SEBA Class 9 Assamese Chapter চাহ জনগোষ্ঠীসকল প্রশ্ন আৰু উত্তৰ Solutions | Vaichitryamay Assam
SEBA Class 9 Assamese Chapter চাহ জনগোষ্ঠীসকল প্রশ্ন আৰু উত্তৰ are important learning resources for students studying Vaichitryamay Assam under Assamese MIL. These SEBA Class 9 Assamese Chapter চাহ জনগোষ্ঠীসকল প্রশ্ন আৰু উত্তৰ include a complete Vaichitryamay Assam Tea Tribe guide, detailed explanation, and exam-oriented answers prepared strictly according to the latest SEBA and ASSEB syllabus.
The chapter চাহ জনগোষ্ঠীসকল introduces students to the Tea Tribe community of Assam, explaining their historical migration, socio-economic background, lifestyle, festivals, and cultural traditions. It highlights their contribution to Assam’s tea industry and cultural diversity. Because of its social and historical importance, SEBA Class 9 Assamese Chapter চাহ জনগোষ্ঠীসকল প্রশ্ন আৰু উত্তৰ hold a significant place in the Class 9 Assamese syllabus.
Prepared by experts of Assam Eduverse, these SEBA Class 9 Assamese Chapter চাহ জনগোষ্ঠীসকল প্রশ্ন আৰু উত্তৰ help students understand community life clearly and improve answer-writing skills for school examinations and future HSLC preparation.
SEBA / ASSEB Class 9 Assamese Vaichitryamay Assam Chapter চাহ জনগোষ্ঠীসকল Complete Solutions, Guide & Question Answers
📖 পাঠৰ সংক্ষিপ্তসাৰ: চাহ জনগোষ্ঠীসকল
Class 9 Assamese MIL – Vaichitryamay Assam
চাহ জনগোষ্ঠীসকল পাঠ্যখনত অসমৰ
চাহ বাগিচাৰ শ্ৰমিকসকলৰ প্ৰব্ৰজনৰ ঐতিহাসিক পৰিপ্ৰেক্ষিত দাঙি ধৰিছে।
এই জনগোষ্ঠী স্বাভাৱিক প্ৰব্ৰজনকাৰী নহয়;
ইষ্ট ইণ্ডিয়া কোম্পানীই ১৮৩৫ চনত উজনি অসমৰ চাবুৱাত প্ৰথম
চাহ খেতি আৰম্ভ কৰি শ্ৰমিকৰ অভাৱ পূৰণৰ বাবে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা
তেওঁলোকক আনি বসতি স্থাপন কৰে। ১৮৩৯ চনত অসম চাহ কোম্পানী গঠন হয়।
শ্ৰমিক সংগ্ৰহৰ প্ৰক্ৰিয়াক মজদুৰ চালান কোৱা হৈছিল, যাৰ দুটা ধৰণ
আছিল—গিৰমিটিয়া চালান (লিখিত চুক্তিৰে) আৰু
আড়কাঠিয়া চালান (চুক্তি নোহোৱাকৈ)।
বিভিন্ন জাতি, ধৰ্ম, ভাষা আৰু সংস্কৃতিৰ মানুহে চাহ বাগিচাৰ পৰিৱেশত একেলগে
কাম কৰি এটা সংযোগী ভাষা ‘বাগানীয়া ভাষা’ বিকাশ কৰে।
বৰ্তমান চাহ জনগোষ্ঠীৰ জনসংখ্যা প্ৰায় ষাঠি লাখ, যাৰ ভিতৰত হিন্দু
আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী বেছি।
তেওঁলোকৰ মুখ্য উৎসৱ হৈছে কৰম, টুচু আৰু সহৰাই।
এই জনগোষ্ঠীৰ বহু বিশিষ্ট ব্যক্তিত্ব সমাজৰ উন্নতিৰ বাবে অৱদান আগবঢ়াইছে।
যেনে—পেঞ্চনাৰ মেঘৰাজ কৰ্মকাৰ (সাহিত্যিক),
সন্তোষ কুমাৰ তপ্ন (চাহ জনগোষ্ঠীৰ প্ৰথম প্ৰকাশিত গ্ৰন্থৰ লেখক),
আৰু চাইমন সিং হ’ৰ (সমাজ নিৰ্মাণৰ খনিকৰ)।
স্বাধীনতা আন্দোলনতো তেওঁলোক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।
উল্লেখযোগ্য শ্বহীদসকলৰ ভিতৰত আছে—মাংৰি ওৰাওঁ
(অসমৰ প্ৰথম মহিলা শ্বহীদ) আৰু
বাধনা ওৰাওঁ (অসম আন্দোলনৰ প্ৰথম শ্বহীদ)।
উপসংহাৰ: চাহ জনগোষ্ঠীসকল পাঠ্যখনৰ জৰিয়তে
অসমৰ চাহ শ্ৰমিক সমাজৰ ইতিহাস, সংস্কৃতি, জীৱনপদ্ধতি আৰু
বীৰত্বগাথা বিষয়ে গভীৰ জ্ঞান লাভ কৰিব পাৰি।
— From the book Vaichitryamay Assam
প্ৰশ্নাৱলীৰ সমাধান
১। অসমৰ প্ৰথম চাহ বাগিচা কোনখন আৰু কেতিয়া স্থাপন হৈছিল?
উত্তৰ : অসমত চাহৰ পদ্ধতিগত ৰোপণ কাৰ্য ১৮৩৫ চনত উজনি অসমৰ চাবুৱাত প্ৰথম আৰম্ভ হৈছিল।
২। অসমৰ প্ৰথম চাহ কোম্পানীৰ নাম কি আৰু কেতিয়া স্থাপিত হৈছিল?
উত্তৰ : অসমৰ প্ৰথম চাহ কোম্পানীৰ নাম হ’ল The Assam Tea Company আৰু ই ১৮৩৯ চনত গঠন হৈছিল।
৩। গিৰমিটিয়া আৰু আড়কাঠিয়া চালানৰ বিষয়ে কি জানা লিখা?
উত্তৰ : গিৰমিটিয়া চালান আছিল লিখিত চুক্তি (Agreement) অনুসৰি নিৰ্দিষ্ট সময়ৰ বাবে শ্ৰমিক অনাৰ প্ৰক্ৰিয়া। আনহাতে, আড়কাঠিয়া চালান আছিল কোনো চুক্তি নকৰাকৈ বলে-কৌশলে শ্ৰমিক সংগ্ৰহ কৰা কাৰ্য।
৪। চাহজনগোষ্ঠী সমাজৰ দহটা জাতি-উপজাতিৰ নাম লিখা।
উত্তৰ : চাহ জনগোষ্ঠী সমাজৰ দহটা জাতি-উপজাতিৰ নাম হ’ল: ওৰাওঁ, মুণ্ডা, চাওতাল, কুর্মী, তাঁতী, ঘাটোৱাৰ, গোৱালা, কমাৰ, কঁহাৰ, কালিন্দী।
৫। চাহ জনগোষ্ঠীৰ মাজত কি কি ধৰ্মৰ লোক আছে।
উত্তৰ : চাহ জনগোষ্ঠীৰ মাজত হিন্দু আৰু খ্ৰীষ্টান ধৰ্মৰ লোকৰ সংখ্যা সৰহ। হিন্দুসকলৰ বেছিভাগেই শাক্তধৰ্মী আৰু জড় উপাসক।
৬। স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা ছহিদ কোন?
উত্তৰ : স্বাধীনতা সংগ্ৰামত জীৱন উছৰ্গা কৰা অসমৰ প্ৰথম মহিলা শ্বহীদ হ’ল মাংৰি ওৰাওঁ।
৭। অসম আন্দোলনত জীৱন উছৰ্গা কৰা চাহ বাগিচাৰ প্ৰথম ছহিদ কোন?
উত্তৰ : অসম আন্দোলনত জীৱন উছৰ্গা কৰা চাহ বাগিচাৰ প্ৰথম শ্বহীদ হ’ল বাধনা ওৰাওঁ।
৮। চমুকৈ লিখা
(ক) মেঘৰাজ কৰ্মকাৰ
উত্তৰ : মেঘৰাজ কৰ্মকাৰ চাহ জনগোষ্ঠীৰ মাজৰ প্ৰথম সাহিত্যিক পেঞ্চনাৰ আছিল। তেওঁ ‘চালুক বচন’কে আদি কৰি ভালেমান গ্ৰন্থ প্ৰকাশ কৰিছে। অসম প্ৰকাশন পৰিষদে তেওঁৰ ৰচনাৱলী প্ৰকাশ কৰিছে। তেওঁ বৰবৰুৱা হাইস্কুলত শিক্ষকতা কৰিছিল।
(খ) সন্তোষ কুমাৰ তপ্ন
উত্তৰ : সন্তোষ কুমাৰ তপ্ন চাহ জনগোষ্ঠীৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ ‘মুণ্ডা জাতিৰ চমু পৰিচয়’ৰ লেখক। তেওঁ অসম চাহ জনজাতি ছাত্র সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আছিল। তেওঁ যোৰহাট জে.বি. কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ সাহিত্য-চৰ্চাৰ লগতে সমাজ সেৱাতো ব্ৰতী আছিল।
(গ) চাইমন সিং হ’ৰ
উত্তৰ : চাইমন সিং হ’ৰৰ ১৯২৯ চনত জন্ম হৈছিল। তেওঁ যোৰহাট জে.বি. কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ চৰকাৰী চাকৰি প্ৰত্যাখ্যান কৰি সমাজ সেৱাৰ কামত ব্ৰতী হৈছিল। তেওঁ নিজৰ মাটি নামঘৰ পাতিবলৈ দান কৰিছিল আৰু শিক্ষাৰ পোহৰ বিলাবলৈ পিছপৰা অঞ্চলত স্কুল পাতিছিল। সন্তোষ কুমাৰ তপ্নৰ সৈতে তেওঁক ‘চাহ জনগোষ্ঠীৰ সমাজ নিৰ্মাণৰ খনিকৰ’ বুলি কোৱা হয়।
অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ (Extra Questions and Answers)
১। অসমলৈ অনা প্ৰথম দলটোৰ কিমানজন শ্ৰমিক হাজাৰিবাগৰ পৰা আহিছিল?
উত্তৰ : অসমলৈ অনা প্ৰথম দলটোৰ ৬৫২ জন শ্ৰমিক হাজাৰিবাগ জিলাৰ পৰা আহিছিল।
২। অসমত চাহ জনগোষ্ঠীৰ লোকৰ জনসংখ্যা কিমান?
উত্তৰ : চাহ শ্ৰমিক আৰু প্ৰাক্তন চাহ শ্ৰমিকসকলকে ধৰি চাহ জনগোষ্ঠীৰ লোকৰ সংখ্যা প্ৰায় ষাঠি লাখ।
৩। চাহ জনগোষ্ঠীৰ অতি জনপ্ৰিয় তিনিটা উৎসৱৰ নাম কি?
উত্তৰ : তেওঁলোকৰ অতি জনপ্ৰিয় তিনিটা উৎসৱ হ’ল কৰম, টুচু আৰু সহৰাই।
৪। চাহ জনগোষ্ঠীৰ কোনটো নৃত্যে তেওঁলোকৰ নিজস্ব পৰিচয় দাঙি ধৰে?
উত্তৰ : কৰম পৰৱৰ ঝুমুৰ নৃত্য-গীতে চাহ জনগোষ্ঠী সমাজৰ নিজস্ব পৰিচয় দাঙি ধৰে।
৫। কোনগৰাকী ব্যক্তিক ‘চাহ জনগোষ্ঠীৰ সমাজ নিৰ্মাণৰ খনিকৰ’ বুলি অভিহিত কৰা হয়?
উত্তৰ : সন্তোষ কুমাৰ তপ্ন আৰু চাইমন সিং হ’ৰক চাহ জনগোষ্ঠীৰ সমাজ নিৰ্মাণৰ খনিকৰ বুলি অভিহিত কৰা হয়।
৬। অসম চাহ জনজাতি ছাত্র সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক কোন আছিল?
উত্তৰ : সন্তোষ কুমাৰ তপ্ন আছিল অসম চাহ জনজাতি ছাত্র সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক।
৭। অসম আন্দোলনত জীৱন উছৰ্গা কৰা চাহ জনগোষ্ঠীৰ প্ৰথম শ্বহীদ বাধনা ওৰাওঁৰ মৃত্যু কেতিয়া হৈছিল?
উত্তৰ : বাধনা ওৰাওঁৰ মৃত্যু ১৯৮০ চনত হৈছিল।
৮। মেঘৰাজ কৰ্মকাৰে লিখা এখন গ্ৰন্থৰ নাম কি?
উত্তৰ : মেঘৰাজ কৰ্মকাৰে লিখা এখন গ্ৰন্থৰ নাম হ’ল ‘চালুক বচন’।
৯। ১৯২১ চনৰ অসহযোগ আন্দোলনত কোনগৰাকী মহিলাই প্ৰাণ আহুতি দিছিল?
উত্তৰ : ১৯২১ চনৰ অসহযোগ আন্দোলনত মাংৰি ওৰাওঁয়ে প্ৰাণ আহুতি দিছিল।
১০। মেঘৰাজ কৰ্মকাৰ চাহ জনগোষ্ঠীৰ মাজৰ কোনজন প্ৰথম ব্যক্তি আছিল?
উত্তৰ : মেঘৰাজ কৰ্মকাৰ আছিল চাহ জনগোষ্ঠীৰ মাজৰ প্ৰথম সাহিত্যিক পেঞ্চনাৰ।
দীঘল উত্তৰৰ প্ৰশ্ন
১। চাহ জনগোষ্ঠীসকলৰ প্ৰব্ৰজনৰ ইতিহাস আৰু ‘মজদুৰ চালান’ৰ বিষয়ে বিতংকৈ লিখা।
উত্তৰ : চাহ জনগোষ্ঠীৰ লোকসকলৰ অসমলৈ প্ৰব্ৰজন স্বাভাৱিক নাছিল। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমত চাহ খেতিৰ বাবে শ্ৰমিকৰ চাহিদা পূৰণ কৰিবলৈ ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ পৰা তেওঁলোকক আনিছিল। এই প্ৰক্ৰিয়াক ‘মজদুৰ চালান’ বুলি কোৱা হৈছিল। ইয়াৰ দুটা ধৰণ আছিল: গিৰমিটিয়া চালান আৰু আড়কাঠিয়া চালান। গিৰমিটিয়া চালানত শ্ৰমিকসকলক লিখিত চুক্তি অনুসৰি অনা হৈছিল, কিন্তু আড়কাঠিয়া চালানত কোনো চুক্তি নোহোৱাকৈ চলে-বলে-কৌশলে তেওঁলোকক সংগ্ৰহ কৰি অনা হৈছিল। এই প্ৰক্ৰিয়াত বহু শ্ৰমিক বাটতে ৰোগাক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰিছিল।
২। চাহ জনগোষ্ঠীৰ ভাষা আৰু সংস্কৃতিৰ বিষয়ে আলোচনা কৰা।
উত্তৰ : চাহ জনগোষ্ঠীৰ লোকসকল ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বাবে তেওঁলোকৰ জাতি, ধৰ্ম, ভাষা আৰু সংস্কৃতি বেলেগ বেলেগ আছিল। কিন্তু অসমলৈ আহি একে বাগিচাত একেলগে কাম কৰিব লগা হোৱাত তেওঁলোকৰ মাজত এক উমৈহতীয়া সংযোগী দোৱান গঢ়ি উঠিল, যাক ‘বাগানীয়া ভাষা’ বুলি কোৱা হয়। এই বাগানীয়া ভাষা এটি দোৱানহে, ইয়াক এতিয়াও ভাষাৰ পৰ্যায়লৈ উন্নীত কৰা হোৱা নাই। অসমীয়া ভাষা-সংস্কৃতিক আঁকোৱালি ল’লেও তেওঁলোকৰ নিজা কৃষ্টি-সংস্কৃতি, আচাৰ-ব্যৱহাৰ একেবাৰে লোপ পোৱা নাই। কৰম, টুচু আৰু সহৰাই তেওঁলোকৰ অতি জনপ্ৰিয় উৎসৱ।
৩। চাহ জনগোষ্ঠীৰ আৰ্থিক আৰু সামাজিক অৱস্থাৰ বিষয়ে লিখা।
উত্তৰ : অসমৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ পিছতো চাহ জনগোষ্ঠীৰ লোকসকলৰ আৰ্থিক অৱস্থা টনকিয়াল নহয়। তেওঁলোকৰ জীৱন ধাৰণৰ মান অতি নিম্নখাপৰ আৰু দৈনিক মজুৰী তুলনামূলকভাবে কম। তেওঁলোকৰ মাজত নিৰক্ষৰতাৰ হাৰ ৰাজ্যৰ গড় হাৰতকৈ বহু বেছি। শিক্ষাৰ পোহৰ নপৰা বাবে তেওঁলোকৰ সমাজখনক অন্ধবিশ্বাস আৰু কু-সংস্কাৰে আৱৰি ৰাখিছে। যুগ যুগ ধৰি বাগিচা কৰ্তৃপক্ষৰ কঠোৰ অনুশাসন আৰু আৰ্থিক সংকটৰ মাজত জীৱন নিৰ্বাহ কৰাৰ বাবে তেওঁলোক বহিৰ্জগতৰ প্ৰভাৱৰ পৰা বহু দূৰতে ৰৈ গৈছিল।
৪। সন্তোষ কুমাৰ তপ্ন আৰু চাইমন সিং হ’ৰৰ অৱদানৰ বিষয়ে বিতংকৈ আলোচনা কৰা।
উত্তৰ : সন্তোষ কুমাৰ তপ্ন আৰু চাইমন সিং হ’ৰক ‘চাহ জনগোষ্ঠীৰ সমাজ নিৰ্মাণৰ খনিকৰ’ বুলি অভিহিত কৰা হয়। তেওঁলোক দুয়োগৰাকী কলেজীয়া শিক্ষাৰে শিক্ষিত আছিল আৰু চাহ জনগোষ্ঠীৰ সমাজখনক সংগঠিত কৰাত আগ্ৰণী ভূমিকা লৈছিল। সন্তোষ কুমাৰ তপ্নই ‘মুণ্ডা জাতিৰ চমু পৰিচয়’ নামেৰে চাহ জনগোষ্ঠীৰ প্ৰথম প্ৰকাশিত গ্ৰন্থখন লিখিছিল। তেওঁ অসম চাহ জনজাতি ছাত্র সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আছিল। আনহাতে, চাইমন সিং হ’ৰে চৰকাৰী চাকৰি প্ৰত্যাখ্যান কৰি সমাজৰ কামত ব্ৰতী আছিল। তেওঁ পিছপৰা অঞ্চলত স্কুল পাতি শিক্ষাৰ পোহৰ বিলাইছিল আৰু নামঘৰ পাতিবলৈ নিজৰ মাটিও দান কৰিছিল।
৫। অসমৰ স্বাধীনতা সংগ্ৰাম আৰু অসম আন্দোলনত চাহ জনগোষ্ঠীৰ ভূমিকা কেনে আছিল?
উত্তৰ : দেশৰ স্বাধীনতা সংগ্ৰাম আৰু অসম আন্দোলনত চাহ জনগোষ্ঠীৰ যথেষ্ট অৰিহণা আছে। ১৯২১ চনৰ অসহযোগ আন্দোলনত যোগদান কৰি তেজপুৰৰ মাংৰি ওৰাওঁয়ে প্ৰাণ আহুতি দিছিল। তেওঁ আছিল স্বাধীনতা সংগ্ৰামত জীৱন উৎসৰ্গা কৰা অসমৰ প্ৰথম মহিলা শ্বহীদ। অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনতো চাহ জনগোষ্ঠীৰ লোকসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। এই আন্দোলনত চৰকাৰী দমন-নিৰ্যাতনৰ বলি হৈ বাধনা ওৰাওঁয়ে প্ৰাণ হেৰুৱাইছিল। তেওঁ আছিল অসম আন্দোলনত মৃত্যু বৰণ কৰা চাহ জনগোষ্ঠীৰ প্ৰথম শ্বহীদ।
৬। মেঘৰাজ কৰ্মকাৰৰ সাহিত্যিক অৱদানৰ বিষয়ে লিখা।
উত্তৰ : মেঘৰাজ কৰ্মকাৰ আছিল চাহ জনগোষ্ঠীৰ মাজৰ প্ৰথম সাহিত্যিক পেঞ্চনাৰ। তেওঁ অসমীয়া ভাষা-সাহিত্য চৰ্চা কৰি সুনাম অৰ্জন কৰিছিল। তেওঁ ‘চালুক বচন’কে আদি কৰি বহুতো গ্ৰন্থ প্ৰকাশ কৰিছে। অসম প্ৰকাশন পৰিষদে ‘মেঘৰাজ কৰ্মকাৰ ৰচনাৱলী’ নামেৰে তেওঁৰ ৰচনাৱলী প্ৰকাশ কৰিছে। তেওঁ বৰবৰুৱা হাইস্কুলত শিক্ষকতাও কৰিছিল।
৭। বাগানীয়া ভাষাৰ উদ্ভৱ আৰু গুৰুত্বৰ বিষয়ে আলোচনা কৰা।
উত্তৰ : বাগানীয়া ভাষাৰ উদ্ভৱ হৈছিল চাহ বাগিচাত। ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন জাতি, ভাষা আৰু সংস্কৃতিৰ শ্ৰমিকসকলে একে পৰিৱেশত থাকি কাম কৰিব লগা হৈছিল। এই পাৰস্পৰিক সংযোগ আৰু সৌহার্দ্যৰ ফলত তেওঁলোকৰ মাজত এক উমৈহতীয়া সংযোগী ভাষা গঢ়ি উঠিল। এই ভাষাক ‘বাগানীয়া ভাষা’ বুলি কোৱা হয়। দৰাচলতে, বাগানীয়া ভাষা এটি দোৱানহে, ই এতিয়াও ভাষাৰ পৰ্যায়লৈ উন্নীত হোৱা নাই।
৮। চাহ জনগোষ্ঠীৰ ধৰ্মীয় বিশ্বাস আৰু জাতি-উপজাতিৰ বিষয়ে লিখা।
উত্তৰ : চাহ জনগোষ্ঠীৰ মাজত হিন্দু আৰু খ্ৰীষ্টান ধৰ্মৰ লোকৰ সংখ্যা সৰহ। হিন্দুসকলৰ বেছিভাগেই শাক্তধৰ্মী আৰু জড় উপাসক। তেওঁলোকে দুৰ্গা, কালি, মনসা আদি দেৱ-দেৱীৰ পূজা কৰে। তেওঁলোকৰ সমাজখনত অনেক জাতি, উপজাতি আৰু সম্প্ৰদায় আছে। তাৰে কিছুমান হ’ল- ওৰাওঁ, মুণ্ডা, চাওতাল, কুর্মী, তাঁতী, ঘাটোৱাৰ, গোৱালা, কমাৰ, কঁহাৰ, কালিন্দী, কিষান, কৈৰী, খাড়িয়া, খণ্ডাইত আদি।
৯। চাইমন সিং হ’ৰৰ সমাজসেৱা আৰু শিক্ষালৈ আগবঢ়োৱা অৱদানৰ বিষয়ে লিখা।
উত্তৰ : চাইমন সিং হ’ৰে চৰকাৰী চাকৰি প্ৰত্যাখ্যান কৰি নিজৰ জীৱন সমাজসেৱাত উৎসৰ্গা কৰিছিল। তেওঁ বৰ উদাৰ মনৰ ব্যক্তি আছিল। খ্ৰীষ্টান ধৰ্মীয় লোক হৈয়ো তেওঁ হিন্দু ধৰ্মৰ লোকৰ বাবে নামঘৰ পাতিবলৈ নিজৰ মাটি দান কৰিছিল। তেওঁ শিক্ষাৰ গুৰুত্ব উপলব্ধি কৰি পিছপৰা আৰু ভিতৰুৱা অঞ্চলত স্কুল পাতি শিক্ষাৰ পোহৰ বিলাইছিল। এইদৰে তেওঁ চাহ জনগোষ্ঠীৰ সামাজিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
১০। অসমীয়া সমাজৰ অংশ হৈও চাহ জনগোষ্ঠী কিয় পিছপৰি আছে?
উত্তৰ : অসমৰ সমাজ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ হৈও চাহ জনগোষ্ঠী বহু দিশত পিছপৰি আছে। ৰাজ্যৰ অৰ্থনীতিত উল্লেখযোগ্য ভূমিকা থকাৰ পিছতো তেওঁলোকৰ আৰ্থিক অৱস্থা টনকিয়াল নহয় আৰু জীৱন ধাৰণৰ মান অতি নিম্নখাপৰ। তেওঁলোকৰ দৈনিক মজুৰী তুলনামূলকভাবে কম। নিৰক্ষৰতাৰ হাৰ ৰাজ্যৰ গড় হাৰতকৈ বহু বেছি হোৱাৰ বাবে তেওঁলোকৰ সমাজখন অন্ধবিশ্বাস আৰু কু-সংস্কাৰে আৱৰি ৰাখিছে। যুগ যুগ ধৰি বাগিচা কৰ্তৃপক্ষৰ কঠোৰ অনুশাসন আৰু আৰ্থিক সংকটৰ মাজত জীৱন নিৰ্বাহ কৰাৰ ফলত তেওঁলোক বহিৰ্জগতৰ প্ৰভাৱৰ পৰা বহু দূৰত ৰৈ গৈছিল।
SEBA Class 9 Assamese Chapter চাহ জনগোষ্ঠীসকল প্রশ্ন আৰু উত্তৰ – Complete Exam Guide
For effective revision and confident exam preparation, SEBA Class 9 Assamese Chapter চাহ জনগোষ্ঠীসকল প্রশ্ন আৰু উত্তৰ serve as a complete learning guide for Class 9 Assamese MIL students. These SEBA Class 9 Assamese Chapter চাহ জনগোষ্ঠীসকল প্রশ্ন আৰু উত্তৰ clearly explain the lesson and show how SEBA Class 9 Assamese Chapter চাহ জনগোষ্ঠীসকল প্রশ্ন আৰু উত্তৰ help students understand the history, culture, and socio-economic life of the Tea Tribe community.
Regular practice of SEBA Class 9 Assamese Chapter চাহ জনগোষ্ঠীসকল প্রশ্ন আৰু উত্তৰ enables students to confidently attempt short and long Class 9 Assamese Vaichitryamay Assam question answers in SEBA and ASSEB examinations. All SEBA Class 9 Assamese Tea Tribe solutions and ASSEB Class 9 Assamese Chapter Tea Tribe solutions are written strictly following the recommended answer-writing pattern.
This page includes SEBA Class 9 Assamese Chapter চাহ জনগোষ্ঠীসকল প্রশ্ন আৰু উত্তৰ along with SEBA Class 9 Assamese Tea Tribe solutions, Class 9 Assamese Vaichitryamay Assam question answers, and the complete Vaichitryamay Assam Tea Tribe guide, making SEBA Class 9 Assamese Chapter চাহ জনগোষ্ঠীসকল প্রশ্ন আৰু উত্তৰ a reliable one-stop resource for exam preparation.
If you are searching for accurate, simple, and exam-focused SEBA Class 9 Assamese Chapter চাহ জনগোষ্ঠীসকল প্রশ্ন আৰু উত্তৰ, this SEBA Class 9 Assamese Chapter চাহ জনগোষ্ঠীসকল প্রশ্ন আৰু উত্তৰ guide will help you revise efficiently and score better marks with confidence.
FAQs – SEBA / ASSEB Class 9 Assamese Vaichitryamay Assam Chapter চাহ জনগোষ্ঠীসকল
1. চাহ জনগোষ্ঠীসকল পাঠটোৰ মূল বিষয়বস্তু কি?
এই পাঠটোত চাহ জনগোষ্ঠীৰ ইতিহাস, সংস্কৃতি, জীৱনধাৰা আৰু অসমীয় সমাজলৈ তেওঁলোকৰ অৱদান আলোচনা কৰা হৈছে।
2. এই SEBA Class 9 Assamese Chapter চাহ জনগোষ্ঠীসকল Solutions 2026–27 syllabus অনুসৰি নে?
হয়। এই SEBA Class 9 Assamese Chapter চাহ জনগোষ্ঠীসকল প্রশ্ন আৰু উত্তৰ সম্পূৰ্ণৰূপে 2026–27 SEBA syllabus অনুসৰি প্ৰস্তুত কৰা হৈছে।
3. এই Solutions SEBA আৰু ASSEB দুয়ো বোৰ্ডৰ বাবে প্ৰযোজ্য নে?
হয়। এই সমাধানসমূহ SEBA আৰু ASSEB দুয়ো বোৰ্ডৰ Class 9 Assamese MIL পাঠ্যসূচীৰ সৈতে মিল আছে।
4. চাহ জনগোষ্ঠীসকল অধ্যায় HSLC Examination ৰ বাবে সহায়ক নে?
নিশ্চয়। এই অধ্যায়ে HSLC Examinationৰ বাবে সামাজিক আৰু সাংস্কৃতিক বুজাপড়াৰ দৃঢ় ভিত্তি গঢ়ি তোলে।
5. ইয়াত Vaichitryamay Assam Tea Tribe guide আছে নে?
অৱশ্যই। ইয়াত সম্পূৰ্ণ Vaichitryamay Assam Tea Tribe guide আৰু পৰীক্ষা-মুখী উত্তৰ উপলব্ধ।
6. এই Solutions উত্তৰ লিখাৰ দক্ষতা উন্নত কৰে নে?
হয়। সকলো উত্তৰ SEBA / ASSEB answer writing pattern অনুসৰি সাজি উলিওৱা হৈছে।
7. এই SEBA Class 9 Assamese Chapter চাহ জনগোষ্ঠীসকল Solutions নিয়মিত আপডেট কৰা হয় নে?
হয়। পাঠ্যসূচীৰ পৰিবর্তন আৰু academic session অনুসৰি এই সমলসমূহ নিয়মিতভাৱে আপডেট কৰা হয়।
🎓 About Assam Eduverse
Assam Eduverse is the best educational platform in Assam, offering SEBA, AHSEC (ASSEB), SCERT, CBSE, and Assam Board Solutions along with study materials, notes, and exam preparation guides to help students learn smarter and score higher.
Our expert-prepared answers and MCQs follow the latest Assam Board Syllabus and NCERT Syllabus. We make learning simple, accessible, and effective for all students preparing for board or competitive exams.📘 Visit Assam Eduverse for free Assam Board Solutions, notes, and Study Materials prepared by experts.