Home > SEBA > Class 9 > Elective Geography > SEBA Class 9 Elective Geography Chapter 7 Question Answer

SEBA Class 9 Elective Geography Chapter 7 Question Answer – কৃষি (Agriculture)

SEBA Class 9 Elective Geography Chapter 7 Question Answer

Why is agriculture considered the backbone of many economies, especially in regions like Assam? The SEBA Class 9 Elective Geography Chapter 7 Question Answer (কৃষি) helps students explore this question by explaining how farming practices, crop patterns, and land use shape human life and economic development.

This chapter introduces important concepts such as types of farming, major crops, agricultural methods, and factors affecting productivity. Instead of only theoretical learning, it connects geography with real-life practices like cultivation, irrigation, and seasonal farming.

For better preparation, students can refer to Assamese medium solutions for detailed understanding and strengthen revision using Assam Board MCQs for practice. Consistent revision (পুনৰাবৃত্তি) helps in improving retention and answer-writing skills.

Question Answer & Key Concepts – Class 9 Geography Chapter 7 কৃষি Assamese medium solutions

প্রশ্নাৱলী

১। কৃষি বুলিলে কি বুজা? কৃষিক প্ৰভাৱিত কৰা কাৰকবোৰৰ এটি আভাস দিয়া।
উত্তৰ : কৃষি মানুহৰ আটাইতকৈ পুৰণি আৰু গুৰুত্বপূর্ণ আৰ্থিক কাৰ্য। বিস্তৃত অৰ্থত কৃষি বুলিলে শস্য উৎপাদনৰ লগতে পশুপালনো অন্তৰ্ভুক্ত হয়। মানুহৰ খাদ্য, কাঁচামাল আৰু জীৱিকাৰ এক ডাঙৰ অংশ কৃষিৰ ওপৰত নিৰ্ভৰশীল, সেয়ে ই অৰ্থনীতিৰ মূখ্য ভেঁটি হিচাপে গণ্য কৰা হয়।

কৃষিক প্ৰভাৱিত কৰা মুখ্য কাৰকসমূহ হ’ল —

  1. প্ৰাকৃতিক কাৰক : মাটিৰ উৰ্বৰতা, ভূমিৰ ঢাল, জলবায়ু, তাপমাত্রা আৰু পানীৰ উপলব্ধতা আদি। এইবোৰে কোন ধৰণৰ শস্য উৎপাদন হ’ব আৰু উৎপাদনৰ পৰিমাণ কিমান হ’ব তাক নিৰ্ধাৰণ কৰে।
  2. সামাজিক-অৰ্থনৈতিক কাৰক : কৃষকৰ আৰ্থিক অৱস্থা, শিক্ষাৰ স্তৰ, নগৰীকৰণ, উদ্যোগীকৰণ আৰু পৰিবহণ ব্যৱস্থা আদি। এইবোৰে কৃষিৰ উন্নয়ন আৰু ব্যৱস্থাপনাত প্ৰভাৱ পেলায়।
  3. চৰকাৰী নীতি : চৰকাৰে আগবঢ়োৱা সহায়, ন্যূনতম সমৰ্থন মূল্য  আৰু শস্য বীমা আদি ব্যৱস্থাই কৃষিক উৎসাহিত কৰে আৰু কৃষকৰ সুৰক্ষা প্ৰদান কৰে।
  4. প্ৰযুক্তিগত উন্নয়ন : আধুনিক যন্ত্ৰপাতি, উন্নত মানৰ বীজ, ৰাসায়নিক সাৰ আৰু উন্নত সেচ ব্যৱস্থাৰ ব্যৱহাৰে কৃষিৰ উৎপাদন ক্ষমতা বহুগুণে বৃদ্ধি কৰে।

২। পৃথিৱীৰ সকলো ঠাইতে কৃষি একে নোহোৱাৰ কাৰণ ব্যাখ্যা কৰা।
উত্তৰ : পৃথিৱীৰ সকলো ঠাইত কৃষি একে ধৰণৰ নহয়, কাৰণ প্ৰাকৃতিক আৰু মানৱীয় অৱস্থা সকলো ঠাইত সমান নহয়।

প্ৰথমতে, প্ৰাকৃতিক অৱস্থাৰ পাৰ্থক্যই কৃষিত ডাঙৰ প্ৰভাৱ পেলায়। মাটিৰ গুণাগুণ, উৰ্বৰতা, জলবায়ু, তাপমাত্রা, বৃষ্টিপাত, ভূমিৰ ঢাল আৰু পানীৰ উপলব্ধতা আদি কাৰকৰ বাবে বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ শস্য উৎপাদন হয়। উদাহৰণস্বৰূপে, গংগা-ব্ৰহ্মপুত্ৰ উপত্যকাৰ উৰ্বৰা সমতল ভূমিত ধান খেতি বেছি হয়, আনহাতে পাহাৰীয়া অঞ্চলত ঝুম কৃষি অধিক উপযোগী।

দ্বিতীয়তে, সামাজিক-অৰ্থনৈতিক অৱস্থাও কৃষিৰ ধৰণ ভিন্ন কৰি তোলে। কৃষকৰ আৰ্থিক অৱস্থা, শিক্ষাৰ স্তৰ, আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ, বজাৰ সুবিধা আৰু পৰিবহণ ব্যৱস্থা আদি সকলো ঠাইত একে নহয়। উন্নত দেশসমূহত কৃষি অধিক যান্ত্ৰিক আৰু বাণিজ্যিক, কিন্তু বহু উন্নয়নশীল দেশত কৃষি এতিয়াও আত্মনিৰ্বাহশীল আৰু অধিক পৰিশ্ৰম-নির্ভৰ।

এই সকলো কাৰণৰ বাবে পৃথিৱীৰ বিভিন্ন ঠাইত কৃষি পদ্ধতি একে নহয়।


৩। কৃষিক বিভিন্ন শ্ৰেণীত বিভক্ত কৰা আৰু শ্ৰেণীবিভাগৰ ভিত্তিৰ আভাস দিয়া।
উত্তৰ : কৃষিক বিভিন্ন বৈশিষ্ট্যৰ ভিত্তিত বিভিন্ন শ্ৰেণীত বিভক্ত কৰা যায়। এই শ্ৰেণীবিভাগে কৃষিৰ ধৰণ আৰু পদ্ধতি সহজে বুজিবলৈ সহায় কৰে। মুখ্য শ্ৰেণীবিভাগসমূহ হ’ল —

স্থায়িত্বৰ ভিত্তিত :

  • স্থায়ী কৃষি — একে ঠাইতে দীৰ্ঘদিন ধৰি খেতি কৰা হয়।
  • ঠাই সলনি (ঝুম) কৃষি — ঠাই সলাই সলাই খেতি কৰা হয়।

খেতিৰ আকাৰৰ ভিত্তিত :

  1.  বৃহৎ বা বিস্তৃত কৃষি — বৃহৎ এলেকাত খেতি কৰা হয়।
  2.  সৰু বা গাঢ় কৃষি — সৰু এলেকাত অধিক পৰিশ্ৰমে খেতি কৰা হয়।

অৰ্থনৈতিক উদ্দেশ্যৰ ভিত্তিত :

  • বাণিজ্যিক কৃষি — বজাৰত বিক্ৰী কৰাৰ বাবে শস্য উৎপাদন কৰা হয়।
  • আত্মনিৰ্বাহশীল কৃষি — নিজৰ প্ৰয়োজন পূৰণ কৰাই মুখ্য উদ্দেশ্য।

মাটি, জলবায়ু আৰু পদ্ধতিৰ ভিত্তিত :

  • শুকান কৃষি — কম পানীত কৰা কৃষি।
  • ভেজা বা সেচ কৃষি — অধিক পানী বা সেচ ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল কৃষি।

বিশেষ ধৰণৰ কৃষি :

  • বোপন কৃষি (Plantation)
  •  সামূহিক কৃষি (Collective Farming)
  • উদ্যান কৃষি (Horticulture)
  •  বজাৰকেন্দ্ৰিক কৃষি (Market Gardening)

এইদৰে বিভিন্ন দিশৰ ওপৰত ভিত্তি কৰি কৃষিক শ্ৰেণীবিভাগ কৰা হয়।


৪। স্থায়ী কৃষি কি? ইয়াৰ বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা।
উত্তৰ : স্থায়ী কৃষি হৈছে এনে এক কৃষি পদ্ধতি য’ত কৃষকসকলে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰি বহু বছৰ ধৰি একে মাটিত খেতি কৰে। সাধাৰণতে এই ধৰণৰ কৃষি সমতল অঞ্চলত অধিক দেখা যায় আৰু ই বৰ্তমান পৃথিৱীৰ বহু ঠাইত প্ৰচলিত।

ইয়াৰ মুখ্য বৈশিষ্ট্যসমূহ হ’ল —

  • এই কৃষি সাধাৰণতে সমতল আৰু উপযোগী ভূমিত কৰা হয়, য’ত বছৰে বছৰে খেতি কৰিব পাৰি।
  • কৃষকসকলে আধুনিক যন্ত্ৰপাতি যেনে ট্রেক্টৰ, সেচ ব্যৱস্থা আদি ব্যৱহাৰ কৰে।
  • মাটিৰ উৰ্বৰতা বজাই ৰাখিবলৈ সাৰ আৰু গোবৰ ব্যৱহাৰ কৰা হয়।
  • এই কৃষিত উৎপাদন তুলনামূলকভাৱে বেছি হয়।
    পশুপালনো এই কৃষিৰ এক গুৰুত্বপূর্ণ অংশ হিচাপে গণ্য কৰা হয়।

৫। ঠাই সলনি কৃষিৰ (ঝুম কৃষি) এটি চমু আভাস দিয়া। এই কৃষিয়ে কেনেকে পৰিৱেশৰ ক্ষতি সাধন কৰে বিশ্লেষণ কৰা।
উত্তৰ : ঠাই সলনি কৃষি বা ঝুম কৃষি হৈছে এটা অস্থায়ী কৃষি পদ্ধতি, যাক উত্তৰ-পূৰ্ব ভাৰতত “ঝুম খেতি” বুলি কোৱা হয়। এই কৃষি সাধাৰণতে উষ্ণমণ্ডলীয় পাহাৰীয়া অঞ্চলত কৰা হয়। এই পদ্ধতিত কৃষকসকলে পাহাৰৰ ঢালত থকা বনাঞ্চল কাটি বা জ্বলাই মাটি পৰিষ্কাৰ কৰে আৰু ২–৩ বছৰ খেতি কৰে। তাৰ পিছত মাটিৰ উৰ্বৰতা কমি গ’লেই সেই ঠাই এৰি আন ঠাইলৈ গুচি যায়।

এই কৃষিয়ে পৰিৱেশৰ ওপৰত বিভিন্ন ধৰণে ক্ষতিকাৰক প্ৰভাৱ পেলায় —

  1. বন উজাৰি : এই পদ্ধতিত বনাঞ্চল কাটি বা জ্বলাই দিয়াৰ ফলত বৃহৎ পৰিসৰত বন ধ্বংস হয় আৰু জীৱ-বৈচিত্ৰ্য হ্ৰাস পায়।
  2. মাটিৰ ক্ষয় : গছ-গছনি নথকাৰ বাবে পাহাৰীয়া মাটি সহজে বতাহ আৰু বৰষুণৰ দ্বাৰা ক্ষয় হয় আৰু উৰ্বৰা ওপৰৰ মাটিখন নষ্ট হয়।
  3. মাটিৰ উৰ্বৰতা হ্ৰাস : একে ঠাইত কিছুদিন খেতি কৰাৰ পিছতে মাটিৰ উৰ্বৰতা কমি যায়, যাৰ ফলত কৃষকসকলে নতুন ঠাই বিচাৰি যাব লগা হয়।
  4. জীৱ-জন্তুৰ বাসস্থান নষ্ট : বনাঞ্চল ধ্বংস হোৱাৰ বাবে বহুতো উদ্ভিদ আৰু প্ৰাণীৰ স্বাভাৱিক বাসস্থান নষ্ট হয়।
  5. বায়ু দূষণ : মাটি পৰিষ্কাৰ কৰিবলৈ গছ জ্বলাই দিয়াৰ ফলত ধোঁৱা আৰু দূষিত গেছ বায়ুমণ্ডললৈ নিৰ্গত হয়।

৬। বিস্তৃত কৃষি আৰু ক্ষুদ্ৰ কৃষিৰ এটি তুলনামূলক চিত্ৰ দাঙি ধৰা।
উত্তৰ :

বৈশিষ্ট্যবিস্তৃত কৃষিক্ষুদ্ৰ কৃষি
কৃষি ভূমিবৃহৎ এলেকাত খেতি কৰা হয়, কাৰণ জনসংখ্যা কমসৰু এলেকাত খেতি কৰা হয়, কাৰণ জনসংখ্যা অধিক
পুঁজি ব্যৱহাৰআধুনিক যন্ত্ৰপাতিৰ বাবে অধিক পুঁজিৰ প্ৰয়োজনপুঁজিৰ ব্যৱহাৰ কম বা সীমিত
শ্ৰম ব্যৱস্থাযান্ত্ৰিক আৰু কম শ্ৰম-নির্ভৰমানুহৰ পৰিশ্ৰমৰ ওপৰত অধিক নিৰ্ভৰশীল
উদ্দেশ্যবাণিজ্যিক উদ্দেশ্যে খেতি কৰা হয়আত্মনিৰ্বাহশীল উদ্দেশ্যে খেতি কৰা হয়
উদাহৰণআমেৰিকা, কানাডা, অষ্ট্ৰেলিয়াভাৰত, বাংলাদেশ, জাপান

৭। বোপন কৃষি বুলিলে কি বুজা? ইয়াৰ বিশেষত্ব আলোচনা কৰা।
উত্তৰ : বোপন কৃষি হৈছে এটা বৃহৎ পৰিসৰৰ বাণিজ্যিক কৃষি পদ্ধতি, য’ত একেধৰণৰ শস্য বৃহৎ এলেকাত উৎপাদন কৰা হয়। এই কৃষি পদ্ধতি ইউৰোপীয়সকলে তেওঁলোকৰ উপনিবেশ অঞ্চলসমূহত আৰম্ভ কৰিছিল।

ইয়াৰ মুখ্য বৈশিষ্ট্যসমূহ হ’ল —

  1. একক শস্য উৎপাদন : এই কৃষিত বৃহৎ এলেকাত একেধৰণৰ শস্য যেনে চাহ, কফি, ৰাবাৰ, কোকো আদি খেতি কৰা হয়।
  2. অধিক পুঁজি প্ৰয়োজন : বৃহৎ এলেকা, যন্ত্ৰপাতি আৰু ব্যৱস্থাপনাৰ বাবে অধিক পুঁজিৰ প্ৰয়োজন হয়।
  3. আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ : বীজ ৰোপণৰ পৰা আৰম্ভ কৰি প্ৰস্তুতকৰণলৈকে সকলো ক্ষেত্ৰতে আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হয়।
  4. বজাৰমুখী উৎপাদন : এই কৃষিৰ মুখ্য উদ্দেশ্য হৈছে বজাৰত, বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰী কৰাৰ বাবে উৎপাদন কৰা।

৮। নগৰীকৰণ আৰু বজাৰকেন্দ্ৰিক কৃষিৰ সম্পৰ্ক এটি আভাস দিয়া।
উত্তৰ : বজাৰকেন্দ্ৰিক কৃষি হৈছে এনে এক গাঢ় কৃষি পদ্ধতি য’ত শাক-পাচলি, ফল-মূল আৰু ফুল আদি উৎপাদন কৰি নগৰ বজাৰত বিক্ৰী কৰা হয়। নগৰীকৰণৰ ফলত চহৰ আৰু উদ্যোগ কেন্দ্ৰসমূহৰ বিকাশ ঘটে আৰু তাত জনসংখ্যা দ্রুত বৃদ্ধি পায়। এই বৃদ্ধি পোৱা জনসংখ্যাই সতেজ খাদ্য সামগ্ৰীৰ চাহিদা বহুগুণে বৃদ্ধি কৰে। নগৰবাসীৰ ক্ৰয়ক্ষমতা অধিক হোৱাৰ বাবে এই চাহিদা আৰু বেছি হয়।

এই চাহিদা পূৰণ কৰিবলৈ কৃষকসকলে নগৰৰ ওচৰত এই ধৰণৰ কৃষি কৰে। ইয়াৰ ফলত সতেজ সামগ্ৰী সোনকালে বজাৰত পঠিয়াব পৰা যায় আৰু পৰিবহণ খৰচো কম হয়। উন্নত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাই এই ব্যৱস্থাক আৰু সহজ কৰি তোলে। অধিক লাভ লাভ কৰাৰ বাবে কৃষকসকলে উন্নত বীজ আৰু আধুনিক কৃষি পদ্ধতি ব্যৱহাৰ কৰে।

৯। ধান খেতিৰ বাবে কেনে পৰিৱেশ প্ৰয়োজন? ইয়াৰ ভৌগোলিক বিতৰণৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ : ধান পৃথিৱীৰ প্ৰায় অৰ্ধেক মানুহৰ মুখ্য খাদ্য শস্য। ইয়াৰ খেতিৰ বাবে বিশেষ ধৰণৰ পৰিৱেশৰ প্ৰয়োজন হয়। সেইসমূহ হ’ল —

  1. তাপমাত্রা : উচ্চ তাপমাত্রা প্ৰয়োজন, সাধাৰণতে ২৫°চে’ পৰা ৩৫°চে’ ভিতৰত।
  2. বৃষ্টিপাত : অধিক বৃষ্টিপাত প্ৰয়োজন, প্ৰায় ১০০–২০০ চেমি পৰ্যন্ত।
  3. মাটি : উৰ্বৰা বন্যা সমতল, উপকূলীয় সমতল আৰু ডেল্টা অঞ্চলৰ মাটি ধান খেতিৰ বাবে অতি উপযোগী।

ভৌগোলিক বিতৰণ :

এছিয়া : ধান মূলতঃ এছিয়াৰ মৌসুমি অঞ্চলত খেতি কৰা হয়। এইখনেই বিশ্বৰ আটাইতকৈ ডাঙৰ উৎপাদক মহাদেশ। চীন হৈছে সৰ্বাধিক ধান উৎপাদক দেশ, তাৰ পিছতে ভাৰত। বাংলাদেশ, ম্যানমাৰ, থাইলেণ্ড, ভিয়েটনাম আৰু জাপানতো ধানৰ উৎপাদন বেছি।

ভাৰত : ভাৰতত গংগা-ব্ৰহ্মপুত্ৰ উপত্যকা আৰু পূব উপকূলীয় অঞ্চলসমূহ ধান উৎপাদনৰ মুখ্য অঞ্চল। উত্তৰ-পূৰ্বাঞ্চলৰ কিছুমান পাহাৰীয়া ঠাইতো ঝুম পদ্ধতিত ধান খেতি কৰা হয়।

অন্যান্য দেশ : এছিয়াৰ বাহিৰে আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্রাজিল আৰু মিছৰ আদি দেশতো ধান উৎপাদন কৰা হয়।


১০। গেঁহু খেতিৰ এটি বিবৰণ দিয়া।
উত্তৰ : গেঁহু হৈছে এটি মুখ্য খাদ্য শস্য। ই ঠাণ্ডা আৰু শুষ্ক জলবায়ুত ভালকৈ হয়। গেঁহু খেতিৰ বাবে মধ্যম তাপমাত্রা আৰু কম বৃষ্টিপাত প্ৰয়োজন। উৰ্বৰা দোঁআঁশ মাটি গেঁহু খেতিৰ বাবে উপযোগী।

গেঁহু সাধাৰণতে শীতকালত বোৱা হয় আৰু বসন্তকালত কাটি লোৱা হয়। আধুনিক যন্ত্ৰপাতি ব্যৱহাৰ কৰি বৃহৎ এলেকাত গেঁহু খেতি কৰা হয়।


১১। কপাহ খেতিৰ গুৰুত্ব আৰু ভৌগোলিক বিতৰণ সম্পৰ্কে লিখা।
উত্তৰ : কপাহ এটি গুৰুত্বপূর্ণ আঁহজাতীয় শস্য। ইয়াৰ পৰা সূতা আৰু বস্ত্ৰ প্ৰস্তুত কৰা হয়। বস্ত্ৰ উদ্যোগৰ বাবে কপাহ অত্যন্ত প্ৰয়োজনীয়।

কপাহ খেতিৰ বাবে উষ্ণ জলবায়ু, মধ্যম বৃষ্টিপাত আৰু ক’লা মাটি উপযোগী।

ভৌগোলিক বিতৰণ :
ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন, পাকিস্তান, ব্রাজিল আদি দেশত কপাহ উৎপাদন বেছি হয়।


১২। চাহ খেতিৰ বাবে কেনে ধৰণৰ পৰিৱেশ প্ৰয়োজন? এই খেতিৰ ভৌগোলিক বিতৰণৰ এটি আভাস দিয়া।
উত্তৰ : চাহ খেতিৰ বাবে গৰম আৰু আর্দ্ৰ জলবায়ু প্ৰয়োজন। ভাল নিকাশ থকা পাহাৰীয়া ঢালৰ ৰঙা বা অম্লীয় মাটি ইয়াৰ বাবে উপযুক্ত। চাহ খেতি এটা বোপন কৃষি পদ্ধতি হোৱা বাবে ইয়াত অধিক পুঁজি আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হয়।

ভৌগোলিক বিতৰণ :

  1. এছিয়া : চাহ এছিয়াৰ মৌসুমি অঞ্চলৰ এক গুৰুত্বপূর্ণ বোপন শস্য। চীন, ভাৰত, শ্ৰীলংকা, ইণ্ডোনেছিয়া আৰু জাপান হৈছে মুখ্য উৎপাদক দেশ।
  2. আফ্ৰিকা : কেনিয়া, উগাণ্ডা আৰু মোজাম্বিক আদি দেশতো কিছু পৰিমাণে চাহ উৎপাদন কৰা হয়।
  3. ভাৰত : অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা চাহ উৎপাদনৰ বাবে বিখ্যাত। ইয়াৰ উপৰিও পশ্চিমবংগৰ দাৰ্জিলিং আৰু কেৰালাৰ পাহাৰীয়া অঞ্চলতো চাহ খেতি কৰা হয়।

১৩। শব্দকে মিলোৱা —

উত্তৰ :

‘ক’ অংশ‘খ’ অংশ
চাহবোপন কৃষি শস্য
কম জনসংখ্যাৰ দেশবোৰতবিস্তৃত কৃষি কৰা হয়
ঘন জনবসতিৰ দেশবোৰতগাঢ় কৃষি কৰা হয়
ঝুম খেতিউৎপাদন কম হয়
কুঁহিয়াৰমৌসুমি অঞ্চলৰ মুখ্য শস্য
কপাহ খেতিএবিধ বাণিজ্যিক শস্য
কপাহএবিধ আঁহজাতীয় শস্য
বাণিজ্যিক কৃষিউৎপাদন ক্ষমতা অধিক

📚 Explore More SEBA Class 9 Learning Resources

• Improve your preparation with SEBA Class 9 Assamese medium chapterwise question answers for better understanding in your preferred language.

• Strengthen your concepts using Class 9 Science chapter-wise solutions (SEBA) covering Physics, Chemistry, and Biology fundamentals.

• Build a strong foundation in mathematics with SEBA Class 9 Mathematics chapterwise solutions designed for step-by-step problem solving.

• Prepare theory subjects effectively through SEBA Class 9 Social Science question answers (Assamese medium) covering history, geography, political science, and economics.

• Practice regularly using Assam Board MCQs for quick revision to improve speed, accuracy, and exam performance.

These SEBA Class 9 Elective Geography question answers (ভূগোল প্ৰশ্নোত্তৰ) are prepared by Priya Bora, Academic Specialist at Assam Eduverse, with 4+ years of experience in SEBA & AHSEC curriculum-based content development, aligned with the latest ASSEB guidelines and academic updates. View Profile Reviewed and verified by the Assam Eduverse Editorial Board to ensure accuracy, conceptual clarity, and alignment with the latest Geography syllabus and exam guidelines.

SEBA Class 9 Elective Geography Chapter 7 – Agriculture (কৃষি) Complete Guide | Assam Eduverse

The chapter Agriculture (কৃষি) provides a practical understanding of how farming supports human life and economic development. The SEBA Class 9 Elective Geography Chapter 7 Question Answer explains agricultural systems, crop production, and farming methods in a structured and easy-to-understand way.

Students learn about different types of farming such as subsistence farming, commercial farming, and mixed farming, along with factors influencing agricultural productivity like soil, climate, irrigation, and technology. These concepts help in understanding how agriculture varies across regions and adapts to environmental conditions.

The Class 9 Elective Geography Chapter 7 notes simplify complex topics and provide clarity on crop distribution, seasonal patterns, and agricultural practices. This improves conceptual understanding as well as answer-writing ability for exams.

From an examination perspective, this chapter is important as questions often focus on farming types, crop examples, and explanation-based answers. Students should focus on structured writing, use of proper terminology, and clear explanations to score better marks.

To strengthen preparation, students can explore English medium solutions for concept clarity and practice regularly using MCQs for quick revision. These resources make SEBA Class 9 Agriculture answers more effective and exam-oriented.

A strong preparation strategy includes understanding farming concepts, revising key points, and practicing application-based questions. Students should focus on conceptual clarity (ধাৰণা স্পষ্টতা) rather than memorization, which helps in answering both direct and analytical questions confidently.

In conclusion, the SEBA Class 9 Elective Geography Chapter 7 Question Answer by Assam Eduverse offers a complete learning resource. With updated syllabus coverage, clear explanations, and exam-focused content, including agriculture chapterwise answers, students can build strong fundamentals and perform confidently in examinations.

Frequently Asked Questions – SEBA Class 9 Elective Geography Chapter 7 (কৃষি)

1. কৃষি (Agriculture) কি আৰু বাস্তৱ উদাহৰণ কি?

কৃষি হৈছে মাটি ব্যৱহাৰ কৰি খাদ্য আৰু নগদ ফচল উৎপাদন কৰা প্ৰক্ৰিয়া। উদাহৰণস্বৰূপে ধান চাষ, চাহ উৎপাদন আৰু শাক-পাচলি চাষ।

2. Subsistence farming আৰু Commercial farmingৰ মাজত পাৰ্থক্য কি?

Subsistence farming নিজৰ প্ৰয়োজনৰ বাবে কৰা হয়, কিন্তু commercial farming বজাৰত বিক্ৰিৰ উদ্দেশ্যে বৃহৎ পৰিসৰত কৰা হয়।

3. কৃষি উৎপাদনত প্ৰধান কাৰকসমূহ কি কি?

মাটি, জলবায়ু, বৃষ্টিপাত, পানী, বীজ আৰু প্ৰযুক্তি কৃষি উৎপাদনত মুখ্য ভূমিকা পালন কৰে।

4. Assamত কোনবোৰ মুখ্য ফচল উৎপাদন হয়?

অসমত ধান, চাহ, সৰিষা আৰু বিভিন্ন শাক-পাচলি মুখ্যভাৱে উৎপাদন কৰা হয়।

5. এই অধ্যায়ৰ পৰা কেনেধৰণৰ প্ৰশ্ন পৰীক্ষাত আহে?

সংজ্ঞা, কৃষিৰ প্ৰকাৰ, পাৰ্থক্য, আৰু ফচলভিত্তিক ব্যাখ্যা ধৰণৰ প্ৰশ্ন সাধাৰণতে আহে।

🎓 About Assam Eduverse

Assam Eduverse is an educational platform focused on providing study resources for students under SEBA, AHSEC (ASSEB), SCERT, and CBSE.

The platform offers chapter-wise notes, solutions, MCQs, important questions, and previous year papers for Class 9–12. All materials are prepared according to the latest Assam Board syllabus and follow current exam patterns.

Content is designed to help students understand concepts clearly, practice regularly, and improve performance in board examinations. Both Assamese and English medium resources are available to support different learning needs.

Explore MCQs practice questions, complete study materials, ASSEB solutions, and exam preparation guides to strengthen preparation and revision. 📘 Visit Assam Eduverse for free Assam Board Solutions, notes, and study materials prepared by experts.

Leave a Comment