cl 12 assamese mil sahitya saurav section Kaishor Kal aru Iyar Upayogi Shiksha

ASSEB Solutions for Class 12 Assamese (MIL) Sahitya Saurav Section: কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা (Kaishor Kal aru Iyar Upayogi Shiksha) | Assam Eduverse

Chapter Overview: 

Assam Eduverse presents the summary and solutions of Class 12 Assamese MIL (AHSEC/ASSEB) – Sahitya Saurav (সাহিত্য সৌৰভ), Chapter: কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা (Kaishor Kal aru Iyar Upayogi Shiksha), Section: কৈশোৰ শিক্ষা আৰু উপযুক্ত শিক্ষা (Kaishor Shiksha aru Upayogi Shiksha). In this section, ড° স্বৰ্ণলতা দাস (Dr. Swarnalata Das) explains the significance of adolescence and the need for appropriate education during this critical phase of life.

The section emphasizes that adolescence is the transitional period between childhood and adulthood, marked by physical, emotional, social, and moral changes. It discusses challenges such as restlessness, conflicts, awakening of new ideas, and social interactions. The text highlights the importance of a supportive environment and suitable education to help students navigate these changes. By understanding these aspects, students can develop self-awareness, moral values, emotional stability, and social responsibility.

Along with the summary of কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা (Kaishor Kal aru Iyar Upayogi Shiksha), Assam Eduverse provides complete textual question-answers, making it a comprehensive study resource for Class 12 Assamese MIL (AHSEC/ASSEB) students.

ASSEB Solutions for Class 12 Assamese (MIL) Sahitya Saurav Section: : কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা (Kaishor Kal aru Iyar Upayogi Shiksha) Solutions & Question Answer

📖 পাঠৰ সংক্ষিপ্তসাৰ: কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

ড° স্বৰ্ণলতা দাস (Dr. Swarnalata Das)

কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা (Kaishor Kal aru Iyar Upayogi Shiksha) পাঠটোৱে কৈশোৰ কালৰ শারীৰিক, মানসিক, আৱেগিক, সামাজিক আৰু নৈতিক পৰিৱৰ্তনৰ ওপৰত গভীৰ আলোচনা কৰিছে। ড° স্বৰ্ণলতা দাস কৈছে যে কৈশোৰ হৈছে বাল্যকাল আৰু প্ৰাপ্তবয়স্কতাৰ মাজৰ সময়, যাক ধুমুহা, পীড়ন, আৰু নৱজাগৰণৰ সময় হিচাপে ধৰা হয়। এই সময়ছোৱাত শিক্ষাৰ, পৰিৱেশৰ আৰু অভিজ্ঞতাৰ যথোপযুক্ত সমন্বয়ৰ দ্বাৰা ছাত্র-ছাত্ৰীসকলৰ শারীৰিক, মানসিক আৰু নৈতিক বিকাশ সম্ভৱ। পাঠত দিবাস্বপ্ন, বীৰপূজা, পৰিচিতি আৰু সামাজিক পৰিৱৰ্তনৰ দৰে বৈশিষ্ট্যৰ ওপৰতো আলোকপাত কৰা হৈছে। এই পাঠে কৈশোৰৰ শিক্ষাক এক সমগ্ৰ দৃষ্টিকোণৰে প্ৰতিফলিত কৰে, য’ত শ্ৰেণীকক্ষৰ পাঠ আৰু জীৱনৰ বাস্তৱ অভিজ্ঞতাৰ মাজত সমন্বয় ঘটোৱাৰ প্ৰয়োজনীয়তা বুজোৱা হৈছে। শিক্ষাৰ জৰিয়তে কৈশোৰৰ ছাত্র-ছাত্ৰীসকলে নিজৰ শক্তি, মূল্যবোধ, আত্মসংযম, আৰু সামাজিক দায়িত্বৰ বিকাশ ঘটাব পাৰে। পাঠটোৱে কৈশোৰৰ শিক্ষা আৰু মূল্যবোধৰ গুৰুত্বৰ ওপৰত জোৰ দি ছাত্ৰ-ছাত্ৰীক সঠিক বিকাশৰ পথত প্ৰেৰণা যোগায়।

— From the book Sahitya Saurav

আৰ্হি প্ৰশ্ন

(ক) অতি চমু প্ৰশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক- ১)

১। কৈশোৰ কালৰ এটি বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰ: কৈশোৰ কালৰ এটি বৈশিষ্ট্য হৈছে বিপৰীত লিংগকামিতা।

২। কোনছোৱা সময়ক কৈশোৰ কাল বুলি জনা যায়?
উত্তৰ: বাল্যকাল আৰু প্ৰাপ্তবয়স্কৰ মাজৰ সময়ছোৱাক কৈশোৰ কাল বুলি জনা যায়।

৩। মানৱ জীৱনৰ কোনছোৱা কালক ৰূপান্তৰৰ কাল বুলি অভিহিত কৰিব পাৰি?
উত্তৰ: মানৱ জীৱনৰ কৈশোৰ কালক ৰূপান্তৰৰ কাল বুলি অভিহিত কৰিব পাৰি।

৪। নৈতিকতাৰ বিকাশে কিশোৰ-কিশোৰীৰ মনত কেনে ভাবৰ উন্মেষ হোৱাত সহায় কৰে?
উত্তৰ: নৈতিকতাৰ বিকাশে কিশোৰ-কিশোৰীৰ মনত সামাজিক দায়বদ্ধতা, দেশপ্ৰেম বা বিশ্বপ্ৰেম আদি ভাবৰ উন্মেষ হোৱাত সহায় কৰে।

৫। কৈশোৰ কালৰ বাবে প্রচলিত শিক্ষাক কি শিক্ষা বুলি কোৱা হয়?
উত্তৰ: কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষাক মাধ্যমিক শিক্ষা বুলি কোৱা হয়।


(খ) চমু প্রশ্ন। (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক ২ অথবা ৩)

১। কৈশোৰ কালৰ শাৰীৰিক বিকাশৰ লক্ষণসমূহ চমুকৈ আলোচনা কৰা।
উত্তৰ: কৈশোৰ কালত দ্রুত শাৰীৰিক বিকাশ হয়। যৌৱন প্ৰাপ্তিৰ লগে লগে ল’ৰা-ছোৱালীৰ দেহৰ বিভিন্ন অংগৰ আকাৰ, ওজন, দৈৰ্ঘ্য বৃদ্ধি হয়। ইয়াৰ উপৰিও, নাৰী-পুৰুষৰ দেহৰ গঠনৰ পাৰ্থক্য পৰিলক্ষিত হয় আৰু প্ৰজনন ক্ষমতাৰ বিকাশ হয়। এই পৰিৱৰ্তনৰ ফলত কিশোৰ-কিশোৰীৰ মনলৈ আত্মসচেতনতাৰ ভাব আহে।

২। কৈশোৰ কালত কিশোৰ-কিশোৰীৰ মাজত পৰিলক্ষিত হোৱা নৈতিক পৰিৱৰ্তনসমূহ ফঁহিয়াই লিখা।
উত্তৰ: কৈশোৰ কালত ল’ৰা-ছোৱালীৰ মাজত নিজস্ব মতাদৰ্শ গঢ়ি উঠে। তেওঁলোকৰ ধৰ্ম, দৰ্শন বা জীৱনৰ লক্ষ্য-উদ্দেশ্যৰ প্ৰতি উৎকণ্ঠা জাগি উঠে, যাৰ ফলত মানসিক দ্বন্দ্বৰো সৃষ্টি হয়। তেওঁলোকে নিজৰ যুক্তি-বিবেচনাৰে এক নতুন নৈতিকতাসমৃদ্ধ সমাজ সৃষ্টি কৰিবলৈ বিচাৰে। ইয়াৰ ফলত তেওঁলোকৰ মনত দেশপ্ৰেম, বিশ্বপ্ৰেম, সামাজিক দায়বদ্ধতা আৰু নিঃস্বাৰ্থ মনোভাৱ গঢ়ি উঠে।

৩। কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ কেনেদৰে হয়?
উত্তৰ: কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ পূৰ্ণগতিত হয়। এই সময়ত বুদ্ধি, বিমূৰ্ত চিন্তনৰ ক্ষমতা, যুক্তিশক্তি আৰু বিভিন্ন দিশত আগ্ৰহৰ বিকাশ হয়। কৈশোৰৰ শেষৰ পিনে বৌদ্ধিক ক্ষমতাই চৰম উৎকর্ষ লাভ কৰে। এই কালতেই ল’ৰা-ছোৱালীয়ে নিজৰ বিচাৰ-বুদ্ধিৰে যুক্তিসংগতভাৱে চিন্তা কৰিব পৰা হয়।

৪। কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্রমত থকা চাৰিটা মৌলিক বিষয় কি কি?
উত্তৰ: কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা মৌলিক বিষয় হ’ল: (১) ভাষা শিক্ষণ, (২) গণিত, (৩) বিজ্ঞান আৰু (৪) সমাজবিজ্ঞান।

৫। কিশোৰ সংস্কৃতি কি?
উত্তৰ: কৈশোৰ কালত সমনীয়াৰ মাজত হোৱা সহযোগিতা আৰু প্ৰতিযোগিতাৰ অন্তৰালত এক ‘উপ-সংস্কৃতি’ গঢ়ি উঠে, যাক কিশোৰ-সংস্কৃতি বুলি কোৱা হয়। এই সংস্কৃতিয়ে কিশোৰৰ চাল-চলন, সাজ-পাৰ, ভংগী, ধ্যান-ধাৰণা, আনকি ৰাজনৈতিক মতাদৰ্শতো প্ৰভাৱ পেলায়।


(গ) দীঘল প্রশ্ন। (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫)

১। কৈশোৰ কালৰ আৱেগিক আৰু সামাজিক বিকাশৰ বিষয়ে বহলাই লিখা।
উত্তৰ: কৈশোৰ কালত আৱেগিক বিকাশ পূৰ্ণগতিত হয়। আৱেগৰ অত্যাধিক প্ৰৱণতাৰ ফলত কিশোৰ-কিশোৰী অতি আশাবাদী বা অতি নিৰাশাবাদী হৈ পৰে। তেওঁলোকৰ মনত আলোড়নৰ সৃষ্টি হয় আৰু তেওঁলোক বিদ্ৰোহী মনোভাৱাপন্ন হৈ পৰে। পৰিয়াল বা সমাজৰ প্ৰতি নেতিবাচক মনোভাৱৰ ফলত অপৰাধপ্ৰৱণতাৰো সৃষ্টি হ’ব পাৰে।

এই কালছোৱাত সামাজিক বিকাশও যথেষ্ট হয়। দলীয় মনোভাৱ আৰু সহমৰ্মিতাৰ উন্মেষ হয়। সমনীয়াৰ মাজত গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ ভাব গঢ়ি উঠে। এই সময়ত গঢ়ি উঠা ‘কিশোৰ সংস্কৃতি’য়ে তেওঁলোকৰ ধ্যান-ধাৰণা, সাজ-পাৰ আদিত যথেষ্ট প্ৰভাৱ পেলায়। এই সংস্কৃতিৰ ঋণাত্মক দিশে মাদক দ্ৰব্যৰ ব্যৱহাৰ বা ড্ৰাগছৰ প্ৰতি আসক্তি আদিৰ দৰে সামাজিক ব্যাধিৰ সৃষ্টি কৰিব পাৰে।

২। কৈশোৰ কালৰ বাবে কেনে ধৰণৰ শিক্ষা উপযোগী? উদাহৰণসহ বৰ্ণনা কৰা।
উত্তৰ: কৈশোৰ কালৰ বাবে মাধ্যমিক শিক্ষাকে উপযোগী বুলি কোৱা হয়। এই শিক্ষা বৃত্তিমুখী হোৱা উচিত, যাতে কিশোৰ-কিশোৰীয়ে অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত অৰিহণা যোগাব পাৰে। উদাহৰণস্বৰূপে, ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিত এই শিক্ষা বৃত্তিমুখী কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। তদুপৰি, এই শিক্ষাই কেৱল পাঠ্যক্ৰমত আবদ্ধ হৈ নাথাকি সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলীকো গুৰুত্ব দিব লাগে। এই শিক্ষা কিশোৰ-কিশোৰীৰ ভিন্নমুখী চাহিদা পূৰণ কৰাত সফল হ’ব লাগে। ইয়াৰ উপৰিও, এই শিক্ষাই কিশোৰ-কিশোৰীক মূল্যবোধৰ শিক্ষাও দিব লাগে, যাতে তেওঁলোকে বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ ভাল-বেয়া দিশসমূহ চালি-জাৰি চাব পাৰে।

৩। চমুটোকা লিখা
(ক) দিবাস্বপ্ন: দিবাস্বপ্ন বা অলীক কল্পনা কৈশোৰ কালৰ এক বৈশিষ্ট্য। এই সময়ত কল্পনা শক্তিৰ অভূতপূৰ্ব বিকাশে কিশোৰ-কিশোৰীৰ মনত কল্পনাৰ এক মায়াজাল বিস্তাৰ কৰে, আৰু তেওঁলোকে বাস্তৱতাৰ পৰা আঁতৰি কল্পনাৰ জগতত বিচৰণ কৰা দেখা যায়। ইয়াৰ এক যোগাত্মক দিশো আছে, যিয়ে সৃজনী প্ৰতিভা বিকাশত সহায় কৰিব পাৰে।

(খ) বীৰপূজা: বীৰপূজাৰ প্ৰবৃত্তি কৈশোৰ কালৰ আন এক বৈশিষ্ট্য। এই সময়ত কিশোৰ-কিশোৰীয়ে নিজৰ ভাল লগা ব্যক্তিৰ জীৱনৰ আদৰ্শ গ্ৰহণ কৰিবলৈ আৰু তেওঁৰ গুণবোৰ অনুকৰণ কৰিবলৈ চেষ্টা কৰে। এই লোকসকল সাধাৰণতে খেল বা ছবি জগতৰ লগত জড়িত হয়। এই প্ৰবৃত্তিক সঠিক পথেৰে পৰিচালনা কৰিবলৈ শিক্ষাৰ পাঠ্যক্ৰমত মহৎ লোকৰ জীৱনী অন্তৰ্ভুক্ত কৰা হয়।

(গ) অপৰাধপ্ৰৱণ কিশোৰ: সুস্থভাৱে নিজৰ মনক পৰিচালিত কৰিব নোৱাৰিলে কিশোৰ-কিশোৰীয়ে বিদ্ৰোহী মনোভাৱাপন্ন হৈ পৰে। পৰিয়াল বা সমাজৰ প্ৰতি নেতিবাচক মনোভাৱ পোষণ কৰা এনে কিশোৰক সময়মতে সুশিক্ষা দিব নোৱাৰিলে তেওঁলোক অপৰাধপ্ৰৱণ হৈ পৰে।

৪। ‘কিশোৰ-কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল পৰিচিতিৰ সংঘাত।’ ব্যাখ্যা কৰা।
উত্তৰ: ‘পৰিচিতিৰ সংঘাত’ (Identity crisis) কৈশোৰ কালৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। এই সংঘাত নৈতিকতাবোধ, মূল্যবোধ, সামাজিক দায়বদ্ধতা আদি আদৰ্শৰ লগত বাস্তৱ জগতৰ অমিলৰ পৰা জন্ম হয়। কিশোৰ-কিশোৰীয়ে নিজৰ চিন্তা-বুদ্ধিৰে এই অমিলখিনি ফঁহিয়াই চাব নোৱাৰে। এই সংঘাত কেতিয়াবা ইমান শক্তিশালী হয় যে ই সমাজ-গাঁথনি সলনি কৰি নতুন সমাজ সৃষ্টি কৰাতো সহায় কৰে। এই সংঘাত হৈছে শিশু আৰু প্ৰাপ্তবয়স্কৰ জগতৰ মাজৰ এক সংযোগী বিন্দু।

৫। ‘বিপৰীত লিংগকামিতা কৈশোৰ কালৰ আন এক প্রধান বৈশিষ্ট্য। চমুকৈ আলোচনা কৰা।
উত্তৰ: বিপৰীত লিংগকামিতা কৈশোৰ কালৰ এক প্ৰধান বৈশিষ্ট্য। এই সময়ত কিশোৰ-কিশোৰীয়ে বিপৰীত লিংগৰ প্ৰতি আসক্তি অনুভৱ কৰে। ই হৈছে দেহৰ অন্তঃস্ৰাৱী গ্ৰন্থিসমূহৰ নিঃসৰণৰ ফলস্বৰূপে হোৱা এক জৈৱ-ৰাসায়নিক প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াত যৌন গ্ৰন্থিসমূহ সক্ৰিয় হৈ উঠে। এই শক্তিক যদি সুপথে পৰিচালিত কৰিব পৰা যায়, তেন্তে কৈশোৰ কালৰ বহুবোৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি।

🎓 About Assam Eduverse

This solution is prepare by Assam Eduverse – your reliable educational hub for academic content, study materials, and exam preparation for Assam Board and other state-level exams. Follow Assam Eduverse for accurate, exam-ready NCERT solutions, notes, MCQs, and free study materials.

Leave a Comment