cl 10 assamese mil ch 8

SEBA Solutions for Class 10 Assamese (MIL) Asomiya Sahitya Chayanika Chapter 8: অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি (Asomar Janagosthir Gathani aru Sanskriti)| Assam Eduverse

Chapter Overview: 

Assam Eduverse presents the summary of Class 10 Assamese MIL (SEBA/ASSEB)Asomiya Sahitya Chayanika, Chapter 8: অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি (Asomar Janagosthir Gathani aru Sanskriti) by আব্দুছ ছাত্তাৰ (Abdus Sattar), along with complete solutions for all textbook questions. This lesson Chapter 8: অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি (Asomar Janagosthir Gathani aru Sanskriti) describes the multi-ethnic composition of Assam and the rich cultural diversity born out of it. The author explains how different communities, traditions, and practices together form the unique Assamese identity, making this an important cultural chapter for Class 10 Assamese MIL students.

The lesson Chapter 8: অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি (Asomar Janagosthir Gathani aru Sanskriti) teaches that the unity of diverse communities is the foundation of Assamese culture. It highlights the role of mutual respect, co-existence, and shared traditions in building a harmonious society. Learners are encouraged to value the contributions of various tribes, ethnic groups, and communities, recognizing them as the pillars of Assam’s composite culture.

The lesson Chapter 8: অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি (Asomar Janagosthir Gathani aru Sanskriti) conveys themes of unity in diversity, cultural integration, mutual respect, communal harmony, and heritage preservation. It inspires learners to embrace the pluralistic nature of Assam, maintain social harmony, and contribute to strengthening the bond of brotherhood. Overall, Chapter 8: অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি (Asomar Janagosthir Gathani aru Sanskriti) is an enriching and inspiring chapter for Class 10 Assamese MIL (SEBA/ASSEB) students, connecting them deeply with the cultural and social fabric of Assam.

SEBA Solutions for Class 9 Assamese (MIL) Asomiya Sahitya Chayanika Chapter 8 : অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি (Asomar Janagosthir Gathani aru Sanskriti) Solutions & Question Answer

প্ৰশ্নৱলী

ভাব-বিষয়ক :

১। অতি চমু উত্তৰ লিখা :

(ক) ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো?
উত্তৰ : ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী হৈছে মংগোলীয় গোষ্ঠী।

(খ) প্ৰাচীন কালৰে পৰাই অসম দেশ কিহৰ বাবে প্রসিদ্ধ আছিল?
উত্তৰ : প্ৰাচীন কালৰে পৰাই অসম দেশ যাদু-মন্ত্ৰ আৰু এন্দ্ৰজালিক বিদ্যাৰ বাবে প্রসিদ্ধ আছিল।

(গ) কিহে অসমীয়া জাতিক অধিক কট্‌কটীয়া কৰিলে?
উত্তৰ : ভাষিক সংমিশ্ৰণেই অসমীয়া জাতিক অধিক কট্‌কটীয়া কৰিলে।

(ঘ) সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল?
উত্তৰ : সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা।

(ঙ) অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক?
উত্তৰ : অসমৰ মংগোলীয় গোষ্ঠীৰ লোক হ’ল কছাৰী, চুটীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদিৰা।


২। চমু উত্তৰ লিখা :

(ক) অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়?
উত্তৰ : কছাৰী, চুটীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি জনগোষ্ঠীক।

(খ) কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল?
উত্তৰ : ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈ।

(গ) চাহ-উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক’ৰ ক’ৰ পৰা অসমলৈ আহিছিল?
উত্তৰ : চাওঁতাল, কুৰ্মি, মোছহৰ, মুণ্ডা, তেলেংগা, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি। তেওঁলোকে বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা আহিছিল।

(ঘ) পাঠটিত থকা খাদ্য-বস্তুৰ এখন তালিকা প্রস্তুত কৰা।
উত্তৰ : পাৰাথা, পোলাও, কোৰ্মা, কোপ্তা, কে’ক, বিস্কুট, ৰুটি, ৰসগোল্লা, লালমোহন, চিঙ্গাৰা, লুচি, পুৰী, মাদ্ৰাজী ড’চা, চাম্বাৰ, ইডলি।


৩। অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি?
উত্তৰ : অলিখিত গৰখীয়া নাম, নিচুকনি গীত, নাও খেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ-বিচাৰৰ গীত, মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন।


৪। ‘অসমৰ বৈচিত্ৰপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে’–কথাযাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বৰ্ণনা কৰা।
উত্তৰ : অসমত বিভিন্ন জাতি-জনজাতীয় গোষ্ঠী বাস কৰি আহিছে। তেওঁলোকে নিজৰ ধৰ্ম, ভাষা-সংস্কৃতিৰে অৱস্থিত থাকিলেও অসমীয়া ভাষা গ্ৰহণ কৰিলে। ইয়াৰ ফলত সকলো গোষ্ঠী একত্ৰিত হৈ অসমীয়া জাতি গঢ়ি তুলিলে। এই মিলনৰ ফলতেই অসমীয়া সংস্কৃতি বৈচিত্ৰ্যময় হ’ল, কিন্তু একত্ৰতাই ইয়াৰ বৈশিষ্ট্য হ’ল।


৫। ‘বিশেষ এটা ওদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল।’–ইয়াত কি ওদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে, কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে–পাঠৰ আধাৰত বিচাৰ কৰা।
উত্তৰ : ইয়াত চাহ-বাগিচাৰ আবেষ্টনীৰ কথা উল্লেখ কৰিছে। চাহ বনুৱাসকল আন অঞ্চলৰ পৰা আহি চাহ-বাগিচাৰ ভিতৰত বাস কৰিবলৈ ল’লে। তাত সৰু সমাজ গঢ়ি উঠিল আৰু এই কাৰণেই তেওঁলোকে থলুৱা সংস্কৃতিৰ পৰা আঁতৰি পৰিল।


৬। ‘এটা সংমিশ্ৰিত সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি-তৰ্কৰ অৱকাশ নাই।’–ইয়াত লিখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে? ‘নুই কৰাৰ কোনো যুক্তি-তৰ্কৰ অৱকাশ নাই’ বোলা কথাবাৰৰ সত্যাসত্য বিচাৰ কৰা।
উত্তৰ : লিখকে অসমীয়া জাতিক কৈছে। ইয়াত কছাৰী, আহোম, মুছলমান, ব্ৰাহ্মণ-ক্ষত্ৰিয় আদি বিভিন্ন গোষ্ঠীৰ সংমিশ্ৰণে গঢ়ি উঠা এক সংমিশ্ৰিত জাতি। এই মিলন স্বাভাৱিক আৰু স্বতঃপ্ৰণোদিতভাৱে হৈছিল, সেয়ে ইয়াক নুই কৰাৰ কোনো প্ৰয়োজন নাই।


৭। ‘লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।’–কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা।
উত্তৰ : বাহিৰৰ পৰা অহা জনগোষ্ঠীয়ে থলুৱা ভাষা-সংস্কৃতি গ্ৰহণ কৰাৰ লগে লগে ৰূপান্তৰ ঘটিছিল। ই কোনো জোৰজুলুমেৰে নহয়; খোৱা-খোৱা বস্তু, পোছাক-পৰিচ্ছদ, আচাৰ-ব্যৱহাৰ, ভাষা আদি পৰস্পৰে গ্ৰহণ কৰিলে আৰু এক সংমিশ্ৰিত সংস্কৃতি গঢ়ি উঠিল।


৮। তাৎপৰ্য ব্যাখ্যা কৰা :

(ক) দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা।
উত্তৰ : অসমীয়া ভাষাই অসমৰ বহু জাতি-গোষ্ঠী আৰু ধৰ্ম-সম্প্ৰদায়ক একে সুতোত গাথি ৰাখিছিল। ভিন্ন ভিন্ন জনগোষ্ঠীৰ ভাষা, আচাৰ, ধৰ্ম থাকিলেও অসমীয়া ভাষাই তেওঁলোকৰ মাজত একতাৰ বন্ধন গঢ়ি তুলিছিল। এই ভাষাই সমাজত সমন্বয়, ভ্ৰাতৃত্ব আৰু সাংস্কৃতিক ঐক্যৰ অনুভূতি জাগ্ৰত কৰিছিল। সেয়েহে অসমীয়া ভাষাক এনাজৰীডালৰ সৈতে তুলনা কৰা হৈছে।


(খ) এই গোটেইবোৰ হ’ল স্বতঃপ্ৰণোদিতভাৱে হোৱা প্ৰক্ৰিয়া।
উত্তৰ : অসমত বহিৰাগতসকলে অহাৰ পাছত ধীৰে ধীৰে থলুৱা সমাজৰ সংস্কৃতি, আচাৰ-অনুষ্ঠান আৰু ভাষা গ্ৰহণ কৰিছিল। এই গ্ৰহণ প্ৰক্ৰিয়াটো জোৰজুলুমে নহয়, স্বাভাৱিকভাবে হৈছিল। তেওঁলোকে নিজৰ ইচ্ছাৰে থলুৱা সংস্কৃতিৰ লগত মিল খাই একত্ৰিত হৈছিল। ফলস্বৰূপে এক নতুন সংমিশ্ৰণ সমাজ গঢ়ি উঠিছিল, যি প্ৰাকৃতিক আৰু স্থায়ী।


(গ) এইয়া আছিল দিয়া-লোৱা আৰু এৰা-ধৰাৰ ব্যৱস্থা।
উত্তৰ : অসমীয়া সমাজত ভিন্ন জাতি-গোষ্ঠীৰ মাজত সাংস্কৃতিক আদান-প্ৰদান হ’ব লাগিছিল। কোনো গোষ্ঠীয়ে আনৰ খাদ্য, পৰিধান, সাজ-সজ্জা, নৃত্য-সংগীত বা আচার-অনুষ্ঠান গ্ৰহণ কৰিছিল। তদুপৰি নিজ নিজ সংস্কৃতিৰ কিছু অংশ অন্যকো দিছিল। এই দিয়া-লোৱা, এৰা-ধৰাৰ প্ৰক্ৰিয়াৰ ফলত সমাজত সমন্বয়, সহাবস্থান আৰু সংমিশ্ৰণৰ এক ধাৰা গঢ়ি উঠিছিল।


ভাষা-বিষয়ক

১। সন্ধি ভাঙা :

  • সংস্কৃতি = সংস্কৃত + ই
  • জলাঞ্জলি = জল + আঞ্জলি
  • স্বাধীন = স্ব + আধীন

২। ‘প্র’ উপসৰ্গ লগাই তিনিটা শব্দ গঠন কৰা :

  • প্ৰকাশ
  • প্ৰতিষ্ঠা
  • প্ৰকৃতি

৩। বাক্য ৰচনা কৰা :

  • ভাষা-সংস্কৃতি = অসমৰ ভাষা-সংস্কৃতি বহুবিধ উপাদানেৰে সমৃদ্ধ।
  • পূজা-পাৰ্বণ = পূজা-পাৰ্বণত সকলো গৃহত আনন্দৰ পৰিৱেশ থাকে।
  • বেপাৰ-বাণিজ্য = গুৱাহাটী অসমৰ বেপাৰ-বাণিজ্যৰ কেন্দ্ৰ।
  • সহজ-সৰল = তেওঁৰ জীৱনধাৰা সহজ-সৰল।
  • দিয়া-লোৱা = বিয়া-বাৰুত দিয়া-লোৱা বহুত হয়।
  • এৰা-ধৰা = দুই সম্প্ৰদায়ৰ মাজত এৰা-ধৰা হৈছিল।

🎓 About Assam Eduverse

This solution is prepare by Assam Eduverse – your reliable educational hub for academic content, study materials, and exam preparation for Assam Board and other state-level exams. Follow Assam Eduverse for accurate, exam-ready NCERT solutions, notes, MCQs, and free study materials.

Leave a Comment