SEBA Class 9 Social Science Geography Chapter 3 ভাৰতবৰ্ষৰ ভূগোল প্রশ্ন আৰু উত্তৰ Solutions (2026–27)

SEBA Class 9 Social Science Geography Chapter 3 ভাৰতবৰ্ষৰ ভূগোল প্রশ্ন আৰু উত্তৰ are essential study materials for students preparing under the 2026–27 SEBA and ASSEB syllabus. These SEBA Class 9 Social Science Geography Chapter 3 ভাৰতবৰ্ষৰ ভূগোল question answers clearly explain India’s physical features, geographical location, boundaries, and major divisions in a structured and exam-focused manner.

The chapter ভারতবৰ্ষৰ ভূগোল discusses India’s latitudinal and longitudinal extent, neighboring countries, mountains, plains, plateaus, and river systems. For students searching for ASSEB Class 9 Geography Chapter 3 Bharatbarshar Bhugol question answer, this page provides complete and syllabus-aligned solutions. Since important short and long questions frequently appear from this lesson, SEBA Class 9 Social Science Geography Chapter 3 ভাৰতবৰ্ষৰ ভূগোল প্রশ্ন আৰু উত্তৰ are very important for scoring high marks.

Prepared by Assam Eduverse subject experts, these SEBA Class 9 Social Science Geography Chapter 3 ভাৰতবৰ্ষৰ ভূগোল প্রশ্ন আৰু উত্তৰ strictly follow the official SEBA answer-writing format.

SEBA / ASSEB Class 9 Social Science Geography Chapter 3 ভাৰতবৰ্ষৰ ভূগোল Complete Solutions, Guide & Question Answers

অনুশীলনী

১। ভাৰতবৰ্ষৰ ভৌগোলিক অবস্থানৰ বিষয়ে লিখা।
উত্তৰ:
 ভাৰতবৰ্ষ উত্তৰ গোলার্ধত অৱস্থিত এখন উল্লেখযোগ্য দেশ। এই দেশ এছিয়া মহাদেশৰ দক্ষিণাংশত বিস্তৃত। ভাৰতৰ অক্ষাংশীয় বিস্তৃতি 8°4′28″ উত্তৰ পৰা 37°17′53″ উত্তৰ অক্ষৰেখা আৰু দ্রাঘিমাংশীয় বিস্তৃতি 68°7′33″ পূব পৰা 97°24′47″ পূব দ্রাঘিমাৰেখাৰ মাজত অৱস্থিত। 23°30′ উত্তৰ অক্ষৰেখা বা কর্কটক্রান্তি ৰেখা দেশখনৰ সোঁমাজেদি গৈছে, যাৰ ফলত ভাৰত উত্তৰ আৰু দক্ষিণ দুটা সমান ভাগত বিভক্ত হৈছে। উত্তৰে ভাৰতৰ সীমা হিমালয় পৰ্বতমালা আৰু চীন দেশৰ সৈতে সংলগ্ন, দক্ষিণে ভাৰত মহাসাগৰ আৰু শ্রীলংকাৰ, পূবে বঙ্গোপসাগৰ আৰু ম্যানমাৰৰ, আৰু পশ্চিমে আৰৱ সাগৰ আৰু পাকিস্তানৰ সৈতে সংলগ্ন। ভাৰতৰ মুঠ স্থলসীমাৰ দৈর্ঘ্য প্ৰায় 15,200 কিলোমিটাৰ।


২। ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈর্ঘ্য কিমান?
উত্তৰ: ভাৰতীয় ভূ-ভাগে পূবে বঙ্গোপসাগৰ, পশ্চিমে আৰৱ সাগৰ আৰু দক্ষিণে ভাৰত মহাসাগৰৰ সৈতে প্ৰায় 6,100 কিলোমিটাৰ দৈর্ঘ্যৰ উপকূল সৃষ্টি কৰিছে।


৩। ভাৰতৰ মুঠ স্থলসীমাৰ দৈর্ঘ্য কিমান?
উত্তৰ: ভাৰতৰ মুঠ স্থলসীমাৰ দৈর্ঘ্য 15,200 কিলোমিটাৰ।


৪। ভাৰতৰ ভূ-খণ্ড সম্পর্কে এটি চমুটোকা লিখা।
উত্তৰ: ভাৰতবৰ্ষ এখন বিশাল দেশ। আকাৰত ই পৃথিৱীৰ দেশসমূহৰ ভিতৰত সপ্তম স্থানত আছে। ইয়াৰ মুঠ মাটিকালি 3,287,263 বর্গ কিলোমিটাৰ। এই দেশে পৃথিৱীৰ মুঠ মাটিকালিৰ মাত্র 2.4 শতাংশ জুৰি আছে। দেশখনৰ বিশাল আকাৰ আৰু বিস্তৃতিৰ বাবে ভাৰতবৰ্ষক উপমহাদেশ বুলিও কোৱা হয়। ভাৰতৰ ভূ-খণ্ড বৈচিত্র্যপূর্ণ; ইয়াত প্ৰায় সকলো প্ৰকাৰৰ ভূ-অবয়ব দেখা যায়, যেনে—পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, প্লাৱনভূমি আদি। বৰ্তমান ভাৰতবৰ্ষ 29খন ৰাজ্য আৰু 7টা কেন্দ্রীয় শাসিত অঞ্চলৰে গঠিত এখন বৃহৎ গণতান্ত্রিক ৰাষ্ট্ৰ।


৫। উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ চাৰিটা মূল পাৰ্থক্য লিখা।

উত্তৰ:

বৈশিষ্ট্যউত্তৰ ভাৰতৰ নদীদক্ষিণ ভাৰতৰ নদী
উৎপত্তিবৰফেৰে আবৃত পাহাৰৰ পৰা।চাপৰ পাহাৰ বা মালভূমি।
পানীৰ সোঁতগোটেই বছৰ জুৰি পানী থাকে।খৰালি কালত প্ৰায়েই শুকাই যায়।
নাব্যতাউপত্যকা বিশাল, ধীৰ গতি, নাব্য।উপত্যকা কম, খৰস্রোতা, নাব্য নহয়।
প্লাৱনভূমিসৃষ্টিৰ ফালৰ পৰা নতুন আৰু সঘনে সুঁতি সলায়।বহু যুগ পূৰ্বে সৃষ্টি, সুঁতি নসলায়।

৬। ভাৰতৰ ভূ-প্ৰাকৃতিক ভাগকেইটা কি কি?
উত্তৰ: ভূ-প্ৰাকৃতিক গঠন আৰু বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষক মুঠ চাৰিটা ভূ-প্ৰাকৃতিক ভাগত ভাগ কৰিব পাৰি:
(ক) উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল
(খ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল
(গ) দাক্ষিণাত্য মালভূমি অঞ্চল
(ঘ) উপকূল অঞ্চল


৭। উত্তৰ ভাৰতৰ হিমালয় পার্বত্য অঞ্চলৰ বৈশিষ্ট্য লিখা।
উত্তৰ: উত্তৰ ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চল কাশ্মীৰৰ নঙ্গ পাহাৰৰ পৰা অৰুণাচল প্ৰদেশৰ পূব সীমালৈ প্ৰায় 2,500 কিমি দীঘল বিস্তৃত। ইয়াৰ উচ্চতা 8,000 মিটাৰৰ ওপৰত। এই পাহাৰবোৰ টাৰচিয়েৰি যুগত গঠিত ভঙ্গিল পৰ্বতমালা, আৰু সহজে ক্ষয়প্রাপ্ত কোমল শিলাৰে নিৰ্মিত। উচ্চ শিখৰত বৰফেৰে তুষাৰ নৈ (Glacier) সৃষ্টি হয়, যি নদ-নদীৰ উৎস। এই অঞ্চলক উচ্চ হিমালয়, মধ্য হিমালয় আৰু শিৱালিক বা বহিঃহিমালয় শাৰী হিচাপে ভাগ কৰা হয়।


৮। উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা।
উত্তৰ: উত্তৰ ভাৰতৰ সমভূমি অঞ্চল হিমালয় পাৰ্বত্য অঞ্চল আৰু দক্ষিণ মালভূমি অঞ্চলৰ মাজত বিস্তৃত। পূবে অসমৰ পৰা পশ্চিমে পাকিস্তান সীমালৈ প্ৰায় 2,400 কিমি বিস্তৃত। ইয়াক সিন্ধু-গঙ্গা-ব্ৰহ্মপুত্ৰ সমভূমি বুলি জনা যায়। হিমালয় অঞ্চলৰ নদীসমূহ আৰু উপনদীসমূহে বহুল পৰিমাণে পলসুৱা মাটি জমা কৰি সমভূমি গঠন কৰিছে। মাটি উৰ্বৰা, পরিবহণ সহজ; ঘন বসতিৰ বাবে কৃষি উন্নত।


৯। দাক্ষিণাত্য মালভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা।
উত্তৰ: দাক্ষিণাত্য মালভূমি অঞ্চল উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ দক্ষিণে, ত্রিভুজাকৃতি। পুৰণি কঠিন শিলাৰে গঠিত, ইয়াত মালৱা মালভূমি, বিন্ধ্য পৰ্বত, আৰু ছোটানাগপুৰ মালভূমি আছে। পশ্চিম সীমাত পশ্চিমঘাট আৰু পূব সীমাত পূবঘাট পৰ্বতশ্ৰেণী আছে। ঢাল অনুসৰি নদীসমূহ দক্ষিণ ভাৰতৰ পশ্চিমৰ পৰা পূবলৈ বৈ যায়। নর্মদা আৰু তাপ্তী নদী পশ্চিমলৈ বৈ কাম্বে উপসাগৰত পৰে।


১০। উপকূল অঞ্চলৰ বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰ: ভাৰতৰ উপকূল অঞ্চল দাক্ষিণাত্য মালভূমি অঞ্চলৰ পূব আৰু পশ্চিম সীমাত বংগোপসাগৰ আৰু আৰৱ সাগৰৰ পাৰ্শ্বত অৱস্থিত। উপকূলীয় সমতল অঞ্চল দীঘল আৰু সৰু উচ্চতা (30–50 মিটাৰ)।

পূব উপকূল প্ৰায় 1,100 কিমি দীঘল, গড় 120 কিমি বহল; দক্ষিণ ভাৰতৰ প্রধান নদীসমূহ আৰু দ্বীপৰ দ্বাৰা গঠিত, পশ্চিম উপকূলতকৈ বেছি বহল আৰু উৰ্বৰা।

পশ্চিম উপকূল দীঘল (1,500 কিমি) কিন্তু প্ৰস্থ 10–15 কিমি; উত্তৰ অংশ কংকন উপকূল, দক্ষিণ অংশ মালাৱাৰ উপকূল বুলি জনাজাত।

১১। ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্য লিখা।
উত্তৰ: ভাৰতৰ জলবায়ু বিশেষ বৈচিত্ৰ্যময়। দেশখনৰ বিশালতা, বিষুবৰ পৰা দূৰত্ব আৰু ভৌগোলিক বৈচিত্ৰ্যৰ বাবে ইয়াত নানা প্ৰকাৰৰ জলবায়ু অনুভূত হয়। একফালে বৰফেৰে আবৃত হিমালয় অঞ্চলত অতি শীতল জলবায়ু থাকে, আনফালে ৰাজস্থানৰ মৰু অঞ্চলত অতিপাত গৰম। ভাৰতৰ জলবায়ুত মৌচুমী বতাহৰ প্ৰভাৱ যথেষ্ট। গ্ৰীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰু শীতকালত উত্তৰ-পূব মৌচুমী বতাহ প্রবাহিত হয়। দেশৰ সোঁমাজেদি যোৱা কর্কটক্রান্তিৰ বাবে উত্তৰ ভাৰত সমমণ্ডলীয় আৰু দক্ষিণ ভাৰত গ্রীষ্মমণ্ডলীয়, সেয়ে দক্ষিণত গৰম বেছি। হিমালয় উত্তৰ দিশৰ পৰা অহা চেঁচা বতাহক বাধা দিয়ে, যাৰ ফলত উত্তৰ ভাৰতত জলবায়ু কম শীতল হয়। লগতে, উপকূলীয় অঞ্চলৰ বাবে, যেন মুম্বাই, সাগৰৰ সান্নিধ্যৰ বাবে জলবায়ু অধিক সমভাৱাপন্ন হয়।


১২। ভাৰতত মৌচুমী বতাহৰ প্রভার সম্পর্কে এটা টোকা লিখা।
উত্তৰ:
ভাৰতৰ জলবায়ুত মৌচুমী বতাহৰ প্ৰভাৱ বৰ্তমান কৃষি, নদী আৰু বৰষুণৰ ওপৰত বিশেষ প্ৰভাৱ পেলায়। বছৰৰ ভিন্ন ঋতুত বিশেষকৈ গ্ৰীষ্ম আৰু শীতকালত মৌচুমী বতাহ প্রবাহিত হয়। গ্ৰীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্রবাহিত হৈ জলীয় ভাপ কঢ়িয়াই আনে। পশ্চিমঘাটৰ পশ্চিম ঢাল আৰু কংকন-মালাৱাৰ উপকূলত বছৰি ৩০০ চেন্টিমিটাৰৰো অধিক বৰষুণ হয়, আৰু মেঘালয়ৰ চেৰাপুঞ্জীত বছৰি প্ৰায় ১,২৫০ চেন্টিমিটাৰ পৰ্যন্ত বৰষুণ হয়। শীতকালত উত্তৰ-পূব মৌচুমী বতাহ মধ্য এছিয়াৰ পৰা ভাৰতলৈ প্রবাহিত হয় আৰু স্থলভাগতকৈ শুকান হয়। এই বতাহে বংগোপসাগৰৰ ওপৰত জলীয় ভাপ আহৰণ কৰি পূর্বঘাট আৰু কৰমণ্ডল উপকূলত বৰষুণ কৰে। বৰষুণৰ ফলত শস্য উৎপাদন বৃদ্ধি পায়, যাৰ ফলত কৃষি উন্নতি লাভ কৰে।


১৩। ভাৰতৰ বৰষুণৰ বিতৰণ সম্পর্কে এটি আভাস দিয়া।
উত্তৰ:
ভাৰতত বৰষুণৰ বিতৰণ সমান নহয়। ইয়াৰ বিতৰণ বিশেষকৈ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ ওপৰত নিৰ্ভৰ কৰে। অধিক বৰষুণ হোৱা অঞ্চলসমূহৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ হিমালয়ৰ নামনি অংশ, মেঘালয়ৰ দক্ষিণাংশ আৰু পশ্চিমঘাটৰ পশ্চিম ঢাল অন্যতম। অৰুণাচল প্ৰদেশৰ বহিঃহিমালয়ত বৰ্ষা বছৰি ৪০০ চেন্টিমিটাৰৰো অধিক। কম বৰষুণৰ অঞ্চলসমূহৰ ভিতৰত ৰাজস্থানৰ থৰ মৰুভূমি, দক্ষিণ ভাৰতৰ মালভূমি অঞ্চল আৰু গুজৰাটৰ অংশ উল্লেখযোগ্য। মধ্যমীয়া বৰষুণৰ অঞ্চলসমূহৰ ভিতৰত উত্তৰ ভাৰতৰ সমভূমি আৰু ব্ৰহ্মপুত্ৰ সমভূমি অন্তৰ্গত।


১৪। ভাৰতৰ উদ্ভিদসমূহক কেইভাগত ভগোৱা হৈছে লিখা।
উত্তৰ:
ভাৰতৰ উদ্ভিদসমূহ ছয় ভাগত ভগা হৈছে। ইয়াত অন্তৰ্গত:

  1. চিৰ সেউজীয়া উদ্ভিদ (Evergreen Vegetation)
  2. মৌচুমীয় উদ্ভিদ (Monsoon Vegetations)
  3. কাঁইটীয়া মৰু উদ্ভিদ (Dry Thorny Vegetations)
  4. তৃণজাতীয় উদ্ভিদ (Grassland Vegetations)
  5. ব-দ্বীপীয় উদ্ভিদ (Mangrove Vegetation)
  6. পাৰ্বত্য উদ্ভিদ (Mountain Vegetations)

১৫। ভাৰতৰ চিৰসেউজীয়া উদ্ভিদৰ বৈশিষ্ট্য কি?
উত্তৰ:
 চিৰসেউজীয়া উদ্ভিদ বছৰে পাত নসৰা আৰু বৰষুণৰ পৰিমাণ অধিক থকা অঞ্চলত বৃদ্ধি পায়। ইয়াৰ গছবিলাক সাধাৰণতে ৪৫ মিটাৰ পৰ্যন্ত ওখ হয়। এই বন ডাঠ অৰণ্য সৃষ্টি কৰে। বেত, বাঁহ, ঢেকীয়া আৰু লতাজাতীয় উদ্ভিদো ইয়াত দেখা যায়। মূল্যবান উদ্ভিদৰ ভিতৰত শিশু, চন্দন, ববৰ আদি উল্লেখযোগ্য। এই উদ্ভিদবোৰ পশ্চিমঘাটৰ পশ্চিম ঢাল, অৰুণাচল হিমালয়ৰ নামনি অঞ্চল, উজনি অসম, মণিপুৰ, মিজোৰাম আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জত পোৱা যায়।


১৬। ভাৰতৰ পাৰ্বত্য উদ্ভিদৰ বৈশিষ্ট্য লিখা।
উত্তৰ:
পার্বত্য উদ্ভিদৰ প্ৰকাৰ আৰু বিতৰণত উচ্চতাৰ যথেষ্ট প্ৰভাৱ থাকে। ১,০০০ মিটাৰ পৰ্যন্ত শিৱালিক পৰ্বত আৰু চাপৰ পৰ্বতমালাত মৌচুমীয় অৰণ্য থাকে। ১,০০০–২,০০০ মিটাৰ উচ্চতাৰ অঞ্চলত বহল পাতৰ ওক আৰু চিৰসেউজীয়া উদ্ভিদ বৃদ্ধি পায়। ১,৬০০–৩,০০০ মিটাৰ উচ্চতাৰ অঞ্চলত দেৱদাৰু আৰু বিভিন্ন সৰল গছৰ অৰণ্য থাকে, যেন কাশ্মীৰ, হিমাচল, দার্জিলিং আৰু ছিকিম হিমালয়। ৩,০০০ মিটাৰৰ ওপৰত কেৱল আल्पীয় উদ্ভিদ বৃদ্ধি পায়।


১৭। ভাৰতৰ বৰ্তমান জনসংখ্যা কিমান? ইয়াৰ ঘনত্ব কিমান?
উত্তৰ: ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা প্ৰায় ১,২১০,৭২৬,৯৩২ জন (১২১ কোটি), আৰু জনসংখ্যাৰ ঘনত্ব প্ৰতি বর্গ কিমিত ৩৮২ জন।


১৮। জনপ্রব্রজন কেইপ্ৰকাৰ আৰু কি কি? জনপ্ৰব্ৰজনৰ প্ৰকাৰসমূহ হৈছে:

  1. আভ্যন্তৰীণ (Internal Migration)
  2. আন্তঃৰাজ্যিক (Inter-state Migration)
  3. ৰাজ্যৰ আভ্যন্তৰীণ (Intra-state Migration)
  4. বাহ্যিক/আন্তঃৰাষ্ট্ৰীয় (External/International Migration)

প্ৰব্ৰজনৰ সোঁত চাৰিটা: গাঁৱৰ পৰা গাঁৱলৈ, গাঁৱৰ পৰা চহৰলৈ, চহৰৰ পৰা গাঁৱলৈ, চহৰৰ পৰা চহৰলৈ।


১৯। জনপ্ৰব্ৰজনৰ ফলত ভাৰতত কেনে প্রভাৱ পৰিছে?
উত্তৰ:
জনপ্ৰব্ৰজনৰ ফলত দেশত সাংস্কৃতিক বৈচিত্র্য বৃদ্ধি পাইছে। অৰ্থনৈতিক আৰু জনগাঁথনিৰ পৰিৱর্তন, ভূমি সম্পদৰ ওপৰত চাপ, নগৰীকৰণ আৰু বস্তি অঞ্চল (slums) বৃদ্ধি, স্বাস্থ্য আৰু শিক্ষা খণ্ডত সমস্যাৰ সৃষ্টি হৈছে। কেতিয়াবা ধৰ্মীয় আৰু সামাজিক সংঘাতৰ বাবেও ৰাজনৈতিক সমস্যা দেখা দিছে।


২০। ভাৰতৰ অর্থনীতিৰ মূল বৈশিষ্ট্যসমূহ লিখা।
উত্তৰ:
 ভাৰতৰ মূল বৈশিষ্ট্যসমূহ: নিম্ন জনমূৰি আয়, জনমুৰি আয়ব মন্থৰ বৃদ্ধি, অত্যাধিক জনসংখ্যাৰ চাপ, দৰিদ্ৰতা, কৃষি-নির্ভৰশীলতা, বর্ধিত নিবনুৱা সমস্যা, আৰু পৰিকল্পনা ভিত্তিক উন্নয়ন।


২১। ভাৰতৰ কেন্দ্রীয় শাসিত অঞ্চল কেইটা কি কি?
উত্তৰ:
কেন্দ্ৰীয় শাসিত অঞ্চল:

  1. আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ
  2. চণ্ডীগড়
  3. দিল্লী
  4. দাদ্ৰা আৰু নগৰ হাভেলী
  5. ডমন আৰু ডিউ
  6. লাক্ষাদ্বীপ
  7. পণ্ডিচেৰী

২২। ভাৰতৰ বৰ্তমান ৰাজ্য কেইখন আৰু কি কি নাম লিখা।
উত্তৰ:
২০১৪ চনৰ তথ্য অনুসৰি ভাৰতৰ বৰ্তমান ২৯খন ৰাজ্য আছে। নামসমূহ হৈছে:

১. অন্ধ্ৰপ্ৰদেশ
২. অৰুণাচল প্ৰদেশ
৩. অসম
৪. বিহাৰ
৫. চত্তিশগড়
৬. গোৱা
৭. গুজৰাট
৮. হাৰিয়ানা
৯. হিমাচল প্ৰদেশ
১০. জম্মু আৰু কাশ্মীৰ
১১. ঝাৰখণ্ড
১২. কৰ্ণাটক
১৩. কেৰালা
১৪. মধ্যপ্ৰদেশ
১৫. মহাৰাষ্ট্ৰ
১৬. মণিপুৰ
১৭. মেঘালয়
১৮. মিজোৰাম
১৯. নগালেণ্ড
২০. ওড়িশা
২১. পঞ্জাব
২২. ৰাজস্থান
২৩. ছিকিম
২৪. তামিলনাডু
২৫. তেলেংগানা
২৬. ত্ৰিপুৰা
২৭. উত্তৰাখণ্ড
২৮. উত্তৰ প্ৰদেশ
২৯. পশ্চিমবংগ


২৩। ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখন কি? ইয়াৰ সৰ্বমুঠ মাটিকালি আৰু জনসংখ্যা কিমান?
উত্তৰ:
২০১৪ চনৰ তথ্য অনুসৰি ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখন হ’ল তেলেংগানা

  • সৰ্বমুঠ মাটিকালি: বর্গ কিলোমিটাৰ
  • জনসংখ্যা: তেলেংগানা ৰাজ্যখন ২০১১ চনত গঠন হোৱা নাছিল বাবে ২০১১ চনৰ লোকপিয়লত ইয়াৰ জনসংখ্যাৰ তথ্য সুকীয়াকৈ উল্লেখ কৰা নাই

SEBA Class 9 Social Science Geography Chapter 3 ভাৰতবৰ্ষৰ ভূগোল প্রশ্ন আৰু উত্তৰ – Complete Exam Guide

SEBA Class 9 Social Science Geography Chapter 3 ভাৰতবৰ্ষৰ ভূগোল প্রশ্ন আৰু উত্তৰ provide a clear explanation of India’s physical features and geographical divisions. These SEBA Class 9 Social Science Geography Chapter 3 ভাৰতবৰ্ষৰ ভূগোল প্রশ্ন আৰু উত্তৰ help students understand India’s location, boundaries, mountains, plains, rivers, and plateaus in a simple and exam-oriented way.

Regular revision of SEBA Class 9 Social Science Geography Chapter 3 ভাৰতবৰ্ষৰ ভূগোল প্রশ্ন আৰু উত্তৰ strengthens conceptual clarity and improves answer-writing skills. Every solution in the SEBA Class 9 Social Science Geography Chapter 3 ভাৰতবৰ্ষৰ ভূগোল question answers section follows the official SEBA / ASSEB exam pattern for short and long questions.

This page includes complete and syllabus-aligned SEBA Class 9 Social Science Geography Chapter 3 ভাৰতবৰ্ষৰ ভূগোল প্রশ্ন আৰু উত্তৰ prepared for the 2026–27 academic session. By practising SEBA Class 9 Social Science Geography Chapter 3 ভাৰতবৰ্ষৰ ভূগোল প্রশ্ন আৰু উত্তৰ regularly, students can confidently attempt board examination questions.

If you are searching for reliable and updated SEBA Class 9 Social Science Geography Chapter 3 ভাৰতবৰ্ষৰ ভূগোল প্রশ্ন আৰু উত্তৰ, this SEBA Class 9 Social Science Geography Chapter 3 ভাৰতবৰ্ষৰ ভূগোল প্রশ্ন আৰু উত্তৰ guide will help you score better marks in SEBA and ASSEB examinations.

FAQs – SEBA / ASSEB Class 9 Social Science Geography Chapter 3 ভাৰতবৰ্ষৰ ভূগোল

1. SEBA Class 9 Social Science Geography Chapter 3 ভাৰতবৰ্ষৰ ভূগোল প্রশ্ন আৰু উত্তৰ 2026–27 syllabus অনুসৰি নে?

হয়। এই SEBA Class 9 Social Science Geography Chapter 3 ভাৰতবৰ্ষৰ ভূগোল প্রশ্ন আৰু উত্তৰ সম্পূৰ্ণৰূপে 2026–27 SEBA / ASSEB syllabus অনুসৰি প্ৰস্তুত কৰা হৈছে।

2. ভাৰতবৰ্ষৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ বিস্তৃতি কিমান?

ভাৰতবৰ্ষ 8°4' উত্তৰ অক্ষাংশৰ পৰা 37°6' উত্তৰ অক্ষাংশলৈ আৰু 68°7' পূব দ্ৰাঘিমাংশৰ পৰা 97°25' পূব দ্ৰাঘিমাংশলৈ বিস্তৃত।

3. ভাৰতবৰ্ষৰ মুখ্য ভৌগোলিক বিভাগ কেইটা?

ভাৰতবৰ্ষ সাধাৰণতে ছটা মুখ্য ভৌগোলিক বিভাগত বিভক্ত কৰা হয়।

4. ভাৰতবৰ্ষৰ উত্তৰত কোন পৰ্বতমালা অৱস্থিত?

ভাৰতবৰ্ষৰ উত্তৰত হিমালয় পৰ্বতমালা অৱস্থিত।

5. এই SEBA Class 9 Social Science Geography Chapter 3 ভাৰতবৰ্ষৰ ভূগোল প্রশ্ন আৰু উত্তৰ HSLC Examination ৰ বাবে সহায়ক নে?

হয়। এই অধ্যায় HSLC Examination ৰ বাবে অতি গুৰুত্বপূর্ণ।

6. এই Solutions SEBA আৰু ASSEB দুয়ো বোৰ্ডৰ বাবে প্ৰযোজ্য নে?

হয়। এই সমাধানসমূহ SEBA আৰু ASSEB Class 9 Social Science syllabus অনুসৰি প্ৰস্তুত কৰা হৈছে।

7. এই SEBA Class 9 Social Science Geography Chapter 3 ভাৰতবৰ্ষৰ ভূগোল প্রশ্ন আৰু উত্তৰ নিয়মিত আপডেট কৰা হয় নে?

হয়। Academic session আৰু syllabus পৰিবর্তন অনুসৰি এই সমলসমূহ নিয়মিতভাৱে আপডেট কৰা হয়।

🎓 About Assam Eduverse

Assam Eduverse is the best educational platform in Assam, offering SEBA, AHSEC (ASSEB), SCERT, CBSE, and Assam Board Solutions along with study materials, notes, and exam preparation guides to help students learn smarter and score higher.

Our expert-prepared answers and MCQs follow the latest Assam Board Syllabus and NCERT Syllabus. We make learning simple, accessible, and effective for all students preparing for board or competitive exams.📘 Visit Assam Eduverse for free Assam Board Solutions, notes, and Study Materials prepared by experts.