SEBA Class 10 History Chapter 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য প্রশ্ন আৰু উত্তৰ Solutions (2026–27)

SEBA Class 10 History Chapter 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য question আৰু উত্তৰ are essential study materials for HSLC students preparing under the 2026–27 SEBA and ASSEB syllabus. These SEBA Class 10 History Chapter 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য প্রশ্ন আৰু উত্তৰ clearly explain India’s rich cultural heritage and the unique traditions of North-East India in a structured and exam-focused manner.

The chapter ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য discusses art, architecture, literature, dance, music, festivals, and traditional customs of India and North-East India. For students searching for ASSEB Class 10 History Chapter 5 Sanskritik Oitijjo question answer, this page provides complete and syllabus-aligned solutions. Since important short and long questions frequently appear from this lesson, SEBA Class 10 History Chapter 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য প্রশ্ন আৰু উত্তৰ are crucial for scoring high marks.

Prepared by Assam Eduverse subject experts, these SEBA Class 10 History Chapter 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য প্রশ্ন আৰু উত্তৰ strictly follow the official SEBA answer-writing pattern.

SEBA / ASSEB Class 10 History Chapter 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য Complete Solutions, Guide & Question Answers

অনুশীলনী

অতি চমু/চমু উত্তৰৰ প্ৰশ্ন :


১। সিন্ধু সভ্যতাৰ পূব সীমা গাংগেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল?
উত্তৰ: সিন্ধু সভ্যতাৰ পূব সীমা গাংগেয় উপত্যকাৰ মীৰাটলৈ বিস্তৃত আছিল।

২। সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল?
উত্তৰ: খ্ৰীষ্টপূৰ্ব চতুৰ্থ সহস্ৰাব্দতে সিন্ধু উপত্যকাত এক উন্নত নাগৰিক সভ্যতাৰ বিকাশ হৈছিল।

৩। ঋকবেদৰ আনুমানিক ৰচনা কাল কি?
উত্তৰ: খ্ৰীষ্টপূৰ্ব ১৫০০ চনৰ পৰা খ্ৰীষ্টপূৰ্ব ১০০০ চন পৰ্যন্ত সময়ছোৱাক ঋকবৈদিক যুগ বা আদি বৈদিক যুগ বুলি কোৱা হয়।

৪। ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকত থকা ‘সত্যমেৱ জয়তে’ এই বাক্যশাৰী মূলতঃ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে?
উত্তৰ: ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকত থকা ‘সত্যমেৱ জয়তে’ এই বাক্যশাৰী মূলতঃ মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে।

৫। প্রাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি?
উত্তৰ: প্রাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম হ’ল কৌটিল্যৰ ‘অৰ্থশাস্ত্ৰ’।

৬। ‘বিবিধতাৰ মাজত একতা’ (Unity in Diversity) এই বাক্যাংশ কোনখন গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে?
উত্তৰ: ‘বিবিধতাৰ মাজত একতা’ (Unity in Diversity) এই বাক্যাংশ জৱাহৰলাল নেহৰুৰ ‘ভাৰত সম্ভেদ’ গ্ৰন্থখনিৰ জৰিয়তে স্থায়িত্ব লাভ কৰিছে।

৭। ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ কোনটো শৈলীত গ্ৰীক-ৰোমান কলা-কৌশলৰ প্ৰয়োগ হৈছিল?
উত্তৰ: ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ গান্ধাৰ শিল্পকলাত গ্ৰীক-ৰোমান ভাস্কৰ্য শিল্প কৌশলৰ প্ৰয়োগ হৈছিল।

৮। ভৰত মুনিৰ নাট্যশাস্ত্ৰ কেতিয়া ৰচিত হৈছিল?
উত্তৰ: ভৰত মুনিৰ ‘নাট্যশাস্ত্ৰ’ খ্ৰীষ্টপূৰ্ব ২০০ ৰ পৰা খ্ৰীষ্টীয় ২০০ মানৰ ভিতৰত ৰচিত হৈছিল।

৯। ভৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে?
উত্তৰ: ভৰতৰ নাট্যশাস্ত্ৰত নাটক, সংগীত আৰু নৃত্যৰ বিষয়ে ৬০০০ শ্লোক আছে।

১০। হেৰাকা আন্দোলন কি?
উত্তৰ: ৰাণী গাইডালুৱে নগালেণ্ডৰ পৰম্পৰাগত ধর্মবিশ্বাস তথা সংস্কৃতি সংৰক্ষণ আৰু পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে গঢ়ি তোলা আন্দোলনটোৱেই হ’ল হেৰাকা আন্দোলন।

১১। নগালেণ্ডৰ ‘হৰ্ণবিল’ উৎসৱ কোন জীৱৰ নামত উৎসৰ্গিত?
উত্তৰ: নগালেণ্ডৰ ‘হৰ্ণবিল’ উৎসৱ ধনেশ পক্ষীৰ নামত উৎসৰ্গিত।

১২। ‘চপছৰ কূট’ কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ?
উত্তৰ: ‘চপছৰ কূট’ মিজোৰামৰ পৰম্পৰাগত উৎসৱ।

১৩। মিজো শব্দৰ অৰ্থ কি?
উত্তৰ: মিজো শব্দৰ অৰ্থ হ’ল ‘পাহাৰৰ বাসিন্দা’।

১৪। উত্তৰ-পূৰ্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্রিক সমাজ ব্যৱস্থা প্রচলিত?
উত্তৰ: উত্তৰ-পূৰ্বাঞ্চলৰ মেঘালয়ত মাতৃতান্ত্রিক সমাজ ব্যৱস্থা প্রচলিত।

১৫। মণিপুৰী নৃত্য কি মূল বিষয়-বস্তুক আলম কৰি গঢ়ি উঠিছে?
উত্তৰ: মণিপুৰী নৃত্য চৈতন্য মহাপ্রভুৰ শৈশৱ আৰু কৃষ্ণলীলা আদিৰ মূল বিষয়বস্তু আলম কৰি গঢ়ি উঠিছে।

১৬। অসমৰ প্ৰাচীন নাম কি আছিল?
উত্তৰ: অসমৰ প্ৰাচীন নাম প্ৰাগজ্যোতিষ আৰু কামৰূপ আছিল।

১৭। কি বড়োমূলীয় শব্দৰপৰা অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয়?
উত্তৰ: আহোমসকলৰ ‘আ-চাম’ অথবা তেওঁলোকৰ পূৰ্বৰ বাসিন্দা বড়োসকলে নামাংকিত কৰা ‘হা-চোম’ শব্দৰ সংস্কৃতীকৰণৰ জৰিয়তে অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয়।

১৮। চর্যাপদ মানে কি?
উত্তৰ: খ্ৰীষ্টীয় দশম শতিকাৰ পৰা চতুৰ্দশ শতিকালৈ ৰচিত হোৱা সহজযান পন্থীৰ কেইটামান গীতৰ লেখাবোৰেই হ’ল চর্যাপদ।

১৯। চর্যাপদ কেতিয়া ৰচিত হৈছিল?
উত্তৰ: চর্যাপদ খ্ৰীষ্টীয় দশম শতিকাৰ পৰা চতুৰ্দশ শতিকালৈ ৰচিত হৈছিল।

২০। মাধৱ কন্দলিয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল?
উত্তৰ: মাধৱ কন্দলিয়ে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল।

২১। অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল?
উত্তৰ: ভট্টদেৱে ‘কথাগীতা’, ‘ভাগৱত কথা’ আৰু ‘ৰত্নাৱলী কথা’ ৰচনা কৰি অসমীয়া সাহিত্যত গদ্য সাহিত্যৰ সূচনা কৰিছিল।

২২। জিকিৰ আৰু জাৰী কোনে ৰচনা কৰিছিল?
উত্তৰ: স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ অহা চুফী সাধক আজানপীৰ নামেৰে খ্যাত চাহ মিলনে জিকিৰ আৰু জাৰি ৰচনা কৰিছিল।

২৩। আজানপীৰ কোন?
উত্তৰ: আজানপীৰ আছিল স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ অহা চুফী সাধক চাহ মিলন।

২৪। আজানপীৰ কেতিয়া অসমলৈ আহিছিল?
উত্তৰ: স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত মানৰ আক্ৰমণৰ সময়ত আজানপীৰ অসমলৈ আহিছিল।

২৫। দ-পৰ্বতীয়াৰ শিলৰ তোৰণখন কেতিয়া নিৰ্মিত হৈছিল?
উত্তৰ: দ-পৰ্বতীয়াৰ শিলৰ তোৰণখন গুপ্ত যুগৰ প্ৰভাৱত খ্ৰীষ্টীয় ষষ্ঠ শতিকাত নিৰ্মিত হৈছিল বুলি ঠাৱৰ কৰা হৈছে।

২৬। চাংৰুং ফুকন কি দায়িত্বত ন্যস্ত আছিল?
উত্তৰ: আহোম শাসন ব্যৱস্থাত মঠ-মন্দিৰ, ৰাস্তা-ঘাট, প্ৰাসাদ, ঘৰ-দুৱাৰ আদিৰ নিৰ্মাণ কাৰ্য আৰু জোখ-মাখ আদি চোৱা-চিতা কৰিবলৈ চাংৰুং ফুকন নামৰ এগৰাকী বিষয়া আছিল।

২৭। লোক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীক পদ্মশ্রী সন্মান প্রদান কৰা হৈছিল?
উত্তৰ: লোক সংগীতত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে প্ৰতিমা পাণ্ডে বৰুৱাক পদ্মশ্ৰী উপাধিৰে সন্মানিত কৰা হৈছিল।

২৮। অসমৰ প্ৰথম বাৰ্তালোচনীখনৰ নাম কি?
উত্তৰ: অসমৰ প্ৰথম বাৰ্তালোচনীখনৰ নাম হ’ল ‘অৰুণোদই’।

২৯। উত্তৰ-পূৰ্বাঞ্চলৰ অষ্ট্ৰিক নৃ-গোষ্ঠীৰ অন্তৰ্ভুক্ত জনজাতিটো কি?
উত্তৰ: উত্তৰ-পূৰ্বাঞ্চলৰ অষ্ট্ৰিক নৃ-গোষ্ঠীৰ অন্তৰ্ভুক্ত জনজাতিটো হ’ল মেঘালয়ৰ খাছীয়া লোকসকল।

৩০। ৰচয়িতাসকলৰ নাম লিখা:
উত্তৰ:

  • অৰ্থশাস্ত্ৰ: কৌটিল্য
  • হস্তিবিদ্যাৰ্ণৱ: সুকুমাৰ বৰকাইথ
  • কীৰ্ত্তন: শংকৰদেৱ
  • নামঘোষা: মাধৱদেৱ
  • চোৰধৰা পিম্পৰা গুচোৱা: মাধৱদেৱ
  • কালিয় দমন: শংকৰদেৱ
  • কথাগীতা: ভট্টদেৱ
  • ৰামবিজয়: শংকৰদেৱ
  • ৰাজতৰঙ্গিনী: কলহন
  • ভাৰত সম্ভেদ: জৱাহৰলাল নেহৰু

চমু উত্তৰৰ প্ৰশ্ন :

১। খ্ৰীষ্টিয় ষষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম লিখা?
উত্তৰ: খ্ৰীষ্টীয় ষষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম হ’ল তুৰ্কী-আফগান আৰু মোগল।

২। সিন্ধু উপত্যকাত আবিষ্কৃত হোৱা ধৰ্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মূৰ্তিৰ নাম লিখা?
উত্তৰ: সিন্ধু উপত্যকাত আবিষ্কৃত হোৱা ধৰ্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মূৰ্তিৰ নাম হ’ল পশুপতি সদৃশ মূৰ্তি আৰু মাতৃদেৱীৰ মূৰ্তি।

৩। অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা।
উত্তৰ: অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান হ’ল ধান খেতি আৰু কুঁহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰা কৌশল।

এয়া সংক্ষিপ্ত কৰি এইদৰে লিখিব পাৰি:

৪। ভাৰতীয় সংস্কৃতিত বর্ণাঢ্যতা সৃষ্টিৰ ক্ষেত্ৰত ভৌগোলিক পৰিস্থিতিয়ে কি দৰে ভূমিকা গ্ৰহণ কৰিছে?
উত্তৰ: ভাৰতীয় সংস্কৃতিত বর্ণাঢ্যতা সৃষ্টিত ভৌগোলিক পৰিস্থিতিৰ বিশেষ ভূমিকা আছে। উৰ্বৰ ভূমি, সৰল যাতায়ত-যোগাযোগ আৰু প্ৰাকৃতিক সম্পদৰ সুবিধা থকা অঞ্চলবোৰ অধিক বিকশিত হৈ অন্য সংস্কৃতিৰ সৈতে সংস্পৰ্শ কৰিছে, আন অঞ্চলসমূহ বিচ্ছিন্ন হৈ স্থানীয় কৃষ্টি-সংস্কৃতিৰ বিকাশ ঘটিছে। এই বৈপৰীত্যই সাংস্কৃতিক সংমিশ্ৰণ আৰু বৈচিত্ৰতা দুয়োটাত অৰিহণা যোগাইছে।

৫। বেদৰ চাৰিখন সংহিতাৰ নাম লিখা।
উত্তৰ: বেদৰ চাৰিখন সংহিতাৰ নাম হ’ল ঋকবেদ, যজুঃ বেদ, সাম বেদ আৰু অথৰ্ব বেদ।

৬। অশোকৰ দ্বাদশ মুখ্য শিলা-লিপিত ধৰ্মীয় উদাৰতাৰ বিষয়ে কি কথা লিখা আছে?
উত্তৰ: সম্ৰাট অশোকৰ দ্বাদশ মুখ্য শিলা-লিপিত ধৰ্মীয় উদাৰতাৰ বিষয়ে লিখা আছে যে, কোনোবাই মাত্ৰ নিজৰ ধৰ্মক প্ৰশংসা কৰিব আৰু আনৰ ধৰ্মক হীন বুলি নল’ব লাগে, বৰং সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰি সমন্বয়ৰ বাট অনুসৰণ কৰিব লাগে।

৭। সাংস্কৃতিক বহুত্ববাদ মানে কি?
উত্তৰ: সাংস্কৃতিক বহুত্ববাদ (Multi-culturalism) মানে কোনো সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি শ্ৰদ্ধাৰ মনোভাৱক বুজায়। ভাৰতত বিভিন্ন জাতি-উপজাতিয়ে তেওঁলোকৰ স্বকীয় কৃষ্টি-সংস্কৃতি সংৰক্ষণ কৰাৰ সময়তে আনৰ কৃষ্টি-সংস্কৃতিৰ সৈতে সহবৰ্তিতা আৰু সন্মানৰ ভাৱ পোষণ কৰে।

৮। ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা।
উত্তৰ: ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম হ’ল আৰ্যভট্ট আৰু বৰাহ মিহিৰ।

৯। প্রাচীন ভাৰতৰ দুখন চিকিৎসা-শাস্ত্ৰৰ নাম লিখা।
উত্তৰ: প্ৰাচীন ভাৰতৰ দুখন চিকিৎসা-শাস্ত্ৰৰ নাম হ’ল চৰক সংহিতা আৰু সুশ্ৰুত সংহিতা।

১০। ভাৰতীয় চিত্রকলাক কি কি ভাগত ভগাব পাৰি?
উত্তৰ: প্ৰাচীন ভাৰতীয় চিত্রকলাক দুটা ভাগত বিভক্ত কৰিব পাৰি: বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্রাকাৰ চিত্ৰ।

১১। চিত্রকলাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদছাহৰ নাম লিখা।
উত্তৰ: ক্ষুদ্রাকাৰ চিত্রশিল্পৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদছাহৰ নাম হ’ল আকবৰ আৰু জাহাংগীৰ।

১২। ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম লিখা।
উত্তৰ: ক্ষুদ্রাকাৰ চিত্ৰযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম হ’ল আনন্দলহৰী আৰু হস্তীবিদ্যাৰ্ণৱ।

১৩। হস্তিবিদ্যাৰ্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম লিখা।
উত্তৰ: হস্তিবিদ্যাৰ্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম হ’ল দিলবৰ আৰু দোচাই।

১৪। ঝুম খেতি মানে কি বুজা?
উত্তৰ: ঝুম খেতি হৈছে এক প্ৰকাৰৰ কৃষি ব্যৱস্থা য’ত পাহাৰীয়া অঞ্চলৰ প্ৰায় আশী শতাংশ কৃষিজীৱী লোকে নিয়োজিত থাকে।

১৫। জেং বিহু মানে কি?
উত্তৰ: উজনি অসমৰ মহিলাসকলে নিৰ্জন স্থানত পুৰুষ মানুহে নেদেখাকৈ আয়োজন কৰা বিহুকেই জেং বিহু বুলি কোৱা হয়।

১৬। ওজাপালিৰ দুটা ভাগৰ নাম লিখা।
উত্তৰ: ওজাপালিৰ দুটা ভাগৰ নাম হ’ল ব্যাসৰ ওজা আৰু সুকনান্নী ওজা।

১৭। প্রাচীন ভাৰতবৰ্ষৰ দুগৰাকী দার্শনিকৰ নাম লিখা।
উত্তৰ: প্রাচীন ভাৰতবৰ্ষৰ দুগৰাকী দার্শনিকৰ নাম হ’ল কপিল আৰু পটঞ্জলি।

১৮। আহোম ৰাজত্ব কালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা।
উত্তৰ: আহোম ৰাজত্ব কালত ৰচিত দুখন বুৰঞ্জীৰ নাম হ’ল দেওধাই বুৰঞ্জী আৰু তুংখুঙ্গীয়া বুৰঞ্জী।

১৯। বিহুৰ সমধর্মী হিচাপে নামনি অসমত উদযাপিত হোৱা দুটা স্থানীয় উৎসৱ উল্লেখ কৰা।
উত্তৰ: বিহুৰ সমধর্মী হিচাপে নামনি অসমত উদযাপিত হোৱা দুটা স্থানীয় উৎসৱ হ’ল পুৰণি কামৰূপৰ ভঠেলি আৰু পুৰণি গোৱালপাৰা জিলাৰ বাঁসপূজা।

২০। দৰঙৰ দুবিধ লোক নৃত্যৰ নাম উল্লেখ কৰা।
উত্তৰ: দৰঙৰ দুবিধ লোক নৃত্যৰ নাম হ’ল ঢেপাটুলীয়া আৰু বৰঢুলীয়া।

২১। ভাৰতত থকা মূল নৃ-গোষ্ঠী কেইটা কি কি?
উত্তৰ: ভাৰতত থকা মূল নৃ-গোষ্ঠী কেইটা হ’ল নিগ্ৰো গোষ্ঠী, প্ৰট’ অষ্ট্ৰলয়ড বা অষ্ট্ৰিকসকল, মংগোলীয় গোষ্ঠী, দ্ৰাবিড় বা মেডিটেৰেনিয়ানসকল, আৰু নৰ্ডিক আৰ্যসকল।

২২। ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক উল্লেখ কৰা।
উত্তৰ: ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক হ’ল হিন্দুধৰ্মৰ স্বকীয় বহুত্ববাদীতা তথা উদাৰতা, বিভিন্ন সময়ত গঢ়ি উঠা সাম্ৰাজ্যসমূহে সৃষ্টি কৰা ৰাজনৈতিক একতাৰ ইতিহাস, আৰু ৰামায়ণ আৰু মহাভাৰত গ্ৰন্থ দুখনে ভাৰতৰ বিভিন্ন প্ৰান্তক মূল সাংস্কৃতিক সুঁতিৰ লগত সাঙুৰি সৃষ্টি কৰা এক সাংস্কৃতিক পৰিয়ালৰ অনুভূতি।

২৩। প্রাচীন ভাৰতৰ স্থাপত্য নিদর্শন সমূহক ঘাইকৈ কি কি ভাগত ভগোৱা হৈছে।
উত্তৰ: প্রাচীন ভাৰতৰ স্থাপত্য নিদর্শনসমূহক উত্তৰ ভাৰতীয় নাগৰ, দক্ষিণ ভাৰতীয় দ্ৰাবিড় আৰু ৱেচৰ শৈলী নামে তিনিটা ভাগত ভগোৱা হৈছে।

২৪। UNESCO ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে তালিকাভূক্ত হোৱা ভাৰতৰ তিনিটা স্থাপত্য উল্লেখ কৰা।
উত্তৰ: UNESCO ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ তিনিটা স্থাপত্য হ’ল সাঁচীৰ স্তূপ, অজন্তাৰ গুহাসমূহ আৰু তাজমহল।

২৫। ভাৰতৰ ভাস্কৰ্য শিল্পৰ ক্ষেত্ৰত কি কি মূর্তি নিৰ্মাণ কৰা হৈছিল?
উত্তৰ: ভাৰতৰ ভাস্কৰ্য শিল্পৰ ক্ষেত্ৰত গৌতম বুদ্ধ, মহাবীৰ, হিন্দু দেৱ-দেৱী আৰু বিভিন্ন জীৱ-জন্তুৰ মূর্তি নিৰ্মাণ কৰা হৈছিল।

২৬। ভাৰতৰ ভাস্কৰ্য শিল্প-কলাৰ তিনিটা প্রধান শৈলী কি কি?
উত্তৰ: ভাৰতৰ ভাস্কৰ্য শিল্প-কলাৰ তিনিটা প্রধান শৈলী হ’ল গান্ধাৰ শিল্পকলা, মথুৰা শিল্পকলা আৰু অমৰাৱতী শিল্পকলা।

২৭। দেৱাল চিত্ৰৰ নিদৰ্শন থকা ভাৰতৰ তিনিখন ঠাইৰ নাম উল্লেখ কৰা।
উত্তৰ: দেৱাল চিত্ৰৰ নিদৰ্শন থকা ভাৰতৰ তিনিখন ঠাই হ’ল অজন্তা (মহাৰাষ্ট্ৰ), বাঘ (মধ্যপ্ৰদেশ) আৰু চিত্তনাৱাচল (তামিলনাডু)।

২৮। মোগল যুগৰ ক্ষুদ্ৰাকাৰ চিত্ৰ সম্বলিত তিনিখন গ্ৰন্থৰ নাম লিখা।
উত্তৰ: মোগল যুগৰ ক্ষুদ্ৰাকাৰ চিত্ৰ সম্বলিত তিনিখন গ্ৰন্থৰ নাম হ’ল পাদছাহনামা, তুতিনামা আৰু জাহাংগীৰনামা।

২৯। চিত্রকলাৰ ষড়াংগ মানে কি বুজা?
উত্তৰ: চিত্রকলাৰ ষড়াংগ মানে চিত্ৰ অংকনৰ বাবে প্ৰয়োজনীয় ছয়টা মূল উপাদানক বুজায়। এই উপাদানসমূহ হৈছে আকৃতি (ৰূপভেদ), জোখ-মাখ (প্ৰমাণ), আবেগ অনুভূতি প্ৰকাশক কৌশল (ভাৱ), কলাত্মক উপস্থাপন (লাৱণ্য যোজনা), সাদৃশ্য জ্ঞান (সাদৃশ্য) আৰু তুলিকা ব্যৱহাৰৰ নিয়ম (বৰ্ণিকা ভংগ)।

৩০। ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: যোগবিদ্যা ভাৰতৰ এক গৌৰৱময় সাংস্কৃতিক ঐতিহ্য আৰু সমগ্ৰ মানৱ সমাজলৈ এক অনবদ্য অৱদান। সিন্ধু সভ্যতাৰ সময়তো ভাৰতীয়সকলে যৌগিক জ্ঞানৰ অধিকাৰী আছিল বুলি অনুমান কৰা যায় আৰু বৈদিক যুগত এই বিদ্যাৰ বহুল চৰ্চা হৈছিল। আনুমানিক খ্ৰীষ্টীয় দ্বিতীয় শতিকাত মহৰ্ষি পতঞ্জলিয়ে ‘যোগসূত্ৰ’ নামৰ গ্ৰন্থ সংকলন কৰি এই বিদ্যাৰ এক সু-সংহত ৰূপ দিছিল। পতঞ্জলিৰ যোগ পদ্ধতিত যম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান আৰু সমাধি নামেৰে ‘অষ্টাংগ’ যোগৰ বিধান দিয়া হৈছে। যোগবিদ্যাৰ কাৰ্যকাৰিতাৰ প্ৰতি লক্ষ্য ৰাখি ২০১৫ চনত ৰাষ্ট্ৰসংঘই ২১ জুনক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছে।

৩১। ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰ: ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য হ’ল: প্ৰাচীন যুগত ঘাইকৈ মঠ-মন্দিৰ, স্তূপ আদি ধৰ্মীয় উপাসনা গৃহ নিৰ্মাণ কৰা হৈছিল; মন্দিৰসমূহৰ নিৰ্মাণ শৈলীক উত্তৰ ভাৰতীয় নাগৰ, দক্ষিণ ভাৰতীয় দ্ৰাবিড় আৰু ৱেচৰ শৈলী নামে ভাগ কৰিব পাৰি; চুলতানী আৰু বাদছাহী যুগত মছজিদ, মহল (ৰাজপ্ৰাসাদ), মাকোৱাৰা (মৃতকৰ সৌধ) আৰু মিনাৰ (গম্বুজ) আদি ফাছী শৈলীৰ স্থাপত্যসমূহ দেখা যায়।

৩২। ৰঙালি বিহুৰ সাতদিনক কি কি নামেৰে জনা যায়?
উত্তৰ: ৰঙালী বিহুৰ সাতদিনক ক্ৰমে গৰু বিহু, মানুহ বিহু, গোসাই বিহু, কুটুম বিহু, চেনেহী বিহু, মেলা বিহু আৰু চেৰা বিহু নামেৰে জনা যায়।

৩৩। কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু কি?
উত্তৰ: কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তুসমূহ হ’ল জীৱনৰ সুখ-দুখ, দেহৰ ক্ষণভংগুৰতা, জীৱনত ঈশ্বৰ চিন্তাৰ গুৰুত্ব আৰু দেৱ-দেৱীৰ প্ৰশস্তি।

৩৪। অসমৰ প্ৰাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষৰ উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম লিখা।
উত্তৰ: অসমৰ প্ৰাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষৰ উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম হ’ল ৰামায়ণ, মহাভাৰত, বিষ্ণুপুৰাণ, কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ।

দীঘল উত্তৰৰ প্ৰশ্ন:

১। ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: ভাৰতৰ সাংস্কৃতিক বহুত্ববাদ সমাজৰ নৃ-গোষ্ঠী, ভাষা, ধৰ্ম আৰু সামাজিক আচৰণৰ সংমিশ্ৰণৰ ফল। নিগ্ৰো, অষ্ট্ৰিক, মংগোলীয়, দ্ৰাবিড় আৰু আৰ্য নৃ-গোষ্ঠীৰ আগমন আৰু সংমিশ্ৰণে বহু জাতি-উপজাতি সৃষ্টি কৰিছে। ভাষা, ধৰ্ম, বৌদ্ধ, জৈন, খ্ৰীষ্টিয়ান, ইছলাম আৰু জোৰষ্ট্ৰাৰ দৰে বিশ্ব ধৰ্মৰ প্ৰৱাহই সামাজিক সহবৰ্তিতা, উদাৰ মনোভাৱ আৰু একতাৰ অনুভূতি বৃদ্ধি কৰিছে। ইতিহাস, ৰাজনীতি, শিক্ষা, সাহিত্য আৰু শিল্পকলাত এই বহুত্ববাদ গভীৰভাৱে প্ৰভাৱ বিস্তাৰ কৰিছে। সংস্কৃতিৰ সংমিশ্ৰণে সমাজক সমৃদ্ধ আৰু সহনশীল কৰি তুলিছে।

২। ‘ভাৰতৰ প্ৰাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিত ভাৰতীয় সভ্যতা-সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি ক’লে সম্ভৱতঃ অতিৰঞ্জিত কৰা নহ’ব’- বাক্যশাৰীৰ ভাবার্থ আলোচনা কৰা।
উত্তৰ: বাক্যটোৱে বুজায় যে সংস্কৃত সাহিত্য ভাৰতীয় সভ্যতাৰ মূল ভেটি। বেদ, উপনিষদ, ৰামায়ণ, মহাভাৰত আৰু পুৰাণসমূহে ধৰ্ম, নৈতিকতা, ৰাজনীতি, বিজ্ঞান, চিকিৎসা আৰু জীৱনৰ দৰ্শন প্ৰতিফলিত কৰিছে। এই গ্ৰন্থসমূহ পৰম্পৰাগতভাৱে মৌখিক আৰু লিখিতভাৱে প্ৰচলিত হৈ সমাজত মূল্যবোধ, সামাজিক নিয়ম, ধৰ্মীয় অনুশাসন আৰু সাংস্কৃতিক ঐক্যৰ বিকাশ ঘটাইছে। সাহিত্যৰাজিৰ জ্ঞানৰ গভীৰতা, দৰ্শন আৰু চিন্তাধাৰাই ভাৰতীয় সভ্যতাৰ মূলভিত্তি হিচাপে আজিও জীয়াই আছে আৰু শিক্ষাৰ বাবে মূল্যবান।

৩। ভাৰতৰ ধৰ্মীয় ঐতিহ্যৰ বিষয়ে লিখা।
উত্তৰ: ভাৰতৰ ধৰ্মীয় ঐতিহ্য বৈচিত্ৰ্য, উদাৰতা, সহবৰ্তিতা আৰু সংহতিৰ ওপৰত নিৰ্ভৰশীল। সিন্ধু সভ্যতাৰ ধৰ্ম ব্যৱস্থাত বহু উপাস্য দেৱতা আছিল। বৈদিক ধৰ্মে একেশ্বৰবাদ আৰু বহু দেৱতাৰ সংমিশ্ৰণ দেখুৱায়। বৌদ্ধ, জৈন, খ্ৰীষ্টিয়ান, ইছলাম আৰু অন্যান্য বিশ্বধৰ্মৰ আগমনে সহবৰ্তিতা, সংযোজন আৰু সাংস্কৃতিক সমন্বয় বৃদ্ধি কৰিছে। সাহিত্য, স্থাপত্য, সংগীত, নৃত্য, ভাস্কৰ্য, সামাজিক আচৰণ আৰু উৎসৱসমূহত এই বৈচিত্ৰ্য স্পষ্টভাৱে দেখা যায়। ধৰ্মীয় সহনশীলতা আৰু সংস্কৃতিগত সমন্বয়ই ভাৰতীয় সমাজক শক্তিশালী আৰু সমৃদ্ধ কৰি তুলিছে।

৪। উত্তৰ-পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় কেনেকৈ সৃষ্টি হৈছে?
উত্তৰ: উত্তৰ-পূৰ্বাঞ্চলৰ উমৈহতীয়া পৰিচয় ভৌগোলিক কেন্দ্ৰীয়তা, যোগাযোগৰ সুবিধা, নৃতাত্ত্বিক সংমিশ্ৰণ আৰু ঐতিহাসিক সম্পৰ্কৰ ফল। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাই অঞ্চলক প্ৰাকৃতিক কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে। বিভিন্ন যুগত ৰাজবংশীয় সামরিক, বাণিজ্যিক আৰু বৈবাহিক সম্পৰ্কই ঐক্যৰ জন্ম দিছে। পাহাৰীয়া অঞ্চলৰ সামগ্ৰী আৰু সাংস্কৃতিক আদান-প্ৰদানেও সংমিশ্ৰণক উৎসাহিত কৰিছে। ভাষা, ধৰ্ম, সামাজিক আচৰণ আৰু সাংস্কৃতিক উপাদানৰ মিলৰ ফলত উত্তৰ-পূৰ্বাঞ্চলে এক সুসংহত, সমন্বিত আৰু সুকীয়া সাংস্কৃতিক পৰিচয় লাভ কৰিছে।

৫। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ধৰ্মীয় বাতাৱৰণৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: উত্তৰ-পূৰ্বাঞ্চলৰ ধৰ্মীয় বাতাৱৰণ বৈচিত্ৰ্যময় আৰু সহবত্ময়। খ্ৰীষ্টিয়ান ধৰ্ম মিছনাৰীৰ মাধ্যমে মিজোৰাম আৰু মেঘালয়ত বিস্তৃত। হিন্দু ধৰ্ম অসম, মণিপুৰ আৰু ত্ৰিপুৰাত অতি প্ৰাচীনকালৰ পৰা প্ৰসাৰ পাইছে। বৈষ্ণৱ ধৰ্ম মেইটেই সম্প্ৰদায়ত আৰু শংকৰদেৱৰ শিষ্যসকলৰ মাজত প্ৰভাৱ বিস্তাৰ কৰিছে। পাহাৰীয়া জনজাতিসকলে স্থানীয় দেৱ-দেৱীৰ পূজা অব্যাহত ৰাখিছে। এছাড়াও টাই ফাকে, তুৰুং আৰু খামটি লোকসকলে বৌদ্ধ ধৰ্ম পালন কৰি সমাজত ধৰ্মীয় ঐক্য আৰু সাংস্কৃতিক সংহতি বজাই ৰাখিছে।

৬। ‘অসমত আর্য-অনার্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্রিত সংস্কৃতিৰ উৎপত্তি হৈছে’-এই প্রসংগটো চমুকৈ আলোচনা কৰা।
উত্তৰ: অসমৰ সংস্কৃতি আৰ্য আৰু অনাৰ্য উভয়ৰ অৱদানেৰে গঢ়ি উঠিছে। ব্ৰহ্মপুত্ৰ উপত্যকা প্ৰব্ৰজনৰ বাবে আকৰ্ষণীয় হৈ বহু নৃ-গোষ্ঠী আহিছিল। ভাষা, ধৰ্ম, সমাজিক আচৰণ আৰু উৎসৱসমূহৰ সংমিশ্ৰণে সংস্কৃতিৰ একতা আৰু সমন্বয় সৃষ্টি কৰিছে। বিহু, নৃত্য, সংগীত, নাট্যকলা আৰু ধৰ্মীয় আচার-অনুষ্ঠানত এই সংমিশ্ৰণ স্পষ্ট। শংকৰদেৱ আৰু মাধৱদেৱৰ নৱবৈষ্ণৱ আন্দোলনে সমাজত ধৰ্মীয়, সাংস্কৃতিক, নৈতিক আৰু সামাজিক সংহতি গঢ়ি তোলাত বিশেষ ভূমিকা লৈছে।

৭। অসমৰ চিত্ৰ কলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: অসমৰ চিত্ৰকলাৰ ঐতিহ্য সপ্তদশ শতিকা মানৰ পৰা ৰাজপৃষ্ঠপোষকতা আৰু সত্ৰীয়া সৃষ্টিত আৰম্ভ হৈছে। আনন্দলহৰী, হস্তীবিদ্যাৰ্ণৱ, চিত্ৰ ভাগৱত আদি পুথিচিত্ৰ বহুৰঙীয়া, প্ৰাকৃতিক ৰঙেৰে সজোৱা হৈছিল। বিষয়বস্তুতে ৰাজসিংহাসন, দেৱীমূৰ্তি, হাতী, যুদ্ধ চিত্ৰ আৰু প্ৰকৃতিৰ দৃশ্য অন্তৰ্ভুক্ত। চিত্ৰকৰ দিলবৰ আৰু দোচাইৰ সূক্ষ্ম কৌশল, মুখাৱয়ৱৰ নিখুঁত প্ৰকাশ আৰু শৰীৰৰ অনুপাতৰ প্ৰয়োগ চিত্ৰসমূহক দৰ্শনীয়, শৈল্পিক আৰু সাংস্কৃতিক ৰূপ প্ৰদান কৰিছে।

৮। অসমৰ ধৰ্মীয় বিবিধতা আৰু সংহতিৰ বিষয়ে লিখা।
উত্তৰ: অসমত হিন্দু, ইছলাম, খ্ৰীষ্টিয়ান, জৈন, বৌদ্ধ, শিখ আৰু স্থানীয় ধৰ্মপন্থাৱলম্বী লোক বাস কৰে। নৱবৈষ্ণৱ আন্দোলনে বহু লোকক ভক্তিমূলক অনুগামী হিচাপে প্ৰশিক্ষণ দিছে। আহোম ৰাজবংশৰ উদাৰ ধৰ্মনীতিৰ ফলত বিভিন্ন ধৰ্মাৱলম্বী লোকক উপাসনালয়, মন্দিৰ, মসজিদ আৰু গীর্জা নিৰ্মাণত সহযোগিতা কৰা হৈছিল। পাহাৰীয়া জনজাতিসকলে স্থানীয় পূজা-প্ৰথা বজাই ৰাখিছে। বৈষ্ণৱ, শাক্ত, শৈৱ আৰু বৌদ্ধ ধৰ্মীয় পৰম্পৰাই অসমৰ ধৰ্মীয় সহবৰ্তিতা, সামাজিক একতা আৰু সাংস্কৃতিক সংহতি সুদৃঢ় কৰিছে।

৯। উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন কিয় অধিকতৰ হৈছে?
উত্তৰ: অসমত সাংস্কৃতিক বিবিধতা আৰু সংমিশ্ৰণ ব্ৰহ্মপুত্ৰ উপত্যকা, উৰ্বৰ কৃষি ভূমি, প্ৰাকৃতিক সম্পদ আৰু কেন্দ্ৰীয় অৱস্থানৰ ফল। চীনৰ পৰা ৰোমান সাম্ৰাজ্যলৈ যোৱা পথৰ শাখাৰ উপস্থিতিয়ে যোগাযোগ সুবিধা দিছে। বৃহৎ নৃগোষ্ঠীসমূহৰ সংমিশ্ৰণে ভাষা, ধৰ্ম, আচৰণ আৰু সাংস্কৃতিক উপাদান একেলগে মিলিছে। আৰ্য-অনাৰ্য উভয়ৰ অবদান আৰু নৱবৈষ্ণৱ আন্দোলনে সমাজত সংহতি, নৈতিকতা, একতা আৰু সাংস্কৃতিক সমন্বয়ৰ ক্ষেত্ৰত বিশেষ ভূমিকা লৈছে।

১০। ‘লোক সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্ৰ সমাজখনেই এখন কিতাপৰ দৰে’- এই প্রসংগত তোমাৰ মন্তব্য আগবঢ়োৱা।
উত্তৰ: সমাজখনেই এখন কিতাপৰ দৰে বুলি ধৰা সঠিক। পৰম্পৰা, দৈনন্দিন আচৰণ, উৎসৱ, খাদ্য-আচৰণ, পৰিয়ালিক আৰু সামাজিক সম্পর্ক সমাজৰ লোক-সংস্কৃতিৰ সম্পূৰ্ণ ভঁৰাল সংৰক্ষণ কৰে। ভাষা, গীত, নৃত্য, বাদ্য, পোছাক, খাদ্য, ঘৰ-নির্মাণ, কৃষি, উৎসৱ আৰু সামাজিক আচৰণ সমাজৰ জীৱনৰ প্ৰতিফলন। পৰ্যবেক্ষণৰ জৰিয়তে এই আচৰণবোৰ অধ্যয়ন কৰিলে সমাজৰ লোক-সংস্কৃতিৰ বিষয়ে মূল্যবান তথ্য আৰু শিক্ষা লাভ কৰা যায়।

চমুটোকা লিখা:

১। প্রাচীন ভাৰতৰ ভাস্কৰ্য শিল্প।
উত্তৰ: ভাৰতৰ ভাস্কৰ্য শিল্পৰ উৎকৰ্ষ প্ৰাচীন যুগতে প্ৰকাশ পায়। সিন্ধু সভ্যতাৰ সময়ৰ পৰা মূৰ্তিৰ নিদৰ্শন পোৱা যায়। শিল, ব্ৰঞ্জ, তাম, সোণ আৰু মাটিৰে নিৰ্মিত মূৰ্তিসমূহ গান্ধাৰ, মথুৰা আৰু অমৰাৱতী শিল্পকলাত বিভক্ত। মূৰ্তিসমূহত সমানুপাতিক, দ্বিভংগ আৰু ত্ৰিভংগ ভংগী দেখা যায়, লগতে মুখাৱয়ৱে মনৰ শান্তি, সুখ, ক্ৰোধ আদিৰ অনুভূতি প্ৰকাশ কৰে। বিষয়বস্তুত গৌতম বুদ্ধ, মহাবীৰ, হিন্দু দেৱ-দেৱী, যক্ষ-যক্ষিণী আৰু অশোক স্তম্ভৰ জন্তুৰ মূৰ্তি অন্তৰ্ভুক্ত। এই শিল্প মানৱীয় কলাৰ উৎকৰ্ষ প্ৰতিফলিত কৰে।

২। ভাৰতীয় চিত্রকলা।
উত্তৰ: প্ৰাচীন ভাৰতীয় চিত্রকলাৰ দুটা প্ৰধান ভাগ হৈছে—দেৱাল চিত্ৰ আৰু ক্ষুদ্রাকাৰ চিত্ৰ। দেৱাল চিত্ৰ বৌদ্ধ, জৈন আৰু হিন্দু ধৰ্মৰ বিষয়বস্তু আঁকাত ব্যৱহৃত হৈছিল, যাৰ উদাহৰণ অজন্তা, বাঘ, চিত্তনাৱাচল। ক্ষুদ্রাকাৰ চিত্ৰ দশম শতিকা মানৰ পৰা তালপাত, সাঁচিপাত আৰু গ্ৰন্থ পৃষ্ঠাত সচিত্ৰ বিৱৰণৰ বাবে আঁকা হৈছিল। মোগলসকলৰ দিনত আকবৰ, জাহাংগীৰ আৰু ছাহজাহানৰ পৃষ্ঠপোষকতাত ফাৰ্চী ৰীতিৰ ক্ষুদ্ৰাকাৰ চিত্ৰশিল্পৰ উন্নতি হৈছিল। চিত্ৰ অংকনৰ ষড়াংগৰ প্ৰয়োজনীয়তা—আকৃতি, জোখ-মাখ আৰু আবেগ প্ৰকাশৰ কৌশল প্ৰাচীন কালতে বিকাশিত হৈছিল।

৩। ভাৰতৰ সংগীত আৰু নৃত্যকলাৰ ঐতিহ্য।
উত্তৰ: ভাৰতৰ সংগীত আৰু নৃত্যৰ সমৃদ্ধ ঐতিহ্য আছে। সামবেদৰ স্তোত্ৰসমূহ যজ্ঞত গীত আকাৰত পাঠ কৰা হৈছিল। খ্ৰীষ্টপূৰ্ব ২০০ ৰ পৰা খ্ৰীষ্টীয় ২০০ লৈ ‘নাট্যশাস্ত্ৰ’ ৰচিত হৈ নাটক, সংগীত আৰু নৃত্যৰ নীতি-নিয়ম নিৰ্ধাৰিত কৰিছিল। ধ্ৰুপদী সংগীতৰ পৰম্পৰা গুরু-শিষ্যতান্তৰে বৰ্তমানলৈ অহা সময়লৈকে শক্তিশালী। নৃত্যত আটাইটি স্বীকৃত ধ্ৰুপদী নৃত্য—কথাকলি, মোহিনী আট্টম, ভাৰতনাট্যম, কুচিপুড়ী, অ’ডিছি, কথক, সত্ৰীয়া আৰু মণিপুৰী প্ৰচলিত। মোগলসকলৰ দিনত সংগীত আৰু নৃত্যশিল্পৰ উৎকৰ্ষ বৃদ্ধি হৈছিল।

৪। অসমৰ ভাস্কৰ্য শিল্প।
উত্তৰ: অসমৰ ভাস্কৰ্য শিল্প মন্দিৰ দেৱালত খোদিত দ্বি-মাত্ৰিক অথবা ত্ৰিমাত্ৰিক মূৰ্তিত প্ৰকাশ পায়। শিল, হাতী দাঁত, সোণ, ৰূপ, তাম, কাঠ ইত্যাদি ব্যৱহৃত হৈছিল। তেজপুৰৰ দ-পৰ্বতীয়া, বামুণী পাহাৰ, মদনকামদেৱ, আমবাৰী আদিত নিদৰ্শন পোৱা যায়। মূৰ্তিসমূহত শিৱ, বিষ্ণু, গণেশ, সূৰ্য, মগৰ, ঘোঁৰা, হাতী, সিংহ আদি অন্তৰ্ভুক্ত। দ-পৰ্বতীয়াৰ শিলৰ তোৰণৰ মূৰ্তিসমূহ সৰু হলেও দেহাৱয়ব অনুপাতিক আৰু দ্বিভংগ ভংগীত সু-নির্মিত। এই শিল্প গুপ্ত যুগৰ প্ৰভাৱত খ্ৰীষ্টীয় ষষ্ঠ শতিকাত বিকাশিত হৈছিল।

৫। অসমৰ স্থাপত্য শিল্প।
উত্তৰ: অসমত মধ্যযুগৰ আহোম ৰাজবংশ আৰু কোঁচ ৰজাসকলৰ পৃষ্ঠপোষকতাত স্থাপত্য শিল্প বিকাশিত। শিৱসাগৰৰ ৰাজকীয় অট্টালিকা—ৰংঘৰ, কাৰেংঘৰ আৰু গড়গাঁও—বৰ্তমানলৈকে সজীৱ। কামাখ্যা, উগ্ৰতাৰা, শিৱদ’ল, জয়দ’ল, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আদি প্ৰাচীন মন্দিৰ নিৰ্মাণ। মন্দিৰবোৰ সাধাৰণতে নাগৰ বা ৱেচৰ শৈলীৰ। গৰ্ভগৃহ আৰু মণ্ডপ মূল অংশ। ইটাৰ লগত অসমীয় পদ্ধতিৰ বৰালি মাছ, কণী, বৰা চাউল ব্যৱহাৰ কৰি ‘কৰাল’ প্ৰস্তুত কৰা হৈছিল।

৬। অসমৰ বৈষ্ণৱী সাহিত্য।
উত্তৰ: পঞ্চদশ শতিকাত শংকৰদেৱ আৰু মাধৱদেৱৰ নেতৃত্বত নৱবৈষ্ণৱ আন্দোলনে অসমীয়া সাহিত্যত বিপুল জোৱাৰ সৃষ্টি কৰে। শংকৰদেৱৰ ‘কীৰ্তন’, মাধৱদেৱৰ ‘নামঘোষা’ আৰু গুৰুদুজনাৰ বৰগীত জনপ্ৰিয়। অংকীয়া নাট—পত্নীপ্ৰসাদ, কালিয়দমন, কেলি গোপাল, ৰুক্মিণীহৰণ—নামঘৰ, সত্ৰত প্ৰদৰ্শিত। গদ্য সাহিত্যত ভট্টদেৱে ‘কথাগীতা’, ‘ভাগৱত কথা’ ৰচনা কৰি নতুন সূচনা কৰিছিল। সাহিত্যৰ মূল বিষয়বস্তু আছিল ৰামায়ণ, মহাভাৰত, পুৰাণ আৰু হিন্দু ধৰ্মৰ তত্ত্বকথা।

৭। অসমৰ লোক সংগীত।
উত্তৰ: অসমত বিভিন্ন পৰিৱেশ আৰু প্ৰয়োজনত গোৱা বহুবিধ লোক সংগীত আছে। উদাহৰণ—কেঁচুৱা টোপনি নিওঁৱা, বিয় নাম, আইনাম, ধাইনাম, কামৰূপী লোকগীত, গোৱালপৰীয়া আৰু টোকাৰি গীত। বিষয়বস্তুতে দৰা-কইনা, দৰাঘৰীয়া, কইনাঘৰীয়া পৰস্পৰে জোকাবলৈ গোৱা হয়। কামৰূপী, গোৱালপৰীয়া আৰু টোকাৰি গীত জীৱনৰ সুখ-দুখ, দেহৰ ক্ষণভংগুৰতা, ঈশ্বৰ চিন্তাৰ গুৰুত্ব প্ৰকাশ কৰে। খগেন মহন্ত, ৰামেশ্বৰ পাঠক, প্ৰতিমা পাণ্ডে বৰুৱা আদি শিল্পী অৱদানৰ বাবে সন্মানিত।

৮। অসমৰ ধৰ্মীয় সংহতি।
উত্তৰ: অসমত বিভিন্ন ধৰ্মাৱলম্বীৰ সহাৱস্থান শক্তিশালী ধৰ্মীয় সংহতিৰ নিদৰ্শন। আৰ্য, অনাৰ্য, হিন্দু, ইছলাম, খ্ৰীষ্টিয়ান, বৌদ্ধ, শিখ আদি সমন্বয়ী সংস্কৃতি গঢ়ি তুলিছে। নৱবৈষ্ণৱ আন্দোলনে হিন্দু আৰু ইছলাম ধৰ্মৰ মাজত সংহতি স্থাপন কৰিছে। চুফী সাধক আজানপীৰৰ জিকিৰ আৰু জাৰী হিন্দু-মুছলমান উভয়ক আকৰ্ষণ কৰিছিল। আহোম স্বৰ্গদেউসকলে উদাৰ ধৰ্মনীতি গ্ৰহণ কৰি বিভিন্ন ধৰ্মাৱলম্বী লোকৰ উপাসনা স্থলী নিৰ্মাণত সহায় কৰিছিল।

৯। অসমৰ বুৰঞ্জী সাহিত্য।
উত্তৰ: মধ্যযুগৰ আহোম ৰজা আৰু ডা-ডাঙৰীয়া পৃষ্ঠপোষকতাত বুৰঞ্জী সাহিত্য বিকাশিত। বিষয়বস্তুত ৰাজকীয় ঘটনা, যুদ্ধ, ৰাজনীতি আৰু সামাজিক আচার-অনুষ্ঠান অন্তৰ্ভুক্ত। আৰম্ভণিতে আহোম ভাষাত ৰচিত বুৰঞ্জী ষোড়শ শতিকাৰ পৰা অসমীয়াতো লিখা হৈছিল। প্ৰধান বুৰঞ্জীসমূহ—দেওধাই, তুংখুঙ্গীয়া, কছাৰী, জয়ন্তীয়া আৰু পদ্য বুৰঞ্জী। ব্ৰিটিছ শাসনত উদ্ধাৰ, সংৰক্ষণ আৰু প্ৰকাশৰ ব্যৱস্থা কৰা হৈছিল। বুৰঞ্জীসমূহ অসমৰ ইতিহাস, সংস্কৃতি আৰু সাহিত্যৰ মূল্যবান উৎস।

১০। বিহু উৎসৱ।
উত্তৰ: বিহু অসমৰ প্ৰধান উৎসৱ, বছৰৰ তিনিটা সময়ত পালন। ৰঙালী বিহু (ব’হাগ বিহু) ব’হাগ মাহৰ প্ৰথম ছদিনলৈ উদযাপন। গৰু বিহুত গৰু-গাইক তেল-হালধি লগাই নতুন পঘা দিয়া হয়। মানুহ বিহুত নতুন কাপোৰ পিন্ধি বয়সস্থ লোকক শ্ৰদ্ধা জনোৱা হয়। জেং বিহু মহিলাসকলে নিৰ্জন স্থানত পালন কৰে। কাতি বা কঙালী বিহু আধ্যাত্মিক পৱিত্ৰতাৰ সৈতে পালন হয়। মাঘ বা ভোগালী বিহুত উৰুকা আগদিনা পথাৰত ভেলাঘৰ সাজি, মেজিত জুই দি পিঠা-লাৰুৰে অগ্নি দেৱতাক শ্ৰদ্ধা জনোৱা হয়।

SEBA Class 10 History Chapter 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য প্রশ্ন আৰু উত্তৰ – Complete Exam Guide

SEBA Class 10 History Chapter 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য প্রশ্ন আৰু উত্তৰ provide a clear explanation of India’s cultural diversity and the rich heritage of North-East India. These SEBA Class 10 History Chapter 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য প্রশ্ন আৰু উত্তৰ help students understand traditional art, literature, architecture, music, and festivals.

Regular revision of SEBA Class 10 History Chapter 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য প্রশ্ন আৰু উত্তৰ strengthens conceptual clarity and improves answer-writing skills. Every solution in the SEBA Class 10 History Chapter 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য প্রশ্ন আৰু উত্তৰ section follows the official SEBA / ASSEB pattern.

This page includes complete and syllabus-aligned SEBA Class 10 History Chapter 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য প্রশ্ন আৰু উত্তৰ prepared for the 2026–27 academic session. By practising SEBA Class 10 History Chapter 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য প্রশ্ন আৰু উত্তৰ regularly, students can confidently attempt HSLC examination questions.

If you are searching for reliable and updated SEBA Class 10 History Chapter 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য প্রশ্ন আৰু উত্তৰ, this SEBA Class 10 History Chapter 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য question আৰু উত্তৰ guide will help you score better marks.

FAQs – SEBA / ASSEB Class 10 History Chapter 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

1. SEBA Class 10 History Chapter 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য প্রশ্ন আৰু উত্তৰ 2026–27 syllabus অনুসৰি নে?

হয়। এই SEBA Class 10 History Chapter 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য প্রশ্ন আৰু উত্তৰ সম্পূৰ্ণৰূপে 2026–27 SEBA / ASSEB syllabus অনুসৰি প্ৰস্তুত কৰা হৈছে।

2. সাংস্কৃতিক ঐতিহ্য বুলিলে কি বুজায়?

সাংস্কৃতিক ঐতিহ্য হৈছে কোনো জাতি বা সমাজৰ পৰম্পৰা, সংস্কৃতি, শিল্প, সাহিত্য আৰু আচাৰ-ব্যৱহাৰৰ সমষ্টি।

3. উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক বৈশিষ্ট্য কি?

উত্তৰ পূৰ্বাঞ্চল বিভিন্ন জনজাতীয় সংস্কৃতি, নৃত্য, সংগীত আৰু উৎসৱৰ বাবে বিখ্যাত।

4. ভাৰতৰ সাংস্কৃতিক ঐক্য কেনেকৈ প্ৰকাশ পায়?

ভাৰতৰ বিভিন্ন ভাষা, ধৰ্ম আৰু সংস্কৃতি থাকিও ঐক্য বজাই ৰখা হৈছে।

5. এই SEBA Class 10 History Chapter 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য প্রশ্ন আৰু উত্তৰ HSLC Examination ৰ বাবে সহায়ক নে?

হয়। এই অধ্যায় HSLC Examination ৰ বাবে অতি গুৰুত্বপূর্ণ।

6. এই Solutions SEBA আৰু ASSEB দুয়ো বোৰ্ডৰ বাবে প্ৰযোজ্য নে?

হয়। এই সমাধানসমূহ SEBA আৰু ASSEB Class 10 syllabus অনুসৰি প্ৰস্তুত কৰা হৈছে।

7. এই SEBA Class 10 History Chapter 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য প্রশ্ন আৰু উত্তৰ নিয়মিত আপডেট কৰা হয় নে?

হয়। Academic session আৰু syllabus পৰিবর্তন অনুসৰি এই সমলসমূহ নিয়মিতভাৱে আপডেট কৰা হয়।

🎓 About Assam Eduverse

Assam Eduverse is the best educational platform in Assam, offering SEBA, AHSEC (ASSEB), SCERT, CBSE, and Assam Board Solutions along with study materials, notes, and exam preparation guides to help students learn smarter and score higher.

Our expert-prepared answers and MCQs follow the latest Assam Board Syllabus and NCERT Syllabus. We make learning simple, accessible, and effective for all students preparing for board or competitive exams.📘 Visit Assam Eduverse for free Assam Board Solutions, notes, and Study Materials prepared by experts.