cl 11 assamese mil sahitya saurav chapter 2 Asomat Mahatma Gandhir Pon Prothom Padarpon

ASSEB Solutions for Class 11 Assamese (MIL) Sahitya Saurav Chapter 2 : অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদার্পণ (Asomat Mahatma Gandhir Pon Prothom Padarpon) | Assam Eduverse

Chapter Overview: 

Assam Eduverse presents the summary of Class 11 Assamese MIL (AHSEC/ASSEB)Sahitya Saurav (সাহিত্য সৌৰভ), Chapter 2: অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদার্পণ (Asomat Mahatma Gandhir Pon Prothom Padarpon). This chapter narrates Mahatma Gandhi’s first visit to Assam in 1921, as experienced by Padmanath Gohainbarua in his autobiography মোৰ সোঁৱৰণী. The chapter অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদার্পণ highlights Gandhi’s simplicity, personality, and patriotism. Gohainbarua, a respected “Raichahab,” admired Gandhi’s dedication to the freedom movement.

In অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদার্পণ, thousands of people gathered at Tezpur in heavy rain to welcome Gandhi. The chapter shows his simple attire, faith in swadeshi clothing, and humble mindset. The author’s personal meeting with Gandhi reflects his connection with the common people.

The main aim of অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদার্পণ is to help students understand Gandhi’s belief in swaraj and non-cooperation, his personality, and the patriotism of Assamese people. Assam Eduverse provides the chapter summary along with all textual and extra question-answers for Class 11 Assamese MIL (AHSEC/ASSEB), ensuring full exam preparation.

ASSEB Solutions for Class 11 Assamese (MIL) Sahitya Saurav Chapter 2 : অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদার্পণ (Asomat Mahatma Gandhir Pon Prothom Padarpon) Solutions & Question Answer

📖 পাঠৰ সংক্ষিপ্তসাৰ: অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদার্পণ

সাহিত্য সৌৰভ

অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদার্পণ পাঠখন পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনী মোৰ সোঁৱৰণীৰ পৰা সংগৃহীত। ইয়াত ১৯২১ চনত মহাত্মা গান্ধীয়ে প্ৰথমবাৰলৈ অসম ভ্ৰমণ কৰোঁতে হোৱা অভিজ্ঞতা বৰ্ণনা কৰা হৈছে। লেখক গোহাঞিবৰুৱা, যিজন সেই সময়ত “ৰায়চাহাব” খিতাপধাৰী আছিল, গান্ধীজীৰ ব্যক্তিত্ব আৰু দেশপ্ৰেমৰ প্ৰতি গভীৰ শ্ৰদ্ধা ৰাখিছিল।

পাঠখনত তেজপুৰত ধাৰাসাৰ বৰষুণ নোহোৱা সত্ত্বেও হাজাৰ হাজাৰ মানুহে গান্ধীজীক আদৰ কৰিবলৈ উপস্থিত হোৱা দৃশ্য বৰ্ণিত হৈছে। গান্ধীজীৰ সৰল সাজ-পোছাক, স্বদেশী বস্ত্ৰৰ প্ৰতি তেওঁৰ আস্থা, আৰু স্বাধীনচিতীয়া মনোভাৱ ইয়াত প্ৰকট হয়। গোহাঞিবৰুৱাই গান্ধীজীৰ সৈতে সাক্ষাৎ কৰাৰ অভিজ্ঞতা সাৱলীলভাৱে বৰ্ণনা কৰিছে।

ইয়াত গান্ধীজীৰ ‘স্বৰাজ’ আৰু ‘অসহযোগিতা’ আন্দোলনৰ ওপৰত কৰা ভাষণৰ উল্লেখো আছে। এই পাঠৰ জৰিয়তে পাঠকে গান্ধীজীৰ দৃঢ় ব্যক্তিত্ব, স্বদেশী আন্দোলনত তেওঁৰ অৱদান, লগতে অসমৰ মানুহৰ দেশপ্ৰেম আৰু উৎসাহৰ বিষয়ে জানিব পাৰে।

— From the book Sahitya Saurav (সাহিত্য সৌৰভ)

আৰ্হি প্রশ্ন

(ক) অতি চমু প্রশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক- ১)

১। ‘অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদাৰ্পণ’ শীৰ্ষক পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰ: ‘অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ’ শীৰ্ষক পাঠটি পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনী ‘মোৰ সোঁৱৰণী’ৰ পৰা সংগ্ৰহ কৰা হৈছে।

২। মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল?
উত্তৰ: মহাত্মা গান্ধীয়ে ১৯২১ চনৰ আগষ্ট মাহত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল।

৩। পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম লিখা।
উত্তৰ: পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম হৈছে ‘মোৰ সোঁৱৰণী’।

৪। ‘আগৰৱালা পকী’ ক’ত অৱস্থিত?
উত্তৰ: ‘আগৰৱালা পকী’ তেজপুৰ টাউনৰ ঘাই আলিবাটত অৱস্থিত।

৫। গান্ধীজীৰ সন্মানাৰ্থে ‘পকী’ৰ সন্মুখত আয়োজিত মজলিচত উপস্থিত থকা চৰকাৰী খিতাপধাৰী ব্যক্তিগৰাকীৰ নাম লিখা।
উত্তৰ: পদ্মনাথ গোহাঞিবৰুৱা।

(খ) চমু প্রশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক- ২ অথবা ৩)

১। পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম লিখা।
উত্তৰ: পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম হৈছে ‘গাঁওবুঢ়া’ আৰু ‘জয়মতী’।

২। পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা তিনিখন আলোচনীৰ নাম লিখা।
উত্তৰ: পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা তিনিখন আলোচনীৰ নাম হৈছে ‘বিজুলী’, ‘আসাম বন্তি’ আৰু ‘ঊষা’।

৩। পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা তিনিখন গ্ৰন্থৰ নাম লিখা।
উত্তৰ: পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা তিনিখন উল্লেখযোগ্য গ্ৰন্থ হৈছে ‘ভানুমতী’ (উপন্যাস), ‘শ্ৰীকৃষ্ণ’ (তত্ত্বমূলক গ্ৰন্থ) আৰু ‘মোৰ সোঁৱৰণী’ (আত্মজীৱনী)।

৪। মহাত্মা গান্ধীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক কি বুলি সম্বোধন কৰি চিঠি লিখিছিল?
উত্তৰ: মহাত্মা গান্ধীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড ৰীডিঙলৈ ‘Dear Sir’ বুলি সম্বোধন কৰি এখন দীঘলীয়া চিঠি লিখিছিল। সাধাৰণতে সেই সময়ত গৱৰ্ণৰ জেনেৰেলক ‘Your Excellency’ বুলি সম্বোধন কৰা হৈছিল।

৫। ‘অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ’ শীৰ্ষক পাঠটিত উল্লেখ থকা দুগৰাকী স্বাধীনতা যোদ্ধাৰ নাম লিখা।
উত্তৰ: ‘অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ’ শীৰ্ষক পাঠটিত উল্লেখ থকা দুগৰাকী স্বাধীনতা যোদ্ধা হ’ল মহাত্মা গান্ধী আৰু মৌলানা মহম্মদ আলি।

(গ) দীঘল প্রশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক- ৪ অথবা ৫)

১। পদ্মনাথ গোহাঞিবৰুৱাই মহাত্মা গান্ধীৰ কোনবোৰ কাৰ্যৰ কাৰণে গান্ধীজীক লগ পাবলৈ উদ্‌গ্ৰীৱ হৈ পৰিছিল?
উত্তৰ: পদ্মনাথ গোহাঞিবৰুৱাই দক্ষিণ আফ্ৰিকাত বসবাস কৰা ভাৰতীয়সকলৰ দুখ-নির্যাতন দূৰ কৰিবলৈ গান্ধীজীৰ অসাধাৰণ কাৰ্য-কলাপ আৰু কৃতিত্বৰ বিষয়ে পঢ়িছিল আৰু শুনিছিল। তেওঁ জানিছিল যে গান্ধীজীৰ এই মানৱতাবাদী কামবোৰৰ বহুল আলোচনা আমেৰিকা যুক্তৰাষ্ট্ৰত চলিছিল আৰু তাত থকা খ্ৰীষ্টান মিছনেৰীসকলে গান্ধীজীৰ আত্মত্যাগৰ প্ৰশংসা কৰি তেওঁক যীশুখ্ৰীষ্টতকৈও ওপৰত স্থান দিছিল। তদুপৰি, গান্ধীজীয়ে ভাৰতলৈ উভতি আহি স্বাধীনতা সংগ্ৰামৰ কামত নিজকে উৎসৰ্গিত কৰিছিল। তেওঁ ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক ‘Your Excellency’ৰ পৰিৱর্তে ‘Dear Sir’ বুলি সম্বোধন কৰি এখন দীঘলীয়া চিঠি লিখিছিল। এই স্বাধীনচিতীয়া কামবোৰে গোহাঞিবৰুৱাক মহাত্মা গান্ধীজীক লগ পোৱাৰ বাবে উদ্‌গ্ৰীৱ কৰি তুলিছিল।

২। গান্ধীজীৰ প্ৰথম অসম ভ্ৰমণ সম্পর্কে এটি টোকা প্ৰস্তুত কৰা।
উত্তৰ: ১৯২১ চনৰ আগষ্ট মাহত মহাত্মা গান্ধীয়ে প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰে। ২১ আগষ্টত তেওঁ তেজপুৰ ঘাটত উপস্থিত হ’ব বুলি খবৰ পাই ৰাইজ তিনিদিন আগৰ পৰাই সষ্টম হৈ আছিল। সেইদিনা পুৱাৰে পৰা বৰষুণ দি থকা সত্ত্বেও হাজাৰ হাজাৰ লোকে ঘাটত ভিৰ কৰিছিল। জাহাজ দেৰিকৈ অহাত সকলোৱে উৎকণ্ঠাৰে বাট চাই আছিল। গান্ধীজী জাহাজৰ পৰা নামি অহাৰ লগে লগে লেখক পদ্মনাথ গোহাঞিবৰুৱাই তেওঁক লগ পায়। গান্ধীজীৰ সৰলতা আৰু তেওঁৰ স্বদেশী বস্ত্ৰৰ ওপৰত থকা গভীৰ বিশ্বাসে গোহাঞিবৰুৱাক প্ৰভাৱিত কৰিছিল। বৰষুণক আওকাণ কৰি গান্ধীজীয়ে মানুহৰ আগত ৰাজপথত শোভাযাত্ৰা কৰি ভাষণ দিবলৈ যায়। তেওঁলোক হৰিবিলাস আগৰৱালাৰ ‘পকীকুঠী’ত আছিল। তেওঁলোকে তাত এক বৃহৎ সভাত ভাগ লয় য’ত গান্ধীজীয়ে ‘স্বৰাজ’ আৰু ‘অসহযোগিতা’ৰ বিষয়ে বক্তৃতা দিয়ে। এই ভ্ৰমণে অসমৰ ৰাইজৰ মাজত স্বাধীনতা সংগ্ৰামৰ প্ৰতি এক নতুন আশাৰ সৃষ্টি কৰিছিল।

৩। গান্ধীজী আৰু পদ্মনাথ গোহাঞিবৰুৱাৰ মাজৰ কথোপকথনখিনি তোমাৰ ভাষাত বুজাই লিখা।
উত্তৰ: পদ্মনাথ গোহাঞিবৰুৱাই জাহাজঘাটত গান্ধীজীক আদৰিবলৈ যাওঁতে তৰুণৰাম ফুকনে তেওঁক গান্ধীজীৰ লগত চিনাকি কৰি দিছিল। ফুকনে ক’লে যে গোহাঞিবৰুৱা এজন ‘ৰায়চাহাব’ খিতাপধাৰী। এই কথা শুনি গান্ধীজী আচৰিত হৈ সুধিছিল যে ৰায়চাহাব উপাধি পোৱা ব্যক্তিয়েও তেওঁক আদৰিবলৈ আহিছে নেকি। তেতিয়া ফুকনে গান্ধীজীক বুজাই ক’লে যে গোহাঞিবৰুৱা চৰকাৰৰ পৰা উপাধি পাইছিল যদিও তেওঁ সদায় ৰাইজৰ পক্ষত থাকে। গান্ধীজীয়ে এই কথা শুনি ক’লে যে আশা কৰে যাতে তেওঁৰ উপাধিয়ে তেওঁক কেতিয়াও ৰাইজৰ পৰা আঁতৰাই নানে। এই কথোপকথনৰ পিছত গান্ধীজীয়ে গোহাঞিবৰুৱাই পিন্ধি যোৱা স্বদেশী কাপোৰবোৰৰ প্ৰশংসা কৰিলে, কিন্তু তেওঁৰ চাদৰখন বিদেশৰ সূতাৰে তৈয়াৰ কৰা বুলি জানিব পাৰি নিৰানন্দিত হ’ল। তেওঁ আশা কৰিলে যে গোহাঞিবৰুৱাৰ চাদৰখনো অতি সোনকালে সম্পূৰ্ণ স্বদেশী সূতাৰে তৈয়াৰী হ’ব।

৪। গান্ধীজীৰ অসম ভ্ৰমণৰ সময়ত ক’ত কোনে মল্লিচ বৈঠকৰ আয়োজন কৰিছিল, বুজাই লিখা।
উত্তৰ: গান্ধীজীৰ অসম ভ্ৰমণৰ সময়ত তেওঁৰ সন্মানাৰ্থে তেজপুৰত এখন মল্লিচ বৈঠকৰ আয়োজন কৰা হৈছিল। এই বৈঠক ‘আগৰৱালা পকী’ৰ সমুখত থকা বহল ঘাঁহনি চোতালত পতা হৈছিল। তাত দলিচা, সতৰঞ্চি আৰু ত্রিপাল পাৰি মানুহৰ বহাৰ ব্যৱস্থা কৰা হৈছিল। তেজপুৰৰ গণ্যমান্য লোকসকল, দূৰ-দূৰণিৰ পৰা অহা ৰাইজৰ নেতা আৰু সাধাৰণ মানুহে এই বৈঠকত অংশগ্ৰহণ কৰিছিল। এই বৈঠকত পদ্মনাথ গোহাঞিবৰুৱাৰ বাহিৰে আন কোনো চৰকাৰী চাকৰিয়াল বা খিতাপধাৰী ব্যক্তি উপস্থিত নাছিল। এই বৈঠকত গান্ধীজীয়ে ‘স্বৰাজ’ আৰু ‘অসহযোগিতা’ৰ ওপৰত ভাষণ দিছিল।

🎓 About Assam Eduverse

This solution is prepare by Assam Eduverse – your reliable educational hub for academic content, study materials, and exam preparation for Assam Board and other state-level exams. Follow Assam Eduverse for accurate, exam-ready NCERT solutions, notes, MCQs, and free study materials.

Leave a Comment