cl 11 assamese mil sahitya saurav chapter 8 Everestor Sopon aru Bibhishika

ASSEB Solutions for Class 11 Assamese (MIL) Sahitya Saurav Chapter 8 : এভাৰেষ্টৰ সপোন আৰু বিভীষিকা (Everestor Sopon aru Bibhishika) | Assam Eduverse

Chapter Overview: 

Assam Eduverse presents the summary of Class 11 Assamese MIL (AHSEC/ASSEB)Sahitya Saurav (সাহিত্য সৌৰভ), Chapter 8: এভাৰেষ্টৰ সপোন আৰু বিভীষিকা (Everestor Sopon aru Bibhishika) by Pranoy Bordoloi. The chapter narrates the author’s real-life experience during the daring attempt to climb Mount Everest. It emphasizes the values of courage, determination, and discipline needed to achieve great goals.

In Chapter 8: এভাৰেষ্টৰ সপোন আৰু বিভীষিকা (Everestor Sopon aru Bibhishika), the author recalls joining the 2015 Assam Everest Expedition led by Manas Barua. During their training, a massive 8.2 magnitude earthquake struck, causing a devastating avalanche that completely destroyed their base camp. Many climbers lost their lives, but the author and his team survived because they were away from the camp at that moment. This tragic incident shattered his dream halfway, but he resolved to pursue it again with renewed strength.

The aim of এভাৰেষ্টৰ সপোন আৰু বিভীষিকা (Everestor Sopon aru Bibhishika) is to show students that the path to success is never easy. It requires focus, resilience, and relentless effort. Assam Eduverse provides not only the chapter summary of this lesson but also the solutions of all textual and extra question-answers for Class 11 Assamese MIL (AHSEC/ASSEB), ensuring complete exam preparation.

ASSEB Solutions for Class 11 Assamese (MIL) Sahitya Saurav Chapter 8 : এভাৰেষ্টৰ সপোন আৰু বিভীষিকা (Everestor Sopon aru Bibhishika) Solutions & Question Answer

📖 পাঠৰ সংক্ষিপ্তসাৰ: এভাৰেষ্টৰ সপোন আৰু বিভীষিকা

সাহিত্য সৌৰভ

এভাৰেষ্টৰ সপোন আৰু বিভীষিকা পাঠখনত প্ৰণয় বৰদলৈ-এ নিজৰ এভাৰেষ্ট আৰোহণৰ অভিজ্ঞতা বৰ্ণনা কৰিছে। এই পাঠৰ লক্ষ্য হ’ল দুঃসাহসিক অভিযানৰ জৰিয়তে মনোবল, একাগ্রতা আৰু দৃঢ় সংকল্পৰ গুৰুত্ব বুজোৱা।

২০১৫ চনত মানস বৰুৱাৰ নেতৃত্বত চলা “অসম এভাৰেষ্ট অভিযান“ত অংশগ্ৰহণৰ সময়তে ৮.২ প্ৰাবল্যৰ ভূমিকম্প আহি এক ভয়ংকৰ হিমানী সম্প্রপাত ঘটায়। ফলত তেওঁলোকৰ বেছ কেম্প ধ্বংস হৈ বহুতো পৰ্বতাৰোহী নিহত হয়। সৌভাগ্যক্ৰমে লেখক আৰু তেওঁৰ দল কেম্পৰ পৰা দূৰত থাকি বাচি যায়।

এই অভিজ্ঞতাই তেওঁৰ সপোনক আধাতে থমকাই পেলালেও, তেওঁ পুনৰ এভাৰেষ্ট জিকিবলৈ দৃঢ় সংকল্প ললে। পাঠখনৰ মূল বাৰ্তা হ’ল সফলতাৰ পথ কেতিয়াও সহজ নহয়, সপোন পূৰণ কৰিবলৈ লাগে অদম্য চেষ্টা আৰু সহনশীলতা

— From the book Sahitya Saurav (সাহিত্য সৌৰভ)

আৰ্হি প্রশ্ন

(ক) অতি চমু প্রশ্ন (প্ৰতিটো প্রশ্নৰ মূল্যাংক- ১)

১। এভাৰেষ্ট আৰোহণ কৰাৰ সময়ত লেখক তথা তেওঁৰ সতীৰ্থই কি পৰিধান কৰিছিল?
উত্তৰ: এভাৰেষ্ট আৰোহণ কৰাৰ সময়ত লেখক আৰু তেওঁৰ সতীৰ্থই বতাহ আৰু বৰষুণৰ পানী প্ৰতিৰোধী জেকেট আৰু ট্রাওজাৰ পৰিধান কৰিছিল।

২। পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট সমুদ্র পৃষ্ঠৰ পৰা কিমান ফুট উচ্চতাত অৱস্থিত?
উত্তৰ: পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট সমুদ্ৰ পৃষ্ঠৰ পৰা ২৯,০৩৫ ফুট উচ্চতাত অৱস্থিত।

৩। অসম এভাৰেষ্ট অভিযানৰ ৯ জনীয়া অভিযাত্রী দলটিয়ে আৰোহণৰ কৌশল অনুশীলনৰ বাবে ওলাই যোৱা হিমবাহ ক্ষেত্ৰৰ নাম কি আছিল?
উত্তৰ: অসম এভাৰেষ্ট অভিযানৰ ৯ জনীয়া অভিযাত্রী দলটিয়ে আৰোহণৰ কৌশল অনুশীলনৰ বাবে ওলাই যোৱা হিমবাহ ক্ষেত্ৰৰ নাম আছিল খুম্বু হিমবাহ।

৪। নেপালীসকলৰ জনবিশ্বাস মতে সাগৰ মাথা বা মাউন্ট এভাৰেষ্টৰ জীয়ৰী বুলি কাক জনা যায়?
উত্তৰ: নেপালীসকলৰ জনবিশ্বাস মতে পুম’ৰি শিখৰক সাগৰ মাথা বা মাউন্ট এভাৰেষ্টৰ জীয়ৰী বুলি জনা যায়।

৫। লেখক তথা তেওঁৰ সতীৰ্থবৃন্দই কাৰ নেতৃত্বত ২০১৫ চনত ‘অসম এভাৰেষ্ট অভিযান’ নাম দি এভাৰেষ্টলৈ অভিযান চলায়?
উত্তৰ: লেখক আৰু তেওঁৰ সতীৰ্থবৃন্দই ২০১৫ চনত মানস বৰুৱাৰ নেতৃত্বত ‘অসম এভাৰেষ্ট অভিযান’ নাম দি এভাৰেষ্টলৈ অভিযান চলায়।


(খ) চমু প্রশ্ন (প্ৰতিটো প্রশ্নৰ মূল্যাংক- ২ অথবা ৩)

১। হিমানী সম্প্রপাতৰ প্রলয়ংকৰী ৰূপক প্রতিহত কৰি ‘অসম এভাৰেষ্ট অভিযান’ৰ দলটোৱে নিজকে মৃত্যুপথৰ পৰা উদ্ধাৰ কৰিবলৈ কেনেধৰণৰ কৌশল অৱলম্বন কৰিছিল?
উত্তৰ: দলটোৱে গোলাকাৰভাৱে কান্ধত কান্ধ মিলাই, ইজনে সিজনক সাবটি ধৰি আঁঠুত সামান্য ভৰি ভাজ কৰি লৈ অলপ চাপৰি এভালেন্স পজিশ্যন বা হিমস্খলনৰ সাৱধানতা লৈছিল। এনে কৰাৰ কাৰণ আছিল বৰফৰ দৈত্যই যাতে তেওঁলোকক উৰুৱাই নিব নোৱাৰে।

২। দ্রুতবেগী হিমানী সম্প্রপাতৰ ওচৰত জীৱনে হাৰ মনা এভাৰেষ্টৰ ভিন্ন অভিযানৰ চিকিৎসক দুগৰাকী কোন কোন ৰাষ্ট্ৰৰ আছিল?
উত্তৰ: দুগৰাকী চিকিৎসকৰ এগৰাকী চীনা মহিলা চিকিৎসক আৰু আনগৰাকী আমেৰিকান পুৰুষ চিকিৎসক আছিল।

৩। ‘KHUMBU ICE FALL’ বুলিলে কি বুজা?
উত্তৰ: ‘KHUMBU ICE FALL’ বুলিলে খুম্বু হিমবাহৰ এটা বিশেষ অংশক বুজোৱা হয়। এই ঠাইত বৰফৰ নদীখন ভাঙি খণ্ড-বিখণ্ড হৈ ডাঙৰ ডাঙৰ বৰফৰ প্ৰাচীৰৰ সৃষ্টি কৰিছে। এই পথটো এভাৰেষ্টৰ বেছ কেম্পৰ পৰা ১নং শিবিৰলৈ যোৱা এক অত্যন্ত বিপদসংকুল পথ।

৪। কাৰ নেতৃত্বত কোন অঞ্চললৈ ট্রেকিং অভিযানত অংশ লওঁতে লেখকৰ মনত এভাৰেষ্ট আৰোহণৰ সপোন ৰোপিত হৈছিল?
উত্তৰ: লেখকৰ মনত প্ৰয়াত পৰ্বতাৰোহী নেছিম আখতাৰৰ নেতৃত্বত নেপাল-হিমালয়ৰ হেলেম্বু অঞ্চললৈ এক ট্রেকিং অভিযানত অংশ লওঁতে এভাৰেষ্ট আৰোহণৰ সপোন ৰোপিত হৈছিল। সেই অভিযানত তেওঁ এভাৰেষ্টকে ধৰি কেইবাটাও শিখৰ দেখিছিল।

৫। প্ৰথম অসমীয়া এভাৰেষ্ট আৰোহণকাৰী দুজন কোন কোন আছিল?
উত্তৰ: প্ৰথম অসমীয়া এভাৰেষ্ট আৰোহণকাৰী দুজন আছিল তৰুণ শইকীয়া আৰু মণিষ ডেকা। তেওঁলোকে উত্তৰ-পূৰ্বাঞ্চলৰ এটা পৰ্বতাৰোহী দলৰ সৈতে এভাৰেষ্টৰ শীৰ্ষত থিয় হৈছিল।


(গ) দীঘল প্রশ্ন (প্ৰতিটো প্রশ্নৰ মূল্যাংক- ৪ অথবা ৫)

১। লেখকৰ অনুশীলনৰ অন্তিম পৰ্যায়ত অহা ভূমিকম্পৰ জোকাৰণিত নামি অহা হিমানী সম্প্রপাতে অভিযানকাৰী দলক কি পৰিস্থিতিৰ মুখামুখি কৰাইছিল?
উত্তৰ: দলটো এক বিপদজনক পৰিস্থিতিৰ সন্মুখীন হৈছিল। হঠাৎ গুমগুমণি শব্দ আৰু জোঁকাৰণি অনুভৱ কৰি তেওঁলোকে বুজিছিল যে এটা ডাঙৰ ভূমিকম্প আহিছে। ইয়াৰ লগে লগে নাচে, আমা দাবলাম, লোলা আদি শিখৰবোৰৰ পৰা হিমস্খলন বা এভালেন্স নামি আহিছিল। আটাইতকৈ ভয়ংকৰ হিমানী সম্প্রপাত পুম’ৰি শিখৰৰ পৰা নামি আহিছিল, যিয়ে বেছ কেম্পৰ টেণ্টবোৰ কাগজৰ দৰে উৰুৱাই লৈ গৈছিল। এই হিমস্খলনৰ দৈত্য অতি দ্রুতগতিত তেওঁলোকৰ ফালে আগবাঢ়ি আহিছিল। ইয়াৰ ফলত তেওঁলোক বৰফৰ মাজত পোত গৈছিল আৰু মৃত্যুৰ মুখৰ পৰা বাচি আহিছিল।

২। হিমানী সম্প্রপাতৰ পিছত অভিযানকাৰী দলটিয়ে নিজৰ কেম্পলৈ গৈ বৰফৰ দৈত্যৰ কেনে ধ্বংসলীলা দেখিছিল?
উত্তৰ: দলটিয়ে নিজৰ বেছ কেম্পলৈ উভতি আহি এক ধ্বংসলীলা দেখিছিল। টেণ্টবোৰৰ কোনো অস্তিত্ব নাছিল। যিকেইটা টেণ্ট আছিল, সেইবোৰ ফাটি ছিৰা-ছিৰ হৈ আছিল। বাকীবোৰ টেণ্ট বৰফৰ দৈত্যই উৰুৱাই বহু দূৰলৈ পুতি পেলাইছিল। সেই অঞ্চলত শিবিৰ পতা আন দলসমূহৰ টেণ্ট আৰু সা-সামগ্ৰীসমূহো ভাগি চূৰ্ণীকৃত হৈ চৌপাশে সিঁচৰতি হৈ আছিল। ইয়াৰ উপৰিও তেওঁলোকে কেইবাজনাও বিদেশী পৰ্বতাৰোহী আৰু শ্বেৰ্পাৰ মৃতদেহ উদ্ধাৰ কৰিছিল। এই ভয়াৱহ ঘটনাটোৱে বেছ কেম্পৰ পৰিৱেশ সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলাইছিল।

৩। এভাৰেষ্ট অভিযানৰ সংশয়ৰ দিন এটিত লেখকৰ মনত হাঁহিৰ খোৰাক জন্মোৱা ঘটনাটো কি আছিল?
উত্তৰ: মাছৰ টেঙা ৰান্ধিবলৈ কৰা ব্যৱস্থাৰ বিফলতা। বেছ কেম্প মেনেজাৰ অমৰ ডেকাই কাঠমাণ্ডুৰ পৰা হেলিকপ্টাৰেৰে মাছ অনাইছিল। দুপৰীয়া মাছৰ টেঙাৰে ভাত খাবলৈ যোৱাৰ আশা আছিল, কিন্তু হিমানী সম্প্রপাতে পাকঘৰ থকা তম্বু আৰু ডাইনিং টেণ্টসহ আন খাদ্য-সামগ্ৰীসমূহৰ লগতে মাছৰ টেঙাৰ আঞ্জাও উৰুৱাই নিছিল। এই ঘটনাটো মনত পৰিলে লেখকৰ হাঁহি উঠে।

৪। প্রয়াত পৰ্বতাৰোহী নেছিম আখতাৰ আৰু লেখকৰ মাজত হোৱা কথোপকথনৰ এটি চমুটোকা যুগুত কৰা।
উত্তৰ: নেছিম আখতাৰে লেখকক উৎসাহিত কৰিছিল, কৈছিল: “দেশৰ অন্য প্ৰান্তৰ পৰ্বতাৰোহীয়ে যেতিয়া পাৰিছে অসমৰ পৰ্বতাৰোহীয়ে এভাৰেষ্টৰ শীৰ্ষত থিয় হ’ব নোৱাৰিব কিয়?”। নেছিমে প্ৰাক-এভাৰেষ্ট অভিযানৰ আয়োজন কৰিছিল। তেওঁৰ অকাল বিয়োগে প্ৰচেষ্টাত যতি পেলাইছিল যদিও লেখকে তেওঁৰ সপোন পূৰণৰ লক্ষ্যৰে এভাৰেষ্টলৈ অভিযান চলাইছিল।

৫। ‘অসম এভাৰেষ্ট অভিযান’ দলটিৰ ওভতনি যাত্রা কেনেকুৱা আছিল ব্যাখ্যা কৰা।
উত্তৰ: হিমানী সম্প্রপাতৰ ফলত বেছ কেম্পত আশ্রয় আৰু খাদ্য-সামগ্ৰীৰ অভাৱত দলটোৱে তৎক্ষণাৎ ওভতনি যাত্ৰা কৰাৰ সিদ্ধান্ত লৈছিল। আহতসকলক চাঙী কৰি বান্ধি লৈ গৈছিল। ভোক-পিয়াহত জৰ্জৰিত হৈ তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছিল। সাধাৰণতে এভাৰেষ্ট বেছ কেম্পলৈ লুকলাৰ পৰা ১০ দিন লাগে, কিন্তু ওভতনি যাত্ৰা ৫-৬ দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব পাৰি। দলটো অত্যন্ত ভাগৰুৱা আৰু মানসিকভাৱে বিধ্বস্ত হৈছিল।

🎓 About Assam Eduverse

This solution is prepare by Assam Eduverse – your reliable educational hub for academic content, study materials, and exam preparation for Assam Board and other state-level exams. Follow Assam Eduverse for accurate, exam-ready NCERT solutions, notes, MCQs, and free study materials.

Leave a Comment