SEBA Class 10 Assamese Chapter নাথযোগীসকল প্রশ্ন আৰু উত্তৰ Solutions | Vaichitryamay Assam
SEBA Class 10 Assamese Chapter নাথযোগীসকল প্রশ্ন আৰু উত্তৰ are essential study materials for HSLC board preparation. These SEBA Class 10 Assamese Chapter নাথযোগীসকল প্রশ্ন আৰু উত্তৰ include a detailed Vaichitryamay Assam Nath Yogi guide, structured explanation, and exam-oriented Class 10 Assamese Vaichitryamay Assam question answers prepared strictly according to the latest SEBA and ASSEB syllabus.
The chapter নাথযোগীসকল discusses the origin, spiritual traditions, social life, cultural practices, and historical background of the Nath Yogi community in Assam. Through these SEBA Class 10 Assamese Chapter নাথযোগীসকল প্রশ্ন আৰু উত্তৰ, students clearly understand the religious and cultural significance of the Nath Yogi community. These SEBA Class 10 Assamese Nath Yogi solutions strengthen conceptual clarity and improve structured answer-writing skills.
Prepared by experts of Assam Eduverse, these SEBA Class 10 Assamese Chapter নাথযোগীসকল প্রশ্ন আৰু উত্তৰ ensure strong preparation for the HSLC Examination.
SEBA / ASSEB Class 10 Assamese Vaichitryamay Assam Chapter নাথযোগীসকল Complete Solutions, Guide & Question Answers
📖 পাঠৰ সংক্ষিপ্তসাৰ: নাথযোগীসকল
Class 10 Assamese MIL – Vaichitryamay Assam
নাথযোগীসকল অসমৰ আৰু ভাৰতৰ এক প্ৰাচীনতম জনগোষ্ঠী। তেওঁলোকে মূলত শৈৱপন্থী আৰু ধৰ্মক শৈৱ বা ব্রাত্য ধৰ্ম বুলি জনা যায়। ভগৱান শিৱ প্ৰথম নাথ বুলি ধৰা হয়। গুৰুদ্বয় মহাযোগী মৎস্যেন্দ্ৰনাথ আৰু গুৰু গোৰক্ষনাথ। নাথ সন্যাসীৰ মৃত্যু হ’লে তেওঁলোকৰ মৃতদেহ পদ্মাসনত সমাধি দিয়া হয়, যি তেওঁলোকৰ আধ্যাত্মিক বিশ্বাসক প্ৰতিফলিত কৰে।
তেওঁলোকৰ সাহিত্য চৰ্যাপদ/চৰ্যাগীতই অসমীয়া, বঙলা, উড়িয়া ভাষাৰ বিকাশত গুৰুত্বপূৰ্ণ অৱদান ৰাখিছে। গুৱাহাটী আমবাৰীত পোৱা শিলালিপিত স্থানটোক যোগীহাটী বুলি উল্লেখ কৰা হৈছে। নাথযোগীসকলে ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু অসমৰ আন্দোলনত সক্ৰিয় ভূমিকা লৈছিল—উদাহৰণস্বৰূপে ঢেকিয়াজুলিৰ ভাৰত ত্যাগ আন্দোলন, পথৰুঘাটৰ কৃষক বিদ্ৰোহ, আৰু বিদেশী শাসনৰ বিৰুদ্ধে প্ৰতিবাদ।
সংস্কৃতিৰ ক্ষেত্ৰত তেওঁলোকে বোৱা-কটা আৰু পাট শিল্পত দক্ষ আছিল। নৃত্য আৰু সংগীতত উল্লেখযোগ্য হৈছে সুকনানী ওজাপালি, দেওধনী নৃত্য, চিয়া গীত। এই পাঠ্যখনে নাথযোগীসকলৰ ইতিহাস, ধৰ্ম, সমাজ, সাহিত্য, আৰু সাংস্কৃতিক সম্পদৰ বিষয়ে বিস্তৃত জ্ঞান প্ৰদান কৰে আৰু অসমৰ বৈচিত্ৰ্যময় সংস্কৃতিৰ এক অমূল্য অংশ প্ৰতিপন্ন কৰে।
— From the book Vaichitryamay Assam
প্ৰশ্নাৱলীৰ সমাধান
১। অসমৰ নাথযোগীসকলৰ উৎপত্তি সম্পর্কে লিখা।
উত্তৰ: নাথযোগীসকল শৈৱ ধৰ্মৰ যোগসাধন মাৰ্গৰ পৰা উৎপত্তি হৈছিল। নাথ পৰম্পৰা অনুসৰি, আদিনাথ বা ভগৱান শিৱই হৈছে প্ৰথম নাথ। মহাযোগী মৎস্যেন্দ্রনাথ আৰু গুৰু গোৰক্ষনাথ নাথসকলৰ দুগৰাকী প্ৰধান গুৰু। মৎস্যেন্দ্ৰনাথ কামৰূপৰ বাসিন্দা আছিল আৰু তেওঁ কামাখ্যা মন্দিৰত তন্ত্ৰ আৰু যোগ সাধনাত নিমগ্ন আছিল। নেপালত প্ৰচলিত লোক কাহিনী অনুসৰি মৎস্যেন্দ্ৰনাথৰ আগমনৰ পিছতেই নেপালত হিন্দু ধৰ্মৰ প্ৰতিষ্ঠা হৈছিল।
২। নাথযোগীসকলৰ সাহিত্য আৰু ধৰ্মৰ বিষয়ে লিখা।
উত্তৰ: নাথযোগীসকলৰ সাহিত্য অতি প্ৰাচীন আৰু নিজস্ব বৈশিষ্ট্যপূৰ্ণ। তেওঁলোকে তন্ত্ৰ-মন্ত্ৰ, যোগ, আয়ুৰ্বেদ আদি বিভিন্ন দিশত বহু অমূল্য গ্ৰন্থ ৰচনা কৰিছে। পণ্ডিতসকলে কয় যে, নাথ সিদ্ধাচাৰ্যসকলে ৰচনা কৰা চৰ্যাপদ আৰু চৰ্যাগীতসমূহে অসমীয়া, বঙলা আৰু উড়িয়া ভাষাৰ উদ্ভৱ আৰু বিকাশত গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াইছে।
ধৰ্মৰ ক্ষেত্ৰত, নাথ বা যোগী সম্প্রদায়টো মূলত শৈৱপন্থী। অতীতত তেওঁলোকে পালন কৰা ধৰ্মৰ নাম শৈৱ বা ব্রাত্য ধৰ্ম আছিল। নাথযোগীসকলে গুৰু-শিষ্য পৰম্পৰাত গভীৰ বিশ্বাস ৰাখে। বৰ্তমান সময়ত, অসমৰ বহু নাথযোগী শ্ৰীমন্ত শংকৰদেৱৰ এক শৰণ নাম ধৰ্মত দীক্ষিত হৈ মহাপুৰুষীয় ধৰ্ম-সংস্কৃতিকো আঁকোৱালি লৈছে।
৩। নাথযোগীসকলৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: নাথযোগীসকল অসমৰ এক প্রাচীনতম জনগোষ্ঠী, যি মূলতঃ শৈৱপন্থী আৰু যোগ সাধনাত বিশ্বাসী। তেওঁলোকৰ সাহিত্য অতি সমৃদ্ধিশালী, যি চৰ্যাপদৰ দৰে অমূল্য গ্ৰন্থৰে ভাৰতীয় সাহিত্য চহকী কৰিছে। অসমৰ প্ৰত্যেকখন জিলাতে এই সম্প্ৰদায়ৰ লোক বসবাস কৰে। একালত নগাঁৱৰ ওচৰৰ কদলী নামৰ এখন ৰাজ্য নাথযোগী মহিলাসকলে শাসন কৰিছিল। তেওঁলোকে স্বাধীনতা সংগ্ৰাম, পথৰুঘাটৰ কৃষক বিদ্ৰোহ আৰু অসম আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। তেওঁলোক বোৱা-কটা আৰু পাট শিল্পত পাকৈত আছিল, যাৰ বাবে বহুতে কাটনী উপাধি ব্যৱহাৰ কৰে। তেওঁলোকে সুকনানী ওজাপালি, দেওধনী নৃত্য আৰু চিয়া গীত আদি চহকী সাংস্কৃতিক সম্পদসমূহ কঢ়িয়াই ফুৰিছে।
অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ(Extra Questions and Answers)
চমু উত্তৰৰ প্ৰশ্ন
১। নাথ পৰম্পৰাৰ মতে প্ৰথমজন নাথ কোন?
উত্তৰ: নাথ পৰম্পৰাৰ মতে আদিনাথ অৰ্থাৎ ভগৱান শিৱই হৈছে প্ৰথম নাথ।
২। নাথযোগীসকলৰ কেইটা ভাগ আছে?
উত্তৰ: নাথযোগীসকলৰ দুটা ভাগ আছে: গৃহস্থ যোগী আৰু সন্যাসী যোগী।
৩। নেপালত হিন্দু ধৰ্ম কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ: পৌৰাণিক আখ্যান অনুসৰি, মহাযোগী মৎস্যেন্দ্রনাথৰ নেপাললৈ আগমনৰ পিছতেই নেপালত হিন্দু ধৰ্ম প্ৰতিষ্ঠা হৈছিল।
৪। পথৰুঘাটৰ কৃষক বিদ্ৰোহত কিমানজন নাথযোগী শ্বহীদ হৈছিল?
উত্তৰ: ১৮৯৪ চনত পথৰুঘাটৰ কৃষক বিদ্ৰোহত নিহত হোৱা ১৪০ গৰাকী শ্বহীদ কৃষকৰ ভিতৰত ২৮ গৰাকী নাথযোগী সম্প্ৰদায়ৰ আছিল।
৫। নাথযোগীসকলৰ কোনগৰাকী বৈষ্ণৱ মথুৰানাথ বুঢ়া আতাৰ নাম মহাপুৰুষ শংকৰদেৱৰ শিষ্য আছিল?
উত্তৰ: মথুৰানাথ বুঢ়া আতা মহাপুৰুষ শংকৰদেৱৰ এগৰাকী প্ৰিয় শিষ্য আছিল।
৬। কিমান চনত ‘অসম প্রাদেশিক যোগী সম্মিলনী’ গঠিত হৈছিল?
উত্তৰ: ১৯১৯ চনত হলিৰাম নাথ চহৰীয়া আৰু লম্বোদৰ বৰাৰ উদ্যোগত ‘অসম প্রাদেশিক যোগী সম্মিলনী’ গঠিত হৈছিল।
৭। হঠযোগ প্রদীপিকা গ্ৰন্থখন কোনে ৰচনা কৰিছিল?
উত্তৰ: হঠযোগ প্রদীপিকা গ্ৰন্থখন স্বাম স্বাত্মাৰাম যোগীয়ে ৰচনা কৰিছিল।
৮। যোগীঘোপাৰ পাহাৰৰ গুহাসমূহ কিহৰ বাবে জনাজাত?
উত্তৰ: যোগীঘোপাৰ পাহাৰৰ গুহাসমূহ অতীত কামৰূপ প্ৰদেশত নাথ সিদ্ধ পুৰুষসকলৰ যোগ সাধনাৰ স্থান আছিল বুলি বিভিন্ন গ্ৰন্থত পোৱা যায়।
৯। বৃন্দাৱনী বস্ত্ৰখনৰ দায়িত্ব কোনে লৈছিল?
উত্তৰ: গুৰুজনাৰ অমূল্য সৃষ্টি বৃন্দাৱনী বস্ত্ৰখনৰ দায়িত্ব মথুৰানাথ বুঢ়া আতাৰ ওপৰত ন্যস্ত কৰিছিল।
১০। অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদৰ ভিতৰত নাথযোগী সম্প্ৰদায়ৰ কিমানজন আছিল?
উত্তৰ: অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদৰ ভিতৰত নাথযোগী সম্প্রদায়ৰ শ্বহীদ আছিল প্ৰায় ১৪০ গৰাকী।
দীঘল উত্তৰৰ প্ৰশ্ন
১। নাথযোগীসকলৰ ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাৰ বিষয়ে লিখা।
উত্তৰ: নাথ বা যোগী সম্প্রদায়টো মূলতঃ শৈৱপন্থী আৰু যোগ সাধনাত বিশ্বাসী। তেওঁলোকৰ আদি ধৰ্ম আছিল শৈৱ বা ব্রাত্য ধৰ্ম। তেওঁলোক গুৰু-শিষ্য পৰম্পৰাত বিশ্বাসী আৰু ভগৱান শিৱক প্ৰথম নাথ বুলি মানি লয়। তেওঁলোকৰ মাজত দুটা ভাগ আছে: গৃহস্থ যোগী আৰু সন্যাসী যোগী, যিসকলে নাথ ধৰ্মৰ প্ৰচাৰ কৰে। নাথ সন্যাসীসকলৰ মৃত্যু হ’লে তেওঁলোকৰ মৃতদেহ দাহ নকৰি পদ্মাসনত বহুৱাই সমাধি দিয়া হয়। বৰ্তমান বহু নাথযোগী লোকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এক শৰণ নাম ধৰ্মও গ্ৰহণ কৰিছে।
২। ভাৰতৰ স্বাধীনতা সংগ্ৰামত আৰু অসম আন্দোলনত নাথযোগীসকলৰ অৱদান আলোচনা কৰা।
উত্তৰ: অসমৰ নাথযোগীসকলে ভাৰতৰ স্বাধীনতা সংগ্ৰামত প্ৰভূত বৰঙণি আগবঢ়াইছিল। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত ঢেকিয়াজুলি থানাত ব্ৰিটিছৰ গুলীত মনবৰ নাথ, খহুলী দেৱী আৰু কুমলী দেৱী নামৰ তিনিগৰাকী স্বাধীনতা সংগ্ৰামী শ্বহীদ হৈছিল। ১৮৯৪ চনত পথৰুঘাটৰ কৃষক বিদ্ৰোহত নিহত হোৱা ১৪০ গৰাকী শ্বহীদ কৃষকৰ ভিতৰত ২৮ গৰাকী নাথযোগী সম্প্ৰদায়ৰ আছিল। ১৯৮০-ৰ দশকত হোৱা অসম আন্দোলনতো ৮৫৫ গৰাকী শ্বহীদৰ ভিতৰত প্ৰায় ১৪০ গৰাকী নাথযোগী সম্প্ৰদায়ৰ লোক আছিল।
৩। নাথযোগীসকলৰ সাহিত্য আৰু সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে লিখা।
উত্তৰ: নাথযোগীসকলৰ এক অতি প্রাচীন নিজস্ব সাহিত্য আছে। তেওঁলোকৰ সিদ্ধপুৰুষসকলে যোগ, আধ্যাত্মিক দৰ্শন, আয়ুৰ্বেদ আদি বিভিন্ন দিশত বহু অমূল্য সাহিত্য ৰচনা কৰিছিল। তেওঁলোকে ৰচনা কৰা চৰ্যাপদ বা চৰ্যাগীতসমূহে অসমীয়া, বঙলা আৰু উড়িয়া ভাষাৰ উৎপত্তিত বৰঙণি যোগাইছিল। দৰং জিলাৰ প্ৰসিদ্ধ সুকনানী ওজাপালি, দেওধনী নৃত্য আৰু চিয়া গীতসমূহ এই সম্প্ৰদায়টোৱে শত বছৰ ধৰি কঢ়িয়াই ফুৰা এক চহকী সাংস্কৃতিক সম্পদ।
৪। নাথযোগীসকলৰ সামাজিক জীৱন আৰু তেওঁলোকৰ বৃত্তিমূলক পৰিচয়ৰ বিষয়ে আলোচনা কৰা।
উত্তৰ: নাথযোগীসকলৰ সমাজত পুৰুষ-মহিলা উভয়েই বোৱা-কটা আৰু পাট শিল্পত অতিশয় পাকৈত আছিল। সেয়েহে নাথযোগীসকলৰ বহু লোক কাটনী উপাধিৰেও পৰিচিত হৈ আহিছে। এই সম্প্রদায়টোৱে নানানটা সামাজিক উত্থান-পতনৰ মাজেদিও নিজৰ আত্মপরিচয় ৰক্ষা কৰি আহিছে। তেওঁলোকে নিজৰ শৈক্ষিক, বৌদ্ধিক, সাংস্কৃতিক আৰু ধৰ্মীয় দিশত আগুৱাই নিবলৈ ১৯১৯ চনত ‘অসম প্রাদেশিক যোগী সম্মিলনী’ নামৰ অনুষ্ঠান এটা গঠন কৰিছিল।
৫। মহাযোগী মৎস্যেন্দ্রনাথৰ বিষয়ে কি জনা যায়?
উত্তৰ: মহাযোগী মৎস্যেন্দ্রনাথ নাথসকলৰ আদি গুৰু আৰু তেওঁ কামৰূপৰ বাসিন্দা আছিল। তেওঁ কামাখ্যা মন্দিৰত তন্ত্ৰ আৰু যোগ সাধনাত নিমগ্ন আছিল। নেপালত অনাবৃষ্টিৰ বাবে দূৰ্ভিক্ষ হোৱাত মৎস্যেন্দ্ৰনাথক নেপাললৈ আমন্ত্ৰণ জনাই নিয়া হৈছিল। সেই সময়ত নেপাল বৌদ্ধধৰ্মৰ কবলত আছিল আৰু মৎস্যেন্দ্ৰনাথৰ আগমনৰ পিছতেই নেপালত হিন্দু ধৰ্ম প্ৰতিষ্ঠা হৈছিল।
৬। মথুৰানাথ বুঢ়া আতাৰৰ বিষয়ে লিখা।
উত্তৰ: মথুৰানাথ বুঢ়া আতা নাথযোগী সম্প্ৰদায়ৰ এজন গুণী পুৰুষ আছিল আৰু তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এগৰাকী প্ৰিয় শিষ্য আছিল। তেওঁ বৈষ্ণৱ ধৰ্মৰ এজন প্ৰচাৰক আছিল। গুৰুজনাই তেওঁৰ অমূল্য সৃষ্টি বৃন্দাৱনী বস্ত্ৰখনৰ মাত্ৰ কেই হাত মান বোৱাৰ পিছত বস্ত্ৰখনি তৈয়াৰ কৰাৰ দায়িত্ব মথুৰানাথ বুঢ়া আতাৰ ওপৰত ন্যস্ত কৰিছিল।
৭। নাথযোগীসকলৰ বসতি অঞ্চল আৰু ঐতিহাসিক স্থলীসমূহৰ বিষয়ে লিখা।
উত্তৰ: অসমৰ গোৱালপাৰা, বঙাইগাঁও, কোকৰাঝাৰ, দৰং, নগাঁও, মৰিগাঁও, হোজাই, শোণিতপুৰ আৰু কাছাৰ আদি জিলাত লক্ষ লক্ষ নাথযোগী লোকে বসবাস কৰে। গুৱাহাটীৰ আমবাৰীত পোৱা শিলালিপিত বৰ্তমানৰ গুৱাহাটীৰ নাম একালত যোগীহাটী আছিল বুলি উল্লেখ আছে। নগাঁৱৰ ওচৰৰ কদলী নামৰ এখন সৰু ৰাজ্য নাথযোগী মহিলাসকলে শাসন কৰিছিল। ইয়াৰ উপৰি, হোজাইৰ যোগীজান, তেজপুৰৰ সূৰ্যপাহাৰ আৰু গোৱালপাৰাৰ যোগীঘোপাৰ গুহাসমূহ অতীত কামৰূপ প্ৰদেশত নাথ সিদ্ধ পুৰুষসকলৰ যোগ সাধনাৰ স্থলী আছিল।
৮। নাথযোগীসকলে কি কি উৎসৱ পালন কৰে?
উত্তৰ: নাথযোগীসকলে শৈৱ বা ব্রাত্য ধৰ্মৰ লগতে এক শৰণ নাম ধৰ্মও পালন কৰে। তেওঁলোকৰ মাজত দৰং জিলাৰ প্ৰসিদ্ধ সুকনাণী ওজাপালি, দেওধনী নৃত্য আৰু চিয়া গীতসমূহ প্ৰচলিত আছে।
৯। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত নাথযোগীসকলৰ ভূমিকা কেনে আছিল?
উত্তৰ: ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত মহাত্মা গান্ধীৰ ‘কৰিম কিম্বা মৰিম’ মন্ত্ৰৰে উদ্বুদ্ধ হৈ ঢেকিয়াজুলি থানাত ব্ৰিটিছৰ পতাকা পেলাই দিবলৈ যাওঁতে নাথযোগী সম্প্ৰদায়ৰ মনবৰ নাথ, খহুলী দেৱী আৰু কুমলী দেৱী নামৰ তিনিগৰাকী স্বাধীনতা সংগ্ৰামীয়ে ব্ৰিটিছ পুলিচৰ গুলীত শ্বহীদ হৈছিল।
১০। অসমীয়া ভাষাৰ উদ্ভৱত নাথ সিদ্ধাচাৰ্যসকলৰ অৱদান কি?
উত্তৰ: অতীতত নাথ সিদ্ধাচাৰ্যসকলে ৰচনা কৰা চৰ্যাপদ বা চৰ্যাগীতসমূহে অসমীয়া, বঙলা আৰু উড়িয়া ভাষাৰ উৎপত্তিত যথেষ্ট বৰঙণি যোগাইছিল বুলি পণ্ডিতসকলে মত প্ৰকাশ কৰিছে।
SEBA Class 10 Assamese Chapter নাথযোগীসকল প্রশ্ন আৰু উত্তৰ – Complete HSLC Exam Guide
For effective revision and confident board preparation, SEBA Class 10 Assamese Chapter নাথযোগীসকল প্রশ্ন আৰু উত্তৰ provide a complete and structured learning framework for Class 10 Assamese MIL students. These SEBA Class 10 Assamese Chapter নাথযোগীসকল প্রশ্ন আৰু উত্তৰ clearly explain the historical background, spiritual traditions, and cultural identity of the Nath Yogi community.
Regular practice of SEBA Class 10 Assamese Chapter নাথযোগীসকল প্রশ্ন আৰু উত্তৰ helps students confidently attempt long and short Class 10 Assamese Vaichitryamay Assam question answers in SEBA and ASSEB examinations. All SEBA Class 10 Assamese Nath Yogi solutions and ASSEB Class 10 Assamese Chapter Nath Yogi solutions strictly follow the recommended HSLC answer-writing pattern.
This page includes complete SEBA Class 10 Assamese Chapter নাথযোগীসকল প্রশ্ন আৰু উত্তৰ, a structured Vaichitryamay Assam Nath Yogi guide, and exam-focused SEBA Class 10 Assamese Chapter নাথযোগীসকল প্রশ্ন আৰু উত্তৰ to ensure thorough preparation.
If you are searching for accurate and exam-oriented SEBA Class 10 Assamese Chapter নাথযোগীসকল প্রশ্ন আৰু উত্তৰ, this SEBA Class 10 Assamese Chapter নাথযোগীসকল প্রশ্ন আৰু উত্তৰ resource will help you revise effectively and score higher marks in the HSLC Examination.
FAQs – SEBA / ASSEB Class 10 Assamese Vaichitryamay Assam Chapter নাথযোগীসকল
1. নাথযোগীসকল পাঠটোৰ মূল বিষয়বস্তু কি?
এই পাঠটোত নাথযোগী জনগোষ্ঠীৰ ইতিহাস, আধ্যাত্মিক পৰম্পৰা, সংস্কৃতি আৰু সামাজিক জীৱনৰ বিষয়ে আলোচনা কৰা হৈছে।
2. এই SEBA Class 10 Assamese Chapter নাথযোগীসকল Solutions 2026–27 syllabus অনুসৰি নে?
হয়। এই SEBA Class 10 Assamese Chapter নাথযোগীসকল প্রশ্ন আৰু উত্তৰ সম্পূৰ্ণৰূপে 2026–27 SEBA syllabus অনুসৰি প্ৰস্তুত কৰা হৈছে।
3. এই Solutions SEBA আৰু ASSEB দুয়ো বোৰ্ডৰ বাবে প্ৰযোজ্য নে?
হয়। এই সমাধানসমূহ SEBA আৰু ASSEB দুয়ো বোৰ্ডৰ Class 10 Assamese MIL পাঠ্যসূচীৰ সৈতে মিল আছে।
4. নাথযোগীসকল অধ্যায় HSLC Examination ৰ বাবে সহায়ক নে?
নিশ্চয়। এই অধ্যায়ে HSLC Examinationৰ বাবে অসমৰ ধৰ্মীয় আৰু সাংস্কৃতিক ইতিহাস বুজাত সহায় কৰে।
5. ইয়াত Vaichitryamay Assam Nath Yogi guide আছে নে?
অৱশ্যই। ইয়াত সম্পূৰ্ণ Vaichitryamay Assam Nath Yogi guide আৰু পৰীক্ষা-মুখী উত্তৰ উপলব্ধ।
6. এই Solutions উত্তৰ লিখাৰ দক্ষতা উন্নত কৰে নে?
হয়। সকলো উত্তৰ HSLC answer writing pattern অনুসৰি সাজি উলিওৱা হৈছে।
7. এই SEBA Class 10 Assamese Chapter নাথযোগীসকল Solutions নিয়মিত আপডেট কৰা হয় নে?
হয়। পাঠ্যসূচীৰ পৰিবর্তন আৰু academic session অনুসৰি এই সমলসমূহ নিয়মিতভাৱে আপডেট কৰা হয়।
🎓 About Assam Eduverse
Assam Eduverse is the best educational platform in Assam, offering SEBA, AHSEC (ASSEB), SCERT, CBSE, and Assam Board Solutions along with study materials, notes, and exam preparation guides to help students learn smarter and score higher.
Our expert-prepared answers and MCQs follow the latest Assam Board Syllabus and NCERT Syllabus. We make learning simple, accessible, and effective for all students preparing for board or competitive exams.📘 Visit Assam Eduverse for free Assam Board Solutions, notes, and Study Materials prepared by experts.