ASSEB Solutions for Class 11 Assamese (MIL) Sahitya Saurav Poem 4: বনকুঁৱৰী (Ban Kuwari) | Assam Eduverse
Chapter Overview:
Assam Eduverse presents the summary and solutions of Class 11 Assamese MIL (AHSEC/ASSEB) – Sahitya Saurav (সাহিত্য সৌৰভ), Poem 4: বনকুঁৱৰী (Ban Kuwari) by Chandrakumar Agarwala. This poem is considered the first Assamese romantic poem, blending folk beliefs with the beauty of nature. It highlights the poet’s imagination and aesthetic vision, offering students a glimpse into classical Assamese literature.
In বনকুঁৱৰী (Ban Kuwari), the poet creates a magical forest world inhabited by Ban Kuwari, Jal Kuwari, and other deities. The poem vividly portrays trees, creepers, kapou flowers, wind, and rivers acting as if they are human, while Ban Kuwari moves gracefully amidst this supernatural environment. The poet illustrates the intimate relationship between humans and nature, showing how observing and enjoying the natural beauty brings immense joy and peace to the mind.
The poem বনকুঁৱৰী (Ban Kuwari) emphasizes the harmony between nature and human emotions, making it a timeless piece of Assamese literary heritage. Along with the summary, Assam Eduverse provides all textual question-answers, making it a valuable resource for Class 11 Assamese MIL (AHSEC/ASSEB) students.
ASSEB Solutions for Class 11 Assamese (MIL) Sahitya Saurav Poem 4: বনকুঁৱৰী (Ban Kuwari) Solutions & Question Answer
📖 পাঠৰ সংক্ষিপ্তসাৰ: বনকুঁৱৰী
সাহিত্য সৌৰভ
বনকুঁৱৰী কবিতাটো চন্দ্ৰকুমাৰ আগৰৱালা-ৰ ৰচনা, যাক প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা বুলি জনা যায়। পাঠখনে জনবিশ্বাস আৰু প্ৰকৃতিৰ সৌন্দৰ্য্যৰ এক সুন্দৰ সংমিশ্ৰণ উপস্থাপন কৰিছে।
কবিৰ কল্পনা অনুসৰি বনকুঁৱৰী, জলকুঁৱৰী আৰু আন দেৱীসকলে বন, নদী আৰু ঘৰত বাস কৰে। গছ, লতা, কপৌ, বতাহ আৰু নদীৰ দৰে বস্তুসমূহ মানুহৰ দৰে কাম কৰি থকা দেখা যায়। পাঠখনত বনকুঁৱৰীয়ে এই প্ৰাকৃতিক পৰিৱেশত বিচৰণ কৰে।
কবিতাটো মানুহ আৰু প্ৰকৃতিৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰিছে আৰু দেখুৱাইছে যে প্ৰকৃতিৰ সৌন্দৰ্য্য উপভোগ কৰিলে মনত আনন্দ সৃষ্টি হয়।
— From the book Sahitya Saurav (সাহিত্য সৌৰভ)
আৰ্হি প্রশ্ন
(ক) অতি চমু প্রশ্ন (প্ৰতিটো প্রশ্নৰ মূল্যাংক- ১)
১। প্রথম অসমীয়া ৰোমাণ্টিক কবিতাটোৰ নাম কি?
উত্তৰ: প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটোৰ নাম হ’ল ‘বনকুঁৱৰী’।
২। বেজবৰুৱাই ‘প্রতিমা’ সম্পর্কে কি মন্তব্য কৰিছিল?
উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাই ‘প্রতিমা’ সম্পর্কে কৈছিল যে “প্রতিমাখন সৰু, কিন্তু নিভাঁজ সোণৰ”।
৩। ‘জোনাকী’ আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ: ‘জোনাকী’ আলোচনীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা।
৪। ‘প্রতিমাৰ খনিকৰ’ বুলি কাক কোৱা হয়?
উত্তৰ: ‘প্রতিমাৰ খনিকৰ’ বুলি চন্দ্ৰকুমাৰ আগৰৱালাক কোৱা হয়।
৫। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ প্ৰধান বিষয়বস্তু কি?
উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ প্ৰধান বিষয়বস্তু হৈছে প্ৰকৃতি, প্রেম আৰু সৌন্দর্য।
(খ) চমু প্রশ্ন (প্ৰতিটো মূল্যাংক-২ অথবা ৩)
১। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম লিখা।
উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম হ’ল ‘প্রতিমা’ আৰু ‘বীণবৰাগী’।
২। ‘জোনাকী’ যুগৰ ত্রিমূৰ্তি বুলি ক’লে কাক কাক বুজোৱা যায়?
উত্তৰ: ‘জোনাকী’ যুগৰ ত্ৰিমূৰ্তি বুলি ক’লে চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক বুজোৱা হয়।
৩। ‘বনকুঁৱৰী’ কবিতাটিৰ লগত কেনেকুৱা জনবিশ্বাস জড়িত হৈ আছে?
উত্তৰ: ‘বনকুঁৱৰী’ কবিতাটিৰ লগত এই জনবিশ্বাস জড়িত আছে যে বনকুঁৱৰী, জলকুঁৱৰী, গৃহকুঁৱৰী আদি অশৰীৰী দেৱীসকলে ক্ৰমে বননি, জলাশয় আৰু মানুহৰ ঘৰত বাস কৰে। মানুহে বিশ্বাস কৰে যে এই দেৱীসকলে মানুহক বিপদৰ পৰা ৰক্ষা কৰে।
৪। অসমীয়া ৰোমাণ্টিক কবিসকলে তেওঁলোকৰ কবিতাৰ সমল ক’ৰপৰা গ্ৰহণ কৰিছিল?
উত্তৰ: অসমীয়া ৰোমাণ্টিক কবিসকলে তেওঁলোকৰ কবিতা লিখাৰ কৌশল ইংৰাজী কবিতাৰ পৰা গ্ৰহণ কৰিছিল, কিন্তু কবিতাৰ বিষয় বা সমল তেওঁলোকৰ নিজৰ দেশ আৰু সমাজৰ পৰা সংগ্ৰহ কৰিছিল।
৫। হাবিৰ মাজত মৰমৰ ধ্বনি কোনে তুলিছিল?
উত্তৰ: কবিতাটোত, লতিকাই গছক সাবটি মৰম কৰোঁতে হাবিৰ মাজত ‘মৰমৰ গীত’ৰ ধ্বনি সৃষ্টি হৈছিল।
(গ) দীঘল প্রশ্ন (প্ৰতিটো মূল্যাংক-৪ অথবা ৫)
১। ‘বনকুঁৱৰী’ কবিতাটিৰ মূলভাব লিখা।
উত্তৰ: ‘বনকুঁৱৰী’ কবিতাটোৰ মূলভাব হ’ল প্ৰকৃতিৰ সৈতে মানুহৰ গভীৰ সম্পৰ্ক আৰু বনকুঁৱৰীৰ দৰে কাল্পনিক চৰিত্ৰৰ মাজেৰে প্ৰকৃতিৰ সৌন্দৰ্য্য উপলব্ধি কৰা। কবিতাত, প্ৰকৃতিৰ জীৱন আৰু শক্তিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। যেনেকৈ, বতাহে গছক হলাইছে, পাত কঁপিছে, আৰু লতাবোৰে গছক সাবটি মৰম কৰিছে। কবিয়ে এই দৃশ্যবোৰৰ মাজেৰে বনকুঁৱৰীৰ উপস্থিতি কল্পনা কৰিছে। তেওঁ বিশ্বাস কৰে যে বনকুঁৱৰীয়ে বতাহৰ দৰে প্ৰকৃতিৰ মাজত ঘূৰি ফুৰে আৰু তাইৰ উপস্থিতি অনুভৱ কৰি প্ৰাণীৰ মনত এক আনন্দৰ ঢৌৱে বুৰাই পেলায়। এই কবিতাটোৱে দেখুৱাইছে যে প্ৰকৃতিৰ প্ৰতি গভীৰ বিশ্বাস আৰু কল্পনাইহে প্ৰকৃত সৌন্দর্য উপলব্ধি কৰিবলৈ সহায় কৰে।
২। ‘বনকুঁৱৰী’ কবিতাটিত প্ৰকৃতিৰ ৰূপৰ বৰ্ণনা কিদৰে কৰিছে নিজৰ ভাষাত লিখা।
উত্তৰ: ‘বনকুঁৱৰী’ কবিতাত কবিয়ে প্ৰকৃতিৰ ৰূপৰ বৰ্ণনা এক জীৱন্ত ৰূপত উপস্থাপন কৰিছে। এক নিজান দুপৰীয়া, বতাহৰ বা লাগি গছৰ পাতবোৰ কঁপিছে। গহীন গছ আৰু লতাৰ মাজত মৰমৰ দৃশ্য দেখা গৈছে। কপৌবোৰে জুমাজুমি কৰি আছে আৰু এটা লাজুকী মাতেৰে গীত গাইছে। নদীৰ মুখলৈ চাই বিৰিখে হাঁহিছে আৰু হালি-জালি আছে। নৈৰ কুলু কুলু শব্দক কবিৰ এক ধেমালি যেন লাগে। হৰিণাই ছোৱালীৰ হাতত পানী খাইছে। এইদৰে কবিয়ে প্ৰকৃতিৰ বিভিন্ন দিশ যেনে গছ, ফুল, নদী, আৰু পখিলাৰ বৰ্ণনা কৰি ইয়াত মানৱীয় গুণ আৰোপ কৰিছে।
৩। ‘বনকুঁৱৰী’ কবিতাটিত কবিয়ে কিদৰে অতিপ্রাকৃত পৰিৱেশৰ সৃষ্টি কৰিছে বুজাই লিখা।
উত্তৰ: ‘বনকুঁৱৰী’ কবিতাটিত কবিয়ে মানুহৰ বিশ্বাস আৰু কল্পনাৰ ওপৰত ভিত্তি কৰি এক অতিপ্ৰাকৃত পৰিৱেশৰ সৃষ্টি কৰিছে। নিজম দুপৰীয়া কোনোবাই সুহুৰি মৰা, হাবিৰ মাজৰ পৰা ‘মৰ মৰ’ ধ্বনি অহা, আৰু কলাঘুমটীয়া সুখৰ এলাহৰ দৰে বৰ্ণনাৰ মাজেৰে কবিয়ে এই পৰিৱেশৰ ইংগিত দিছে। তেওঁ ইয়াত যক্ষিণী কন্যাক দেখুৱাইছে যিয়ে হৰিণাক পানী খুৱাইছে, আৰু দুগৰাকী ৰূপহী দেৱীয়ে বনফুলৰ সাজ পিন্ধি আঁহত গছৰ তলত গান গাই নাচিছে। এইবোৰ দেৱযোনিৰ খেল, যাৰ মুখ মানুহে নেদেখে। এইদৰে কবিয়ে বনকুঁৱৰীৰ দৰে দেৱী আৰু উপদেৱতাৰ কল্পনা কৰি বাস্তৱ জগতক এক অলৌকিক পৰিৱেশেৰে ভৰাই তুলিছে।
৪। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবি প্রতিভা সম্পর্কে আলোচনা কৰা।
উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালা অসমীয়া কাব্য জগতত ‘প্রতিমাৰ খনিকৰ’ ৰূপে খ্যাত। তেওঁ ইংৰাজী ৰোমাণ্টিক কবিতাৰ দ্বাৰা প্ৰভাৱিত হৈ অসমীয়াত কবিতা ৰচনা কৰিছিল। তেওঁৰ কবিতাৰ প্ৰধান বিষয়বস্তু হৈছে প্ৰকৃতি, প্রেম আৰু সৌন্দর্য। তেওঁৰ ৰচনাশৈলী সহজ-সৰল আৰু কল্পনাৰে ভৰপূৰ। ‘বনকুঁৱৰী’ কবিতাৰ জৰিয়তে তেওঁ প্ৰকৃতিৰ বিভিন্ন উপাদানক যেনে গছ, বতাহ, নদী, আৰু চৰাই-চিৰিকটিক মানৱীয় অনুভূতিৰে বৰ্ণনা কৰিছে। তেওঁ জনবিশ্বাসক আধাৰ কৰি কাল্পনিক আৰু অতিপ্ৰাকৃত চৰিত্ৰ যেনে বনকুঁৱৰী আৰু যক্ষিণী কন্যাৰ সৃষ্টি কৰিছে। তেওঁৰ কবিতাত প্ৰকৃতিৰ প্ৰতি এক গভীৰ শ্ৰদ্ধা আৰু প্ৰেম প্ৰকাশ পাইছে, যিয়ে অসমীয়া ৰোমাণ্টিক কবিতাৰ ভেটি স্থাপন কৰিছে।
৫। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰাঃ
(ক) অথিৰ বায়ুৰ শিয়ৰিল নোম, উছলাইছে গৈ জান, কাৰণ-নেদেখা আনন্দৰ ঢৌৱে, বুৰালে প্ৰাণীৰ প্ৰাণ।
(খ) মুকলি চুলিৰে নাম গায় ঘূৰি, চাপৰি টুক্ টুক্ টুক্, ৰূপহীৰ মেল দেৱযোনি খেল, মানুহে নেদেখা মুখ।
উত্তৰ:
(ক) এই বাক্যশাৰীটোত কবিয়ে প্ৰকৃতিৰ আনন্দ আৰু জীৱনৰ গভীৰ অনুভূতি বৰ্ণনা কৰিছে। বতাহক মানুহৰ দৰে কল্পনা কৰি কোৱা হৈছে যে বনকুঁৱৰীৰ উপস্থিতিৰ বাবে বতাহৰ নোম শিয়ৰি উঠিছে। নদীৰ পানীতো আনন্দৰ ঢৌ উঠিছে, যিটো কাৰণবিহীন আনন্দ। ইয়াৰ অৰ্থ হৈছে যে প্ৰকৃতিৰ এই অনির্বচনীয় সৌন্দর্য আৰু বনকুঁৱৰীৰ উপস্থিতিয়ে সকলো প্ৰাণীৰ প্ৰাণত এক আনন্দৰ ঢৌৰ সৃষ্টি কৰিছে।
(খ) এই বাক্যশাৰীটোত বনকুঁৱৰীৰ অতিপ্ৰাকৃত আৰু অলৌকিক পৰিৱেশ বৰ্ণনা কৰা হৈছে। কবিয়ে কৈছে যে যক্ষিণী আৰু আন ৰূপহীসকলে মুকলি চুলিৰে গান গাই নাচিছে। এইবোৰ দেৱযোনিৰ খেল, যি মানুহৰ চকুৰ পৰা লুকাই আছে। এই বৰ্ণনাই প্ৰকৃতিক এক ৰহস্যময় আৰু জীৱন্ত ৰূপ দিছে, য’ত মানুহৰ সাধাৰণ চকুৰে নেদেখা এক আনন্দময় জগতৰ উপস্থিতি অনুভৱ কৰিব পাৰি।
🎓 About Assam Eduverse
This solution is prepare by Assam Eduverse – your reliable educational hub for academic content, study materials, and exam preparation for Assam Board and other state-level exams. Follow Assam Eduverse for accurate, exam-ready NCERT solutions, notes, MCQs, and free study materials.