SEBA Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতি (Bharatiya Sanskriti) প্রশ্ন আৰু উত্তৰ Solutions | Asomiya Sahitya Chayanika
Chapter Overview:
SEBA Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতি প্রশ্ন আৰু উত্তৰ are important learning resources for Class 10 Assamese MIL students preparing for SEBA and ASSEB examinations. These SEBA Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতি প্রশ্ন আৰু উত্তৰ include a complete Asomiya Sahitya Chayanika Bharatiya Sanskriti guide, detailed explanation, and exam-oriented answers prepared strictly according to the latest syllabus.
The lesson ভাৰতীয় সংস্কৃতি (Bharatiya Sanskriti) highlights the richness, diversity, and unity of Indian culture. It explains how Indian culture is shaped by values like tolerance, harmony, spirituality, and respect for diversity. Because of its cultural, social, and national importance, SEBA Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতি প্রশ্ন আৰু উত্তৰ hold a significant place in the Class 10 Assamese syllabus.
Prepared by experts of Assam Eduverse, these SEBA Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতি প্রশ্ন আৰু উত্তৰ help students understand the concept of Indian culture clearly and improve answer-writing skills, which are essential for board examinations and HSLC preparation.
SEBA / ASSEB Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতি (Bharatiya Sanskriti) Complete Solutions, Guide & Question Answers
প্ৰশ্নৱলী
ভাব-বিষয়ক :
১। ভাৰতীয় সংস্কৃতিৰ প্রাণ কি?
উত্তৰ : ক্ৰমবৰ্ধমান শক্তি হৈছে ভাৰতীয় সংস্কৃতিৰ প্রাণ।
২। ‘ফ্ৰম ভল্গা টু গংগা’ কাৰ ৰচনা?
উত্তৰ : পণ্ডিত ৰাহুল সংকৃত্যায়নৰ ৰচনা।
৩। সৰ্বপল্লী ৰাধাকৃষ্ণণে ‘কালিয়দমন’ৰ কি আখ্যা দিছে?
উত্তৰ : তেওঁ কালিয়দমনক আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নৃত্য বুলি আখ্যা দিছে।
৪। কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি?
উত্তৰ : বৌদ্ধ ধৰ্মৰ প্রচাৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি।
৫। শিৱ আৰু শক্তি পূজাৰ মূল ক’ত আৱিষ্কাৰ হৈছিল?
উত্তৰ : মহেঞ্জোদাৰো আৰু হৰপ্পাৰ সভ্যতাত।
৬। ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি?
উত্তৰ : গঠনৰ সৰলতা আৰু সূক্ষ্মতা ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ।
৭। অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাববস্তু দুটা কি কি?
উত্তৰ : সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন।
৮। গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ’ব লাগে বুলি মত প্ৰকাশ কৰিছে?
উত্তৰ : গান্ধীজীয়ে কৈছিল—নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ সংস্কৃতি হ’ব লাগে আৰু ই সমূহীয়া জীৱনৰ সম্পদ হ’ব লাগে।
৯। সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে?
উত্তৰ : চিত্ৰশিল্পক।
১০। হেম বৰুৱাৰ সাহিত্য-চৰ্চা সম্পৰ্কে পঁচিছটামান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া।
উত্তৰ : হেম বৰুৱা আছিল আধুনিক অসমীয়া কবিতাৰ পথ-প্ৰদৰ্শক। তেওঁৰ প্ৰধান গ্ৰন্থসমূহ হ’ল– বালিছন্দা, মনময়ুৰী, এই গাঁও এই গীত আদি। তেওঁছিলো একো কৃতী সাহিত্যিক, বক্তা আৰু সাংসদ।
১১। ‘ভাৰতীয় সংস্কৃতি’ পাঠটোৰ সাৰাংশ লিখা।
উত্তৰ : ভাৰতীয় সংস্কৃতি হৈছে এক বিৰাট সমন্বয়ৰ বস্তু। আৰ্য-অনাৰ্য, দ্ৰাবিড়-মংগোলীয় আদি নানা জাতি আৰু বহিৰাগতসকলৰ সংস্কৃতি মিলি ইয়াক সমৃদ্ধ কৰিছে। সাহিত্য, কলা, সংগীত, দৰ্শন সকলোত ইয়াৰ বৈচিত্ৰ্য আৰু ঐক্য প্ৰকাশ পাইছে।
১২। ‘ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু’–এই কথাযাৰ কিমানদূৰ যুক্তিপূৰ্ণ, পাঠৰ আধাৰত বিচাৰ কৰা।
উত্তৰ : ভাৰতীয় সংস্কৃতিত বিভিন্ন জাতি-গোষ্ঠী আৰু ধৰ্মৰ উপাদান মিলিছে। আৰ্য-অনাৰ্যৰ মিলন, হিন্দু-মুছলিম শিল্পৰ সমন্বয়, বৌদ্ধ-উপনিষদৰ প্ৰভাৱ, অজন্তাৰ চিত্ৰ, মোগল-হিন্দু স্থাপত্য সকলোতে এই সমন্বয় দেখা যায়। সেয়ে এই উক্তি যুক্তিপূৰ্ণ।
১৩। ‘সভ্যতা আৰু সংস্কৃতি’ শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা।
উত্তৰ : সভ্যতা হৈছে সমাজৰ সু-শৃংখল অৱস্থা, কিন্তু সংস্কৃতি হৈছে সেই সমাজৰ সাহিত্য, শিল্প, দৰ্শন আদি প্রতিভাৰ প্ৰকাশ। সভ্যতা সংস্কৃতি গঢ়িবলৈ সহায় কৰে, কিন্তু সংস্কৃতি জাতিৰ মৌলিক সম্পদ।
১৪। উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা।
উত্তৰ : উত্তৰ ভাৰতীয় ভাস্কৰ্যত বৃত্ত আৰু বক্ৰ ৰেখাৰ প্ৰাধান্য আছে। ইয়াত হিন্দু আৰু ইছলামীয় কলাৰ সমন্বয় দেখা যায়। তাজমহল ইয়াৰ উৎকৃষ্ট নিদৰ্শন।
১৫। অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া।
উত্তৰ : অজন্তাৰ গুহাত বৌদ্ধ যুগৰ চিত্ৰকলাৰ উৎকৃষ্ট নিদৰ্শন আছে। ইয়াত সন্ন্যাস জীৱন আৰু আনন্দময় জীৱন দুয়ো অংকিত হৈছে। ছবিবোৰত দয়া, ধ্যান, আনন্দ, প্ৰেম, যৌৱন আদিৰ সমন্বয় প্ৰকাশ পাইছে।
১৬। মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা।
উত্তৰ : বাবৰৰ আমোলত ব্যক্তিবাদী চিত্ৰশিল্পৰ ধাৰা আহে। ইয়াত ব্যক্তিৰ জীৱন আৰু আবেগৰ প্ৰধান্য থাকে, আৰু ইয়াৰ লগত অজন্তাৰ সৰলতাৰ সমন্বয় ঘটিছিল।
১৭। উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলায় বুলিছে?
উত্তৰ : উত্তৰ ভাৰতৰ সংগীতে গাম্ভীৰ্যৰ লগত এক উৰণীয়া ভাবৰ সংযোগ দেখা যায়, যি লোক-সংগীতৰ প্ৰভাৱ।
১৮। ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টোকা যুগুত কৰা।
উত্তৰ : ইছলাম সমাজত সমতা আৰু গণতান্ত্ৰিক চিন্তাধাৰা আনি ভাৰতীয় সংস্কৃতিত নতুন প্ৰভাৱ বিস্তাৰ কৰিছিল।
১৯। প্রাক্-মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ বিষয়ে এটি টোকা যুগুত কৰা।
উত্তৰ : প্রাক্-মুছলিম যুগত হিন্দু আৰু বৌদ্ধ শিল্প প্ৰধান আছিল। মুছলিম যুগত ইছলামীয় স্থাপত্য আৰু হিন্দু শিল্পৰ সমন্বয় ঘটিছিল, যাৰ উৎকৃষ্ট নিদৰ্শন তাজমহল।
২০। ব্যাখ্যা কৰা :
(ক) “সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ।”
উত্তৰ : ভাৰতীয় সভ্যতা আৰু সংস্কৃতি প্ৰাচীনকালৰ পৰা অখণ্ডভাৱে চলি আহিছে। বহুবাৰ বিদেশী আক্রমণ, সামাজিক সংকট, ধৰ্মীয় দ্বন্দ্ব, ৰাজনৈতিক উত্থান-পতন ঘটিলেও ভাৰতীয় সংস্কৃতিয়ে নিজৰ আদি শিকড় সলনি নকৰে। নানা ধৰ্ম, ভাষা, কৃষ্টি, লোকাচাৰ, শিল্প, সাহিত্য, সংগীত ইত্যাদি মিলি গঢ়ি উঠা এই সংস্কৃতি ভাৰতীয় জীৱনৰ মূল সম্পদ। ইয়াৰ দ্বাৰাই সমাজে নিজৰ পৰিচয় সংৰক্ষণ কৰি বিশ্বৰ মাজত গৌৰৱেৰে দঁড়াই আছে।
(খ) “ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী।”
উত্তৰ : ভাৰতৰ ইতিহাসত একে সময়ত বহু ৰাজ্য আৰু ৰাজবংশ গঢ়ি উঠিছিল। কেতিয়াবা ৰাজবংশ শক্তিশালী হ’লেও পিছত সেই ৰাজ্য পতনৰ সন্মুখীন হৈছিল। বহুবাৰ বিদেশী আক্রমণে ৰাজধ্বংস, গৃহযুদ্ধ আৰু নতুন ৰাজবংশৰ উত্থান ঘটাইছিল। ইতিহাসৰ এই ভঙা-গঢ়াই ভাৰতক বহুমুখী অভিজ্ঞতা প্ৰদান কৰিছে। এই কাৰণেই ভাৰতীয় বুৰঞ্জী হৈছে এক বিশেষ ধৰণৰ বুৰঞ্জী, য’ত ভগ্নাৱশেষৰ পৰা নতুন গঠন আৰু নতুন গঠনৰ পৰা পুনৰ ভগ্নাৱশেষ—এই চক্র অখণ্ডভাৱে চলি আহিছে।
(গ) “সকলো আটৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়।”
উত্তৰ : আট বা আচার-অনুষ্ঠান মানৱ সমাজৰ এক গুৰুত্বপূর্ণ অংশ। এই আটবোৰৰ মাজত দুটা বিপৰীত ধাৰাৰ প্ৰভাৱ দেখা যায়। কিছুমান আট আড়ম্বৰ, ধুমধাম, ধন-সম্পদৰ প্ৰদৰ্শন, আনন্দ-উল্লাস আৰু জাকজমকত ভৰপূৰ। আনহাতে, কিছুমান আটৰ লক্ষ্য হৈছে সাধাসিধা সংযম, ধৰ্মীয় ভাৱনা আৰু আড়ম্বৰহীন আধ্যাত্মিকতা। এইদৰে সমাজত আটবোৰে আনন্দ আৰু সংযম দুয়োটাৰেই দিশ প্ৰতিফলিত কৰে।
ভাষা-বিষয়ক
১। সন্ধি ভাঙা :
- সংস্কৃতি = সংস্কৃত + ই
- সমন্বয় = সম্ + অন্বয়
- সম্বন্ধ = সম্ + বদ্ধ
- ভাৰাক্ৰান্ত = ভাৰ + আক্রান্ত
- সন্মত = সম্ + মত
২। বিশেষ্য বা বিশেষণলৈ নিয়া :
- বৈচিত্ৰ্য = বৈচিত্ৰ্যময়
- ভৌগোলিক = ভূগোল
- বিস্তৃতি = বিস্তৃত
- নৈৰাশ্য = নৈৰাশ্যমূলক
- বিপ্লৱ = বিপ্লৱী
SEBA Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতি প্রশ্ন আৰু উত্তৰ – Complete Exam Guide
For effective revision and confident exam preparation, SEBA Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতি প্রশ্ন আৰু উত্তৰ act as a complete learning guide for Class 10 Assamese MIL students. These SEBA Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতি প্রশ্ন আৰু উত্তৰ clearly explain the lesson and show how SEBA Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতি প্রশ্ন আৰু উত্তৰ help students understand unity in diversity, cultural harmony, and Indian values.
Regular practice of SEBA Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতি প্রশ্ন আৰু উত্তৰ enables students to confidently attempt short and long Class 10 Assamese Chapter 7 question answers in SEBA and ASSEB examinations. All SEBA Class 10 Assamese Bharatiya Sanskriti solutions and ASSEB Class 10 Assamese Chapter 7 solutions are written strictly following the recommended answer-writing pattern.
This page includes SEBA Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতি প্রশ্ন আৰু উত্তৰ along with SEBA Class 10 Assamese Bharatiya Sanskriti solutions, Class 10 Assamese Chapter 7 question answers, and the complete Asomiya Sahitya Chayanika Bharatiya Sanskriti guide, making SEBA Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতি প্রশ্ন আৰু উত্তৰ a reliable one-stop resource for board exam preparation.
If you are searching for accurate, simple, and exam-focused SEBA Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতি প্রশ্ন আৰু উত্তৰ, this SEBA Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতি প্রশ্ন আৰু উত্তৰ guide will help you revise efficiently and score better marks with confidence.
FAQs – SEBA / ASSEB Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতি (Bharatiya Sanskriti)
1. ভাৰতীয় সংস্কৃতি (Bharatiya Sanskriti) পাঠটোৰ মূল বিষয়বস্তু কি?
এই পাঠটোত ভাৰতীয় সংস্কৃতিৰ বৈচিত্র্য, ঐক্য, সহিষ্ণুতা আৰু মানৱীয় মূল্যবোধৰ ওপৰত আলোকপাত কৰা হৈছে।
2. এই SEBA Class 10 Assamese Chapter 7 Solutions 2026–27 syllabus অনুসৰি নে?
হয়। এই SEBA Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতি প্রশ্ন আৰু উত্তৰ সম্পূৰ্ণৰূপে 2026–27 SEBA syllabus অনুসৰি প্ৰস্তুত কৰা হৈছে।
3. এই Solutions SEBA আৰু ASSEB দুয়ো বোৰ্ডৰ বাবে প্ৰযোজ্য নে?
হয়। এই সমাধানসমূহ SEBA আৰু ASSEB দুয়ো বোৰ্ডৰ Class 10 Assamese MIL পাঠ্যসূচীৰ সৈতে মিল আছে।
4. ভাৰতীয় সংস্কৃতি অধ্যায় HSLC Examination ৰ বাবে কিমান গুৰুত্বপূৰ্ণ?
এই অধ্যায়টো HSLC Examinationৰ বাবে অতি গুৰুত্বপূৰ্ণ কিয়নো ইয়াত সমাজ আৰু সংস্কৃতিমূলক প্ৰশ্ন থাকে।
5. ইয়াত Asomiya Sahitya Chayanika Bharatiya Sanskriti guide আছে নে?
অৱশ্যই। ইয়াত সম্পূৰ্ণ Asomiya Sahitya Chayanika Bharatiya Sanskriti guide আৰু পৰীক্ষা-মুখী উত্তৰ উপলব্ধ।
6. এই Solutions উত্তৰ লিখাৰ দক্ষতা উন্নত কৰে নে?
হয়। সকলো উত্তৰ SEBA / ASSEB answer writing pattern অনুসৰি সাজি উলিওৱা হৈছে।
7. এই SEBA Class 10 Assamese Chapter 7 Solutions নিয়মিত আপডেট কৰা হয় নে?
হয়। পাঠ্যসূচীৰ পৰিবর্তন আৰু HSLC পৰীক্ষাৰ ধৰণ অনুসৰি এই সমলসমূহ নিয়মিতভাৱে আপডেট কৰা হয়।
🎓 About Assam Eduverse
Assam Eduverse is the best educational platform in Assam, offering SEBA, AHSEC (ASSEB), SCERT, CBSE, and Assam Board Solutions along with study materials, notes, and exam preparation guides to help students learn smarter and score higher.
Our expert-prepared answers and MCQs follow the latest Assam Board Syllabus and NCERT Syllabus. We make learning simple, accessible, and effective for all students preparing for board or competitive exams.📘 Visit Assam Eduverse for free Assam Board Solutions, notes, and Study Materials prepared by experts.