SEBA Class 10 Assamese Chapter বড়োসকল প্রশ্ন আৰু উত্তৰ Solutions | Vaichitryamay Assam

SEBA Class 10 Assamese Chapter বড়োসকল প্রশ্ন আৰু উত্তৰ are essential study materials for HSLC board preparation. These SEBA Class 10 Assamese Chapter বড়োসকল প্রশ্ন আৰু উত্তৰ include a detailed Vaichitryamay Assam Bodo guide, structured explanation, and exam-oriented Class 10 Assamese Vaichitryamay Assam question answers prepared strictly according to the latest SEBA and ASSEB syllabus.

The chapter বড়োসকল discusses the origin, history, social system, festivals, language, and cultural traditions of the Bodo community. Through these SEBA Class 10 Assamese Chapter বড়োসকল প্রশ্ন আৰু উত্তৰ, students clearly understand the historical importance and socio-cultural contribution of the Bodo community in Assam. These SEBA Class 10 Assamese Bodo solutions improve conceptual clarity and structured answer-writing skills.

Prepared by experts of Assam Eduverse, these SEBA Class 10 Assamese Chapter বড়োসকল প্রশ্ন আৰু উত্তৰ ensure strong preparation for the HSLC Examination.

SEBA / ASSEB Class 10 Assamese Vaichitryamay Assam Chapter বড়োসকল Complete Solutions, Guide & Question Answers

📖 পাঠৰ সংক্ষিপ্তসাৰ: বড়োসকল

Class 10 Assamese MIL – Vaichitryamay Assam

বড়োসকলক উত্তৰ-পূব ভাৰতৰ আদিম জনগোষ্ঠী হিচাপে বৰ্ণনা কৰা হৈছে। তেওঁলোকৰ এক সুসংগঠিত সমাজ-ব্যৱস্থা, ভাষা-সাহিত্য, ধৰ্ম আৰু সংস্কৃতি আছে। ‘বড়ো’ শব্দটোৱে বহল অৰ্থত সমগোষ্ঠীয় লোকৰ সমষ্টিক বুজায়। বড়ো মূলৰ পৰা উদ্ভৱ হোৱা অন্যান্য জনগোষ্ঠী হ’ল — সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, চুতীয়া, দেউৰী, লালুং, ৰাভা, গাৰো, হাজং আৰু ত্ৰিপুৰী

বড়ো ভাষা চীনা-তিব্বত-বর্মীয় ঠালৰ অন্তৰ্গত। ১৯৬৩ চনত এই ভাষাই প্ৰাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি লাভ কৰে আৰু ২০০৩ চনত ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত হয়। বড়োসকলৰ প্ৰাচীন ধৰ্ম বাথৌ ধৰ্ম, য’ত তেওঁলোকে পঞ্চতত্ত্বক ঈশ্বৰ হিচাপে মানে। তেওঁলোকৰ মুখ্য ধৰ্মীয় উৎসৱ হ’ল খেৰাই

বড়ো সংস্কৃতি সমৃদ্ধিশালী। মহিলাসকলে কাপোৰ বোৱা-কটাত বিশেষ দক্ষ। তেওঁলোকৰ বাগুৰুম্বা আৰু বাৰদৈছিল্লা নৃত্য বিশ্বস্তৰত বিখ্যাত। বাদ্যযন্ত্ৰৰ ভিতৰত খাম (মাদল) আৰু চিফুং (বাঁহী) গুৰুত্বপূৰ্ণ। ১৯৯৩ চনত বডোলেণ্ড স্বায়ত্ব শাসিত পৰিষদ আৰু ২০০৩ চনত বডোলেণ্ড টেৰিটৰিয়েল এৰিয়াচ ডিস্ট্রিক্ট গঠন কৰা হৈছিল।

এই পাঠত কেইবাগৰাকীমান বড়ো বিশিষ্ট ব্যক্তিৰ বিষয়ে উল্লেখ আছে — ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰী (বড়ো নৃত্যক ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱা), শোভা ব্ৰহ্ম (অসমৰ কলা জগতৰ পথপ্ৰদৰ্শক), আৰু শ্বহীদ বিনেশ্বৰ ব্ৰহ্ম (বড়ো সাহিত্য সভাৰ সভাপতি)।

উপসংহাৰ: বড়োসকল পাঠ্যখনৰ জৰিয়তে বড়ো জনগোষ্ঠীৰ ভাষা, ধৰ্ম, উৎসৱ, সংস্কৃতি আৰু ঐতিহাসিক অৱদান স্পষ্টকৈ বুজিব পাৰি।

— From the book Vaichitryamay Assam

প্ৰশ্নাৱলীৰ সমাধান

১। বড়োভাষা কি ভাষাগোষ্ঠীৰ অন্তৰ্ভুক্ত।
উত্তৰ: বড়ো ভাষা চীনা তিব্বত-বর্মীয় ঠালৰ ভাষা।

২। বড়োভাষা কেতিয়া প্রাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি লাভ কৰিছিল?
উত্তৰ: বড়ো ভাষাই ১৯৬৩ চনত প্রাথমিক স্তৰত মাধ্যম হিচাপে স্বীকৃতি লাভ কৰিছিল।

৩। বড়োসকলৰ বিষয়ে লিখা দুখন গ্ৰন্থৰ নাম লিখা।
উত্তৰ: বড়ো সাহিত্যৰ প্ৰথম গ্ৰন্থখন হ’ল গংগাচৰণ কছাৰীৰ ‘বড়ো ফিছা ও আইন’ (১৯১৫)। চিত্তৰঞ্জন মোছাহাৰী দেৱৰ প্ৰথমখন উপন্যাস হৈছে ‘জুজাইনি অৰ’ (১৯৭২)।

৪। বড়োভাষাৰ প্ৰথম গ্রন্থখন কি?
উত্তৰ: বড়ো ভাষাৰ প্ৰথমখন গ্ৰন্থ হৈছে গংগাচৰণ কছাৰীৰ ‘বড়ো ফিছা ও আইন’ (১৯১৫)।

৫। বড়োসকল পৰম্পৰাগত সাজ পাৰত ব্যৱহাৰ কৰা কেইটিমান চানেকিৰ নাম উল্লেখ কৰা।
উত্তৰ: বড়ো মহিলাসকলে পৰম্পৰাগত সাজ-পাৰত ব্যৱহাৰ কৰা কেইটিমান চানেকি হ’ল: দাওথু আগান, ফাৰেও মেগন, মুফুৰ আফা, দাওৰাই মৌখেব, থাইগিৰ বিবাৰ হাজৌ আগৰ ইত্যাদি।


চমুটোকা লিখা

(ক) ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰী
উত্তৰ: ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰী আছিল এজন নৃত্য শিল্পী। তেওঁৰ নিস্বাৰ্থ প্ৰচেষ্টাত বড়ো নৃত্য ৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত হয়। তেওঁ ১৯৫৭ চনৰ গণতন্ত্ৰ দিৱসত বাগুৰুম্বা নৃত্য পৰিৱেশন কৰি ভাৰতৰ ভিতৰত প্ৰথম স্থান দখল কৰিছিল। তেওঁ ১৯৮২ চনত ‘সংগীত নাটক একাডেমী’ বঁটা লাভ কৰিছিল। তেওঁৰ প্ৰচেষ্টাতেই বড়ো সংস্কৃতিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।

(খ) শোভা ব্ৰহ্ম
উত্তৰ: শোভা ব্ৰহ্ম আছিল এজন প্রখ্যাত ভাস্কর্যবিদ আৰু অসমৰ কলা জগতৰ পথ-প্ৰদৰ্শক। তেওঁৰ সৃষ্টিৰাজিয়ে বড়ো আৰু অসমীয়া সমাজৰ প্ৰতিচ্ছবি দাঙি ধৰিছে। তেওঁ শান্তি নিকেতনত শিল্প বিষয়ত অধ্যয়ন কৰিছিল। তেওঁ চৰকাৰী চাৰুকলা মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপেও নিযুক্তি লাভ কৰিছিল। তেওঁ ‘শিল্পকলাৰ নৱপ্ৰজন্ম’, ‘ভাৰতীয় চিত্ৰ কলা’ আদিৰ দৰে বহুতো গ্ৰন্থ ৰচনা কৰিছিল। তেওঁ দি-লিট উপাধি লাভ কৰিছিল আৰু বিভিন্ন ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটাও পাইছিল।

(গ) বিনেশ্বৰ ব্ৰহ্ম
উত্তৰ: শ্বহীদ বিনেশ্বৰ ব্ৰহ্ম আছিল এজন তীক্ষ্ণ মেধাসম্পন্ন, সু-চিন্তক, সমাজসেৱক, সাহিত্যিক আৰু সু-সংগঠক। তেওঁ মুঠ ৮টা ভাষা সলসলীয়াকৈ ক’ব পাৰিছিল। তেওঁ বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক আৰু সভাপতি হিচাপে দুটা কাৰ্যকালৰ বাবে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ কবিতা পুথিসমূহ হ’ল ‘আই নি মাদৈ’ আৰু ‘বৰদৈসিঙ্গা’। তেওঁ ২০০০ চনত অচিন আততায়ীৰ হাতত গুলীবিদ্ধ হৈ অকাল মৃত্যুক আঁকোৱালি লয়।


অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ (Extra Questions and Answers)

চমু উত্তৰৰ প্ৰশ্ন

১। বড়োভাষাক কেইটা ভাষাত ভাগ কৰা হয়?
উত্তৰ: পণ্ডিতসকলৰ মতে তিব্বতীয় ভাষাৰ দুটা প্রধান ঠাল হৈছে – তিব্বত বর্মীয় আৰু টাই-চীনা ভাষা।

২। বড়োসকলৰ প্ৰথম চুটিগল্প সংকলনখনৰ নাম কি?
উত্তৰ: চিত্তৰঞ্জন মোছাহাৰী দেৱৰ ‘ফৈমাল মিজিংক’ (১৯৭০) হৈছে বড়ো সাহিত্যৰ প্ৰথম চুটিগল্প সংকলন।

৩। বড়ো সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল?
উত্তৰ: বড়ো সাহিত্য সভা ১৯৫২ চনৰ ১৬ নৱেম্বৰত প্ৰতিষ্ঠা হৈছিল।

৪। বড়ো ধৰ্মত উপাসনা কৰা পঞ্চতত্ত্ব কি কি?
উত্তৰ: বড়োসকলে বাথৌ ধৰ্মত মাটি (হা), বায়ু (বাৰ), পানী (দৈ), আকাশ (অখ্রাং) আৰু সূৰ্য্য (সান) উপাসনা কৰে।

৫। বড়ো মহিলাসকলে পৰিধান কৰা প্ৰধান সাজ-পাৰ কি কি?
উত্তৰ: বড়ো মহিলাসকলে দখনা, আৰনাই, ফালি, চাদ্রি আদি বয়।

৬। বাগুৰুম্বা আৰু বাৰদৈছিল্লা নৃত্য ক’ত বিখ্যাত?
উত্তৰ: বাগুৰুম্বা আৰু বাৰদৈছিল্লা নৃত্য এছিয়া মহাদেশৰ ভিতৰতে বিখ্যাত।

৭। বডোলেণ্ড টেৰিটৰিয়েল এৰিয়াচ ডিস্ট্রিক (BTAD) গঠন হোৱা জিলা কেইখন কি কি?
উত্তৰ: কোকৰাঝাৰ, চিৰাং, বাক্‌সা আৰু ওদালগুৰি।

৮। শোভা ব্ৰহ্মই কোনখন শিক্ষানুষ্ঠানত অধ্যয়ন কৰিছিল?
উত্তৰ: শোভা ব্ৰহ্মই শান্তি নিকেতনত অধ্যয়ন কৰিছিল।

৯। শ্বহীদ বিনেশ্বৰ ব্ৰহ্ম কেইটা ভাষা ক’ব পাৰিছিল?
উত্তৰ: শ্বহীদ বিনেশ্বৰ ব্ৰহ্মই ৮টা ভাষা ক’ব পাৰিছিল।

১০। বদৌফা উপেন্দ্ৰনাথ ব্ৰহ্মই কি কি ক্ষেত্ৰত অৰিহণা যোগাইছিল?
উত্তৰ: বদৌফা উপেন্দ্ৰনাথ ব্ৰহ্মই শৈক্ষিক, সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত অৰিহণা যোগাইছিল।


দীঘল উত্তৰৰ প্ৰশ্ন

১। বড়োভাষাৰ ইতিহাস আৰু স্বীকৃতিৰ বিষয়ে বিতংকৈ আলোচনা কৰা।
উত্তৰ: বড়ো ভাষা চীন-তিব্বতীয় ভাষাগোষ্ঠীৰ তিব্বত-বর্মীয় ঠালৰ ভাষা। কিৰাত ৰাজ্য শাসনৰ সময়ত এই ভাষা চৰকাৰী আৰু আদালতৰ ভাষা হিচাপে ব্যৱহাৰ হৈছিল। ১৯৬৩ চনত বড়ো ভাষাই প্ৰাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি লাভ কৰে। ১৯৭৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ে ইয়াক আধুনিক ভাৰতীয় ভাষা হিচাপে স্বীকৃতি দিয়ে। ১৯৮৪ চনত ইয়াক অসমৰ ৰাজ্যিক ভাষা হিচাপে মান্যতা দিয়া হয়। ২০০৩ চনত বি.টি.চি. চুক্তিৰ পিছত ইয়াক ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰা হয়।

২। বড়ো জনগোষ্ঠীৰ সাংস্কৃতিক জীৱনৰ বিষয়ে লিখা।
উত্তৰ: বড়ো মহিলাসকলে কাপোৰ বোৱা-কটা কৰাত দক্ষ। প্ৰতি ঘৰে কমেও এযোৰ তাঁতশাল থাকে। তেওঁলোকে দখনা, আৰনাই, ফালি, চাদ্রি আদি সাজ-পাৰ বয়। তেওঁলোকৰ গীত তিনিটা ভাগত ভাগ কৰা হয়: প্ৰাৰ্থনা গীত, লোকগীত আৰু আধুনিক গীত। নৃত্যও দুবিধ: পুৰণি বড়ো নৃত্য আৰু আধুনিক বড়ো নৃত্য। বাগুৰুম্বা আৰু বাৰদৈছিল্লা নৃত্য এশিয়াত বিখ্যাত। খাম (মাদল) আৰু চিফুং (বাঁহী) হৈছে প্ৰধান বাদ্যযন্ত্ৰ।

৩। ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰীৰ জীৱন আৰু বড়ো সংস্কৃতিৰ প্ৰতি তেওঁৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰ: ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰীৰ প্ৰচেষ্টাত বড়ো নৃত্য ৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত হয়। ১৯৫৭ চনত গণতন্ত্ৰ দিৱসত বাগুৰুম্বা পৰিৱেশন কৰি প্ৰথম স্থান লাভ কৰিছিল। ১৯৮২ চনত ‘সংগীত নাটক একাডেমী’ বঁটা লাভ কৰে। তেওঁৰ পৰিশ্ৰমৰ ফলত বড়ো সংস্কৃতি ৰাষ্ট্ৰীয় পৰ্যায়ত মান্যতা লাভ কৰে।

৪। শোভা ব্ৰহ্মৰ শিল্প-ভাস্কর্য আৰু সাহিত্যিক অৱদানৰ বিষয়ে আলোচনা কৰা।
উত্তৰ: শোভা ব্ৰহ্ম আছিল এজন প্ৰখ্যাত ভাস্কর্যবিদ। তেওঁৰ ভাস্কৰ্য আৰু চিত্ৰত সমাজৰ প্ৰতিচ্ছবি প্ৰকাশ পায়। তেওঁ শান্তি নিকেতনত অধ্যয়ন কৰিছিল আৰু চৰকাৰী চাৰুকলা মহাবিদ্যালয়ৰ অধ্যক্ষ আছিল। তেওঁৰ গ্ৰন্থসমূহ হ’ল ‘শিল্পকলাৰ নৱপ্ৰজন্ম’, ‘ভাৰতীয় চিত্ৰ কলা’ আৰু ‘গীদান উজি’। তেওঁ বহুতো বঁটা লাভ কৰিছিল।

৫। বড়ো চুক্তি আৰু ইয়াৰ ফলত হোৱা পৰিৱৰ্তনসমূহৰ বিষয়ে লিখা।
উত্তৰ: ১৯৯৩ চনত কেন্দ্ৰ চৰকাৰ, এবছু, বি.পি.এ.চি. আৰু অসম চৰকাৰৰ মাজত চুক্তিৰ ফলত বডোলেণ্ড স্বায়ত্ব শাসিত পৰিষদ গঠন কৰা হয়। ২০০৩ চনত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বড়ো লিবাৰেশ্বন টাইগাৰৰ মাজত চুক্তি সম্পাদিত হয়। ইয়াৰ ফলত কোকৰাঝাৰ, চিৰাং, বাক্‌সা আৰু ওদালগুৰি মিলে BTAD গঠন কৰা হয়।

৬। শ্বহীদ বিনেশ্বৰ ব্ৰহ্মৰ জীৱন আৰু সাহিত্যিক অৱদানৰ বিষয়ে আলোচনা কৰা।
উত্তৰ: বিনেশ্বৰ ব্ৰহ্ম আছিল সমাজসেৱক আৰু সাহিত্যিক। তেওঁ ১৯৯০-১৯৯৩ চনত বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক আৰু দুবাৰ সভাপতি আছিল। তেওঁৰ কবিতা পুথিসমূহ হ’ল ‘আই নি মাদৈ’ আৰু ‘বৰদৈসিঙ্গা’। ২০০০ চনত আততায়ীৰ হাতে গুলীবিদ্ধ হৈ মৃত্যু হয়।

৭। বড়ো ধৰ্মীয় বিশ্বাস, বিশেষকৈ বাথৌ ধৰ্মৰ বিষয়ে লিখা।
উত্তৰ: বাথৌ ধৰ্ম বড়ো জাতিৰ প্ৰাচীন ধৰ্ম। তেওঁলোকৰ মতে বাথৌ হৈছে শ্ৰেষ্ঠ দেৱতা। বাথৌ ধৰ্মত মাটি, বায়ু, পানী, আকাশ আৰু সূৰ্য্যক উপাসনা কৰে। বাথৌ ধৰ্মৰ মুখ্য উৎসৱ হ’ল খেৰাই উৎসৱ।

৮। গুৰুদেৱ কালিচৰণ ব্ৰহ্ম আৰু বদৌফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাজ সংস্কাৰৰ বিষয়ে আলোচনা কৰা।
উত্তৰ: গুৰুদেৱ কালিচৰণ ব্ৰহ্মই ব্ৰহ্মধৰ্ম প্ৰচাৰ কৰিছিল আৰু সমাজ সংস্কাৰত ভূমিকা লৈছিল। বদৌফা উপেন্দ্ৰনাথ ব্ৰহ্মে শিক্ষামূলক, সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত বড়ো সমাজক আগবঢ়াইছিল।

৯। শোভা ব্ৰহ্মই প্রতিষ্ঠা কৰা চাৰুকলা মহাবিদ্যালয়ৰ বিষয়ে লিখা।
উত্তৰ: শোভা ব্ৰহ্মই অসমৰ প্ৰথম চাৰুকলা মহাবিদ্যালয় প্রতিষ্ঠা কৰিছিল। ১৯৬৪ চনৰ ৩১ জানুৱাৰীত তেওঁ অধ্যক্ষ নিযুক্তি লাভ কৰে। মহাবিদ্যালয়খনৰ চৰকাৰীকৰণ আৰু উন্নয়নত তেওঁ মুখ্য ভূমিকা লৈছিল।

১০। বড়ো মহিলাসকলৰ বোৱা-কটা শিল্পৰ বিষয়ে লিখা।
উত্তৰ: বড়ো মহিলাসকলে বোৱা-কটা শিল্পত বিশেষ দখল ৰাখে। প্ৰতি ঘৰে তাঁত থাকে। তেওঁলোকে দখনা, আৰনাই, ফালি, চাদ্রি আদি বয়। কাপোৰত ফুলৰ চানেকি যেনে দাওথু আগান, ফাৰেও মেগন, মুফুৰ আফা, দাওৰাই মৌখেব ইত্যাদি তুলি ধরে। আৰনাই সন্মানৰ চিন হিচাপে ব্যৱহৃত হয়।

SEBA Class 10 Assamese Chapter বড়োসকল প্রশ্ন আৰু উত্তৰ – Complete HSLC Exam Guide

For effective revision and confident board preparation, SEBA Class 10 Assamese Chapter বড়োসকল প্রশ্ন আৰু উত্তৰ provide a complete and structured learning framework for Class 10 Assamese MIL students. These SEBA Class 10 Assamese Chapter বড়োসকল প্রশ্ন আৰু উত্তৰ clearly explain the historical background, traditions, language, and cultural practices of the Bodo community.

Regular practice of SEBA Class 10 Assamese Chapter বড়োসকল প্রশ্ন আৰু উত্তৰ helps students confidently attempt long and short Class 10 Assamese Vaichitryamay Assam question answers in SEBA and ASSEB examinations. All SEBA Class 10 Assamese Bodo solutions and ASSEB Class 10 Assamese Chapter Bodo solutions strictly follow the recommended HSLC answer-writing pattern.

This page includes complete SEBA Class 10 Assamese Chapter বড়োসকল প্রশ্ন আৰু উত্তৰ, a structured Vaichitryamay Assam Bodo guide, and exam-focused SEBA Class 10 Assamese Chapter বড়োসকল প্রশ্ন আৰু উত্তৰ to ensure thorough preparation.

If you are searching for accurate and exam-oriented SEBA Class 10 Assamese Chapter বড়োসকল প্রশ্ন আৰু উত্তৰ, this SEBA Class 10 Assamese Chapter বড়োসকল প্রশ্ন আৰু উত্তৰ resource will help you revise effectively and score higher marks in the HSLC Examination.

FAQs – SEBA / ASSEB Class 10 Assamese Vaichitryamay Assam Chapter বড়োসকল

1. বড়োসকল পাঠটোৰ মূল বিষয়বস্তু কি?

এই পাঠটোত বড়ো জনগোষ্ঠীৰ ইতিহাস, ভাষা, সংস্কৃতি আৰু সামাজিক জীৱনৰ বিষয়ে আলোচনা কৰা হৈছে।

2. এই SEBA Class 10 Assamese Chapter বড়োসকল Solutions 2026–27 syllabus অনুসৰি নে?

হয়। এই SEBA Class 10 Assamese Chapter বড়োসকল প্রশ্ন আৰু উত্তৰ সম্পূৰ্ণৰূপে 2026–27 SEBA syllabus অনুসৰি প্ৰস্তুত কৰা হৈছে।

3. এই Solutions SEBA আৰু ASSEB দুয়ো বোৰ্ডৰ বাবে প্ৰযোজ্য নে?

হয়। এই সমাধানসমূহ SEBA আৰু ASSEB দুয়ো বোৰ্ডৰ Class 10 Assamese MIL পাঠ্যসূচীৰ সৈতে মিল আছে।

4. বড়োসকল অধ্যায় HSLC Examination ৰ বাবে সহায়ক নে?

নিশ্চয়। এই অধ্যায়ে HSLC Examinationৰ বাবে অসমৰ জনগোষ্ঠীয় ইতিহাস আৰু সংস্কৃতি বুজাত সহায় কৰে।

5. ইয়াত Vaichitryamay Assam Bodo guide আছে নে?

অৱশ্যই। ইয়াত সম্পূৰ্ণ Vaichitryamay Assam Bodo guide আৰু পৰীক্ষা-মুখী উত্তৰ উপলব্ধ।

6. এই Solutions উত্তৰ লিখাৰ দক্ষতা উন্নত কৰে নে?

হয়। সকলো উত্তৰ HSLC answer writing pattern অনুসৰি সাজি উলিওৱা হৈছে।

7. এই SEBA Class 10 Assamese Chapter বড়োসকল Solutions নিয়মিত আপডেট কৰা হয় নে?

হয়। পাঠ্যসূচীৰ পৰিবর্তন আৰু academic session অনুসৰি এই সমলসমূহ নিয়মিতভাৱে আপডেট কৰা হয়।

🎓 About Assam Eduverse

Assam Eduverse is the best educational platform in Assam, offering SEBA, AHSEC (ASSEB), SCERT, CBSE, and Assam Board Solutions along with study materials, notes, and exam preparation guides to help students learn smarter and score higher.

Our expert-prepared answers and MCQs follow the latest Assam Board Syllabus and NCERT Syllabus. We make learning simple, accessible, and effective for all students preparing for board or competitive exams.📘 Visit Assam Eduverse for free Assam Board Solutions, notes, and Study Materials prepared by experts.

Leave a Comment