SEBA Class 10 Economics Chapter 2 অর্থনৈতিক উন্নয়ন প্রশ্ন আৰু উত্তৰ Solutions (2026–27)

SEBA Class 10 Economics Chapter 2 অর্থনৈতিক উন্নয়ন প্রশ্ন আৰু উত্তৰ are essential study materials for HSLC students preparing under the 2026–27 SEBA and ASSEB syllabus. These SEBA Class 10 Economics Chapter 2 অর্থনৈতিক উন্নয়ন question answers clearly explain the meaning, indicators, and importance of economic development in a structured and exam-focused manner.

The chapter অর্থনৈতিক উন্নয়ন discusses national income, per capita income, Human Development Index (HDI), sustainable development, and economic growth. For students searching for ASSEB Class 10 Economics Chapter 2 Arthonoitik Unnayan question answer, this page provides complete and syllabus-aligned solutions. Since important short and long questions frequently appear from this lesson, SEBA Class 10 Economics Chapter 2 অর্থনৈতিক উন্নয়ন প্রশ্ন আৰু উত্তৰ are crucial for scoring high marks.

Prepared by Assam Eduverse subject experts, these SEBA Class 10 Economics Chapter 2 অর্থনৈতিক উন্নয়ন প্রশ্ন আৰু উত্তৰ strictly follow the official SEBA answer-writing pattern.

SEBA / ASSEB Class 10 Economics Chapter 2 অর্থনৈতিক উন্নয়ন Complete Solutions, Guide & Question Answers

অনুশীলনী

অতি চমু উত্তৰৰ প্ৰশ্নঃ

১। ব্যাখ্যা কৰা (এটা বাক্যত)

(ক) অর্থনৈতিক বিকাশ
উত্তৰঃ অৰ্থনৈতিক বিকাশ হ’ল দেশ এখনৰ জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধি।

(খ) অর্থনৈতিক উন্নয়ন
উত্তৰঃ অৰ্থনৈতিক উন্নয়ন হ’বলৈ অৰ্থনৈতিক বিকাশ হ’ব লাগিব আৰু এই বিকাশে আয় বিতৰণত থকা বৈষম্য দূৰ কৰি জনসাধাৰণৰ জীৱন-ধাৰণৰ মানদণ্ডৰ উন্নতি সাধন কৰিব লাগিব।

(গ) মানব উন্নয়ন
উত্তৰঃ মানৱ উন্নয়নে জনসাধাৰণৰ সামূহিক পছন্দৰ বিস্তাৰ সাধন হোৱাটো বুজায়, যিয়ে স্বাস্থ্য, শিক্ষা, জীৱন-ধাৰণৰ মানদণ্ড আৰু আৰ্থ-সামাজিক, ৰাজনৈতিক পৰিৱেশ আদিৰ উন্নয়নক সামৰি লয়।

(ঘ) অর্থনৈতিক পৰিকল্পনা
উত্তৰঃ অৰ্থনৈতিক পৰিকল্পনা হ’ল নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত সুনির্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় কৰ্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনীতিৰ নিয়ন্ত্ৰণ আৰু দিগদৰ্শন।

(ঙ) গণতান্ত্রিক পৰিকল্পনা
উত্তৰঃ যি পৰিকল্পনাৰ বিভিন্ন পৰ্যায়ত ৰাইজৰ অংশগ্ৰহণ সুনিশ্চিত কৰা হয়, সেই পৰিকল্পনাই হ’ল গণতান্ত্রিক পৰিকল্পনা।

(চ) উদাৰীকৰণ
উত্তৰঃ দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ শিথিল কৰা হ’ল উদাৰীকৰণ।

(ছ) ব্যক্তিগতকৰণ
উত্তৰঃ চৰকাৰী নিয়ন্ত্ৰণৰ অধীন থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতিয়েই হ’ল ব্যক্তিগতকৰণ।

(জ) গোলকীকৰণ বা বিশ্বায়ন
উত্তৰঃ দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ বা সংহতি সাধন কৰাটোৱেই গোলকীকৰণ বা বিশ্বায়ন।

চমু উত্তৰৰ প্ৰশ্ন ;

২। অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা মুখ্য পাৰ্থক্য কি?
উত্তৰঃ
অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়ন এই দুয়ো একে নহয়। অৰ্থনৈতিক বিকাশৰ অৰ্থ সীমিত — ই মূলত কোনো দেশৰ জাতীয় আয় আৰু জনমূৰি আয়ৰ বৃদ্ধি বুজায়। কিন্তু অৰ্থনৈতিক উন্নয়ন এক বহল ধাৰণা, য’ত অৰ্থনৈতিক বিকাশৰ লগতে সামাজিক, সাংস্কৃতিক আৰু জীৱনমানৰ উন্নয়নো অন্তৰ্ভুক্ত। অৰ্থনৈতিক বিকাশত কেৱল আয় বৃদ্ধি মুখ্য লক্ষ্য, কিন্তু অৰ্থনৈতিক উন্নয়ন মানুহৰ জীৱনমান উন্নত কৰা, আয়ৰ বৈষম্য হ্ৰাস কৰা আৰু সামগ্ৰিক সুখ-সমৃদ্ধি বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব দিয়ে। সেইবাবে, অৰ্থনৈতিক বিকাশ হৈছে অৰ্থনৈতিক উন্নয়নৰ এটা অংশমাত্র।


৩। মানৱ উন্নয়নৰ তিনিটা সূচক কি কি?
উত্তৰঃ
ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী (UNDP)ৰ মতে, মানৱ উন্নয়ন মাপিবলৈ তিনিটা মুখ্য সূচক ব্যৱহাৰ কৰা হয় —

১. প্ৰত্যাশিত আয়ুস: জন্মৰ সময়ত এটা শিশুৱে গড়ে কিমান বছৰ জীয়াই থাকিব বুলি আশা কৰা যায়।
২. শিক্ষা সূচক: সাক্ষৰতা হাৰ আৰু প্রাথমিক, মাধ্যমিক আদি স্তৰৰ শিক্ষাৰ সৰ্বমুঠ নামভৰ্তি অনুপাত।
৩. জীৱন-যাত্ৰাৰ মান: মানুহে দৈনন্দিন জীৱনত উপভোগ কৰা সুবিধা, আয়, বাসস্থান, আহাৰ আদিৰ মান।


৪। “সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে” বুলিলে কি বুজিবা?
উত্তৰঃ এই বাক্যটোৰ অৰ্থ হৈছে মানৱ উন্নয়নৰ মূল ধাৰণা। মানৱ উন্নয়ন মানে কেৱল আয় বৃদ্ধি নহয়, বরঞ্চ মানুহে নিজৰ জীৱনত পছন্দ কৰা কাম কৰিবলৈ অধিক সুযোগ পোৱা।
অর্থাৎ, সমাজৰ সকলো লোকৰ একেলগে ভাল-বেয়া বা পছন্দ-অপছন্দৰ ক্ষেত্ৰত বিকল্প আৰু স্বাধীনতা বৃদ্ধি হোৱাটোই “সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন” বুলি কোৱা হয়।


৫। ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা মুখ্য লক্ষ্য লিখা।
উত্তৰঃ ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাই দেশৰ সামগ্ৰিক উন্নয়নক লক্ষ্য কৰি তিনিটা মুখ্য উদ্দেশ্য নিৰ্ধাৰণ কৰিছিল —

১. অৰ্থনৈতিক উন্নয়নৰ গতি তীব্ৰ কৰা।
২. আৰ্থ-সামাজিক বৈষম্য হ্ৰাস কৰি দৰিদ্ৰতা দূৰ কৰা।
৩. নিয়োগৰ সুযোগ বৃদ্ধি কৰি আঞ্চলিক বৈষম্য কমোৱা।

৬। NITI আয়োগৰ সদস্যসকল কোন কোন?
উত্তৰঃ NITI আয়োগ (National Institution for Transforming India) হৈছে ভাৰত চৰকাৰৰ মুখ্য নীতি-নির্ধাৰক সংস্থা, যি ২০১৫ চনত পরিকল্পনা আয়োগৰ পৰিৱৰ্তে গঠন কৰা হৈছিল। এই আয়োগৰ অধ্যক্ষ হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰীৰ দ্বাৰা নিযুক্ত এজন উপাধ্যক্ষ ইয়াৰ দ্বিতীয় সৰ্বোচ্চ পদত থাকে। ইয়াত কেইজনমান পূৰ্ণকালীন বিশেষজ্ঞ সদস্য থাকে, যিসকলে আৰ্থিক আৰু নীতি-সংক্রান্ত বিষয়ে পৰামৰ্শ দিয়ে। লগতে কেন্দ্ৰ চৰকাৰৰ চাৰিজন সৰ্বোচ্চ পদস্থ মন্ত্ৰী পদেন সদস্য হিচাপে থাকে। রাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল আৰু কেন্দ্ৰশাসিত অঞ্চলসমূহৰ উপ-ৰাজ্যপালসকল পৰিচালনা পৰিষদৰ অংশ। এই আয়োগৰ দিন-প্ৰতিদিনৰ কাম-কাজৰ দায়িত্ব থাকে এজন মুখ্য কাৰ্যবাহী বিষয়া (CEO)-ৰ ওপৰত, যিনি এজন ভাৰতীয় প্রশাসনিক সেৱাৰ (IAS) বিষয়া।

দীঘল উত্তৰৰ প্ৰশ্ন:

৭। ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা (১৯৫১–১৯৯১) আৰু দ্বিতীয়ছোৱা (১৯৯১ৰপৰা বৰ্তমানলৈ)ৰ মাজত এটা মুখ্য পাৰ্থক্য বৰ্ণনা কৰা।
উত্তৰঃ ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা (১৯৫১–১৯৯১) আৰু দ্বিতীয়ছোৱা (১৯৯১ৰপৰা বৰ্তমানলৈ)ৰ মাজত মুখ্য পাৰ্থক্য হ’ল অৰ্থনীতিত চৰকাৰী খণ্ড আৰু ব্যক্তিগত খণ্ডৰ ভূমিকাৰ পৰিৱৰ্তন।

প্ৰথমছোৱাত অৰ্থনৈতিক উন্নয়নৰ মুখ্য দায়িত্ব আছিল চৰকাৰৰ ওপৰত। ৰাজহুৱা খণ্ডই অৰ্থনীতিৰ মূল গতি প্ৰদান কৰিছিল, আৰু ব্যক্তিগত খণ্ডৰ ভূমিকা আছিল সীমিত। তেতিয়া ভাৰত সমাজবাদী নীতি অনুসৰণ কৰিছিল — অৰ্থাৎ ৰাষ্ট্ৰই উৎপাদন, বিতৰণ আৰু বিনিয়োগৰ ক্ষেত্ৰত প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল।

দ্বিতীয়ছোৱাত (১৯৯১ৰপৰা বৰ্তমানলৈ) দেশৰ অৰ্থনীতি এক নতুন পৰ্যায়লৈ প্ৰবেশ কৰে। এই সময়ছোৱাত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়ন নীতিৰ অধীনত আৰ্থিক সংস্কাৰ আনা হয়। ইয়াৰ ফলত ৰাজহুৱা খণ্ডৰ ভূমিকা হ্ৰাস পায়, ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ বৃদ্ধি পায় আৰু ভাৰতীয় অৰ্থনীতি বিশ্ববাজারৰ সৈতে অধিক সংযুক্ত হয়।


৮। ভাৰতবৰ্ষত অর্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ তিনিটা মূল কাৰণ চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ ১৯৯১-৯২ চনৰপৰা ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী প্ৰৱৰ্তনৰ তিনিটা মূল কাৰণ আছিল:

  1. বৃহৎ বিত্তীয় ঘাটি আৰু ৰাজহুৱা খণ্ডৰ লোকচান: চৰকাৰী ব্যয় বৃদ্ধিৰ হাৰতকৈ চৰকাৰী আয় বৃদ্ধি কম হোৱা বাবে দেশত বৃহৎ বিত্তীয় ঘাটিয়ে দেখা দিছিল। ৰাজহুৱা খণ্ডৰ বহু উদ্যোগত চৰকাৰী বিনিয়োগ বৃদ্ধি কৰা হৈছিল, যদিও সেই উদ্যোগে লোকচান ভৰিবলগীয়া হৈছিল (যেনে, ১৯৯০ চনৰ মাৰ্চ মাহত ২৪৪টা ৰাজহুৱা খণ্ডৰ উদ্যোগৰ ভিতৰত ৫৮ টাই ৰুগ্ন হৈ পৰিছিল)।
  2. মুদ্ৰাস্ফীতি: সীমিত উৎপাদনৰ ফলত সৃষ্টি হোৱা মুদ্ৰাস্ফীতি বা সা-সামগ্ৰীৰ নেৰানেপেৰা মূল্যবৃদ্ধিয়ে সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকক বাৰুকৈয়ে জুৰুলা কৰিছিল।
  3. বৈদেশিক বাণিজ্যৰ ভয়াৱহ ঘাটি: ১৯৯০-৯১ চনত ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ছবিখন ভয়াৱহ হৈ পৰিছিল। নিম্নগামী ভাৰতীয় অৰ্থনীতিলৈ বিদেশৰ মূলধন অহাটো কমি গৈছিল আৰু ভাৰতীয় অৰ্থনীতিৰ পৰা মূলধনৰ বহিৰ্গমণ হৈছিল। ফলস্বৰূপে বৈদেশিক বাণিজ্যৰ ঘাটিৰ পৰিমাণ উদ্বেগজনক হৈ পৰিছিল, আৰু সেই সময়ত ৰিজার্ভ বেংকত জমা থকা বৈদেশিক মুদ্ৰা মাত্ৰ ১৫ দিনৰ আমদানিৰ বাবেহে যথেষ্ট আছিল।

৯। অৰ্থনৈতিক সংস্কাৰৰ তিনিটা সুফল উল্লেখ কৰা।
উত্তৰঃ অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী ৰূপায়ণৰ ফলত ভাৰতীয় অৰ্থনীতিত কেইবাটাও সুফল লাভ হৈছে:

  1. অর্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি: ২০০৫-০৬, ২০০৬-০৭ আৰু ২০০৭-০৮ চনত বার্ষিক উন্নয়নৰ হাৰ পূৰ্বে কেতিয়াও লাভ নকৰা উচ্চতা ক্ৰমে ৯.৫%, ৯.৭% আৰু ৯.২% লৈ বৃদ্ধি হৈছিল।
  2. মুদ্ৰাস্ফীতিৰ হাৰ হ্ৰাস: পাইকাৰি মূল্যসূচী পূৰ্বৰ তুলনাত হ্ৰাস পাইছিল।
  3. বৈদেশিক মুদ্ৰাৰ ভঁৰাল বৃদ্ধি: ভাৰতীয় কেন্দ্ৰীয় বেংক (ৰিজার্ভ বেংক)ত জমা হোৱা বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণ বৃদ্ধি পাইছিল। উদাহৰণস্বৰূপে, জুলাই ২০১৫ত এই পৰিমাণ ৩২৮.৭ বিলিয়ন ডলাৰ আছিল, যিয়ে অহা ৭ মাহৰ আমদানিৰ মূল্য সামৰি ল’ব পাৰিছিল।

১০। অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা হ’ল:

  1. প্রতিযোগিতাৰ প্ৰসাৰ আৰু তীব্রতা বৃদ্ধি: সংস্কাৰ নীতিয়ে প্রতিযোগিতাৰ প্ৰসাৰ আৰু তীব্রতা দুয়োটাই বৃদ্ধি কৰিছে। বিভিন্ন ধৰণৰ সা-সামগ্ৰী বজাৰলৈ আহিব ধৰিছে, আৰু এই প্ৰতিযোগিতা সুস্থ হ’বলৈ জনসাধাৰণৰ ক্ৰয়ক্ষমতা বৃদ্ধি হ’ব লাগিব।
  2. ভোগবাদী অৰ্থনীতিৰ সৃষ্টি আৰু নৈতিকতাৰ প্ৰতি ভাবুকি: পণ্যৰ প্ৰতি অত্যধিক আসক্তিয়ে ভোগবাদী অৰ্থনীতিৰ সৃষ্টি কৰিলে আৰু নৈতিকতাৰ প্ৰতি এক ভাবুকি হ’ব পাৰে। বিশ্বায়নৰ ফলত দেশখনে বা সমূহ জনসাধাৰণে নিজৰ পৰিচয় হেৰুৱাব নালাগিব।

১১। অসমৰ চলিত পঞ্চবার্ষিক পৰিকল্পনাৰ ছটা প্রধান লক্ষ্য উল্লেখ কৰা।
উত্তৰঃ অসমৰ চলিত পঞ্চবার্ষিক পৰিকল্পনা (দ্বাদশ পৰিকল্পনা, ২০১২-২০১৭)ৰ ছটা প্ৰধান লক্ষ্য হ’ল:

  1. দেশৰ উন্নত ৰাজ্যসমূহৰ সম-পৰ্যায়লৈ আহিবলৈ অহা দুই-তিনিটা দশকৰ ভিতৰত অসমৰ উন্নয়নৰ হাৰ ১০%লৈ বৃদ্ধি কৰা।
  2. দৰিদ্ৰতা আৰু আৰ্থিক বৈষম্য হ্ৰাস কৰাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ।
  3. শেহতীয়া প্ৰযুক্তিবিদ্যা আৰু বিজ্ঞান-সন্মত ব্যৱস্থাপনাৰ জৰিয়তে বানপানী আৰু গৰাখহনীয়া সমস্যাৰ সমাধান কৰা।
    ৪. কৃষি খণ্ডৰ বার্ষিক উন্নয়নৰ হাৰ ৬%ৰ পৰা ৮%লৈ বৃদ্ধি।
  4. অসমৰ মানৱ উন্নয়ন সূচকাংকৰ (HDI) মান ঊৰ্দ্ধগামী কৰা আৰু সেই উদ্দেশ্যে স্বাস্থ্য আৰু শিক্ষা খণ্ডত বিনিয়োগ বৃদ্ধি।
  5.  দক্ষতা বৃদ্ধিৰ আঁচনিৰ জৰিয়তে স্ব-নিয়োগৰ বাট মুকলি কৰা, আৰু অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু গাঁও অঞ্চলৰ পৰম্পৰাগত কুটিৰ শিল্পৰ ওপৰত গুৰুত্ব আৰোপ।
  6. ৰাজ্য চৰকাৰ, পঞ্চায়ত, নগৰীয়া নিকায়, জিলা পৰিষদ আৰু জনজাতি উন্নয়ন পৰিষদসমূহত সু-প্ৰশাসন নিশ্চিত কৰিবলৈ কেতবোৰ আঁচনি গ্ৰহণ। (যিকোনো ছয়টা গ্ৰহণ কৰিব পাৰে)

SEBA Class 10 Economics Chapter 2 অর্থনৈতিক উন্নয়ন প্রশ্ন আৰু উত্তৰ – Complete Exam Guide

SEBA Class 10 Economics Chapter 2 অর্থনৈতিক উন্নয়ন প্রশ্ন আৰু উত্তৰ provide a clear explanation of economic growth and development indicators. These SEBA Class 10 Economics Chapter 2 অর্থনৈতিক উন্নয়ন প্রশ্ন আৰু উত্তৰ help students understand national income, per capita income, HDI, and sustainable development in an exam-oriented manner.

Regular revision of SEBA Class 10 Economics Chapter 2 অর্থনৈতিক উন্নয়ন প্রশ্ন আৰু উত্তৰ strengthens conceptual clarity and improves answer-writing skills. Every solution in the SEBA Class 10 Economics Chapter 2 অর্থনৈতিক উন্নয়ন প্রশ্ন আৰু উত্তৰ section follows the official SEBA / ASSEB pattern.

This page includes complete and syllabus-aligned SEBA Class 10 Economics Chapter 2 অর্থনৈতিক উন্নয়ন প্রশ্ন আৰু উত্তৰ prepared for the 2026–27 academic session. By practising SEBA Class 10 Economics Chapter 2 অর্থনৈতিক উন্নয়ন প্রশ্ন আৰু উত্তৰ regularly, students can confidently attempt HSLC examination questions.

If you are searching for reliable and updated SEBA Class 10 Economics Chapter 2 অর্থনৈতিক উন্নয়ন question আৰু উত্তৰ, this SEBA Class 10 Economics Chapter 2 অর্থনৈতিক উন্নয়ন প্রশ্ন আৰু উত্তৰ guide will help you score better marks.

FAQs – SEBA / ASSEB Class 10 Economics Chapter 2 অর্থনৈতিক উন্নয়ন

1. SEBA Class 10 Economics Chapter 2 অর্থনৈতিক উন্নয়ন প্রশ্ন আৰু উত্তৰ 2026–27 syllabus অনুসৰি নে?

হয়। এই SEBA Class 10 Economics Chapter 2 অর্থনৈতিক উন্নয়ন প্রশ্ন আৰু উত্তৰ সম্পূৰ্ণৰূপে 2026–27 SEBA / ASSEB syllabus অনুসৰি প্ৰস্তুত কৰা হৈছে।

2. অর্থনৈতিক উন্নয়ন বুলিলে কি বুজায়?

অর্থনৈতিক উন্নয়ন হৈছে আয় বৃদ্ধি আৰু জীৱনমান উন্নতিৰ প্ৰক্ৰিয়া।

3. প্ৰতিজন আয় (Per Capita Income) কি?

দেশৰ মুঠ আয়ক জনসংখ্যাৰে ভাগ দিলে প্ৰতিজন আয় পোৱা যায়।

4. HDI মানে কি?

HDI হৈছে Human Development Index, যাৰ দ্বাৰা দেশৰ উন্নয়ন মাপ কৰা হয়।

5. এই SEBA Class 10 Economics Chapter 2 অর্থনৈতিক উন্নয়ন প্রশ্ন আৰু উত্তৰ HSLC Examination ৰ বাবে সহায়ক নে?

হয়। এই অধ্যায় HSLC Examination ৰ বাবে অতি গুৰুত্বপূর্ণ।

6. এই Solutions SEBA আৰু ASSEB দুয়ো বোৰ্ডৰ বাবে প্ৰযোজ্য নে?

হয়। এই সমাধানসমূহ SEBA আৰু ASSEB Class 10 syllabus অনুসৰি প্ৰস্তুত কৰা হৈছে।

7. এই SEBA Class 10 Economics Chapter 2 অর্থনৈতিক উন্নয়ন প্রশ্ন আৰু উত্তৰ নিয়মিত আপডেট কৰা হয় নে?

হয়। Academic session আৰু syllabus পৰিবর্তন অনুসৰি এই সমলসমূহ নিয়মিতভাৱে আপডেট কৰা হয়।

🎓 About Assam Eduverse

Assam Eduverse is the best educational platform in Assam, offering SEBA, AHSEC (ASSEB), SCERT, CBSE, and Assam Board Solutions along with study materials, notes, and exam preparation guides to help students learn smarter and score higher.

Our expert-prepared answers and MCQs follow the latest Assam Board Syllabus and NCERT Syllabus. We make learning simple, accessible, and effective for all students preparing for board or competitive exams.📘 Visit Assam Eduverse for free Assam Board Solutions, notes, and Study Materials prepared by experts.

Leave a Comment