cl 10 assamese mil ch 11

SEBA Solutions for Class 10 Assamese (MIL) Asomiya Sahitya Chayanika Chapter 11: অৰ্ণ্যযাত্ৰা (Aranyatra)| Assam Eduverse

Chapter Overview: 

Assam Eduverse presents the summary of Class 10 Assamese MIL (SEBA/ASSEB)Asomiya Sahitya Chayanika, Chapter 11: অৰ্ণ্যযাত্ৰা (Aranyatra) by অনুরাধা শর্মা পূজাৰী (Anuradha Sharma Pujari), along with complete solutions for all textbook questions. This lesson Chapter 11: অৰ্ণ্যযাত্ৰা (Aranyatra) reflects on the deep bond between humans and forests, portraying the beauty, richness, and significance of nature. The author emphasizes the ecological and cultural importance of forests while also pointing out the threats posed by deforestation and exploitation, making this a thought-provoking chapter for Class 10 Assamese MIL students.

The lesson Chapter 11: অৰ্ণ্যযাত্ৰা (Aranyatra) teaches that forests are not only sources of natural resources but also vital for maintaining the ecological balance and supporting human survival. It highlights the need for conservation, awareness, and sustainable living. Learners are encouraged to respect and protect the environment, recognizing the forests as a part of our heritage and responsibility.

The lesson Chapter 11: অৰ্ণ্যযাত্ৰা (Aranyatra) conveys themes of environmental awareness, nature’s beauty, sustainability, responsibility, and human–nature harmony. It inspires learners to adopt eco-friendly practices, value the gifts of nature, and actively contribute to the protection of forests and biodiversity. Overall, Chapter 11: অৰ্ণ্যযাত্ৰা (Aranyatra) is an enriching and awareness-building chapter for Class 10 Assamese MIL (SEBA/ASSEB) students, fostering a sense of environmental duty and respect for nature.

SEBA Solutions for Class 9 Assamese (MIL) Asomiya Sahitya Chayanika Chapter 11 : অৰ্ণ্যযাত্ৰা (Aranyatra) Solutions & Question Answer

প্ৰশ্নৱলী

ভাব-বিষয়ক :

১। চমুকৈ উত্তৰ লিখা ঃ

(ক) বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল?
উত্তৰ : বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়াৰ সিদ্ধান্ত লৈছিল।

(খ) পল আৰু পাহি কোন কোন শ্ৰেণীত পঢ়ে?
উত্তৰ : পল নৱম শ্ৰেণীত পঢ়ে আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে।

(গ) পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল?
উত্তৰ : পলে পাহিক কৈছিল যে কীহী-বাটি ধোৱা, জোতা পৰিষ্কাৰ কৰা, গামোচা শুকাবলৈ দিয়া আদি কামবোৰ ছোৱালীৰ বুলি গণ্য কৰা হয়।

(ঘ) লৰ্ড কাৰ্জন কোন?
উত্তৰ : লৰ্ড কাৰ্জন এজন ব্ৰিটিছ ভাইচৰয় আছিল।


২। ল’ৰা-ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল? মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কি বুজাই দিছিল?
উত্তৰ : পাহিয়ে কৈছিল যে ল’ৰাই নিজৰ কাম নকৰিলে কেনেকৈ হ’ব, আৰু ক’ত লিখা আছে যে ল’ৰাই নিজৰ জোতা পৰিষ্কাৰ নকৰিব বা কাপোৰ ধুব নালাগে। মাকে বুজাই দিছিল যে নিজৰ প্ৰয়োজনীয় কাম নকলে মানুহ পৰনির্ভৰশীল হৈ পৰে আৰু শেষত ঠগ খোৱাত বাধ্য হয়। সেয়ে সকলোকে স্বয়ংসম্পূর্ণ, আত্মনির্ভৰশীল হ’ব লাগে।

৩। প্রকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে?
উত্তৰ : প্ৰকৃতিৰ প্ৰতিজোপা গছৰ আকাৰ-প্ৰকাৰ ভিন্ন হলেও সিহঁতে পৰস্পৰৰ সৈতে সুন্দৰ মিল-মিলাপত থাকে। কলগছৰ কাষত নেমুগছ থাকিলেও নেমুৰ কীইটে কলগছৰ ফলক বিঘ্ন নকৰে। এই ধৰণৰ সুশৃঙ্খল নিয়ম আৰু সৌন্দর্য পাহিক বিশেষভাবে আকৃষ্ট কৰে।

৪। কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল?
উত্তৰ : দেউতাকে কৈছিল—শিক্ষকসকলে যি নিৰ্দেশ দিছে, সেইমতে আচৰণ কৰিব। মাকে উপদেশ দিছিল—অৰণ্যৰ পৰা বহু শিক্ষামূলক অভিজ্ঞতা ল’ব পাৰি, সেয়ে মনোযোগী হৈ সকলো শিকিব আৰু নিজৰ বয়-বস্তু, যন্ত্রপাতি আৰু খাদ্য নিজেই সুৰক্ষিত ৰাখিব।

৫। ‘কামত ল’ৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা।’– এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাযাৰ ক’বলগীয়া হৈছিল?
উত্তৰ : এই উক্তি অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকাই কৈছিল। তেওঁ চাইছিল যে ছাত্ৰ-ছাত্ৰীৰ কাম সমানভাৱে বিতৰণ হ’ব, যেনেকৈ ছোৱালীকহে নিযুক্ত কৰাৰ পৰিৱৰ্তে সকলোৰে দায়িত্ব সমানভাৱে ভাগ দিব। সেয়ে তেওঁ কৈছিল—কামত ল’ৰা-ছোৱালী ভেদ নাই।

৬। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল-আফতাবহঁত কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল?
উত্তৰ : পল আৰু আফতাব ফুটা নাওত উঠি পানীত ডুবিবলৈ ধৰিছিল। এই বিপদৰ পৰা কিছু ডাঙৰ আৰু সমবয়সীয়া ছোৱালীয়ে তেওঁলোকক উদ্ধাৰ কৰিছিল।

৭। শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল? ইয়াৰ পিছৰ পৰিস্থিতি কি হ’ল?
উত্তৰ : পল, আফতাব আৰু সৌৰভে দায়িত্বভঙ্গ কৰি বিপদত পৰাৰ বাবে শিক্ষকসকলে কাৰ্যসূচী বাতিলৰ কথা ভাবিছিল। কিন্তু পাহি আৰু আন ছাত্ৰ-ছাত্ৰীসকলে পৰিস্থিতি বুজাই, তিনিজন ছাত্ৰই নিজৰ ভুল স্বীকাৰ কৰি ৰচনা লিখিবলৈ রাজি হ’ল। তাৰ পাছত সকলো ছাত্ৰ-ছাত্ৰী অৰণ্য দৰ্শনৰ অনুমতি পালে।

৮। মহীচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল?
উত্তৰ : মহীচন্দ্ৰ মিৰি কাজিৰঙাৰ প্ৰথম ভাৰতীয় বনবিষয়ক কৰ্মচাৰী আছিল। তেওঁ গঁড়ক আমেৰিকাৰ চিৰিয়াখানালৈ পঠিয়াই কাজিৰঙা গঁড়ৰ বসতিস্থল বুলি বিশ্বক জনাইছিল।

৯। নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গঁড় দেখুৱাইছিল?
উত্তৰ : নিগনা চিকাৰীৰ প্ৰকৃত নাম বাপীৰাম হাজৰিকা। তেওঁ লেডী মেৰী কাৰ্জনক প্ৰথমে কাজিৰঙাৰ গঁড় দেখুৱাইছিল।

১০। কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষাৰ্থীসকলে শিক্ষক-শিক্ষয়িত্ৰীকলক অৱগত কৰিছিল?
উত্তৰ : শিক্ষাৰ্থীসকলে কয়ছিল—
১। নিজৰ কাম নিজে কৰিব লাগে।
২। গছ-গছনি মানৱ জীৱনৰ বাবে অত্যন্ত প্ৰয়োজনীয়।
৩। ল’ৰা-ছোৱালী সকলো সমান।
৪। আত্মৰক্ষা জানিব লাগে।
৫। দলীয়ভাৱে শৃংখলা মানি চলা উচিত।


ভাষা-বিষয়ক

১। বাক্য ৰচনা কৰা ঃ

  • ককাই-ভনী : পাহি আৰু পল দুয়োটা ককাই-ভনী।
  • টুলুং-ভুটুং : নাওখন পানীত টুলুং-ভুটুং কৰি থাকিল।
  • চিঞৰ-বাখৰ : পলে বিপদত পৰি চিঞৰ-বাখৰ কৰিলে।
  • মানুহ-দুনুহ : এই ঠাইত মানুহ-দুনুহ নাছিল।
  • তিতি-বুৰি : গা ধুই পল তিতি-বুৰি গামোচা বিছনাত পেলাইছিল।

২। মূৰ্দ্ধন্য ‘ৰ’ হোৱাৰ কাৰণ দৰ্শোৱা ঃ

  • অৰণ্য → অ+ৰণ্য (ৰ মূৰ্দ্ধন্য)
  • অৰ্পণ → অ+ৰ্পণ
  • কণ্ঠ → কণ্ঠ (ণ+ঠত ৰ মূৰ্দ্ধন্য)
  • ওৰণি → অ+ৰণি
  • পোৰণি → পো+ৰণি
  • আড়ম্বৰপূৰ্ণ → আড়ম্বৰ + পূৰ্ণ

🎓 About Assam Eduverse

This solution is prepare by Assam Eduverse – your reliable educational hub for academic content, study materials, and exam preparation for Assam Board and other state-level exams. Follow Assam Eduverse for accurate, exam-ready NCERT solutions, notes, MCQs, and free study materials.

Leave a Comment