cl 9 assamese mil ch 3

SEBA Solutions for Class 9 Assamese (MIL) Asomiya Sahitya Chayanika Chapter 3: গীত আৰু ছবি(Geet aru Sobi)| Assam Eduverse

Chapter Overview: 

Assam Eduverse presents the summary of Class 9 Assamese MIL (SEBA/ASSEB) – Asomiya Sahitya Chayanika, Chapter 3 গীত আৰু ছবি (Geet aru Sobi) by দুর্গেশ্বৰ শর্মা (Durgeswar Sharma), along with complete solutions for all textbook questions. This lesson গীত আৰু ছবি (Geet aru Sobi) highlights the power of music and art in human life. It shows how songs and pictures are not only forms of expression but also reflections of emotions, culture, and imagination. This makes the chapter an important part of Class 9 Assamese MIL.

The lesson গীত আৰু ছবি (Geet aru Sobi) teaches that music (geet) touches the heart, soul, and emotions, while art (sobi) captures the beauty, reality, and creativity of life. Together, they enrich the human spirit by giving joy, inspiration, and inner strength. The author shows how songs and paintings have the power to connect people, preserve traditions, and spread harmony.

The lesson গীত আৰু ছবি (Geet aru Sobi) conveys themes of art, culture, creativity, joy, and harmony. It inspires learners to appreciate aesthetic values, imagination, and artistic expression, making it an enriching and creative chapter for students of Class 9 Assamese MIL (SEBA/ASSEB).

SEBA Solutions for Class 9 Assamese (MIL) Asomiya Sahitya Chayanika Chapter 3 : গীত আৰু ছবি(Geet aru Sobi) Solutions & Question Answer

প্ৰশ্নৱলী

ভাব-বিষয়ক :

১। অতি চমু প্রশ্নৰ উত্তৰ লিখা :

(ক) কেনে গীত আৰু কেনে ছবিক কোনেও ভাল নোবোলে?
উত্তৰ : যি গীত আৰু ছবি বুজিব নোৱাৰি, মূল কথা ধৰা নাযায়, সেইবোৰক কোনেও ভাল নোবোলে।

(খ) সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্রাণ টানি ধৰে?
উত্তৰ : সৰু কথাটো গীত ৰূপে প্ৰকাশ পালে তাতে সংগীতৰ মাধুৰ্য থাকিব, যাৰ বাবে সেই গীতে আমাৰ প্ৰাণ টানি ধৰে।

(গ) কবিৰ মতে কোনবোৰ বস্তু অজৰ-অমৰ?
উত্তৰ : কবিৰ মতে মিহি ভাব, মিহি গতি আৰু কৌশলী বিদ্যা অজৰ-অমৰ।

(ঘ) কেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়?
উত্তৰ : যি গীত শুনি আৰু ছবি দেখি সকলোৱে আনন্দ বুজে আৰু একে ধৰণৰ ৰং পায়, সেইবোৰক সকলোয়ে ভাল বুলি কয়।

(ঙ) ‘সিহে পায় নিজে নিজে আলাসত ঠাই’ – ইয়াত ‘আলাস’ শব্দটোৰ অৰ্থ কি?
উত্তৰ : ইয়াত ‘আলাস’ মানে আকাশ বা শূন্য।


২। ভাল গীত আৰু ছবিৰ মহত্ত্ব কেনেকুৱা – কবিতাটোৰ সহায়ত বুজাই লিখা।
উত্তৰ : ভাল গীত আৰু ছবি সকলোৰে মনক আনন্দিত কৰে। যিমানেই বুজা নাহক বা জ্ঞান কম থাকক, তবুও ভাল গীত শুনিলে হৃদয় জগাই তোলে আৰু ভাল ছবি দেখিলে মনত সঁচাকৈ প্ৰভাৱ পেলায়। ইয়াৰ মাজেৰে মানুহৰ মন একেলগে মিলি যায় আৰু সমাজত আনন্দৰ বতৰা বঢ়ায়। সেয়ে ভাল গীত আৰু ছবি চিৰন্তন আৰু মহত্বপূৰ্ণ।


৩। সদায় চকুৰে দেখা গছ-পাতটিও ছবিত কিয় ভাল হৈ পৰে বুলি তুমি ভাবা? নিজৰ মতামত আগবঢ়োৱা।
উত্তৰ : সাধাৰণতে গছ-পাত আমাৰ চকুত সদায়েই পৰে, কিন্তু শিল্পীজনৰ তুলিকাৰে সেই গছ-পাত নতুন ৰূপ পায়। ছবিখনত সৌন্দৰ্য, ৰং আৰু কলাৰ কৌশল থাকিলে সৰু বস্তুটিও মহান হৈ পৰে। তেনে বাবে গছ-পাতো ছবিত ভাল হৈ পৰে।


৪। কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নোবোলে আৰু কোনবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি আদৰি লৈ আলাসত ঠাই দিয়ে – নিজৰ ভাষাৰে বৰ্ণনা কৰা।
উত্তৰ : যি গীত আৰু ছবিৰ মূল অৰ্থ ধৰা নাযায়, যাৰ মাজত একেলগে আনন্দ ভাগ কৰিব পৰা শক্তি নাই, সেইবোৰক কোনেও ভাল নোবোলে। আনহাতে যি গীত আৰু ছবিয়ে সকলোকে আনন্দ দিয়ে, হৃদয়ত স্থান লয়, আৰু একেলগে মিলন আনে – সেইবোৰক সকলোয়ে আদৰি লয় আৰু ‘আলাসত ঠাই’ দিয়ে।


৫। ‘গীত আৰু ছবি’ কবিতাটোৰ সাৰাংশ লিখা।
উত্তৰ : কবিতাটিত কবিয়ে গীত আৰু ছবিৰ আসল মাহাত্ম্য প্ৰকাশ কৰিছে। গীত আৰু ছবি যেতিয়া সকলোৰে মনত আনন্দ জগাব পাৰে, তেতিয়াহে সিহঁত আসলতে মহান হয়। ভাল গীত শুনিলে হৃদয় জগাই তোলে আৰু ভাল ছবি দেখিলে মনৰ ভেতৰলৈ সোমাই যায়। কলাৰ এইশক্তি অমৰ আৰু চিৰস্থায়ী।


৬। ব্যাখ্যা কৰা :

(ক) ‘সদায় চকুৰে দেখা গছ-পাতটিও
ছবিটিত ভাল হৈ পৰে,
সদায় কাণেৰে শুনা সৰু কথাটিও
গীত হ’লে প্রাণ টানি ধৰে।’

উত্তৰ : ইয়াত কবিয়ে কৈছে যে সাধাৰণ বস্তুবোৰো কলাৰ স্পৰ্শ পালে সুকীয়া হৈ উঠে। গছ-পাতৰ দৰে সৰু বস্তু ছবিত সুনিপুণভাবে আঁকা হ’লে সিহঁত মহান হৈ উঠে। সৰু কথাও গীত ৰূপে প্ৰকাশ পালে হৃদয় টানি ধৰে। ইয়াৰে কলাৰ মাহাত্ম্য প্ৰকাশ পাইছে।

(খ) ‘মিহি ভাব মিহি গতি কৌশলী বিদ্যাৰ
নাই মৃত্যু অজৰ-অমৰ
য’তে পৰে ত’তে গজে, বিভিন্ন আকাৰ
ঠাই বুজি দীঘল-ডাঙৰ।’

উত্তৰ : ইয়াত কবিয়ে কৈছে যে সূক্ষ্ম ভাব, কৌশল আৰু বিদ্যা অমৰ। ই কোনোদিনো মৰে নে নাশ হয়। সময় আৰু স্থান অনুসৰি ই নতুন আকাৰ লয়। সেইবোৰ দীঘল বা ডাঙৰ ৰূপত প্ৰকট হৈ যুগে যুগে টিকে থাকে।


ভাষা-বিষয়ক :

৭। সমাৰ্থক শব্দ লিখা :

  • জগত → পৃথিৱী, বিশ্ব
  • উলাহ → আনন্দ, উল্লাস
  • চকু → নয়ন, নেত্ৰ
  • সৰু → ক্ষুদ্ৰ, সান
  • ভাল → উৎকৃষ্ট, উত্তম
  • কাণ → শ্ৰৱণ, কৰ্ণ

৮। বাক্য ৰচনা কৰা :

  • কৌশলী বিদ্যা → কৌশলী বিদ্যাই মানুহক উন্নত কৰে।
  • অজৰ-অমৰ → ভাল কলা আৰু বিদ্যা অজৰ-অমৰ।
  • আলাসত ঠাই → মহান গীত আৰু ছবি আলাসত ঠাই পায়।
  • ডাঙৰ-দীঘল → ডাঙৰ-দীঘল গছটোৰ ছাঁত মানুহ বহি থাকে।

৯। বিপৰীত শব্দ লিখা :

  • মিহি → মোটা
  • প্রাণ → দেহ
  • মৃত্যু → জীৱন
  • মূল → শাখা
  • ক্ষুদ্ৰ → ডাঙৰ

🎓 About Assam Eduverse

This solution is prepare by Assam Eduverse – your reliable educational hub for academic content, study materials, and exam preparation for Assam Board and other state-level exams. Follow Assam Eduverse for accurate, exam-ready NCERT solutions, notes, MCQs, and free study materials.

Leave a Comment