীসকল ৮৩০ খ্ৰীষ্টাব্দৰ পৰা শাক্ত বা পুৰাতন ধৰ্মৰ উপাসক আছিল।

৩। সোনোৱাল কছাৰীসকলৰ লোক-সাহিত্যসমূহৰ বিষয়ে লিখা।
উত্তৰ: সোনোৱাল কছাৰীসকলৰ লোক-সাহিত্যসমূহৰ ভিতৰত হায়দাং গীত, হুঁচৰি গীত, বহুৱা নৃত্যৰ গীত, আইনাম, ধাইনাম, লখিমী নাম, অপেশ্বৰীৰ নাম, গোসাঁইৰ নাম, ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত, জনা গাভৰুৰ গীত, মৰণামৰা গীত, বিহুগীত আৰু তৰাচিয়া গীত আদিয়েই প্রধান।

৪। সোনোৱাল কছাৰীসকলৰ সমাজ-পদ্ধতিৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।
উত্তৰ: সোনোৱাল কছাৰীসকলৰ সমাজ পদ্ধতি সঁচ বা পৰিয়াল, বংশ, খেল আৰু কুচীয়াৰ ওপৰত আধাৰিত। তেওঁলোকৰ মাজত ১৩৫টা সঁচ আৰু ২৫টা বংশ আছে। একেই সঁচ বা বংশৰ মানুহক একে ঘৰৰ ককাই-ভাই হিচাপে গণ্য কৰা হয়। গাঁওসমূহৰ সংগঠনৰ মৌলিক ভেটি হ’ল নামঘৰ।

৫। সোনোৱাল কছাৰীসকলক কিয় দ্বৈত ধৰ্মৰ বুলি কোৱা হয়?
উত্তৰ: সোনোৱাল কছাৰীসকলক দ্বৈত ধৰ্মৰ বুলি কোৱা হয়, কাৰণ তেওঁলোকে পুৰাতন শাক্ত ধৰ্ম আৰু বৈষ্ণৱ ধৰ্ম দুয়োটাকে পালন কৰে। ১৬৮১ চনত শ্ৰীশ্ৰীকেশৱদেৱ গোস্বামীদেৱে তেওঁলোকক ‘শৰণ’ দিয়াই দ্বৈত ধৰ্মত বিভাজন কৰিছিল। শৰণ লোৱাসকলক হিন্দুৰীয়া আৰু শৰণ নোলোৱাসকলক বেহাৰী বুলি কোৱা হৈছিল।


চমুটোকা লিখা

(ক) গগন চন্দ্র সোনোৱাল
গগন চন্দ্ৰ সোনোৱাল এজন সাহিত্য-সংস্কৃতিৰ সাধক আছিল। তেওঁ ১৯২৬ চনত তিনিচুকীয়া জিলাত জন্মগ্ৰহণ কৰিছিল। তেওঁ এঘাৰ বছৰ বয়সৰ পৰাই সাহিত্য চৰ্চা আৰম্ভ কৰিছিল। তেওঁৰ ৰচনা কৰা একৈশটা সাধুকথা অসম সাহিত্য সভাই সোনোৱালৰ সাধু নামেৰে প্ৰকাশ কৰিছিল। তেওঁ অসম সাহিত্য সভাৰ তিনিচুকীয়া জিলাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল।

(খ) পৰশুৰাম সোনোৱাল
পৰশুৰাম সোনোৱাল এজন বিদ্যায়তনিক পণ্ডিত, ক্ৰীড়াবিদ আৰু উকীল আছিল। তেওঁ ১৯০৪ চনত জন্ম হৈছিল। তেওঁ বুৰঞ্জী আৰু আইনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তেওঁ ফুটবল, হকী আৰু টেনিছ খেলতো পাৰ্গত আছিল। তেওঁ আছিল এম.এ., এল.এল.বি. ডিগ্ৰী লোৱা প্ৰথম অসমীয়া ব্যক্তি যি ডিব্ৰুগড় উকীল সন্থাত পঞ্জীয়ন কৰিছিল। তেওঁ সদৌ অসম ট্রাইবেল লীগৰ বাবেও কাম কৰিছিল।

(গ) যোগেশ দাস
যোগেশ দাস এজন বৰেণ্য সাহিত্যিক আৰু শিক্ষাবিদ আছিল। তেওঁ ১৯২৭ চনত ডুমডুমাৰ চাহ-বাগিছাত জন্মগ্ৰহণ কৰিছিল। তেওঁ কটন কলেজৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ উপাধি লাভ কৰিছিল। তেওঁ বহুতো গল্প আৰু উপন্যাস লিখিছিল, যেনে– পপীয়া তৰা, সঁহাৰি পাই আৰু জোনাকীৰ জুই। তেওঁ ১৯৮০ চনত তেওঁৰ গ্ৰন্থ পৃথিৱীৰ অসুখৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

(ঘ) যোগেন্দ্রনাথ হাজৰিকা
যোগেন্দ্রনাথ হাজৰিকা অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী আছিল। তেওঁ ১৯২৪ চনত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰিছিল। তেওঁ সোনোৱাল জনগোষ্ঠীৰ দ্বিতীয়গৰাকী এম.এ. আৰু তৃতীয়গৰাকী বি.এল. ডিগ্ৰীধাৰী ব্যক্তি আছিল। তেওঁ ১৯৬৭ চনলৈকে লোকসভাৰ সাংসদ আছিল। ১৯৭৯ চনত তেওঁ ৯১ দিনৰ বাবে অসমৰ মুখ্যমন্ত্রী হৈছিল। তেওঁ জনজাতিসকলৰ সৰ্বাংগীন বিকাশৰ বাবে কাম কৰিছিল। তেওঁক পাহাৰ-ভৈয়ামৰ মিলনৰ সাধক বুলি জনা যায়।


অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ (Extra Questions and Answers)

চমু উত্তৰৰ প্ৰশ্ন

১। সোনোৱাল কছাৰীসকলৰ মাজত কিমানটা বংশ আছে?
উত্তৰ: সোনোৱাল কছাৰীসকলৰ মাজত সৰ্বমুঠ ২৫টা বংশ আছে।

২। সোনোৱাল কছাৰীসকলৰ মাজত গোসাঁই নাম কেতিয়াৰ পৰা অন্তর্ভুক্ত হয়?
উত্তৰ: ১৬৮১ চনৰ পৰা সোনোৱাল কছাৰীসকলৰ মাজত গোসাঁই নাম অন্তর্ভুক্ত হয়।

৩। পৰশুৰাম সোনোৱালে কোনটো বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল?
উত্তৰ: পৰশুৰাম সোনোৱালে ইউনিভাৰচিটি অৱ কলকাতাৰ পৰা বুৰঞ্জী বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

৪। যোগেশ দাসে তেওঁৰ কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উত্তৰ: যোগেশ দাসে ১৯৮০ চনত তেওঁৰ গ্ৰন্থ পৃথিৱীৰ অসুখৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

৫। যোগেন্দ্ৰনাথ হাজৰিকা কোনটো জনগোষ্ঠীৰ আছিল?
উত্তৰ: যোগেন্দ্ৰনাথ হাজৰিকা সোনোৱাল কছাৰী জনগোষ্ঠীৰ আছিল।

৬। গগন চন্দ্র সোনোৱালে লিখা সাধুকথাৰ সংকলনখনৰ নাম কি?
উত্তৰ: সোনোৱালৰ সাধু

৭। পৰশুৰাম সোনোৱালে কোন তিনিটা খেলত সুনাম অৰ্জন কৰিছিল?
উত্তৰ: ফুটবল, হকী আৰু টেনিছ।

৮। যোগেশ দাসৰ এখন উপন্যাসৰ নাম লিখা।
উত্তৰ: সঁহাৰি পাই

৯। যোগেন্দ্ৰনাথ হাজৰিকা কেইদিনৰ বাবে অসমৰ মুখ্যমন্ত্রী হৈছিল?
উত্তৰ: ৯১ দিনৰ বাবে (১৯৭৯ চনত)।

১০। পৰশুৰাম সোনোৱাল কি কি পদত অধিষ্ঠিত হৈছিল?
উত্তৰ: ডিব্ৰুগড় লোকেল ব’ৰ্ডৰ সদস্য, অসম মেডিকেল স্কুল ব’ৰ্ডৰ সদস্য, জিলা ট্রাইবেল লীগৰ সভাপতি আৰু ডিব্ৰুগড় উকীল সন্থাৰ দুবাৰকৈ সম্পাদক।


দীঘল উত্তৰৰ প্ৰশ্ন

১। সোনোৱাল কছাৰীসকলৰ উৎপত্তি আৰু নামৰ বিষয়ে বিতংকৈ আলোচনা কৰা।
উত্তৰ: সোনোৱাল কছাৰীসকলে প্ৰথমতে মংগোলীয় হিচাপে অসমত প্ৰৱেশ কৰিছিল। পণ্ডিতসকলৰ মতে, নদী বা পৰ্বতৰ দাঁতি-কাষৰীয়া ঠাইত বাস কৰাৰ বাবে সংস্কৃত শব্দ ‘কক্ষৱাট’ৰ পৰা ‘কচ্ছাত’ হৈ পিছলৈ ‘কছাৰী’ নামৰ উৎপত্তি হৈছে। ড° সুনীতি কুমাৰ চ্যাটাৰ্জীৰ মতে, ‘কুশী’ নদীৰ পাৰত বাস কৰাৰ বাবে তেওঁলোকক ‘কুশীমাৰা’ আৰু পিছলৈ ‘কছাৰী’ বুলি কোৱা হৈছিল। ‘সোনোৱাল’ নামটো ডিমাচা ভাষাৰ শব্দ, যাৰ অৰ্থ হৈছে ‘উজ্জ্বল আৰু ঐশ্বৰ্যশালী’। হাবুং নামৰ ঠাইত বসবাস কৰা বাবে তেওঁলোকক প্ৰথমে ‘হাবাং নাইবা হাবুঙীয়া কছাৰী’ বুলিও কোৱা হৈছিল।

২। সোনোৱাল কছাৰীসকলৰ ধৰ্মীয় বিশ্বাস আৰু ৰীতি-নীতিৰ বিষয়ে আলোচনা কৰা।
উত্তৰ: সোনোৱাল কছাৰীসকল ৮৩০ খ্ৰীষ্টাব্দৰ পৰা শাক্ত বা পুৰাতন ধৰ্মৰ উপাসক আছিল। কিন্তু ১৬৮১ চনত আহোমৰ স্বৰ্গদেউ গদাপানিৰ ৰাজৰোষত পৰি শ্ৰীশ্ৰীকেশৱদেৱ গোস্বামীদেৱে তেওঁলোকক ‘শৰণ’ দিয়াই দ্বৈত ধৰ্মত বিভাজন কৰিলে। তেতিয়াৰে পৰা শৰণ লোৱাসকলক হিন্দুৰীয়া আৰু শৰণ নোলোৱাসকলক বেহাৰী বুলি কোৱা হয়। তেওঁলোকৰ পূজা-পাৰ্বণত শাক্ত আৰু বৈষ্ণৱ ধৰ্মৰ দুয়োটা ধাৰাৰ প্ৰভাৱ দেখা যায়। তেওঁলোকে বাইথ’ পূজা, গজাই পূজা, জলখাই পূজা, কেঁচাইখাতী পূজা আদি পৰম্পৰাগত পূজাৰ লগতে লখিমী তোলা সবাহ, আই সকাম আদিও পালন কৰে।

৩। গগন চন্দ্র সোনোৱালৰ জীৱন আৰু সাহিত্যলৈ তেওঁৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰ: গগন চন্দ্ৰ সোনোৱাল এজন সাহিত্য-সংস্কৃতিৰ সাধক আছিল। তেওঁ মাত্ৰ এঘাৰ বছৰ বয়সতে সাহিত্য চৰ্চা আৰম্ভ কৰিছিল। তেওঁৰ ৰচনা কৰা একৈশটা সাধুকথা অসম সাহিত্য সভাই সোনোৱালৰ সাধু নামেৰে প্ৰকাশ কৰিছিল। তেওঁৰ সাহিত্য সাধনাৰ উৎকৃষ্ট নিদৰ্শনৰূপে বিভিন্ন মৌলিক প্ৰৱন্ধ, লোক-সাহিত্য সংগ্রহ, ভাষণ আৰু কবিতা প্ৰকাশ হৈছে। তেওঁ কাকপথাৰত প্ৰথম শাখা সাহিত্য সভা গঠন কৰিছিল আৰু অসম সাহিত্য সভাৰ তিনিচুকীয়া জিলাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল।

৪। পৰশুৰাম সোনোৱালৰ বহুমুখী প্ৰতিভাৰ বিষয়ে বিতংকৈ আলোচনা কৰা।
উত্তৰ: পৰশুৰাম সোনোৱাল এজন বিদ্যায়তনিক পণ্ডিত, ক্ৰীড়াবিদ, লেখক আৰু উকীল আছিল। তেওঁ বুৰঞ্জী বিভাগত স্নাতকোত্তৰ আৰু আইন বিভাগত এল.এল.বি. ডিগ্ৰী লাভ কৰিছিল। তেওঁ আছিল এম.এ., এল.এল.বি. ডিগ্ৰীধাৰী প্ৰথম অসমীয়া ব্যক্তি যিয়ে ডিব্ৰুগড় উকীল সন্থাত পঞ্জীয়ন কৰিছিল। তেওঁ হকী দলৰ অধিনায়ক আছিল। তেওঁ ডিব্ৰুগড়ত এখন কলেজ স্থাপনৰ বাবে বিনামূলীয়াকৈ বুৰঞ্জী বিভাগ পৰিচালনা কৰিছিল। তেওঁ সদৌ অসম ট্রাইবেল লীগৰ দৰে সামাজিক সংগঠনৰ লগত জড়িত আছিল।

৫। যোগেশ দাসৰ সাহিত্যিক জীৱন আৰু তেওঁৰ অন্যান্য অৱদানৰ বিষয়ে লিখা।
উত্তৰ: যোগেশ দাস এজন পৈণত গল্পকাৰ আৰু সফল উপন্যাসিক আছিল। তেওঁৰ গল্প-পুথিসমূহ হ’ল পপীয়া তৰা, ডাৱৰৰ আঁৰে আঁৰে আদি। তেওঁৰ উপন্যাসসমূহৰ ভিতৰত সঁহাৰি পাই, ডাৱৰ আৰু নাই আৰু জোনাকীৰ জুই উল্লেখযোগ্য। তেওঁ ১৯৮০ চনত তেওঁৰ গ্ৰন্থ পৃথিৱীৰ অসুখৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। তেওঁ ১৯৮৫ চনত অসম সাহিত্য সভাৰ এক পঞ্চাশতম অধিবেশনত সভাপতিত্ব কৰিছিল। তেওঁ সাংবাদিকতাৰ ক্ষেত্ৰতো জড়িত আছিল আৰু নতুন অসমীয়া, দৈনিক অসম, প্ৰহৰী আদি কাকত সম্পাদনা কৰিছিল।

৬। যোগেন্দ্ৰনাথ হাজৰিকাৰ ৰাজনৈতিক জীৱনৰ বিষয়ে বিতংকৈ আলোচনা কৰা।
উত্তৰ: যোগেন্দ্ৰনাথ হাজৰিকা এজন কৃতী ছাত্র, আইনবিদ, সাংসদ আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী আছিল। ১৯৫২ চনত তেওঁ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল আৰু একেৰাহে ১৯৬৭ চনলৈকে সাংসদ আছিল। ১৯৭৯ চনত তেওঁ ৯১ দিনৰ বাবে অসমৰ মুখ্যমন্ত্রী হৈছিল। তেওঁ সদৌ অসম ট্রাইবেল লীগৰো নেতৃত্ব বহন কৰিছিল। তেওঁ জনজাতিসকলৰ সৰ্বাংগীন বিকাশৰ বাবে দেহে-কেহে কাম কৰিছিল।

৭। সোনোৱাল কছাৰীসকলৰ লোক-সাহিত্য আৰু লোক-নৃত্যৰ বিষয়ে লিখা।
উত্তৰ: সোনোৱাল কছাৰীসকল লোক-সাহিত্যত চহকী। তেওঁলোকৰ লোক-সাহিত্যৰ ভিতৰত হায়দাং গীত, হুঁচৰি গীত, বহুৱা নৃত্যৰ গীত, আইনাম, ধাইনাম আদি অন্যতম। তেওঁলোকৰ লোক-নৃত্যত বহুৱা নৃত্য, হগ্রা নৃত্য, লেছেৰী, কুলাবুঢ়ী নাচ, হায়দাং নৃত্য আদি অন্তৰ্ভুক্ত। এই লোক-সাহিত্যৰ বহুতো বৰ্তমান লিখিত ৰূপত প্ৰকাশ হৈছে।

৮। পৰশুৰাম সোনোৱালৰ শিক্ষাজীৱন আৰু কৰ্মজীৱনৰ বিষয়ে আলোচনা কৰা।
উত্তৰ: পৰশুৰাম সোনোৱালে ১৯২৪ চনত মেট্ৰিক পাছ কৰিছিল। তেওঁ আই.এ.ত প্রথম বিভাগত উত্তীৰ্ণ হৈছিল। ১৯৩২ চনত ইউনিভাৰচিটি অৱ কলকাতাৰ পৰা বুৰঞ্জী বিভাগত স্নাতকোত্তৰ আৰু আইনৰ ডিগ্ৰী লাভ কৰিছিল। ১৯৩৪ চনত তেওঁ ডিব্ৰুগড় উকীল সন্থাত যোগদান কৰিছিল। তেওঁ ডিব্ৰুগড় লোকেল ব’ৰ্ডৰ সদস্য, অসম মেডিকেল স্কুল ব’ৰ্ডৰ সদস্য আদি পদতো কাৰ্যনিৰ্বাহ কৰিছিল।

৯। সোনোৱাল কছাৰীসকলৰ ঘৰ সজা পদ্ধতিৰ বিষয়ে লিখা।
উত্তৰ: হায়দাং গীতৰ মতে সোনোৱাল কছাৰীসকলৰ ঘৰ সজা পদ্ধতি এনেকুৱা—”পূবে ভঁৰাল, পশ্চিমে গৰাল, উত্তৰে চৰু আৰু দক্ষিণে গৰু”। তেওঁলোকে বৰঘৰ পূব-মুৱাকৈ আৰু মাৰলঘৰ উত্তৰা-দক্ষিণাকৈ সাজে। উত্তৰ দিশত মজিয়া বা পাকঘৰ আৰু অতিথিৰ বাবে মাৰলঘৰ সাজে।

১০। যোগেশ দাসৰ সাহিত্যিক কৃতিত্ব আৰু তেওঁ লাভ কৰা বঁটা-বাহনৰ বিষয়ে আলোচনা কৰা।
উত্তৰ: যোগেশ দাস এগৰাকী স্বনামধন্য সাহিত্যিক আছিল। তেওঁৰ উল্লেখযোগ্য গল্প-পুথি হ’ল পপীয়া তৰা, ডাৱৰৰ আঁৰে আঁৰে, মদাৰৰ বেদনা। উপন্যাসসমূহৰ ভিতৰত সঁহাৰি পাই, জোনাকীৰ জুই, ডাৱৰ আৰু নাই বিশেষ প্ৰসিদ্ধ। ১৯৮০ চনত পৃথিৱীৰ অসুখৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। লগতে তেওঁ মোক্ষদানন্দপাঠক শিশু-সাহিত্য বঁটা আৰু অসম উপত্যকা সাহিত্য বঁটাও লাভ কৰিছিল।

SEBA Class 10 Assamese Chapter সোনোৱাল কছাৰীসকল প্রশ্ন আৰু উত্তৰ – Complete HSLC Exam Guide

For effective revision and confident board preparation, SEBA Class 10 Assamese Chapter সোনোৱাল কছাৰীসকল প্রশ্ন আৰু উত্তৰ provide a complete and structured learning framework for Class 10 Assamese MIL students. These SEBA Class 10 Assamese Chapter সোনোৱাল কছাৰীসকল প্রশ্ন আৰু উত্তৰ clearly explain the historical background, traditional gold-washing profession, customs, and cultural identity of the Sonowal Kachari community.

Regular practice of SEBA Class 10 Assamese Chapter সোনোৱাল কছাৰীসকল প্রশ্ন আৰু উত্তৰ helps students confidently attempt long and short Class 10 Assamese Vaichitryamay Assam question answers in SEBA and ASSEB examinations. All SEBA Class 10 Assamese Sonowal Kachari solutions and ASSEB Class 10 Assamese Chapter Sonowal Kachari solutions strictly follow the recommended HSLC answer-writing pattern.

This page includes complete SEBA Class 10 Assamese Chapter সোনোৱাল কছাৰীসকল প্রশ্ন আৰু উত্তৰ, a structured Vaichitryamay Assam Sonowal Kachari guide, and exam-focused SEBA Class 10 Assamese Chapter সোনোৱাল কছাৰীসকল প্রশ্ন আৰু উত্তৰ to ensure thorough preparation.

If you are searching for accurate and exam-oriented SEBA Class 10 Assamese Chapter সোনোৱাল কছাৰীসকল প্রশ্ন আৰু উত্তৰ, this SEBA Class 10 Assamese Chapter সোনোৱাল কছাৰীসকল প্রশ্ন আৰু উত্তৰ resource will help you revise effectively and score higher marks in the HSLC Examination.

FAQs – SEBA / ASSEB Class 10 Assamese Vaichitryamay Assam Chapter সোনোৱাল কছাৰীসকল

1. সোনোৱাল কছাৰীসকল পাঠটোৰ মূল বিষয়বস্তু কি?

এই পাঠটোত সোনোৱাল কছাৰী জনগোষ্ঠীৰ ইতিহাস, পৰম্পৰাগত পেছা, সংস্কৃতি আৰু অসমীয়া সমাজলৈ তেওঁলোকৰ অৱদান আলোচনা কৰা হৈছে।

2. এই SEBA Class 10 Assamese Chapter সোনোৱাল কছাৰীসকল Solutions 2026–27 syllabus অনুসৰি নে?

হয়। এই SEBA Class 10 Assamese Chapter সোনোৱাল কছাৰীসকল প্রশ্ন আৰু উত্তৰ সম্পূৰ্ণৰূপে 2026–27 SEBA syllabus অনুসৰি প্ৰস্তুত কৰা হৈছে।

3. এই Solutions SEBA আৰু ASSEB দুয়ো বোৰ্ডৰ বাবে প্ৰযোজ্য নে?

হয়। এই সমাধানসমূহ SEBA আৰু ASSEB দুয়ো বোৰ্ডৰ Class 10 Assamese MIL পাঠ্যসূচীৰ সৈতে মিল আছে।

4. সোনোৱাল কছাৰীসকল অধ্যায় HSLC Examination ৰ বাবে সহায়ক নে?

নিশ্চয়। এই অধ্যায়ে HSLC Examinationৰ বাবে অসমৰ জনগোষ্ঠীয় ইতিহাস আৰু সংস্কৃতি বুজাত সহায় কৰে।

5. ইয়াত Vaichitryamay Assam Sonowal Kachari guide আছে নে?

অৱশ্যই। ইয়াত সম্পূৰ্ণ Vaichitryamay Assam Sonowal Kachari guide আৰু পৰীক্ষা-মুখী উত্তৰ উপলব্ধ।

6. এই Solutions উত্তৰ লিখাৰ দক্ষতা উন্নত কৰে নে?

হয়। সকলো উত্তৰ HSLC answer writing pattern অনুসৰি সাজি উলিওৱা হৈছে।

7. এই SEBA Class 10 Assamese Chapter সোনোৱাল কছাৰীসকল Solutions নিয়মিত আপডেট কৰা হয় নে?

হয়। পাঠ্যসূচীৰ পৰিবর্তন আৰু academic session অনুসৰি এই সমলসমূহ নিয়মিতভাৱে আপডেট কৰা হয়।

🎓 About Assam Eduverse

Assam Eduverse is the best educational platform in Assam, offering SEBA, AHSEC (ASSEB), SCERT, CBSE, and Assam Board Solutions along with study materials, notes, and exam preparation guides to help students learn smarter and score higher.

Our expert-prepared answers and MCQs follow the latest Assam Board Syllabus and NCERT Syllabus. We make learning simple, accessible, and effective for all students preparing for board or competitive exams.📘 Visit Assam Eduverse for free Assam Board Solutions, notes, and Study Materials prepared by experts.